(স্বামী-স্ত্ৰী দুয়োৰে কাম-বন নাই ৷
ড্ৰয়িং ৰূমৰ ছোফাত বহি কথা পাতি আছে ৷ )
স্ত্ৰী : হেৰা তুমি মোক বিয়া কৰাই সুখী নে ?
স্বামী (বাতৰি কাকত পঢ়ি পঢ়ি ) : অ অ !
স্ত্ৰী (আপত্তি কৰি ) : ভালকৈ কোৱা না !
স্বামী : বিৰাট সুখী ! তাম্মাম সুখী ! চুমা এটা খাই দিওঁ নেকি ?
স্ত্ৰী : তোমাৰ খালি ফাল্টু কথা ! মই চিৰিয়াছলী কিবা এটা সুধিলেও পেংলাই কৰি কথা কোৱা কিবা !
কিছু সময় নীৰৱতা ৷ তাৰ পাছত
স্ত্ৰী : সেইবোৰ বাদ দিয়া ৷ বেলেগ এটা কথা কোৱা না !
স্বামী (বিৰক্তিৰে) : মই সেইবোৰ সঁচাকৈয়ে ভবা নাই হে ! এতিয়া পেপাৰখন পঢ়ো নে ?
স্ত্ৰী (আচৰিত হৈ ) : কি কথা ভবা নাই ?
স্বামী : এই যে তোমাৰ লগত বিয়া নোহোৱা হ‘লে মোৰ কি হ‘ল হেতেন ৷ আৰে মই তোমাক দেখাৰ আগলৈকে বিয়াৰ কথা ভবাই নিছিলো আৰু তোমাক দেখাৰ পাছত তোমাকেই বিয়া কৰাম বুলি ঠিক কৰিছিলো ৷ তাৰ পাছত তোমাক বিয়াও কৰালো ৷ গতিকে কেতিয়ানো সময় পালো বেলেগক বিয়া কৰালে কি হ‘ল হেতেন সেইবোৰ ভাবিবলৈ ?
স্ত্ৰী (মুখত সন্তুষ্টিৰ হাঁহি ) : মই সেইবোৰ কথা জানো ৷ কিন্তু কোৱা না মোৰ সৈতে বিয়া নোহোৱা তোমাৰ কি হ‘ল হেতেন ৷ প্লিজ কোৱা না ! মোৰ জানিব মন যায় ৷
স্বামী (পেপাৰ সামৰি, গহীণ ভাবেৰে) ) : মই পাগল হৈ গ‘লো হয়, মই সন্যাসী হৈ গ‘লো হয়, মই কুটুব মিনাৰৰ ওপৰৰ পৰা জাপ মাৰি দিলো হয়.............
স্ত্ৰী (খৰধৰ কৈ) : হ‘ব হ‘ব কি যা তা কথা কৈ থকা ৷ সুধিম কিবা এটা ক‘বা কিবা এটা ৷
স্বামী : হেৰা তুমি সদায়ে এইটো প্ৰশ্ন কৰা ৷ মই সদায়ে একেটা উত্তৰ দিওঁ ৷ তুমিয়ে প্ৰশ্নটো কৰি উত্তৰ দি নিদিয়া কিয় ?
স্ত্ৰী : মই আকৌ কিয় উত্তৰ দিম ?
কিছু সময় নীৰৱতা ৷ তাৰ পাছত
স্ত্ৰী : সেইবোৰ বাদ দিয়া ৷ আগতে নকৰা প্ৰশ্ন এটা কৰো ৷
স্বামী : তাৰমানে পেপাৰ পঢ়িব নোৱাৰিম আৰু ! সোধা ৷
স্ত্ৰী: কোৱা না মোৰ সৈতে বিয়া নোহোৱা তুমি কাক বিয়া কৰালাহেতেন ৷ প্লিজ কোৱা না ! মোৰ জানিব মন যায় ৷
স্বামী : আয়েছাক বিয়া কৰালো হয় ৷
স্ত্ৰী (চকুত আশ্বৰ্য্য) : আয়েছা ? কোন আয়েছা ? মই দোখোন আজিলৈকে নাম শুনা নাই ৷
স্বামী (পেপাৰখন পুনৰ হাতত লৈ) : জো জিতা ৱহী ছিকন্দৰ চিনেমাখনত যে আছিল আয়েছা ঝুলকা মনত আছে ? তাইক বিয়া কৰালো হয় ৷
স্ত্ৰী : সদ্দায়
তুমি পেংলাইখন কৰি থাকিবা ৷ কিবা এটা চিৰিয়াছ কথা সুধিলে অকাই-পকাই উত্তৰ দিবা ৷
তোমাৰ লগত কথা পাতি সময় নষ্ট কৰাত কৈ শুই থকাই ভাল ৷
প্ৰথম ব্যক্তি উঠি ভিতৰলৈ সোমাই যায় ৷ নেপথ্যত প্ৰথম ব্যক্তিৰ মাতত শুনিবলৈ পোৱা যায়
‘‘শুনা কাইলৈ ৰাতিপুৱা মই অকনমান দেৰি কৈ উঠিম ৷ বন্ধ বুলি শুম অলপ ৷ ৰাতিপুৱা ৰুটি তুমি বনাবা ৷’’
প্ৰথম ব্যক্তি উঠি ভিতৰলৈ সোমাই যায় ৷ নেপথ্যত প্ৰথম ব্যক্তিৰ মাতত শুনিবলৈ পোৱা যায়
‘‘শুনা কাইলৈ ৰাতিপুৱা মই অকনমান দেৰি কৈ উঠিম ৷ বন্ধ বুলি শুম অলপ ৷ ৰাতিপুৱা ৰুটি তুমি বনাবা ৷’’
No comments:
Post a Comment