Thursday, 26 June 2014

মনৰ কথাৰে - মাইনু

মোৰ হেনো দুমাহ নৌ হওঁতেই দেউতাহঁত এই ঠাইখনলৈ আহিছিল ৷ দেউতাই ক’ল ইন্ডিয়াত চাকৰি কৰিছিল ৷ একাউন্টেন্ট ৷
প্ৰথমে দুবছৰমান হেনো আমি তিলেশ্বৰ বৰদেউতাহঁতৰ ঘৰত ভাৰাত আছিলো ৷
তাৰ পাছতে দেউতাই চেগুণবাৰীত এই ঘৰটো সাজিলে ৷
সৰু কালছোৱাত চেগুণবাৰীৰ সেই সেউজ পৰিবেশত আমি যে কেনেকৈ ডাঙৰ হৈছিলো আজি কলিকতাৰ এই ফ্লেটটোত বহি বহি ভাবিলেই আচৰিত লাগে ৷

অৰুণ, কন, পোনা, বোপাই……….. আৰু যে কিমান !
আমাৰ সেইখিনিত ছোৱালী পাছে আমি তিনিজনীহে আছিলো ৷ মই, জুৰি আৰু কবিতা ৷
আমি আটায়ে একে লগেই খেলিছিলো ৷
ৰাস্তাটোৰ এপাৰে আমাৰ ঘৰবোৰ আৰু সিপাৰে টাউন স্কুলৰ খেলপথাৰখন ৷
স্কুলৰ পৰা আহিয়ে ভাতখিনি নাকে-মুখে গিলি খেলিবলৈ দৌৰ মাৰো ৷

জুৰি আৰু কবিতাই আকৌ ল’ৰাবোৰৰ লগত সেই দৌৰা-দৌৰি কৰা খেলবোৰ, চাইকেল ৰেছ এইবোৰ নেখেলিছিল ৷ মই পাছে ল’ৰাবোৰৰ লগত খেলিহে বেছি ভাল পাইছিলো ৷ মায়ে প্ৰায়ে আমাৰ কাষৰ ঘৰৰ নীৰুখুড়ীৰ আগত কয়, ‘‘বুজিছানে নীৰু ! আমাৰ এইজনী কি যে হ’ল নহয় ! নিগুটি দেখোন ল’ৰাবোৰৰ লগতে থাকে ৷’’
নীৰু খুড়ীয়ে এবাৰ মাক কৈছিল, ‘‘এ বাইদেউ নক’ব আৰু ৷ দুদিনমান আগতে তাই সেই জগত শইকীয়াৰ ল’ৰাটো পিঠিত তুলি দৌৰি আছিল ৷ মই এচাৰি এডাল লৈ খেদা মাৰি যাওতেহে তাক পিঠিৰ পৰা নমাই দিলে ৷’’

এল.পি. স্কুললৈ সকলো কথা ঠিকেই চলিল ৷ মাজে মাজে অৱশ্যে মোক মা আৰু খুড়ী বা বৰমাবোৰে এচাৰি জোকাৰি জোকাৰি ল’ৰাবোৰৰ পৰা আতৰাই আনিছিল ৷

লাহে কৈ হাইস্কুল পালো গৈ ৷
আমি প্ৰায় আটাইবোৰেই গফট (আচলতে Governmentৰ সংক্ষিপ্ত ৰূপ Govt) হায়াৰ চেকেন্ডৰীত নাম লগালো ৷ নয়ন, পোনা আৰু দুটামানে টাউন হাইস্কুলত নাম লগালে ৷

আমি পঢ়া স্কুলখনত যদিও ল’ৰাও পঢ়িছিল ছোৱালীও পঢ়িছিল লাহে লাহে মোৰ ল’ৰা বন্ধুবোৰৰ পৰা অকনমান দূৰত্ব বাঢ়িল যেন অনুমান হোৱা হ’ল ৷ আগৰ দৰে খেলা-ধুলা কমিল ৷
মই সপ্তমমান শ্ৰেণীত থাকোতে ‘অঘটনটো’ ঘটিল ৷ মায়ে বৰ বেছি প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলেও নীৰু খুড়ীয়ে হুৱাদুৱাখন লগালে ৷ মই কি হ’ল একো ধৰিবই নোৱাৰিলো ৷ মোক নি আচুতীয়াকৈ মাটিত কলপাট পাৰি শুৱাই থ’লে ৷ সাতদিনলৈ আনকি মোক দেউতাৰ মুখখনো চাবলৈ নিদিলে ৷ মোৰ আচলতে খং নীৰু খুড়ীৰ ওপৰতে উঠিছিল ৷

৭ দিনৰ দিনা বন্দীত্বৰ পৰা মুক্তি পালো ৷
পালো মানে মই ধাৰণা কৰি ল’লো ৷ পাছে মা, নীৰু খুড়ী, শইকীয়ানী বৰমাই (আৰু কোন কোন আছিল পাহৰিলো)  বেৰিকুৰি মোক উপদেশ দিবলৈ আৰম্ভ কৰিলে,
‘‘এতিয়াৰে পৰা তই ডাঙৰ হ’লি !’’
‘‘ল’ৰা বোকোছাত তুলি দৌৰি নুফুৰিবি !’’
‘‘মানে তই ল’ৰাৰ ওচৰলৈকে নাযাবি !’’
‘‘পাৰিলে ল’ৰাৰ ফালে নাচাবি !’’
‘‘লাজ কৰিবলৈ শিকিবি !’’
ইয়াৰে বেছিভাগ উপদেশ নীৰু খুড়ীৰ আছিল ৷

আন ছোৱালীবোৰৰ লগত কি হৈছিল নাজানো ৷ মই কাকো সোধা নাই ৷ কিন্তু মোক নীৰু খুড়ীয়ে যেনেকৈ সদায় সদায় একেখিনি কথাকে ক’বলৈ ধৰিলে যে লাহে লাহে মোৰ সঁচাকৈ লগৰ লৰাবোৰলৈ লাজ লাগিবলৈ আৰম্ভ কৰিলে৷ মই যে এদিন পোনাক পিঠিত তুলি দৌৰিছিলো এতিয়া ভাবিলেই লাজ লাগিবলৈ ধৰিলে ৷


একে স্কুলৰ একে শ্ৰেণীতে পঢ়া অৰুণ, কন, বোপাইহঁতৰ লগত লাহে লাহে মাতবোল কমি আহিল ৷ আনে আগৰ দৰে মাতবোল কমি আহিল ৷ অৰুণৰ কথা পাছে সুকীয়া ৷ সি আমাৰ ঘৰৰ সন্মুখত থাকে ৷ সদায়ে আহ যাহ চলি থাকে ৷

সি ঘৰৰ ল’ৰা !
স্কুলত তাৰ লগত মাতবোল নহ’লেও কেতিয়াবা তাহাঁতৰ ঘৰৰ বাৰান্ডাত কেতিয়াবা আমাৰ বাৰান্ডাত বহি আমি প্ৰায়ে কথা পাতো ৷
মোৰ মাজে মাজে ধাৰণা হয় অৰুণে যেন প্ৰেম-জাতীয় কথা ক’বলৈ যত্ন কৰিছে ৷
আমি ছোৱালীবোৰে নিজৰ মাজত বৰ খোলা-খুলিকৈ নহ’লেও মাজে মাজে দুই-এটা কথা নপতা নহয় ৷ পাছে অৰুণৰ লগত যে নোৱাৰি আৰু দেই ! নীৰু খুড়ীয়ে গম পাব লাগিলে কলিজা খাব !

১৯৮৬চন ৷ আমি তেতিয়া ক্লাছ ১০ত পঢ়ো ৷
সদায়ে মই, জুৰি আৰু কবিতা স্কুললৈ একেলগে যাওঁ ৷
এদিন মই অকলে গৈ আছো ৷
দিহিঙৰ পাৰে পাৰে গৈ  স্কুলৰ ওচৰৰ শিৱ মন্দিৰটো পাইছো গৈ ৷
পাছফালৰ পৰা অৰুণে চিঞৰিলে, ‘‘অই মাইনু ! অই মাইনু ! ৰচোন তোৰ লগত কথা আছে ৷’’
মই ৰ’লো ৷
অৰুণ আহি ওচৰ পায়ে উশাহটো ঘুৰাইউ লৈ মোক ক’লে, ‘‘তোক কথা এটা কবলৈ আছে !’’
মই আচৰিত হ’লো ৷ সদায়ে কথাকে কৈ থাকে ৷ আজি আকৌ কি কথা ওলাল ?
‘‘কি কথা ? ক আকৌ !’’
অৰুণে আচহুৱা ধৰণে ব্যৱহাৰ কৰিলে ৷ মোৰ ভাব হ’ল সি খুব ভয় খাইছে ৷
কি কথা ক’বলৈ ইমান ভয় খাইছে বাৰু ? সি আচলতে মোৰ জীৱনৰ প্ৰথম বন্ধু ৷ মোৰ কাৰণে সি বন্ধু, ভাই, ককাই সকলো ৷ তাৰ আকৌ হ’ল কি ?
মই তাক দুবাৰমান ‘কথাটো কি’ বুলি সুধিলো ৷
সি লাহে কৈ ক’লে, ‘‘মই নাজানো দে… মানে মই ভালকৈ নাজানো… মানে .’’
মোৰ খং উঠিল, ‘‘চা তোক ১ মিনিট সময় দিছো ৷ ক‘বৰ মন আছে ক, নহ’লে স্কুললৈ যাওঁ ব’ল ৷ বেল মাৰিব এতিয়া ৷’’
সি মোক আচৰিত কৰি সুধিলে, ‘‘তোক কোনোবাই কিবা কৈছে নেকি ?’’
‘‘কোনোবাই মানে কোনে ? কোনে কি কৈছে ?’’, মই সুধিলো ৷
‘‘এহ্ সেইবোৰ বাদ দে ! মই এতিয়া তোক ক’ব নোৱাৱো ৷ এনেকৈ ক‘ব নোৱাৰো ৷ পাছত ক’ম ৷ ব’ল ব’ল স্কুললৈ যাওঁ ৷ বেল মাৰিব ৷’’
অৰুণ আৰু মই একে লগে স্কুললৈ আগবাঢ়িলো ৷
সেই অকনমান বাট আমি একো কথা পতা নাছিলো ৷
মই মনে মনে ভাবি গ’লো, ‘‘কি কথা কোনে ক’ব খুজিছিল নো ?’’
মোক জানিবলৈ যিমান মন গৈছিল ভয়ো সিমান লাগিছিল ৷

(আগলৈ.......................)

3 comments: