Monday 25 February 2013

ভুমিকম্প আৰু খৰি

৬ আগষ্ট, ১৯৮৮
সীতানাথ ব্ৰহ্মচৌধুৰী ছাত্ৰাবাস ৷

শুই আছো আৰামত ৷ হঠাতে বাহিৰত সাংঘাতিক হুলস্থুল এটা হ’ল ৷ কাণ থিয় কৰি শুনিবলৈ যত্ন কৰিলো, কি হৈছে ৷
কাষৰ বিচনাখনৰ পৰা মৃদু বাহিৰলৈ দৌৰ মাৰিলে,‘ভুমিকম্প, ভুমিকম্প !’
ময়ো একে জাপে বিচনাৰ পৰা নামি দৌৰ মাৰিলো ৷
ৰুমৰ বাহিৰ ওলায়ে গম পালো, কি সাংঘাটিক ভুমিকম্প ৷

থাৰ্ড ব্লকৰ বাৰান্ডাখনে ভুপৃষ্ঠৰ লগত ৯০ ডিগ্ৰী কোণ এটা কৰি আছে দেখোন
তাৰমানে
আমাৰ হোষ্টেল লুটি খাই গ’ল !!!!ময়ো এৰি দিয়া ভকত নহয় ৷ আঠু কাঢ়ি লৈ চুচৰি চুচৰি আগ বাঢ়িলো ৷ মোৰ অৱস্থা দেখি মৃদু কোনোবা ফালৰ পৰা দৌৰ মাৰি আহি ক’লে, ‘‘ব’ল ব’ল কি চুচৰি ফুৰিছ ?’’
টান মাৰি উঠাই দিলে ৷
তেতিয়াহে বুজি পালো বাৰান্ডাখন ঠিকেই আছে, মানে ভুপৃষ্ঠৰ সমান্তৰাল হৈয়ে আছে ৷
মইহে হামখুৰি খাই পৰি বাৰান্ডাখন লুটি খাই গ’ল বুলি ভাবিছিলো ৷

উঠি দৌৰ মাৰিলো ৷
মোৰ মুৰত খেলালে ভুমিকম্প বুলি দিকবাদিগ হেৰুৱাই কাষতে থকা ছোৱালী হোষ্টেলত সোমাই দিওঁ গৈ নেকি ?
সেই ফালে দৌৰ মাৰিছোহে এনেতে দেখিছো লন্ডন ব্ৰীজ আৰু কমনৰুমৰ মাজত থকা খৰিৰ দ’মতোৰ ওপৰত সকলো বহি আছে আৰু মোলৈ চাই চিঞৰিছে,‘ঐ ঐ ক’ত যাৱ ??? খৰিৰ ওপৰলৈ আহ ৷’

একে জাপে খৰিৰ দ’মৰ ওপৰ পালো গৈ ৷

বহি লৈ সুধিলো,‘ সকলো ইয়াত যে ?’

তাতেই ভুমিকম্পৰ সময়ত ল’ব লগীয়া সুৰক্ষা সম্বন্ধীয় প্ৰথম শিক্ষা লাভ কৰিলো ৷

‘ভুমিকম্প আহিলে মাটিৰ ওপৰত থাকিব নালাগে ৷ কাৰন মাটি ফাট মেলি বহু মানুহ হেনো তললৈ সোমাই যায় ৷ খৰিৰ ওপৰত থাকিলে ফাটবোৰত খৰিবোৰ লাগি ধৰিব আৰু তেতিয়া আমি বাচি যাম ৷’

এই জ্ঞান লাভ কৰি মই খৰিৰ ওপৰতে জ্ঞান দিওতাজনৰ ভৰিত ধৰি সেৱা এটা জনালো ৷

1 comment:

  1. আমাকো সৰুতে কোনোবাই এইটো কথা শিকোৱা মনত পৰে

    ReplyDelete