Sometimes I think…… my sense of humor could be the very reason I might go to hell !! ---- Johnson Satish Kumar
এটা ফেছবুক পোষ্ট
————————————
অভিজিতৰ কথা কৈছো দেই ৷
(কোন অভিজিৎ সুধিব নালাগে, পল্লবীয়ে গম পালে থব তাক ৷)
সি বেচেৰা হোষ্টেলতে থকাৰ সময়ৰ কথা ৷
নবেম্বৰ মাহ ৷
টুঁউৎ,টুঁউৎ,টুঁউৎ,টুঁউৎ..............
মোবাইলত
মেছেজ অহাৰ বিপ বাজিল ৷
চাই
দেখে ‘তাই’ৰ মেছেজ ৷
লিখিছে
"If u r sleeping send me ur Dreams,
If u crying send me ur Tears,
If u r laughing send me ur Smiles"
ঘড়ীটো
লৈ চাই দেখিলে সময় তেতিয়া পূৱা ৪ বাজি ১৫ মিনিট ৷
এক
মূহুৰ্তও পলম নকৰি সি উত্তৰ দিলে, ‘Refrigeration’ পঢ়ি আছো, ভীমকাইৰ হাতত পঠিয়াই দিম নেকি কিতাপখন ?’
তাৰ
পাছৰে পৰা হেনো অভিজিতৰ ফালে নোচোৱাও হ’ল কোনোবাই!!!!!
#######
ৰগৰ আছিল ৷
এঠাইৰ পৰা নকল কৰি মই ফেছবুকত দিলো ৷ ৰাইজে ভাল পালে ৷
লাইক মৰাই লাইক মাৰিলে, কমেন্ট দিয়াই কমেন্ট দিলে ৷ কথা সিমানতে শেষ বুলি ভাবিছিলো ৷
#######
তাৰ পাছৰ আখ্যান
———————————
অভিজিৎ তেল শোধনাগাৰৰ উচ্ছ পদস্থ বিষয়া ৷ সৰু সংসাৰ, সুখী সংসাৰ ৷
কাইইইইইইইছছছছছছছছছছ কৈ বগা জীপছিখন ৰখাই অভিজিৎ হিৰোৰ দৰে নামি কোৱাটাৰৰ ফালে আগবাঢ়িল ৷
খাই থকা ১৬০ পানখনৰ পিকখিন পৰিল নতুনকৈ ফুলা ডালিয়াজোপাত, হালধীয়া ফুল হ’ল গৈ ৰঙা ৷ মুৰ তুলি দেখিলে পল্লবী অলপ বেলেগ মুদত বাৰান্ডাত ৰৈ আছে ৷
নাকটো মোহাৰি বুদ্ধি এটা উলিয়ালে ৷
‘হেৰা, এইবাৰ আমাৰ ফুল বৰ ধুনীয়া হৈছে হে ৷’
পল্লবী,‘ অ ৷’
অভিজিতে দেখিলে দৰবে কাম দিয়া নাই ৷
‘হেৰা, বজাৰৰ মোনাটো দিয়াচোন ৷ চাৰি আলিত বৰ ধুনীয়া পাভ দেখি আহিছো হে ৷’
পল্লবীৰ মুখৰ মাত নাই ৷
অভিজিৎ আহি বাৰান্ডা পালেহি ৷
পল্লবী,‘কলেজত তোমাৰ ৰেফ্ৰীজাৰেছন নামৰ চাবজেক্ট এটা আছিল নেকি ?’
অভিজিতে জোতা খুলি থকাৰ পৰা মুৰ তুলি,‘কিয় সুধিলা ?’
‘কথা নসলাবা ৷ আছিলে নে নাই কোৱা’ পল্লবীয়ে অলপ টানকৈ ক’লে ৷
অভিজিতে ক’লে,‘আছিলে ৷’
লগে লগে পল্লবী বাৰান্ডাত থকা চকিতে বহি কান্দিবলৈ ধৰিলে,‘হে প্ৰভু মোক এই দিন দেখুৱালা তুমি ৷ মই নাথাকো ইয়াত ৷ অজিয়ে যাম গৈ মাৰ ঘৰলৈ ৷ মোক কিয় এনেকুৱা কৰিলা তুমি ৷’
অভিজিতে আচৰিত হৈ ক’লে,‘কি কৰিলো মই ?’
পল্লবী,‘কলেজত তুমি ৰেফ্ৰীজাৰেছন পঢ়িছিলা ৷’
অভিজিৎ,‘কিইইইইইইইইইইইইইই????’
পল্লবী,‘ কিয় পঢ়িবা তুমি ?’
অভিজিৎ,‘কিয় পঢ়িম মানে ? ছিলেবাছত আছে সেই কাৰনে পঢ়িছিলো আকৌ ৷ আৰু মই ৰেফ্ৰী পঢ়া ২০ বছৰ হৈ গ’ল ৷ আজি তোমাৰ হ’ল কি আকৌ ?’
পল্লবী,‘বাজে কথা নকবা ৷ তুমি তাৰ নোটছ কাক কাক দিছিলা ?’
অভিজিতে ঢেক ঢেককৈ হাঁহি,‘জমাইছা দেই ৷ নোটছ আৰু মই?? কিন্তু তোমাক কিয় লাগে এইবোৰ কথা ???’
পল্লবী,‘তুমি কথা নসলাবা ৷ কোৱা কাক কাক নোটছ দিছিলা ৷ আজি, হয় তুমি ক’বা নোটছ কাক দিছিলা, নহ’লে মই মাৰ ঘৰলৈ যাম গৈ ৷’
অভিজিৎ,‘হেৰা তুমি কলৈ যাব খোজা যোৱা কিন্তু মই কেনেকৈ কম কাক কাক নোটছ দিছিলো ?’
‘কিয় ক’ব নোৱাৰিবা ?? তাৰ মানে কথাবোৰ সঁচা ???’ এইবুলি পল্লবীয়ে ৰাউচি জুৰিলে ৷
নিৰুপায় চাওনি এটাৰে অভিজিতে সুধিলে,‘কোন বোৰ কথা ?’
পল্লবী,‘সেইযে প্ৰতিভূদাই কৈছে সেই কথাবোৰ ?’
অভিজিৎ (নিজকে কোৱা দি),‘কোনে কৈছে, কোনে কৈছে ??? প্ৰতিভূ দা ??? এই মানুহটোৰ কাম নাই আৰু !!! ৰাতিপুৱাই কিবা তিনি মিক্সাৰ এটা খাই লৈ ঘমৰ ঘন্টখন লগাই ফুৰে ৷ এনেকুৱা ঝেঙীয়া মানুহ জীবনত দেখা নাই ৷’
পল্লবী,‘হ’ব হ’ব ভাল মানুহজনৰ বদনাম গাব নালাগে ৷ তেওঁ ক’লে কাৰনেহে আজি কথাবোৰ গম পালো মই ৷’
অভিজিৎ,‘কি গম পালা ?’
পল্লবী,‘তুমি কলেজত থাকোতে কালৈ SMS দিছিলা ?’
অভিজিৎ,‘ কি দিছিলো ?? SMS ???? হেৰা মই ১৯৯৪তে কলেজ এৰিলো ৷ তেতিয়া গোটেই ভাৰততে মোবাইল নাছিল ৷ ক’ৰ পৰা SMS দিম হে ?’
পল্লবী,‘নাথাকিব পাৰে ভাৰতত, কিন্তু তোমালোকৰ আছিল ছাগৈ !’
অভিজিৎ (আচৰিত হৈ),‘তোমালোকৰ মানে ?’
পল্লবী,‘সঁচা তাৰ মানে কথাটো ??? তুমিটো নহয় বুলি কোৱা নাই ৷ যেতিয়া সঁচা কথা তাৰমানে ৷’ আকৌ ৰাউচি জুৰিবলৈ আৰম্ভ কৰিলে ৷
অভিজিৎ,‘কিনো সৰু ছোৱালীৰ দৰে কথা কৈ থাকে হে !!! এনেয়ে জমাবলৈ বুলি কৈছা ছাগৈ কথাবোৰ ৷ কাক SMS দিম বাৰু কোৱাচোন ?? তেতিয়া মোবাইলেই নাছিল দেখোন ৷ নিজেই ভাবি চোৱা কথাবোৰ ৷ যদি কিবা দিব লাগিল হয় ডাইৰেক্ট দিলোহেতেন ৷’

পল্লবীয়ে,‘হয় তাৰ মানে কথাবোৰ???? ডাইৰেক্ট দিলাহেতেন মানে কি ??? দি পাইছা ছাগৈ, নহ’লে কেনেকৈ জানিবা কথাবোৰ ???? তুমি ইমান ভালকৈ excuse বিচাৰি পাইছা আগৰে পৰা পুৰা ৰেডি হৈ আছিলা ৷ ধৰা পৰিলে কি কব
লাগিব সকলো জানা সেই কাৰনে ৷ মই একো বিশ্বাস নকৰো ৷ নাম কি আছিল কোৱা ৷’
সেই নিশা অভিজিতৰ ঘৰত ভাত কাৰো খোৱা নহ’ল ৷
সেই নিশা অভিজিতৰ ঘৰত ভাত কাৰো খোৱা নহ’ল ৷
ৰাতি অভিজিতৰ পৰা যি কেইটা গালি খালো, নকওঁ আৰু
হেঃহেঃহেঃ
ReplyDeleteB-)
ReplyDelete