Monday 25 February 2013

অগ্নিভৰ কাহিনী

পাতনি
এই কাহিনী অগ্নিভৰ ৷
তাক কৈ থাকিলেও সি দেখোন ব্লগ এটা আৰম্ভ নকৰে দেখোন ? ফেছবুকৰ দেৱালত হেৰাই যোৱা যেন দেখি মোৰ ব্লগলৈকে লৈ আনিলো ৷
অগ্নিভৰ কাহিনী অগ্নিভৰ মুখেৰে :

প্ৰথম খন্ড
আমি তেতিয়া ইঞ্জিনীয়াৰিঙৰ 2nd Semesterত ৷
Physics Labৰ পৰীক্ষা দিবলৈ ওলাইছো ৷
মই আৰু মোৰ লগৰ এটা একেলগে হোষ্টেলৰ পৰা গৈ লেবত সোমালোগৈ ৷ ফিজিক্সৰ চাৰ বহি আছে ৷
ৰোল নং বোৰ মাতি মাতি টেমা এটাৰ পৰা কাগজৰ টুকুৰা টানিবলৈ দি আছে ৷ কাগজৰ টুকুৰাবোৰত এক্সপেৰিমেন্টবোৰৰ নাম লিখা আছে ৷ এটুকুৰা কাগজত দুটা এক্সপেৰিমেন্টৰ নাম থাকে ৷ দুয়োটায়ে কৰিব লাগে ৷ এজন ছাত্ৰক দুবাৰ কাগজ টানিবলৈ সুবিধা দিয়া হয় ৷
কিছু সময়ৰ মোৰ পাল পৰিল পাছত ৷ প্ৰথমবাৰ টানত যি দুটা এক্সপেৰিমেন্ট পৰিল সেই দুটা নোৱাৰিম বুলি কোৱাত দ্বিতীয়বাৰ টানিবলৈ দিলে ৷ এইবাৰ যি দুটা এক্সপেৰিমেন্টৰ নাম ওলাল পাৰিম যেন লাগিল ( কিনো পাৰিম যেন লাগিল ? লগত বস্তু আছিল কাৰনে পাৰিম বুলি ভাবিলো আৰু !!) ৷ মনতে ভাবিলো,‘‘এইবাৰলৈ বাচিলো ৷’’
লগৰটোলৈ ৰৈ আছো ৷
তাৰ ৰোল নং মোৰ পাছতেই আছিল ৷ বৰদলৈ চাৰে তাক কাগজ টানিবলৈ দিলে ৷ সি টানিলে ৷ তাৰ লগত থকা ‘বস্তুৰ’ লগত কাগজত থকা এক্সপেৰিমেন্ট মিলা নাই ৷ গতিকে সি নোৱাৰো বুলি ক’লে ৷ সি দ্বিতীয়বাৰ টানিলে ৷ এইবাৰো সি কৰিব পৰা এটাও এক্সপেৰিমেন্ট নাপালে ৷ সি চাৰক ক’লে,‘‘নোৱাৰো চাৰ ৷’’
চাৰে তাক ক’লে,‘‘ next time আহিবা দিয়া ৷’’
তাৰ মানে তাৰ বেক লাগিল !!

সি অলপ দেৰি ৰৈ দিলে ৷ বাকীবোৰৰ হোৱাৰ পাছত সি আকৌ লাহেকৈ চাৰ ওচৰলৈ গৈ অনুৰোধ এটা কাতৰ কৰি চালে ৷ এই অনুৰোধে বৰ কাম নিদিয়াত সি ‘বৈদ্য চেন্টি’ দিয়াত লাগিল ৷
…. বেক লাগিলে ঘৰত কাৰ কি হ’ব ইত্যাদি ইত্যাদি…
চাৰৰ মনটো অৱশেষত কুমলিলগৈ ৷ লগৰটোক আকৌ এটুকুৰা কাগজ টানিবলৈ দিলে ৷
‘‘…. হে ভগৱান !! এইবাৰো কমন নপৰিল দেখোন ???’’ ….
চাৰ তাক সুধিলে,‘‘তুমিয়ে কোৱাচোন কোন কেইটা পাৰিবা ৷’’
লগৰটোৱে তপৰাই মাত দিলে,‘‘চাৰ মোক Potentiometerটো দিয়ক …’’
(Potentiometerৰ এক্সপেৰিমেন্টৰ ‘বস্তু’ তাৰ জেপত সোমাই আছে )
চাৰে বৰ দুখেৰে ক’লে,‘‘সেইটো নোৱাৰিবা নহয় কৰিব ৷ পটেঞ্চিয়মিটাৰটো বেয়া হৈ আছে ৷’’
লগৰটোৱে এক ছেকেন্ডো পলম নকৰি ক’লে,‘‘চাৰ দিয়ক দিয়ক সেইটোকে দিয়ক ! মই পটেঞ্চিয়মিটাৰটো ঠিক কৰি ল’ম ৷’’
এই কথাটো শুনাৰ পাছত ছাগৈ চাৰৰ হাৰ্টফেইল হ’বলৈ বাকী থাকিল ৷ চাৰে তৎক্ষনাতে ক’লে,‘‘যোৱা যোৱা যি মন যায় তাকে কৰা গৈ কোনোবা এটাৰ লগত ৷’’
চাৰ যেন কোনোবা সাংঘাটিক দুৰ্ঘটনা এটাৰ পৰা হে ৰক্ষা পৰিল !!

দ্বিতীয় খন্ড
চেহ্!! ছেমিষ্টাৰ পৰীক্ষালৈ আৰু পাঁচদিনহে আছে গৈ ৷ কি কৰা যায় চিন্তা কৰি বিচনাতে বাগৰি আছো ৷
নিজৰ মনটোক নিজেই বুজাই আছো,‘‘ এইবাৰ যি হ’ল হ’ল ৷ নেক্সট টাইমৰ পৰা এক দম পাক্কা !!!! প্ৰথম দিনাৰে পৰাই পঢ়া শুনা আৰম্ভ কৰিব লাগিব কিন্তু ৷’’ (এই কথাটো মেট্ৰিক দিবলৈ ওলোৱাৰে পৰা ভাবি আছো !)

‘‘অই দানব, পানবজাৰ যাবি নে ? আৰু অভিজিৎ আৰু সুজয়ৰ নোটছখিনি ওফেঞ্চিবজাৰলৈ গৈ জেৰক্স কৰাব লাগিব ৷ (আচল কথা হ’ল দুটাকৈ টপাৰ থাকোতে আকৌ নিজে নোটছ বনাই পঢ়িব পাৰি জানো ?) ৷
এইবুলি দানবকৈ কথাখিনি কৈ উঠিছোহে, এনেতে মন কৰিলো সিফালৰ পৰা বৰ আমন-জিমনকৈ ৰবি আহি আছে ৷

‘‘আব্বে কি হ’ল তোৰ ??? হ’ল নে নাই ???’’ এইবুলি সুধিছিলোহে মাথো, সিফালৰ পৰা জেকজেকাই উঠিল সি,‘‘চাল্লা, নিদিওঁ যা পৰীক্ষা ! ইমান খাতিৰ কোনে কৰি থাকিব ?’’
তাৰ মুখৰ ভাব-ভংগীতে বুজিলো কথা বিষম ৷
সেই সময়তে আকৌ আমাৰে লগত ছে, শেখৰহঁতো আহি ওলাল ৷ সকলোৰে এক্সপাৰ্ট এডভাইজৰ পাছত আমি সকলোৱে এটা সিদ্ধান্তত উপনিত হ’লো ৷ তাক ক’লো,‘‘চা, বাকী সকলোৱে তোক ক্লীয়েৰেঞ্চ দিছে ৷ তই গৈ প্ৰিঞ্চিপাল চাৰক পোনে পোনে ৰিকুৱেষ্ট এটা কৰি চাচোন ৷ কিবা কৈ কেপ্টেইন চাৰক বাইপাছ কৰি ক্লীয়েৰেঞ্চ দিব পাৰে নেকি সুধিছা এবাৰ ৷’’
‘‘এই কেপ্টেইন চাৰ আচলতে কেপ্টেইন নহয় বে !! মেজৰ, জেনেৰেল এইবোৰহে কিবা হ’ব লাগিছিল ৷ শুনা মতে কেপ্টেইন চাৰৰ আগত বাঘা বাঘা মানুহো পেপুৱা লাগি মৰে হেনো ৷’’ তপককৈ শেখৰে মাত লগালে ৷

‘‘আব্বে ব’ল পানবজাৰৰ পৰা আহো গৈ ৷’’ এটাই মাত লগালে ৷
মনটো আকৌ ভাল লাগি গ’ল ৷
‘পৰীক্ষালৈ পাঁচদিন’ চিন্তাটো দেখোন নাইকিয়া হৈ গ’ল !!!
পানবজাৰ !! কি যে এটা যাদুকৰী শব্দ !!!!

পাছ দিনা শুই উঠি চাহ খাই হোষ্টেলৰ সন্মুখৰ চিৰিটোত বহি আছো ৷
ৰবিক খৰধৰকৈ আহি থকা দেখিলো ৷
সি ওচৰ পায়ে মেলি দিলে মেডিকেল কলেজ আৰু গুৱাহাটীত থকা সমস্ত নাৰ্ছিং হোমবোৰৰ পৰা গোটাই অনা এসোপা চাৰ্টিফিকেট ৷
‘‘আজি প্ৰঞ্চিক বৈদ্য চেন্টি দিব লাগিব ......’’
এইদৰে অলপ আড্ডা মাৰি সি কলেজৰ ফালে খোজ ল’লে, তাৰে শেষ ক্লীয়েৰেঞ্চটো গোটাবৰ কাৰনে ৷

ৰবিয়ে প্ৰিঞ্চিপাল চাৰৰ কোঠাত সোমাই আৰম্ভ কৰিলে তাৰ আবেগিক কাহিনী ৷ সি চাৰক বুজাবলৈ যত্ন কৰিলে কিয় তাৰ এটেন্ডেঞ্চ ১৭%তে ৰৈ গ’ল (হ’ব লাগিছিল ৭০%) ৷ ঘৰত সি কিমান যে কাম কৰিব লাগে ! আকৌ মাজে মাজে তাৰ বেলেগ বেলেগ বেমাৰবোৰো হৈ থাকে ৷ প্ৰমান হিচাবে মেডিকেল চাৰ্টিফিকেটবোৰ দেখুৱালে ৷

সি কথাবোৰ কৈ থাকোতে তাৰ শৰীৰত সেই দিনা ট্ৰেজেডী কিং উত্তম কুমাৰ, ট্ৰেজেডী মীনা কুমাৰী সকলোৰে আত্মা আহি সোমাইছিল নেকি নাজানো ৷
তাৰ কথা শুনি প্ৰিঞ্চিপাল চাৰো হিলি গ’ল !!
‘‘ এটা কাম কৰা ৷ এতিয়া মইটো একো কৰিব নোৱাৰিম ৷ তুমি গৈ Universityত Registrarক লগ কৰা আৰু কথাখিনি বুজাই দিয়া ৷ কিবা কৰিলে তেখেতেই কৰিব পাৰিব ৷’’

ৰবি এখেন্তেকো বিলম্ব নকৰি Registrarৰ কোঠাৰ আগত উপস্থিত হ’ল গৈ ৷ লাহেকৈ দুৱাৰত থকা পৰ্দাখনৰ ফাকেৰে মুৰটো সুমুৱাই ৰবিয়ে মাত দিলে,‘‘May I come in Sir…’’
Registrarৰে ব্যস্ততাৰ মাজৰে পৰা মুৰটো দাঙি তাক দেখি অতিষ্ঠ হোৱাৰ দৰে ক’লে,‘‘হৌৰা তোমাৰ লাজ নাই নেকি ?’’ (ৰবিয়ে ইতিমধ্যে তেখেতক কেইবাৰো লগ ধৰি থৈছে ৷)
ৰবিয়ে যিমান লাহেকৈ পাৰি সিমান লাহেকৈ উত্তৰ দিলে,‘‘চাৰ মোৰ লাজ নাই দিয়ক ৷’’
ৰবিৰ উত্তৰ শুনি Registrarৰো অলপ অপ্ৰস্তুত হৈ গ’ল ৷
তেখেতে ৰবিক ভিতৰলৈ মাতিলে ৷
ৰবিয়ে মনতে ভাবিলে,‘‘কিবা এটা হ’ব যেন লাগিছে দেখোন !!’’
তাৰ দুখ ভৰা কথাখিনি আকৌ এবাৰ শুনাৰ পাছত Registrarৰে ক’লে,‘‘তুমি যদি প্ৰিঞ্চিপালৰ পৰা লিখাই আনিব পাৰা তেনেহ’লে সোমবাৰৰ পৰীক্ষ দিব পৰা কৰি দিম দিয়া মই ৷’’

কিবা এটা হৈছে গৈ !
Registrarৰ পৰা দৰখাস্তখনৰ ওপৰত DO THE NEEDFUL বুলি লিখাই ৰবি আকৌ প্ৰিঞ্চিপাল চাৰৰ দুৱাৰৰ মুখত উপস্থিত হ’ল গৈ ৷
প্ৰিঞ্চিপাল চাৰৰ কথা শুনি ৰবিয়ে মুৰে কপালে হাত দিলে ৷
সি হেনো কেপ্টেইন চাৰৰ পৰা লিখাই আনিব লাগিব !!!!!!!!!
‘‘নহ’লে মই একো কৰিব নোৱাৰিম ৷’’ প্ৰিঞ্চিপাল চাৰে তাক ক’লে ৷

তাৰমানে বল গৈ আকৌ কেপ্টেইন চাৰৰ ওচৰ পালে গৈ !!!

ধেই !!!
গালো বালো খোলাকটিৰ তাল হ’ল ৷
তথাপিও এটা শেষ আশালৈ ৰবিয়ে কেপ্টেইন চাৰৰ ঘৰলৈ বুলি খোজ দিলে ৷

চাৰৰ ঘৰ পাই গম পালে কথা বেলেগ দেখোন !
কিবা এটা অপাৰেচনৰ কাৰেনে চাৰ গৈ Down Town আছে গৈ ৷
ৰবিয়ে মনতে হিচাব এটা কৰিলে,‘‘আজি বৃহস্পতি বাৰ ......আৰু পৰীক্ষা সোমবাৰৰ পৰা ....আৰু চাৰ আছে গৈ Down Town ভৰ্তি হৈ অপাৰেচনৰ কাৰনে ............. নাই !!!!!!!!!!!’’

এইবাৰ ৰবি গৈ পালে গৈ Down Town ৷
অলপ বিচাৰ-খোচাৰ কৰি পালে গৈ কেপ্টেইন চাৰৰ কেবিন ৷
‘‘অহ্ !! সৰ্বনাশ দেখোন ???’’
নাৰ্ছ দুগৰাকীমানে কেপ্টেইন চাৰক Stretcher এখনত উঠাই কৰবালৈ নিবলৈ সাজু হৈছে ৷

তাক দেখি চাৰে আচৰিত হৈ সুধিলে,‘‘তুমি আকৌ ইয়াত কি কৰি আছা ?’’
চাৰে আৰু কিবা কোৱাৰ আগতেই সি ক’লে,‘‘চাৰ বাকী চব হৈ গ’ল ৷ মাত্ৰ আপোনাৰ চহীটোহে বাকী ৷ সেইটো দি দিলে মোৰ ছেমিষ্টাৰটো lose নোহোৱাকৈ .........’’
চাৰে তাৰ কথা শুনি অসহ্য হৈ ক’লে,‘‘দেখা নাই নেকি হে মই O.T. লৈ যাবলৈ ওলাইছো ?? তাৰ পৰা ওলাই আহি কিবা এটা চাই দিম দিয়া ৷’’

ৰবিৰ মুখৰ পৰা ওলাওঁ-নোলাওঁ কৈ ওলাই গ’ল,‘‘চাৰ আপুনি যদি তাৰ পৰা ওলাই নাহে ????????????’’

‘‘কি ???? দিয়া দিয়া কাগজখন দিয়া ৷’’ বুলি ৰবিৰ হাতৰ পৰা কাগজখন আৰু নাৰ্ছ এগৰাকীৰ পৰা পেন এটা থাপ মাৰি লৈ চাৰি দি দিলে ৰবিৰ শেষ ক্লীয়েৰেঞ্চ ৷

(বিধিসন্মত সতৰ্কবাণী :
এনে ধৰনৰ দুসাহসিক কাৰ্য্য অত্যন্ত বিপদজনক ৷ স্কুল, কলেজ, অফিছ, কাছাৰী আদিত এনে ধৰনৰ কাৰ্য্য কৰিবলৈ চেষ্টা নকৰাই শ্ৰেয় ৷

এইয়া এক প্ৰকাৰৰ সাধুকথা বুলি ভাবি ল’লে আমি নথৈ আনন্দিত হ’ম ৷
ধন্যবাদেৰে

অগ্নিভ দত্ত
প্ৰিটোৰীয়া, দক্ষিণ আফ্ৰিকা, ০১/০২/২০১৩)

No comments:

Post a Comment