Thursday 28 February 2013

এফালে W/L আৰু আন ফালে सी/फ़ा



ৰেলৰ ডাউন এক্সপ্রেছ বা আপ এক্সপ্রেছ মানে কি নো ? আপ দাউন বোৰ কিয় হৈ থাকে ? --- Vikramjit Kakati

মন পৰি গ’ল জি.ল. আৰু ধুবুৰী পেছেঞ্জাৰ নামৰ ট্ৰেইন দুখনলৈ ৷
বঙাইগাওঁ তাপ বিদ্যুৎ কেন্দ্ৰ, চালাকাটিৰ পৰা গুৱাহাটী আহিব পৰাকৈ মাথো এই দুখনেই ৰেল গাড়ী আছিল সেই সময়ত ৷ ৰাতিপুৱাই উঠো, ৰাতিলৈ আহি গুৱাহাটী পাওঁ ৷
সাধাৰনতে জি.ল. খনত আহো ৷ জি.ল. মানে গৌহাটী-লক্ষ্নৌ ৷ এতিয়া সেইখনৰ নাম হ’ল গৈ অৱধ আসাম এস্কপ্ৰেছ ৷ কিবা কাৰনে জি.ল.খনৰ বহু পলম হ’লে ধুবুৰী পেছেঞ্জাৰখনত আহো ৷ এই ৰেলগাড়ীখনৰ আন এটা নাম আছিল – মামাৰ গাড়ী ৷ শুনা কথা, দেখা নাই ৷ হাত দাঙিলেই হেনো ধুবুৰী পেছেঞ্জাৰ ৰৈ যায় ৷

চালাকাটিৰ পাছতে  বাসুগাওঁ, ডাংতল, নিউ বঙাইগাওঁ, বঙাইগাওঁ…..
আহি থাকে ৰেল গাড়ী ৷
মই সাধাৰনতে ৰেলত উঠিয়ে খিড়িকী কাষৰ আসন এখন জোগাৰ কৰি লওঁ ৷ ৰেলগাড়ীৰ ঝক ঝক ঝুক ঝুক শব্দৰ সৈতে মোৰ মনো উৰা মাৰে ক’ৰবালৈ ৷ তাৰ পাছত বাহিৰলৈ চাই চাই আত্ম বিভোৰ হৈ আহি আহি থাকো ৷ বিভিন্ন ধৰণৰ প্ৰশ্ন মনলৈ আহে ৷ দেউতা বা তেওঁৰ বন্ধুসকলক পাছত সোধো ৷ বেছি ভাগ প্ৰশ্নৰে উত্তৰ বিচাৰি পাওঁ ৷
তেনে কোনো  এক যাত্ৰাত চকুত পৰিল ৰেলৰ আলিৰ কাষত থকা এখন হালধীয়া ফলক ৷ মন কৰিলো অলপ ব্যৱধানৰ অন্তৰে অন্তৰে সেই ফলকখন ৰেলআলিৰ কাষত দি থোৱা আছে ৷ হালধীয়া ফলকখনত কলা আখৰেৰে এফালে লিখা থাকে W/L আৰু আন ফালে লিখা থাকে
सी/फ़ा ৷ এই ফলক খনৰ অৰ্থ কি ?
দেউতাক সুধিলো,‘দেতা এই
W/Lৰ মানে কি ?’
উত্তৰ,‘নাজানো ৷ কাৰোবাক সুধিব লাগিব ৷’
দেউতাই মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাপালে ৷  
মই বিজ্ঞ বুলি জ্ঞান কৰা সকলোকে প্ৰশ্নটো কৰিলো ৷ বেছি ভাগেই মোক ওলোটাই প্ৰশ্ন কৰে,‘ক’তনো এইবোৰ বিচাৰি থাক তই ?’
৮০ দশকৰ আৰম্ভণিত গুৱাহাটীলৈ বাছ চলিবলৈ ধৰিলে ৷ মোৰে ৰেলগাড়ীৰ যাত্ৰা লাহে লাহে কমি আহিল ৷ কিন্তু প্ৰশ্নটো পাহৰি যোৱা নাছিলো ৷ মনত পৰিলেই আৰু লগতে উত্তৰ দিব পৰাকৈ জ্ঞান আছে বুলি ধাৰনা কৰিব পৰা মানুহ পালেই মই প্ৰশ্নটো কৰো ৷

১৯৭৭/৭৮ চনমানৰ পৰা আহি ১৯৯৫ পালো গৈ ৷ উত্তৰ বিচাৰি পোৱা নাই ৷
মোৰ ৰূমমেট দিগন্ত বড়াই ১৯৯৫ মানত ৰেল বিভাগত যোগ দিলে ৷
তাক  প্ৰশ্নটো কৰিলো ৷
‘ধেই একোকে বুজি পোৱা নাই কি কৰিব লাগে ৷ তই আকৌ কি
W/L W/L কৰি আছনো ?’
‘হ’ব তই তোৰ কাম শিকাৰ লগতে এইটো কি সেইটো সুধি আহিবি ৷’
পাছে দিগন্ত বেছি দিন ৰেলবিভাগত নাথাকিল ৷ সি অন্য চাকৰিত যোগ দিলে গৈ আৰু ময়ো W/Lৰ সাথৰৰ উত্তৰ
নোপোৱাকৈয়ে থাকিলো ৷

১৯৯৯ চন প্ৰাজ্ঞল গগৈৰ বৰযাত্ৰী হৈ বাছেৰে শিৱসাগৰলৈ গৈ আছো ৷ জাগীৰোডৰ ৰেল ফাটেকৰ ওচৰত আকৌ দেখা পালো W/L ৷
আৰে মোৰ কাষত বহি থকা দৰা দেখোন দৰাটো দেখোন ৰেল বিভাগৰ অভিযন্তা ৷
‘অই গগু , এই W/L মানে কি নো ?’
‘কি W/L ? সেই হালধীয়া হালধীয়াখনৰ কথা কৈছা নেকি ?’
‘অ অ সেই হালধীয়া W/Lৰ কথা কৈছো !’
‘সেইটো হৈছে Whistling Limit ৷ হিন্দিত কয়
सीटी फ़ासला ৷ সেইটো পাৰ হোৱাৰ পাছত ৰেলৰ চালকে হৰ্ণ বজাব লাগে ………’

কিয় বজাব লাগে, কি কথা
 বুজাই আছে মোক ৰেলৰ ইজ্ঞিনিয়াৰ চাহাবে ৷
মই কিন্তু আকৌ আত্ম বিভোৰ হ’লো বাহিৰলৈ চাই চাই ……………..


No comments:

Post a Comment