Yesterday was an eventful day . Learnt
so many things, amongst all other things that I learnt one thing that I thought I should share
with all my friends (as the summer days
are approaching) is to how to set the "AC at full"
আমি আমাৰ হোটেলৰ ৰুমত বহি আছো ৷ ডিলাক্স ৰুম ৷ আমাক
কোৱাৰ দৰেই কালাৰ টি.ভি এটাও আছে ৷
হঠাতে দুটা ইলেক্ট্ৰিকেল আৰু এটা মেকানিকেল ইঞ্জিনিয়াৰে
বুজি পালো যে আমি ৰুমৰ ফেনখন চলাব পৰা নাই, এ.চি.টো অন কৰিব পৰা নাই আৰু ৰুম চাৰ্ভিচৰ
বেলটো বজাব পৰা নাই ৷
অগ্নি জাপ মাৰি উঠিল,‘ৰ’ব,
মই এতিয়াই তলৰ পৰা লৰা এটা পঠিয়াই আছো ৷’
অলপ পাছতে তলৰ পৰা আহি হাজিৰ হ’ল ‘বিজয়’ ৷ তাক দেখি মোৰ চেৰেঙকৈ মনত পৰি গ’ল ‘মিথুন দা’লৈ ৷ খোজ-কাটল, অংগী-ভংগী, কথা কোৱাৰ ঢং একেবাৰে ডিক্স’ ডেঞ্চাৰ ৷ বিজয়ে নিমিযতে আমাৰ সমস্যা সমাধান কৰি দিলে ৷
‘চাওক চাৰ, বাহিৰত এই switchটো আছে (টিপ্-টপ কৈ দুবাৰ মান কৈ অন-অফ কৰি দেখুৱালে) ৷ এইটো অন কৰি দিলেই ফেন, এ.চি., চাৰ্ভিচৰ বেল সকলোৱে কাম কৰিব ৷’
‘চাওক চাৰ, বাহিৰত এই switchটো আছে (টিপ্-টপ কৈ দুবাৰ মান কৈ অন-অফ কৰি দেখুৱালে) ৷ এইটো অন কৰি দিলেই ফেন, এ.চি., চাৰ্ভিচৰ বেল সকলোৱে কাম কৰিব ৷’
আমাৰ মুখত মাত নোহোৱা হোৱাৰ
দৰে হ’ল
৷ মুখৰ ভাব দেখিয়ে বিজয়ে বুজিলে আমি ইম্প্ৰেছড ৷
বিজয় আহি এ.চিটোত হাত দিলেহি ৷ কিবা-কিবি কৰি ঘোষনা কৰি : চাৰ পুৰা ঠিক কৰি দিলো ৷ এইটো তললৈ হেচি দিব অন, এনেকৈ
দিব অফ ৷’
এ.চি. হো-হোৱাই চলিবলৈ ধৰিলে ৷ আমি বিজয়ৰ সৈতে কথা পাতিবলৈ
ধৰিলো ৷
তাৰ ঘৰ ক’ত, কোন কোন আছে, সি চিনেমা চাই নে নাই ইত্যাদি ৷
অনুমান হ’বলৈ ধৰিলে এ.চি.টো বৰ জোৰত চলিছে ৷ মৃন্ময়দাই এ.চি. display panelখনলৈ চাই দেখে 17ºC ৷
মৃন্ময়দাই লগে লগে ক’লে,‘অই বিজয় এতিয়া ঠান্ডাত মৰিব লাগিব ৷ এ.চি.ৰ ৰিমট ক’ত?

বিজয় আচৰিত ৷ ‘ৰিমট আকৌ কিয় লাগে? এই switchটো আছে দেখোন ৷’
তাক বুজাব পৰা নাই আমি এ.চি.ৰ ৰিমটটো আমাক কিয় লাগে ৷
তাক বুজাব পৰা নাই আমি এ.চি.ৰ ৰিমটটো আমাক কিয় লাগে ৷
পাছত
যেনিবা বুজিলেগৈ যে আমি এ.চি. ৰিমটটো আমাৰ হাতত
থাকিলে অলপ ভাল পাওঁ ৷
বিজয়
তললৈ নামি গ’ল ৷ ১০
মিনিটমান পাছত বিজয় ঘুৰি আহিল হাতত এটা ৰিমটলৈ ৷
টুই-টাই, টিপ্-টাপ আকৌ শব্দ ওলাল ৷
শেষত বিজয়ে মাত লগালে,‘চাৰ এ.চি. ফুল অন কৰি দিছো ৷ মই এতিয়া যাওঁ ৷ এই ৰিমটটো লওঁক ৷’
টুই-টাই, টিপ্-টাপ আকৌ শব্দ ওলাল ৷
শেষত বিজয়ে মাত লগালে,‘চাৰ এ.চি. ফুল অন কৰি দিছো ৷ মই এতিয়া যাওঁ ৷ এই ৰিমটটো লওঁক ৷’
বিজয় ৰুমৰ ওলাই পৰা গ’ল ৷ অলপ পাছত অনুমান হ’ল ফুল অনত এ.চি. হো-হোৱাই শব্দ কৰি চলি আছে, তথাপিও দেখোন ঘামিবলৈ ধৰিছো ৷
মই মৃন্ময়দাৰ ফালে চাই সুধিলো,‘দাদা, এ.চি. ফুল অন কৰি দিছো বুলি যে সি ক’লে তাৰ মানেনো কি?’
মই মৃন্ময়দাৰ ফালে চাই সুধিলো,‘দাদা, এ.চি. ফুল অন কৰি দিছো বুলি যে সি ক’লে তাৰ মানেনো কি?’
দাদাই ঘপকৈ উঠি এ.চিৰ display panel খনলৈ
চালে ৷ তাত আগৰ 17ºCৰ ঠাইত ওলাই আছে 30ºC ৷
আমি তিনিও বুজিলো ‘এ.চি.ফুল অন’ কৰি দিয়া মানেনো কি?
Full ON: highest temperature display on the AC Control Panel. Figure matters more than comfort :)
ReplyDeletebhal lagil porhi. bhal kando bur ghte dei apunar logot.
ReplyDeletebhal lagil. ki je kandobur ghote dei apunar logot.
ReplyDeleteআচলতে সকলোৰে সৈতে ঘটে ৷
Deleteaboshye. apuni dhuniakoi prakash koribo jane.
ReplyDeleteKarabiয়ে কি ভাবিছা নাভাবিছা নাজানো কিন্তু মই ইয়াত একো প্ৰকাশ কৰা নাই ৷ সেই দিনা ধুবুৰীৰ হোটেলখনত যেনেকৈ ঘটনাটো ঘটিছিল আৰু আমি যি যি কথা পাতিছিলো তাকেই লিখি দিছো
Delete