Wednesday, 11 June 2014

ভয়

বহু বছৰ আগৰ কথা ৷
মই তেতিয়া সৰু লৰা ৷ মাৰ হাতৰ আঙুলিত ধৰি ভিৰৰ মাজেৰে গৈ আছিলো ৷
 
এপাকত মা ভিৰৰ মাজত হেৰাই গল ৷
মই ভয়তে মা মাবুলি চিঞৰিবলৈ ধৰিলো ৷
হাহাকাৰ লাগিল ৷
অৱশেষত মাক বিচাৰি পালো ৷
মায়ে বুজালে, ‘‘তুমি যেতিয়া ডাঙৰ হবা তেতিয়া মই ভিৰৰ মাজত হেৰালেও তোমাৰ ভয় নালাগিব ৷’’

আশ্বস্ত হলো ৷

ডাঙৰ হলো ৷

সৌদিনা আকৌ মাৰ হাতৰ আঙুলিত ধৰি ভিৰৰ মাজত গৈ আছিলো ৷
 
এপাকত আকৌ মা ভিৰৰ মাজত হেৰাই গল ৷
মোৰ পাছে আকৌ ভয় লাগিল ৷
আকৌ হাহাকাৰ লাগিল ৷
মই ভয়তে মা মাবুলি আকৌ চিঞৰিবলৈ ধৰিলো ৷


ৰাতি এওঁক বুজাইছো, ‘‘ভিৰৰ মাজত প্ৰাপ্তিৰ হাতখনত জোৰত ধৰি থাকিবা ৷ কেনেবাকৈ তোমাক বিচাৰি নাপালে তাই ভয় খাব ৷’’

No comments:

Post a Comment