মই তেতিয়া কটনত ৷
সৰু ঠাইৰ পৰা গুৱাহাটীলৈ আহিছো ৷ নিজৰ ঠাইত আছিলো হিৰো, কটনত প্ৰায় জিৰো হওঁ হওঁ অবস্থা ৷
থাকো নিউ হোষ্টেলত ৷
হোষ্টেলত মোৰ ৰূমৰ খিৰিকি খুলিলেই হেন্ডিকৰ ক্লাছ ৰূম এটা দেখি ৷
তাত এজনী বৰ ধুনীয়া ছোৱালী দেখো, সদায় ৷
দীঘল চুলি, ময়ুৰপক্ষীৰ দৰে চকু ৷
তাই ক্লাছ নকৰি মোৰ ফালে চাই থাকে ৷
ময়ো চাই থাকো ৷
এদিন লাগিল তাই যেন মোৰ ফালে চাই চকুৰে কিবা এটা কৈছে ৷ লগৰ দুটামানৰ উপদেশ, দুটামানৰ উচতনিত এদিন ময়ো চকু টিপ এটা মাৰিয়ে দিলো ৷
লাগি গ’ল লেঠা !!!!!
তাই মাৰি দিলে মিচিকি হাঁহি ,
আৰু
নিউ হোষ্টেলত ১ নং ব্লকত প্ৰচন্ড উকি !!!!!!!!!!!!!
লগৰবোৰে আহি মোক এনেদৰে সাবট মাৰি ধৰিছে যেন মই চিউল অলিম্পিকত (হয় সেই বছৰ চিউলত অলিম্পিক হৈছিল ) ১০০ মিটাৰত বেন জনছনকহে হৰুৱালো ৷
‘পতিলে, পতিলে !!’
‘তামাম কিন্তু !!’
‘আজি কল্যণীত আলু পৰঠা খুৱাব লাগিব !!!’
(এটা কথা ভাবিয়ে ভাল লাগে তেতিয়া চেলিব্ৰেছন আলু পৰঠা খায়ে কৰিব পৰা গৈছিল ৷)
দুদিনমান চকুৰ টিপিয়াই থাকোতেই গ’ল ৷
কথাটো সিমানতে ৰৈ গৈছে ৷ মোৰো লাহে লাহে আমনি লাগিব ধৰিলে ৷ চকু টিপিয়াওঁতে টিপিয়াওঁতে সদায়ে ৯—৩০ ক্লাছ খতি হোৱা হ’ল ৷ দুদিনমান লগৰ দুটামানৰ সৈতে গৈ হেন্ডিকৰ মেইন গেটৰ আগত থিয় হ’লোগৈ প্ৰেয়সীক বিচাৰি ৷ ক’ত আৰু তাত তেওঁক দেখিম !!! যিফালেই চাওঁ চকু ৰৈ যায়, বুকুৰ ধপধপনি বাঢ়ি যায় ৷
তেনেতে এদিন প্ৰেয়সীয়ে হাত জোকাৰি জোকাৰি কিবা এটা বুজালে ৷ কি বুজালে একো বুজি পোৱা নাই ৷ মোৰ ৰূমমেট মৃদুৰ মতে প্ৰেয়সীয়ে মোক কলেজ গেটৰ ফালে মাতিছে ৷ সি কথাটো কেনেকৈ বুজি পালে সিহে জানে কিন্তু গৈ দেখো সঁচাকৈয়ে প্ৰেয়সী ৰৈ আছে হেন্ডিকৰ মেইন গেটৰ ওচৰতে থকা প্ৰকান্ড গছ এজোপাৰ তলত, লগত আৰু দুজনী ছোৱালী ৷ মই ভয়ে ভয়ে আগুৱাই গ’লো ৷ লগৰ কিজনীক এৰি প্ৰেয়সীও আগবাঢ়ি আহিল মোৰ ফালে ৷
দুয়ো মুখা—মুখি হ’লো
৷
মই (ভয়ে ভয়ে) — হাই !!!
প্ৰেয়সী (খিলখিলাই হাঁহি এটা মাৰি ) — কি হাই ?????? ভয় খাইছা নেকি ????
মই কি কৰো কি নকৰোকৈ ক’লো — মোৰ নাম প্ৰতিভু ৷
প্ৰেয়সী — মই জানো ৷
মই — কেনেকৈ ???
প্ৰেয়সী — জানো আৰু ! মই আনকি তোমাৰ ঘৰ ক’ত, তুমি মেট্ৰিকত কিমান নম্বৰ পাইছিলা সেইবোৰো জানো ৷ কেনেকৈ জানো নুসুধিবা ৷
(হাতখন আগবঢ়াই ) মোৰ নাম ডিম্পী ৷
মই — অ !
প্ৰেয়সী — কি অঅঅঅঅঅঅঅঅঅ!!! কাইলৈ মই ৪ বজাত ছানফ্লাৱাৰত ৰৈ থাকিম তোমাৰ কাৰনে ৷
মই (উচপ খাই ) — কিয়????
ডিম্পী — মোৰ অকৰাটো (গালখনত টেপা এটা মাৰি )!!!!!!! আহিবা গ’ম পাবা ৷
মোৰ মুৰ ঘুৰাই গ’ল ৷
‘মই কেনেকৈ তাইৰ অকৰাটো হ’লো, তেতিয়া হ’লো নো ?’
‘মই গ’লে হে গম পাম ! তাৰ মানে কি ?? মাৰ খুৱাব নেকি ?’
হোষ্টেল পালোগৈ ৷ লগৰ বোৰে ক’লে ‘মাৰ নুখুৱাই তই চাওঁ খুৱাব লাগিব ৷’
অনিৰ্বানে ক’লে — অই তুমি ইমান জধলা হৈ থাকিলে নহ’ব ৷ আজি ওলাবা কাপোৰ কিনিব যাব লাগিব ৷’
সেই দিনা মই ‘সম্ৰাট’ত মোৰ জীৱনৰ প্ৰথম ৰেডিমেড পেন্টটো কিনিছিলে ৷ বেক পকেটত সেউজীয়া আখৰেৰে Warewel বুলি লিখা আছিল ৷ লগতে ৰঙা ৰঙৰ টী ছাৰ্ট, তাত লিখা আছিল DeeR Club ৷
ৰাতি মোক ট্ৰেইনিং দিলে — ডেটিং বস্তুটো কি ? কি কি কথা পাতিব লাগিব, কি কি কৰিব লাগিব ইত্যাদি ইত্যাদি ৷
সেইদিনা ফিজিক্সৰ ক্লাছৰ পৰা বাহিৰে বাহিৰে কৈল্যানৰ সৈতে পালোগৈ উৰ্বশী চিনেমাৰ ওচৰত থকা ‘মড হাট’ নামৰ দোকানখন ৷
(আজিকালি সেই দোকানখন আছে নে নাই জানো !)
তাত সেইদিনা বহু প্ৰেমিকে প্ৰেমিকাৰ কাৰনে কাৰ্ড আৰু কিবা কিবি কিনিছে, বহু প্ৰেমিকায়ো তাকেই কৰিছে ৷ কল্যানে মোক পচন্ড কৰি দিলে এখন কাৰ্ড ৷
পাছদিনা সময়ত গৈ ছানফ্লাৱাৰ ৷ ৰৈ আছো, এবাৰ বি.এন. দেৰ ফালে যাওঁ, এবাৰ এপেক্স বেংকৰ ফালে যাওঁ ৷ এবাৰ যদি DeeR Clubৰ পকেটত ভৰাই নিয়া টকাখিনি চুই চাইছো আনবাৰ ছানফ্লাৱাৰৰ বাহিৰত থকা আইনাত নতুন পেন্টটো চাইছো ৷
এটা সময়ত দেখিলো ডিম্পী আহিছে, লগত আৰু দুজনী ডিম্পী !!!
মোক তিনিও জনীয়ে মাত দিলে ৷ মই ৰৈ আছো কথাটো বুজিবলৈ, সেইযে কৈছিল,‘আহিবা গ’ম পাবা’ ৷
‘ইয়াত এনেকৈ ৰৈ থাকিলে দাদাহঁতে দেখিব ৷ ব’লা ভিতৰলৈ যাওঁ ৷’
দাদাহঁত!!!!!!!!!!!! মানে কেইজন দাদাৰ কথা কৈছে বা ?
সোমাই গ’লো ছানফ্লাৱাৰৰ ভিতৰলৈ ৷ এফালে বহিল তিনিজনী আন ফালে মই অকলে ৷ মেনুখনলৈ খুব কিবা কিবি চালে তিনিওজনীয়ে ৷ অৰ্ডাৰ দিলে ৷ তাৰ পাছত সিহতৰ মাজত আৰম্ভ হ’ল কিবা গোপন কথা ৷ মই ইফালে সিফালে চাই বহি আছো ৷ এপাকত চাওঁ চাওঁ আহিল ৷ ডিম্পীহঁতে নিজৰ গোপন কথা আলোচনা কৰি কৰি চাওঁ খালে, মই মনে মনে তল মুৰ কৰি খালো ৷ বিল আহিল ১৫২ টকাৰ ৷ মই মনে মনে বহি অকমান সময় বাট চালো ৷ শেষত পকেটৰ পৰা বৰ দুখ মনেৰে টকাখিনি উলিয়ালো ৷
ছানফ্লাৱাৰৰ বাহিৰ পালোহি ৷
ডিম্পীয়ে মোৰ ফালে চাই ক’লে — থেংকছ !! যাওঁ দেই !!!!
মই কি ক’ম একো বুজি নাপায় মনে মনে থাকিলো ৷ এটা নতুনকৈ শিকা জতুৱা ঠাছৰ অৰ্থ কিন্তু মই সেই দিনা বুজিলো — বাঁহ খোৱা ৷ ডিম্পীয়ে যে কৈছিল,‘আহিবা, গ’ম পাবা’ তাই এইটোকে শিকাব খুজিছিল নেকি ?
আহি হোষ্টেল পালোহি ৷
বাৰান্ডাত এক পল্টন ৰৈ আছে ডেটিংৰ খবৰ জানিবলৈ ৷
‘অই অই কি কি কথা পাতিলি ?’
‘কি পিন্ধি আহিছিল ?’
‘হাতত ধৰিছিলি নেকি ?’
মই একো নকৈ ৰূমলৈ সোমাই গ’লো ৷ পাৰ্ছটোৰ বাকী থকা টকাখিনি গন্তি কৰিলো, মাহটোত কেইবাদিনো বাকী আছে ৷
পাছদিনা মই খিৰিকিখন নুখুলিলো ৷ মন নগ’ল ৷ সেইদিনা ৯—৩০ ক্লাছ সময় মতেই পালোগৈ ৷ আবেলি ঘুৰি আহি দেখো মৃদুৰৈ আছে ৰূমৰ বাহিৰত ৷ দেউতা আহিলে সাধাৰনতে সি তেনেকুৱাকৈ ৰৈ থাকে ৷ খৰধৰকৈ কৈ সোমাই গ’লো ৷
মোৰ বিচনাত বহি আছে ডিম্পী, আজি অকলে ৷
প্ৰথম প্ৰশ্ন,‘আজি খিৰিকি কিয় বন্ধ কৰি ৰাখিলা ?’
উত্তৰ দিব নাপালোৱে আকৌ ক’লে,‘তোমাক মই প্ৰতিভু বুলি নামাতো দেই ৷ বেলেগ এটা নাম দি মাতিম ৷’
‘কি নাম দি মাতিবা ?’
‘বাবা ৷’
মনতে ভাবিলো,
‘না মই তোমাৰ দেউতা,
না তুমি মোৰ মা,
তেনেহ’লে তুমি মোক
কিয় বা
মাতিবা
বাবা ?’
কিন্তু ক’লো,‘মাতিবা ৷’
(মই বাৰু তাইক মাজনী বুলি মাতিম নেকি ?)
‘অ’ বাবা শুনা না, (মই পাছফালে ঘুৰি চালো, মোক যে কৈছে মই বুজিয়ে পোৱা নাছিলো) এই দেওবাৰে আমি কামাক্ষ্যালৈ যাব লাগিব ৷’
‘কামাক্ষ্যালৈ, কিয় ?’
‘ফাৰ্ষ্ট ডেটিংত আচলতে কামাক্ষ্যালৈ যাব লাগে ৷’
আৰু কিবা কিবি কৈছিল তাই, মোৰ কিন্তু এতিয়া একো মনত নাই কি কৈছিল ৷
অলপ পাছত তাই গ’ল গৈ ৷
শনিবাৰে ৰাতি চিন্তা কৰিলো পাছদিনা ৰাতিপুৱাই খুড়াহঁতৰ ঘৰলৈ যাম ৷ ‘ফাৰ্ষ্ট ডেটিং কামাক্ষ্যা’ মোৰ বৰ পচন্ড নহ’ল কথাতো ৷ মৃদুক কথাটো ক’লো ৷ সি জাঙুৰ খাই উঠিল — অই তই এটা বেহুদা ! কিয় নাযাবি তই ??
‘নহয় অ, মন্দিৰত প্ৰেম???’
‘ধুই, তাই স্মাৰ্ট ছোৱালী, আজিৰ দিনৰ মডাৰ্ন ছোৱালী ৷’
সেই কথাটোৰ মানে কি মৃদুৱেহে জানিব ৷
(এতিয়াহে ভাবিছো, আগৰ দিনতো ‘আজিৰ দিনৰ মডাৰ্ন ছোৱালী’ আছিল ৷ সদায়ে থাকে ‘আজিৰ দিনৰ মডাৰ্ন’ কিবাকিবি ৷)
তথাপিও দেওঁবাৰে মই সাজু হ’লো খুড়াৰ ঘৰলৈ যাবলৈ ৷ ছাৰ্ট—পেন্ট পিন্ধি সাজু, তেনেতে দেখিলো ডিম্পী আহি দুৱাৰৰ মুখত ৷
‘বাহ, ৰেডি হৈ আছা !!’
ৰূমত থকা বাকী দুটাই কি কৈ দিব ঠিক নাই, সেয়ে মই ক’লো — ব’লা, মন্দিৰলৈ যোৱাৰ কথা, সোনকালে যাওঁ ৷’
কাছাৰীতে উঠিলো ১২ নং বাছত ৷
দুয়ো ওচৰা—ওচৰিকৈ বহিছো ৷ সঁচা কথা কৈছো, অলপ ভালো লাগিছে, অলপ আচহুৱাও লাগিছে আৰু ভয় ভালকৈ লাগিছে ৷
মই বাহিৰলৈ চাওঁ এবাৰ, এবাৰ তাইৰ মুখলৈ চাওঁ, মাজে মাজে অকৰাৰ দৰে হাঁহি এটা মাৰো ৷ বাছ চলি গৈ আছে ৷
ভৰলুমুখমান পাওঁতে ডিম্পীয়ে ক’লে — এটা কথা কিন্তু দেই ! আমি মেখেলা উজুৱা দি খোজ কাঢ়ি যাম ৷
মই — বাছখনটো একেবাৰে উপৰলৈ যাব ৷
ডিম্পী (মোৰ গালখনত চিকুট এটা মাৰি ) — জানো, কিন্তু মই মনতে ভাবি থৈছিলো যিদিনা মই প্ৰথম তোমাৰ লগত দেবীমাৰ দৰ্শন কৰিব যাম সেইদিনা মেখেলা উজুৱা দি খোজ কাঢ়ি যাম ৷
মই — তুমি কেনেকৈ আৰু কেতিয়া গম পালা মোৰ লগতে দেবীমাৰ দৰ্শন কৰিবা বুলি ?
তাই একো নামতি বাহিৰলৈ চালে মাথো ৷ আকৌ চুপ—চাপ ৷
মইনো আৰু কি কৰিম, ময়ো চুপ—চাপ হৈ গৈ আছো ৷
এপাকত ক’লে,‘নামা নামা ৷’
আৰম্ভ হ’ল মেখেলা উজুৱাৰে নিলাচলৰ আৰোহন ৷ খোজ কাঢ়ি কাঢ়ি লেবেজান হৈ গৈছো ৷ মাজে মাজে ডিম্পী মুখলৈ চাওঁ ৷ ভাগৰৰ কোন চিনমোকাম নাই ৷
একোবত ক’লে — বাবা আমাৰ যেতিয়া বিয়া হ’ব তেতিয়া আমি ইয়াতে পাতিম আৰু এইফালে দিয়ে
বগাই যাম দেই ৷
মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ কানত চিঞৰি চিঞৰি কৈছে — পলা, সময় থাকোতেই পলা ৷
তাই শুনিলেই নে কি নাজানো, কিন্তু এইবাৰ মোৰ হাতত ধৰি ললে — ‘কি ইমান লাহে লাহে খোজ কাঢ়িছা ?? আহা আহা’ বুলি মোক টানি টানি ওপৰলৈ লৈ গ’ল ৷
কিমান দেৰি লাগিল নাজানো কিন্তু পালো গৈ এটা সময়ত ওপৰ ৷
প্ৰথম কাম — মই চাহ একাপ খালো, তাই GOLD SPOT এটা ৷
তাৰ পাছত তাই পান্ডা এজনক বুজাই ক’লে যে আমি ‘ফাৰ্ষ্ট ডেটিং’ত আহিছো আৰু পুজা ভাগ ভালকৈ কৰি দিব লাগে ৷ সেই মতেই পুজা হ’ল ৷ ঘুৰি আহিবৰ সময় হ’ল ৷
ডিম্পী — নামি যাওঁতে কষ্ট নহ’ব ৷
প্ৰথমবাৰৰ কাৰনে মই তাইৰ কথা বুজি পালো ৷
তাৰ পাছৰে পৰা দুয়োটাৰে পৰীক্ষা ওচৰ চাপি আহিল ৷ বৰ বেছি লগ ধৰা নহ’ল ৷ খিৰিকিৰে ভাবৰ আদান প্ৰদান চলি থাকিল ৷ মাজতে অবশ্যে ডিম্পী দুদিনমান আহিল হোষ্টেল ৷ ময়ো গ’লো দুদিনমান তাইক কলেজৰ মুখত লগ কৰিবলৈ ৷
সেই সময়তে লাহে লাহে বুজিলো, মই তাইৰ প্ৰেমত পৰিলো ৷
২য় খন্ডত : ১৯৮৮ — ১৯৯৬
হায়াৰ চেকেন্ডৰীৰ পৰীক্ষা আৰম্ভ হওঁ হওঁ ৷ তেতিয়াহে গম পালো প্ৰেম মানে কি ?? ফিজিক্সত ফেইল মৰাটো কনফাৰ্ম ৷ ৯—৩০ৰ ক্লাছ চকু টিপিয়াওতেই গ’ল ৷ এতিয়া ওৰে পাৰি চকুৰ পৰিকতি মাৰিব নোৱাৰা হ’লো ৷ পিৰিতি উৰি গ’ল ৷ আৰ ওচৰলৈ গৈছো, তাৰ ওচৰলৈ গৈছো ক্লাছ নোটছ বিচাৰি ৷ ইংলিছৰ পৰীক্ষা দি হোষ্টলে সোমাইছো ৷ লগৰবোৰ ওলাইছে অপ্সৰাত চান্দনী চাবলৈ, মই বহিছো ফিজিক্স পঢ়িবলৈ ৷ চাৰি দিনৰ গেপ আছে ৷ বিৰাট টেনছন ৷
ৰূমত আহি হাজিৰ ডিম্পী ৷
‘বাবা, বিৰাট টেনছন হৈছে জানা !’
‘হমমমম, মোৰো হৈছে ৷ কি হ’ব ভাবি পোৱা নাই ৷ মইতো মৰিয়ে থাকিম ৷’
ডিম্পীয়ে বিচনাৰ পৰা জাপ মাৰি আহি মোৰ মুখত সোপা মাৰি ক’লে — ‘তেনেকৈ নক’বা ৷ দৰকাৰ হ’লে আমি পলাই যাম ৷’
এইবাৰ মই চকিৰ পৰা জাপ মাৰি উঠিলো — ‘পলাই আকৌ যাম কিয় ?’
ডিম্পী — ‘তুমি মোৰ দাদাহঁতক নাজানা ৷ মাৰি পেলাব ৷’
মনতে ভাবিলো,‘মই পৰীক্ষাত ফেল মাৰিলে আকৌ মোক কিয় মাৰিব ?’
মই ভয়ে ভয়ে সুধিলো — ‘কিয় মাৰি পেলাব ?’
ডিম্পী — ‘তুমি হ’লা দত্ত আমি হ’লো দেবশৰ্মা, ক’ত হ’ব কোৱা ?’
ফিজিক্স এনেয়ে বুজা নাছিলো এতিয়া আৰু নুবুজা হ’লো ৷ ফিজিক্স পাছ কৰা নকৰাৰ লগত উপাধিৰ কি কথা আছে ??? সেইটো আগতে জনা হ’লে এফিডেভিট কৰি সলায়ে ল’লো হয় পাছ কৰা উপাধি এটালৈ !
ডিম্পী — ‘বাবা আমি নাহৰকটীয়ালৈকে পলাই যাওঁ ব’লা ৷ তাত মোৰ ফ্ৰেন্ড এজনীৰ ঘৰ ৷ আমি বিয়া পাতি তাহাঁতৰ ঘৰতে থাকিম ৷’
মোৰ মুচকচ যাওঁ যাওঁ অবস্থা ৷ বিয়া !!!!!!!!!!!!!!!!!!!!!!!
হে প্ৰভু, ক’ত ফছিলো ??
‘ডিম্পী, বিয়াৰ কথা ক’ৰ পৰা ওলাল ?? আগতে পৰীক্ষাটো দি ল’ওঁ নেকি ?’— মই অলপ খঙেৰেই ক’লো ৷
কি বুজিলে, কি ভাবিলে নাজানো ৷ অলপপৰ থাকি গ’ল গৈ ৷
পৰীক্ষা শেষ হ’ল ৷ বহু হিচাপ—নিকাচ কৰি বুজিলো এইবাৰলৈ নাকটো ৰখিবগৈ ৷
হোষ্টেল এৰিবৰ সময় হ’ল ৷ কেইবাদিনো ডিম্পীক লগ পোৱা নাই ৷ মনটো অকমান বেয়াও লাগি আছিল ৷ হঠাতে আহি ওলালেহি তাই, হাতত এটা বেগ ৷ মোক উলিয়াই লৈ গ’ল ৷ পালোগৈ আকৌ ছানফ্লাৱাৰ ৷
বাহিৰতে মই ক’লো — মোৰ হাতত কিন্তু পইছা নাই দেই ৷
মোক পাত্তা নিদি ভিতৰলৈ লৈ গ’ল ৷
চাও চাওৰ অৰ্ডাৰ হ’ল ৷
মনে মনে বহি আছো ৷ সেইদিনাহে মই তাইৰ মুখখন ভালকৈ মন কৰিলো ৷ ধুনীয়া দেখোন ! ডিম্পী মনে মনে বহি আছে ৷ হাতত থকা মোনাটোৰ পৰা উলিয়ালে এটা টী ছাৰ্ট, এটা স্প্ৰে আৰু এখন কাৰ্ড ৷ মোৰ ফালে আগবঢ়াই দিলে ৷ মই ল’ওঁ নল’ওঁকৈ ল’লো ৷
‘থেংক্স ডিম্পী, কিন্তু মই তোমালৈ একো অনা নাই ৷’
কথা নাই বতৰা নাই ডিম্পীৰ চকুপানী ওলাবলৈ ধৰিলে ৷
মোৰ কি কৰো, কি নকৰো অবস্থা ৷
কান্দিছে কিয় মই বুজা নাই ৷ মই একো অনা নাই কাৰনে কন্দা নাইতো ???
ধৰো নধৰোকৈ তাইৰ হাতখনতে ধৰিলো ৷
‘মোক কোনেও বুজি নাপায় ৷ তুমিও নোপোৱা ৷’
মনতে ভাবিলো, ‘আনৰ কথা নাজানো মই কিন্তু নাপাওঁ, ঠিক কৈছা ৷’
‘মই গিফ্টৰ কাৰনে অহা নাই ৷ তোমাক ভাল পাওঁ কাৰনেহে আহিছো ৷ তুমি দুদিনমান পাছতে ঘৰলৈ যাবা গৈ আৰু ৰিজাল্টৰ পাছত ছাগৈ অসমৰ বাহিৰলৈ ৷ আৰুনো ক’ত লগ পাম ৷’
‘ডিম্পী, কিয় তেনেকৈ কৈছা ?? চিঠি লিখিম, যোগাযোগ থাকিব নহয় ৷’
‘বাবা, জানা কালি মই কি কৰিলো ?’
অলপ ভয় অলপ সন্দেহেৰে সুধিলো,‘কি কৰিলা ?’
‘মই ঘৰত কৈ দিলো ?’
মোৰ মুখৰ পৰা প্ৰায় চিঞৰ এটাই ওলাল,‘কি কৈ দিলা ?’
‘মোৰ বিয়াৰ কথা ৷’
‘কিইইইইইইইইইইইইইইইইইইই ? বিয়া !! তোমাৰ ??’
‘অ মই দেউতা—মাক ক’লো যে মই বিয়া পাতিলে নিজৰ মতে পাতিম ৷’
কোনোমতে জীৱটো শৰীৰৰ ভিতৰতে সোমাই থাকিল যেনিবা ৷
‘তেতিয়া তেওঁলোকে কি ক’লে ?’
‘সেইবোৰ বাদ দিয়া ৷ তুমি কোন দিনা ঘৰলৈ যাবা ৷’
কেইদিনমান পাছত, মে মাহৰ কোনোবা এদিন, নিউ হোষ্টেল এৰি ঘৰ পালোহি ৷ বন্ধু বান্ধবৰ সৈতে, টোপনিৰ সৈতে ব্যস্ত হৈ পৰিলো ৷ ডিম্পীৰ কথা তল পৰিলে ৷ মাজে মাজে মনত পৰিলেও যোগাযোগৰ কোনো উপায় নাছিল ৷
পৰীক্ষাৰ ৰিজাল্ট ওলাল ৷ মই আশা কৰাৰ দৰেই বেয়া হ’ল ৷ কিন্তু পাছ কৰিলো যেনিবা ! যেনেতেনে ইন্জীনিয়াৰিং কলেজতো নামটো লগাব পাৰিলো ৷
তেতিয়া জুলাই মাহ ৷ ডিম্পীক লগ নাপাবৰ ভালে মান দিন হ’ল ৷ মোৰ এডমিচনৰ পাছৰ দিনা
সৰু ঠাইৰ পৰা গুৱাহাটীলৈ আহিছো ৷ নিজৰ ঠাইত আছিলো হিৰো, কটনত প্ৰায় জিৰো হওঁ হওঁ অবস্থা ৷
নিউ হোষ্টেল |
হোষ্টেলত মোৰ ৰূমৰ খিৰিকি খুলিলেই হেন্ডিকৰ ক্লাছ ৰূম এটা দেখি ৷
তাত এজনী বৰ ধুনীয়া ছোৱালী দেখো, সদায় ৷
দীঘল চুলি, ময়ুৰপক্ষীৰ দৰে চকু ৷
তাই ক্লাছ নকৰি মোৰ ফালে চাই থাকে ৷
ময়ো চাই থাকো ৷
এদিন লাগিল তাই যেন মোৰ ফালে চাই চকুৰে কিবা এটা কৈছে ৷ লগৰ দুটামানৰ উপদেশ, দুটামানৰ উচতনিত এদিন ময়ো চকু টিপ এটা মাৰিয়ে দিলো ৷
লাগি গ’ল লেঠা !!!!!
তাই মাৰি দিলে মিচিকি হাঁহি ,
আৰু
নিউ হোষ্টেলত ১ নং ব্লকত প্ৰচন্ড উকি !!!!!!!!!!!!!
লগৰবোৰে আহি মোক এনেদৰে সাবট মাৰি ধৰিছে যেন মই চিউল অলিম্পিকত (হয় সেই বছৰ চিউলত অলিম্পিক হৈছিল ) ১০০ মিটাৰত বেন জনছনকহে হৰুৱালো ৷
‘পতিলে, পতিলে !!’
‘তামাম কিন্তু !!’
‘আজি কল্যণীত আলু পৰঠা খুৱাব লাগিব !!!’
(এটা কথা ভাবিয়ে ভাল লাগে তেতিয়া চেলিব্ৰেছন আলু পৰঠা খায়ে কৰিব পৰা গৈছিল ৷)
দুদিনমান চকুৰ টিপিয়াই থাকোতেই গ’ল ৷
কথাটো সিমানতে ৰৈ গৈছে ৷ মোৰো লাহে লাহে আমনি লাগিব ধৰিলে ৷ চকু টিপিয়াওঁতে টিপিয়াওঁতে সদায়ে ৯—৩০ ক্লাছ খতি হোৱা হ’ল ৷ দুদিনমান লগৰ দুটামানৰ সৈতে গৈ হেন্ডিকৰ মেইন গেটৰ আগত থিয় হ’লোগৈ প্ৰেয়সীক বিচাৰি ৷ ক’ত আৰু তাত তেওঁক দেখিম !!! যিফালেই চাওঁ চকু ৰৈ যায়, বুকুৰ ধপধপনি বাঢ়ি যায় ৷
তেনেতে এদিন প্ৰেয়সীয়ে হাত জোকাৰি জোকাৰি কিবা এটা বুজালে ৷ কি বুজালে একো বুজি পোৱা নাই ৷ মোৰ ৰূমমেট মৃদুৰ মতে প্ৰেয়সীয়ে মোক কলেজ গেটৰ ফালে মাতিছে ৷ সি কথাটো কেনেকৈ বুজি পালে সিহে জানে কিন্তু গৈ দেখো সঁচাকৈয়ে প্ৰেয়সী ৰৈ আছে হেন্ডিকৰ মেইন গেটৰ ওচৰতে থকা প্ৰকান্ড গছ এজোপাৰ তলত, লগত আৰু দুজনী ছোৱালী ৷ মই ভয়ে ভয়ে আগুৱাই গ’লো ৷ লগৰ কিজনীক এৰি প্ৰেয়সীও আগবাঢ়ি আহিল মোৰ ফালে ৷
সেইখিনিতে লগ পাইছিলো |
মই (ভয়ে ভয়ে) — হাই !!!
প্ৰেয়সী (খিলখিলাই হাঁহি এটা মাৰি ) — কি হাই ?????? ভয় খাইছা নেকি ????
মই কি কৰো কি নকৰোকৈ ক’লো — মোৰ নাম প্ৰতিভু ৷
প্ৰেয়সী — মই জানো ৷
মই — কেনেকৈ ???
প্ৰেয়সী — জানো আৰু ! মই আনকি তোমাৰ ঘৰ ক’ত, তুমি মেট্ৰিকত কিমান নম্বৰ পাইছিলা সেইবোৰো জানো ৷ কেনেকৈ জানো নুসুধিবা ৷
(হাতখন আগবঢ়াই ) মোৰ নাম ডিম্পী ৷
মই — অ !
প্ৰেয়সী — কি অঅঅঅঅঅঅঅঅঅ!!! কাইলৈ মই ৪ বজাত ছানফ্লাৱাৰত ৰৈ থাকিম তোমাৰ কাৰনে ৷
মই (উচপ খাই ) — কিয়????
ডিম্পী — মোৰ অকৰাটো (গালখনত টেপা এটা মাৰি )!!!!!!! আহিবা গ’ম পাবা ৷
মোৰ মুৰ ঘুৰাই গ’ল ৷
‘মই কেনেকৈ তাইৰ অকৰাটো হ’লো, তেতিয়া হ’লো নো ?’
‘মই গ’লে হে গম পাম ! তাৰ মানে কি ?? মাৰ খুৱাব নেকি ?’
হোষ্টেল পালোগৈ ৷ লগৰ বোৰে ক’লে ‘মাৰ নুখুৱাই তই চাওঁ খুৱাব লাগিব ৷’
অনিৰ্বানে ক’লে — অই তুমি ইমান জধলা হৈ থাকিলে নহ’ব ৷ আজি ওলাবা কাপোৰ কিনিব যাব লাগিব ৷’
সেই দিনা মই ‘সম্ৰাট’ত মোৰ জীৱনৰ প্ৰথম ৰেডিমেড পেন্টটো কিনিছিলে ৷ বেক পকেটত সেউজীয়া আখৰেৰে Warewel বুলি লিখা আছিল ৷ লগতে ৰঙা ৰঙৰ টী ছাৰ্ট, তাত লিখা আছিল DeeR Club ৷
ৰাতি মোক ট্ৰেইনিং দিলে — ডেটিং বস্তুটো কি ? কি কি কথা পাতিব লাগিব, কি কি কৰিব লাগিব ইত্যাদি ইত্যাদি ৷
সেইদিনা ফিজিক্সৰ ক্লাছৰ পৰা বাহিৰে বাহিৰে কৈল্যানৰ সৈতে পালোগৈ উৰ্বশী চিনেমাৰ ওচৰত থকা ‘মড হাট’ নামৰ দোকানখন ৷
(আজিকালি সেই দোকানখন আছে নে নাই জানো !)
তাত সেইদিনা বহু প্ৰেমিকে প্ৰেমিকাৰ কাৰনে কাৰ্ড আৰু কিবা কিবি কিনিছে, বহু প্ৰেমিকায়ো তাকেই কৰিছে ৷ কল্যানে মোক পচন্ড কৰি দিলে এখন কাৰ্ড ৷
পাছদিনা সময়ত গৈ ছানফ্লাৱাৰ ৷ ৰৈ আছো, এবাৰ বি.এন. দেৰ ফালে যাওঁ, এবাৰ এপেক্স বেংকৰ ফালে যাওঁ ৷ এবাৰ যদি DeeR Clubৰ পকেটত ভৰাই নিয়া টকাখিনি চুই চাইছো আনবাৰ ছানফ্লাৱাৰৰ বাহিৰত থকা আইনাত নতুন পেন্টটো চাইছো ৷
এটা সময়ত দেখিলো ডিম্পী আহিছে, লগত আৰু দুজনী ডিম্পী !!!
মোক তিনিও জনীয়ে মাত দিলে ৷ মই ৰৈ আছো কথাটো বুজিবলৈ, সেইযে কৈছিল,‘আহিবা গ’ম পাবা’ ৷
‘ইয়াত এনেকৈ ৰৈ থাকিলে দাদাহঁতে দেখিব ৷ ব’লা ভিতৰলৈ যাওঁ ৷’
দাদাহঁত!!!!!!!!!!!! মানে কেইজন দাদাৰ কথা কৈছে বা ?
সোমাই গ’লো ছানফ্লাৱাৰৰ ভিতৰলৈ ৷ এফালে বহিল তিনিজনী আন ফালে মই অকলে ৷ মেনুখনলৈ খুব কিবা কিবি চালে তিনিওজনীয়ে ৷ অৰ্ডাৰ দিলে ৷ তাৰ পাছত সিহতৰ মাজত আৰম্ভ হ’ল কিবা গোপন কথা ৷ মই ইফালে সিফালে চাই বহি আছো ৷ এপাকত চাওঁ চাওঁ আহিল ৷ ডিম্পীহঁতে নিজৰ গোপন কথা আলোচনা কৰি কৰি চাওঁ খালে, মই মনে মনে তল মুৰ কৰি খালো ৷ বিল আহিল ১৫২ টকাৰ ৷ মই মনে মনে বহি অকমান সময় বাট চালো ৷ শেষত পকেটৰ পৰা বৰ দুখ মনেৰে টকাখিনি উলিয়ালো ৷
ছানফ্লাৱাৰৰ বাহিৰ পালোহি ৷
ডিম্পীয়ে মোৰ ফালে চাই ক’লে — থেংকছ !! যাওঁ দেই !!!!
মই কি ক’ম একো বুজি নাপায় মনে মনে থাকিলো ৷ এটা নতুনকৈ শিকা জতুৱা ঠাছৰ অৰ্থ কিন্তু মই সেই দিনা বুজিলো — বাঁহ খোৱা ৷ ডিম্পীয়ে যে কৈছিল,‘আহিবা, গ’ম পাবা’ তাই এইটোকে শিকাব খুজিছিল নেকি ?
আহি হোষ্টেল পালোহি ৷
বাৰান্ডাত এক পল্টন ৰৈ আছে ডেটিংৰ খবৰ জানিবলৈ ৷
‘অই অই কি কি কথা পাতিলি ?’
‘কি পিন্ধি আহিছিল ?’
‘হাতত ধৰিছিলি নেকি ?’
মই একো নকৈ ৰূমলৈ সোমাই গ’লো ৷ পাৰ্ছটোৰ বাকী থকা টকাখিনি গন্তি কৰিলো, মাহটোত কেইবাদিনো বাকী আছে ৷
পাছদিনা মই খিৰিকিখন নুখুলিলো ৷ মন নগ’ল ৷ সেইদিনা ৯—৩০ ক্লাছ সময় মতেই পালোগৈ ৷ আবেলি ঘুৰি আহি দেখো মৃদুৰৈ আছে ৰূমৰ বাহিৰত ৷ দেউতা আহিলে সাধাৰনতে সি তেনেকুৱাকৈ ৰৈ থাকে ৷ খৰধৰকৈ কৈ সোমাই গ’লো ৷
মোৰ বিচনাত বহি আছে ডিম্পী, আজি অকলে ৷
প্ৰথম প্ৰশ্ন,‘আজি খিৰিকি কিয় বন্ধ কৰি ৰাখিলা ?’
উত্তৰ দিব নাপালোৱে আকৌ ক’লে,‘তোমাক মই প্ৰতিভু বুলি নামাতো দেই ৷ বেলেগ এটা নাম দি মাতিম ৷’
‘কি নাম দি মাতিবা ?’
‘বাবা ৷’
মনতে ভাবিলো,
‘না মই তোমাৰ দেউতা,
না তুমি মোৰ মা,
তেনেহ’লে তুমি মোক
কিয় বা
মাতিবা
বাবা ?’
কিন্তু ক’লো,‘মাতিবা ৷’
(মই বাৰু তাইক মাজনী বুলি মাতিম নেকি ?)
‘অ’ বাবা শুনা না, (মই পাছফালে ঘুৰি চালো, মোক যে কৈছে মই বুজিয়ে পোৱা নাছিলো) এই দেওবাৰে আমি কামাক্ষ্যালৈ যাব লাগিব ৷’
‘কামাক্ষ্যালৈ, কিয় ?’
‘ফাৰ্ষ্ট ডেটিংত আচলতে কামাক্ষ্যালৈ যাব লাগে ৷’
আৰু কিবা কিবি কৈছিল তাই, মোৰ কিন্তু এতিয়া একো মনত নাই কি কৈছিল ৷
অলপ পাছত তাই গ’ল গৈ ৷
শনিবাৰে ৰাতি চিন্তা কৰিলো পাছদিনা ৰাতিপুৱাই খুড়াহঁতৰ ঘৰলৈ যাম ৷ ‘ফাৰ্ষ্ট ডেটিং কামাক্ষ্যা’ মোৰ বৰ পচন্ড নহ’ল কথাতো ৷ মৃদুক কথাটো ক’লো ৷ সি জাঙুৰ খাই উঠিল — অই তই এটা বেহুদা ! কিয় নাযাবি তই ??
‘নহয় অ, মন্দিৰত প্ৰেম???’
‘ধুই, তাই স্মাৰ্ট ছোৱালী, আজিৰ দিনৰ মডাৰ্ন ছোৱালী ৷’
সেই কথাটোৰ মানে কি মৃদুৱেহে জানিব ৷
(এতিয়াহে ভাবিছো, আগৰ দিনতো ‘আজিৰ দিনৰ মডাৰ্ন ছোৱালী’ আছিল ৷ সদায়ে থাকে ‘আজিৰ দিনৰ মডাৰ্ন’ কিবাকিবি ৷)
তথাপিও দেওঁবাৰে মই সাজু হ’লো খুড়াৰ ঘৰলৈ যাবলৈ ৷ ছাৰ্ট—পেন্ট পিন্ধি সাজু, তেনেতে দেখিলো ডিম্পী আহি দুৱাৰৰ মুখত ৷
‘বাহ, ৰেডি হৈ আছা !!’
ৰূমত থকা বাকী দুটাই কি কৈ দিব ঠিক নাই, সেয়ে মই ক’লো — ব’লা, মন্দিৰলৈ যোৱাৰ কথা, সোনকালে যাওঁ ৷’
কাছাৰীতে উঠিলো ১২ নং বাছত ৷
দুয়ো ওচৰা—ওচৰিকৈ বহিছো ৷ সঁচা কথা কৈছো, অলপ ভালো লাগিছে, অলপ আচহুৱাও লাগিছে আৰু ভয় ভালকৈ লাগিছে ৷
মই বাহিৰলৈ চাওঁ এবাৰ, এবাৰ তাইৰ মুখলৈ চাওঁ, মাজে মাজে অকৰাৰ দৰে হাঁহি এটা মাৰো ৷ বাছ চলি গৈ আছে ৷
ভৰলুমুখমান পাওঁতে ডিম্পীয়ে ক’লে — এটা কথা কিন্তু দেই ! আমি মেখেলা উজুৱা দি খোজ কাঢ়ি যাম ৷
মই — বাছখনটো একেবাৰে উপৰলৈ যাব ৷
ডিম্পী (মোৰ গালখনত চিকুট এটা মাৰি ) — জানো, কিন্তু মই মনতে ভাবি থৈছিলো যিদিনা মই প্ৰথম তোমাৰ লগত দেবীমাৰ দৰ্শন কৰিব যাম সেইদিনা মেখেলা উজুৱা দি খোজ কাঢ়ি যাম ৷
মই — তুমি কেনেকৈ আৰু কেতিয়া গম পালা মোৰ লগতে দেবীমাৰ দৰ্শন কৰিবা বুলি ?
তাই একো নামতি বাহিৰলৈ চালে মাথো ৷ আকৌ চুপ—চাপ ৷
মইনো আৰু কি কৰিম, ময়ো চুপ—চাপ হৈ গৈ আছো ৷
এপাকত ক’লে,‘নামা নামা ৷’
আৰম্ভ হ’ল মেখেলা উজুৱাৰে নিলাচলৰ আৰোহন ৷ খোজ কাঢ়ি কাঢ়ি লেবেজান হৈ গৈছো ৷ মাজে মাজে ডিম্পী মুখলৈ চাওঁ ৷ ভাগৰৰ কোন চিনমোকাম নাই ৷
মেখেলা উজুৱা |
মোৰ এনে লাগিছিল যেন কোনোবাই মোৰ কানত চিঞৰি চিঞৰি কৈছে — পলা, সময় থাকোতেই পলা ৷
তাই শুনিলেই নে কি নাজানো, কিন্তু এইবাৰ মোৰ হাতত ধৰি ললে — ‘কি ইমান লাহে লাহে খোজ কাঢ়িছা ?? আহা আহা’ বুলি মোক টানি টানি ওপৰলৈ লৈ গ’ল ৷
কিমান দেৰি লাগিল নাজানো কিন্তু পালো গৈ এটা সময়ত ওপৰ ৷
প্ৰথম কাম — মই চাহ একাপ খালো, তাই GOLD SPOT এটা ৷
তাৰ পাছত তাই পান্ডা এজনক বুজাই ক’লে যে আমি ‘ফাৰ্ষ্ট ডেটিং’ত আহিছো আৰু পুজা ভাগ ভালকৈ কৰি দিব লাগে ৷ সেই মতেই পুজা হ’ল ৷ ঘুৰি আহিবৰ সময় হ’ল ৷
ডিম্পী — নামি যাওঁতে কষ্ট নহ’ব ৷
প্ৰথমবাৰৰ কাৰনে মই তাইৰ কথা বুজি পালো ৷
তাৰ পাছৰে পৰা দুয়োটাৰে পৰীক্ষা ওচৰ চাপি আহিল ৷ বৰ বেছি লগ ধৰা নহ’ল ৷ খিৰিকিৰে ভাবৰ আদান প্ৰদান চলি থাকিল ৷ মাজতে অবশ্যে ডিম্পী দুদিনমান আহিল হোষ্টেল ৷ ময়ো গ’লো দুদিনমান তাইক কলেজৰ মুখত লগ কৰিবলৈ ৷
সেই সময়তে লাহে লাহে বুজিলো, মই তাইৰ প্ৰেমত পৰিলো ৷
হায়াৰ চেকেন্ডৰীৰ পৰীক্ষা আৰম্ভ হওঁ হওঁ ৷ তেতিয়াহে গম পালো প্ৰেম মানে কি ?? ফিজিক্সত ফেইল মৰাটো কনফাৰ্ম ৷ ৯—৩০ৰ ক্লাছ চকু টিপিয়াওতেই গ’ল ৷ এতিয়া ওৰে পাৰি চকুৰ পৰিকতি মাৰিব নোৱাৰা হ’লো ৷ পিৰিতি উৰি গ’ল ৷ আৰ ওচৰলৈ গৈছো, তাৰ ওচৰলৈ গৈছো ক্লাছ নোটছ বিচাৰি ৷ ইংলিছৰ পৰীক্ষা দি হোষ্টলে সোমাইছো ৷ লগৰবোৰ ওলাইছে অপ্সৰাত চান্দনী চাবলৈ, মই বহিছো ফিজিক্স পঢ়িবলৈ ৷ চাৰি দিনৰ গেপ আছে ৷ বিৰাট টেনছন ৷
ৰূমত আহি হাজিৰ ডিম্পী ৷
‘বাবা, বিৰাট টেনছন হৈছে জানা !’
‘হমমমম, মোৰো হৈছে ৷ কি হ’ব ভাবি পোৱা নাই ৷ মইতো মৰিয়ে থাকিম ৷’
ডিম্পীয়ে বিচনাৰ পৰা জাপ মাৰি আহি মোৰ মুখত সোপা মাৰি ক’লে — ‘তেনেকৈ নক’বা ৷ দৰকাৰ হ’লে আমি পলাই যাম ৷’
এইবাৰ মই চকিৰ পৰা জাপ মাৰি উঠিলো — ‘পলাই আকৌ যাম কিয় ?’
ডিম্পী — ‘তুমি মোৰ দাদাহঁতক নাজানা ৷ মাৰি পেলাব ৷’
মনতে ভাবিলো,‘মই পৰীক্ষাত ফেল মাৰিলে আকৌ মোক কিয় মাৰিব ?’
মই ভয়ে ভয়ে সুধিলো — ‘কিয় মাৰি পেলাব ?’
ডিম্পী — ‘তুমি হ’লা দত্ত আমি হ’লো দেবশৰ্মা, ক’ত হ’ব কোৱা ?’
ফিজিক্স এনেয়ে বুজা নাছিলো এতিয়া আৰু নুবুজা হ’লো ৷ ফিজিক্স পাছ কৰা নকৰাৰ লগত উপাধিৰ কি কথা আছে ??? সেইটো আগতে জনা হ’লে এফিডেভিট কৰি সলায়ে ল’লো হয় পাছ কৰা উপাধি এটালৈ !
ডিম্পী — ‘বাবা আমি নাহৰকটীয়ালৈকে পলাই যাওঁ ব’লা ৷ তাত মোৰ ফ্ৰেন্ড এজনীৰ ঘৰ ৷ আমি বিয়া পাতি তাহাঁতৰ ঘৰতে থাকিম ৷’
মোৰ মুচকচ যাওঁ যাওঁ অবস্থা ৷ বিয়া !!!!!!!!!!!!!!!!!!!!!!!
হে প্ৰভু, ক’ত ফছিলো ??
‘ডিম্পী, বিয়াৰ কথা ক’ৰ পৰা ওলাল ?? আগতে পৰীক্ষাটো দি ল’ওঁ নেকি ?’— মই অলপ খঙেৰেই ক’লো ৷
কি বুজিলে, কি ভাবিলে নাজানো ৷ অলপপৰ থাকি গ’ল গৈ ৷
পৰীক্ষা শেষ হ’ল ৷ বহু হিচাপ—নিকাচ কৰি বুজিলো এইবাৰলৈ নাকটো ৰখিবগৈ ৷
হোষ্টেল এৰিবৰ সময় হ’ল ৷ কেইবাদিনো ডিম্পীক লগ পোৱা নাই ৷ মনটো অকমান বেয়াও লাগি আছিল ৷ হঠাতে আহি ওলালেহি তাই, হাতত এটা বেগ ৷ মোক উলিয়াই লৈ গ’ল ৷ পালোগৈ আকৌ ছানফ্লাৱাৰ ৷
বাহিৰতে মই ক’লো — মোৰ হাতত কিন্তু পইছা নাই দেই ৷
মোক পাত্তা নিদি ভিতৰলৈ লৈ গ’ল ৷
চাও চাওৰ অৰ্ডাৰ হ’ল ৷
মনে মনে বহি আছো ৷ সেইদিনাহে মই তাইৰ মুখখন ভালকৈ মন কৰিলো ৷ ধুনীয়া দেখোন ! ডিম্পী মনে মনে বহি আছে ৷ হাতত থকা মোনাটোৰ পৰা উলিয়ালে এটা টী ছাৰ্ট, এটা স্প্ৰে আৰু এখন কাৰ্ড ৷ মোৰ ফালে আগবঢ়াই দিলে ৷ মই ল’ওঁ নল’ওঁকৈ ল’লো ৷
‘থেংক্স ডিম্পী, কিন্তু মই তোমালৈ একো অনা নাই ৷’
কথা নাই বতৰা নাই ডিম্পীৰ চকুপানী ওলাবলৈ ধৰিলে ৷
মোৰ কি কৰো, কি নকৰো অবস্থা ৷
কান্দিছে কিয় মই বুজা নাই ৷ মই একো অনা নাই কাৰনে কন্দা নাইতো ???
ধৰো নধৰোকৈ তাইৰ হাতখনতে ধৰিলো ৷
‘মোক কোনেও বুজি নাপায় ৷ তুমিও নোপোৱা ৷’
মনতে ভাবিলো, ‘আনৰ কথা নাজানো মই কিন্তু নাপাওঁ, ঠিক কৈছা ৷’
‘মই গিফ্টৰ কাৰনে অহা নাই ৷ তোমাক ভাল পাওঁ কাৰনেহে আহিছো ৷ তুমি দুদিনমান পাছতে ঘৰলৈ যাবা গৈ আৰু ৰিজাল্টৰ পাছত ছাগৈ অসমৰ বাহিৰলৈ ৷ আৰুনো ক’ত লগ পাম ৷’
‘ডিম্পী, কিয় তেনেকৈ কৈছা ?? চিঠি লিখিম, যোগাযোগ থাকিব নহয় ৷’
‘বাবা, জানা কালি মই কি কৰিলো ?’
অলপ ভয় অলপ সন্দেহেৰে সুধিলো,‘কি কৰিলা ?’
‘মই ঘৰত কৈ দিলো ?’
মোৰ মুখৰ পৰা প্ৰায় চিঞৰ এটাই ওলাল,‘কি কৈ দিলা ?’
‘মোৰ বিয়াৰ কথা ৷’
‘কিইইইইইইইইইইইইইইইইইইই ? বিয়া !! তোমাৰ ??’
‘অ মই দেউতা—মাক ক’লো যে মই বিয়া পাতিলে নিজৰ মতে পাতিম ৷’
কোনোমতে জীৱটো শৰীৰৰ ভিতৰতে সোমাই থাকিল যেনিবা ৷
‘তেতিয়া তেওঁলোকে কি ক’লে ?’
‘সেইবোৰ বাদ দিয়া ৷ তুমি কোন দিনা ঘৰলৈ যাবা ৷’
কেইদিনমান পাছত, মে মাহৰ কোনোবা এদিন, নিউ হোষ্টেল এৰি ঘৰ পালোহি ৷ বন্ধু বান্ধবৰ সৈতে, টোপনিৰ সৈতে ব্যস্ত হৈ পৰিলো ৷ ডিম্পীৰ কথা তল পৰিলে ৷ মাজে মাজে মনত পৰিলেও যোগাযোগৰ কোনো উপায় নাছিল ৷
পৰীক্ষাৰ ৰিজাল্ট ওলাল ৷ মই আশা কৰাৰ দৰেই বেয়া হ’ল ৷ কিন্তু পাছ কৰিলো যেনিবা ! যেনেতেনে ইন্জীনিয়াৰিং কলেজতো নামটো লগাব পাৰিলো ৷
তেতিয়া জুলাই মাহ ৷ ডিম্পীক লগ নাপাবৰ ভালে মান দিন হ’ল ৷ মোৰ এডমিচনৰ পাছৰ দিনা
এনেয়ে পানবজাৰলৈ গৈছিলো ৷ মহামায়াৰ সন্মুখতে দেখো ৰৈ আছে, ডিম্পী ৷
‘কনগ্ৰেছুলেইছন, ইন্জিনীয়াৰ হৈ গ’লা !!’
‘থেংকছ, মই তোমাৰ কথাই ভাবি আহি আছিলো ৷’
‘বাবা, আজি মই এঠাইলৈ যাম ৷ সেইকাৰনে নৰখো, ছানডে আমাৰ ঘৰলৈ আহা না !’
‘তোমালোকৰ ঘৰলৈ ??’
ডিম্পীয়ে তাইৰ ঘৰৰ ঠিকনাটো দিলে ৷
মই সেইখিনিতে ছিগাৰেট এটা জ্বলাই চিন্তা কৰিলো দেওবাৰে ডিম্পীয়ে দিয়া ঠিকনাত যোৱা উচিত হ’ব নে অনুচিত হ’ব ৷
এবাৰ যদি মোৰ মনটোৱে মোক বুজাইছে মই ডিম্পীৰ প্ৰেমত পৰিছো গতিকে মই যোৱা উচিত আনবাৰ মোক বুজাইছে মই যোৱা অনুচিত ৷ যিমানেই ভাবিছো সিমানেই মনটোত সিমানেই আউল লাগিছে ৷ মই উভতি আহিলো ৷ মনতে ঠিৰাং কৰিলো দেওবাৰে পূৱাই সিদ্ধান্ত ল’ম যাম নে নাযাও ৷
দেওবাৰে ৪ মান বজাত পালোগৈ গান্ধীবস্তিৰ সেই নিৰ্দিষ্ট ঠিকনাত ৷ কলিং বেল বজালো ৷ দুৱাৰ খুলি দিলে এগৰাকী ভদ্ৰ মহিলাই, খুব সম্ভব মাকেই হ’ব ৷ প্ৰশ্নবোধক চাওনি, কিছু বিৰক্তি ৷ মনতে ভাবিলো কোনোবা দত্ত বা হাজৰিকাৰ ঘৰৰ ঠিকনা সুধি দিওঁ নেকি ?? পলাবলৈ সুবিধা হ’ব ৷ নাজানো বুলি কোৱাৰ লগে লগে ধন্যবাদ বুলি কৈ পলাম তাৰ পৰা ৷
‘তুমি প্ৰতিভু নেকি ?’
মই কিবা এটা কোৱাৰ আগেয়ে চিঞৰ মাৰিলে,‘মাজনী তোমাৰ বন্ধু আহিলে দেই !’
মই ড্ৰয়িং ৰূম পালো গৈ ৷
তাতে চিনাকি পৰ্ব চলিল ৷ মাক দেউতাকৰ লগত কথা পাতি ভালেই পালো ৷ মই তেখেত সকলক সম্বোধন পৰাপক্ষত নকৰাকৈ থাকিলো ৷ মনতে ভাবিলো এতিয়া খুৰা—খুৰী, বিয়াৰ পাছত দেউতা—মা বৰ আচহুৱা লাগিব ৷
দাদা তিনিজনৰ সৰুজনকহে পালো, নাম বাবা দাদা (মোৰ নাম বাৰু কিয় বাবা ৰাখিছিল ডিম্পীয়ে ?) ৷ বাবা দাদা ওচৰৰ বিহুতলীখনৰ আৰু ক্লাবটোৰ সভাপতি ৷ ডাঙৰ দাদা দুজন কন্ট্ৰেক্টৰ ৷ এই বাবা দাদাৰ কথা বতৰা, হাব—ভাব দেখি ভাবিলো আকৌ ডিম্পীক বৰকৈ লগ নকৰাই ভাল হ’ব নেকি !
লুছি আৰু কনী তৰকাৰী খাই বেছি পৰ নৰলো ৷ ডিম্পী আৰু মাক—দেউতাক মাত লগাই যাবলৈ ওলালো ৷
আহিবৰ সময় মাকে ক’লে,‘প্ৰতিভু, আহি থাকিবা ৷ হোষ্টেলত খোৱা বোৱাত অসুবিধা পালেই গুছি আহিবা ৷’
ইফালে সিফালে চালো কৰবাত বাবা দাদা ওচৰত আছে নেকি ৷ থকা হ’লে ভাল আছিল, কথাখিনি তেওঁ শুনাটো বৰ জৰুৰী আছিল ৷
ডিম্পীয়ে গেটৰ ওচৰলৈকে আগবঢ়াবলৈ আহিল ৷
‘থেংকছ বাবা, মই জানিছিলো তুমি আহিবা ৷ আই লাভ য়ু ৷’
আগৰ বহুবাৰৰ দৰেই এইবাৰো মই ভাবি নাপালো কি ক’ব লাগিবনো ৷
ঘুৰি আহোতে মাত্ৰ ভাবিলো ডিম্পীয়ে বাৰু কেনেকৈ জানিছিলে মই আহিমেই বুলি ৷ মই দেখোন আজি ৰাতিপুৱাহে গ’ম পাইছিলো আহিম বুলি ৷
গোটেই ৰাতি টোপনি নাহিল ৷ কানত বাজি থাকিল,‘আই লাভ য়ু ৷’
কেইদিনমান পাছতে সোমালো গৈ ইন্জিনীয়াৰিং কলেজ হোষ্টেলত ৷ এক বেলেগ জীৱন ! পঢ়া—শুনা, ক্লাছ—কলেজ, খেলা—ধুলা, দৌৰা—ঢপৰাৰ মাজত ডিম্পীলৈ মনত পেলাবলৈকে আহৰিকে নোপোৱা হ’লো ৷ তথাপিও এদিন আবেলি ওলালো গৈ ডিম্পীহঁতৰ ঘৰ ৷ অকল মাক আৰু তায়ে আছিল ৷ অকমান দেৰি কথা পাতিলো, আকৌ ফুলা লুছি খালো ৷ লুছি খাই থাকোতেই গম পালো মই সেইদিনা তালৈ গৈ কিমান ভাল কৰিলো ৷ ইমানদিন লগ পোৱা নাই বুলি পাছদিনা ডিম্পীয়ে মোক বিচাৰি হোষ্টেল যোৱাৰ কথা আছিলো ৷ তাই কথা শুনাৰ লগে লগে মই মনে মনে প্ৰভুক সেৱা এটা কৰিলো,‘বচালা তুমি !’
লাহে লাহে আমাৰ প্ৰেমে দুৰান্ত ৰূপ গ’লেগৈ ৷ প্ৰেমৰ নামত ছানফ্লাৱাৰ, ক্ৰছৰোডছ আদি ৰেষ্টোৰা বোৰ আমাৰ কাৰন বৰ চিনাকী ঠিকনা হৈ পৰিল ৷ প্ৰেমৰ নামত শ্যাম মন্দিৰ, কামাক্ষ্যা মন্দিৰ, লংকেশ্বৰ, দৌলগোবিন্দ মন্দিৰ, অশ্বক্লান্ত আদিত সাপ্তাহিক দৰ্শনাৰ্থী হ’লো ৷
নক’লেও হ’ব সেই সময়ত পইছাৰ কাৰনে প্ৰায়ে দেউতালৈ চিঠি লিখিব লগীয়া হৈছিল, কেতিয়াবা মাহত তিনিবাৰো চিঠি লিখাৰ কথা মনত আছে ৷
সেই সময়তে আন এটা ঘটনা ঘটিছিল ৷ গুৱাহাটীত আলিয়ে গলিয়ে পি.চি.অ হ’ল ৷ ডিম্পীহঁতৰ ঘৰতো ফোন এটা আহিল ৷ ৩৪৬৬৫ নে তেনে ধৰনৰ আছিল নম্বৰটো ৷ ফলত তেতিয়াৰে পৰা ডিম্পীৰ লগত নিয়মীয়া যোগাযোগৰ সুবিধা এটা হ’ল ৷
কেতিয়ানো আমাৰ সম্বন্ধ ‘তুমি’ৰ পৰা গৈ ‘তই’ পালে গৈ ধৰিবই নোৱাৰিলো ৷
মই ফাইনেল ইয়েৰ পালো গৈ, ডিম্পীৰো গ্ৰেজুৱেছন শেষ হ’ল ৷
মই প্ৰজেক্ট, ভাইভা, ফাইনেল ছেমেষ্টাৰ নাইট আদিত ব্যস্ত হৈ পৰিলো ৷ ডিম্পীয়ে নাম লগালে জে. বি. ল’ কলেজত ৷ মই ঘনাই যাব নোৱাৰা হ’ল লগ কৰিবলৈ, তাইৰো সন্ধিয়া কলেজ থকা হ’ল ৷ মই দেওবাৰে দেওবাৰে গান্ধীবস্তিলৈ অৱশ্যে লুছি খাবলৈ নোযোৱা নহয় ৷ ইতিমধ্যে
ডিম্পীৰ খুৰাক, বৰদেউতাক, মামাক আদিৰ লগতো মোৰ চা—চিনাকী হ’ল ৷
১৯৯৩ৰ অক্টোবৰ মানত ডাঙৰ দাদাৰ বিয়াত জোৰণ আৰু দৰাৰ লগতো মই যাব লগা হ’ল ৷
হোমৰ গুৰিত দৰা কইনা বহি আছে ৷ ৰাতি তেতিয়া ২ মান বাজিছে ৷ ৰভাতলত তেতিয়া বৰযাত্ৰীৰ লগত অহাকেইজনৰ ভিতৰত অকল মই, ডিম্পীৰ দেউতাক, পেহীয়েক, ডিম্পী আৰু তাইৰ মামাকৰ ছোৱালীজনী আছিলো ৷ দেউতাক অকলে বহি থকা দেখি মই তেখেতৰ ওচৰ পালো গৈ ৷
‘হেৰি নহয়, তোমাৰ পঢ়া শেষ হ’বলৈ আৰু কিমান দিন আছে ৷’
‘জানুৱাৰীত ফাইনেল হ’ব, ৰিজাল্ট জুন জুলাই মাহ পাব গৈ ছাগে ৷’
‘তাৰ পাছত কি কৰিবা ?’
‘চাকৰি বিচাৰিব লাগিব ৷ দেউতাৰ চাকৰি আৰু মাত্ৰ ডেৰ বছৰমানহে আছে ৷ সোনকালে কিবা এটা নাপালে অসুবিধা হ’ব ৷’
শেষৰ কথাখিনি মই তেওঁক কোৱাতকৈ নিজকে দিয়াহে সকীয়নিৰ দৰেহে আছিল ৷
দেউতাকে একো নকৈ অলপ পৰ মনে মনে বহি থাকিল ৷ মই ধৰিব নোৱাৰিলো তেখেতে কিবা চিন্তা কৰি আছে নে শুইছে ৷
হঠাতে ক’লে,‘মাজনীৰ কাৰনে অলপ চিন্তা হৈছে ৷ মই তাইক কৈছিলো কথাখিনি তোমাক ক’বলৈ ৷ তুমি বুজিছা নহয় ?’
মাজৰাতিখন মই বুজিব পৰা নাই ডিম্পীৰ দেউতাকে মোক কৈছে কি ৷
চকুদুটা মুদি মই মনে মনে বহি ৰ’লো ৷ এইবাৰ হয়টো ডিম্পীৰ দেউতাকে ধৰিব নোৱাৰিলে মই কিবা চিন্তা কৰি আছো নে শুইছো ৷
অন্তিম খন্ড : ১৯৯৬ —
বিয়া শেষ হ’ল ৷
হোষ্টেলত অকলে অকলে বহি চিন্তা কৰি আছো কি কৈছিল নো ডিম্পীক দেউতাকে ?
লগ পালে সুধিব লাগিব তাইক ৷
দুদিন—দুৰাতি চিন্তা কৰাৰ পাছত পুৱাই পি.চি.অ পালো গৈ,‘হেল্ল, ডিম্পী…….’
অবেলি ৰৈ আছো লতাশিতত, মাচুন্ডাৰ ওচৰত ৷ ওলালেহি ডিম্পী ৷ অলপ চিৰীয়াছ মুড ৷ প্ৰথম লগ পোৱাৰ ৪/৫ বছৰ হৈ যোৱাৰ পাছত আজিহে দেখিছো তাইক এনে এটা মুডত ৷ বহিলো গৈ মাচুন্ডাত ৷
মই মনে মনে থকায়ে ঠিক হ’ব বুলি ভাবিলো ৷
ডিম্পী তল মুৰ কৰি ব্যস্ত তাইৰ হাতত থকা ৰুমালখন মোটোকাই মোটোকাই কিবা এটা অদ্ভুত আকাৰ দিয়াত ৷ এপাকত মোৰ ফালে চালে ৷ চকু দুটা ৰঙা হৈ আছে, চকু পানীৰে ৷
চিকেন ৰ’ল কামুৰি কামুৰি তাইক সুধিলো, ‘‘তোৰ দেউতা ভালে আছে ?’’
‘‘ওঁ ৷’’
‘‘সেইদিনা তেখেতৰ সৈতে বহুত সময় কথা পাতিলো ৷ ভাল লাগিল ৷’’
মই দেউতাকৰ নাম লোৱাৰ লগে লগে তাই মুখত হাঁহি ওলাল ৷ সঁচা কথা কৈছো এইজনীক মই কেতিয়াও বুজিব নোৱাৰিম ছাগৈ ৷
‘‘কি কথা পাতিলি ? কেনেকুৱা লাগিল দেউতাৰ সৈতে কথা পাতি ? ভাল লাগিল নে কথা পাতি ? দেউতা জমনি ন ?’’
মই মনতে ভাবিলো কোনটো প্ৰশ্নৰ উত্তৰ দিওঁ বাৰু ?
প্ৰশ্নৰ উত্তৰ দিওঁ নে তাইক ওলোটাই প্ৰশ্ন কৰো দেউতাকে তাইক কি কৈছিল ?
মই কিবা এটা ক’বলৈ পোৱাৰ আগতেই তাই মাত দিলে, ‘‘অই শুনা বৌৱে মোক কি দিলে জাননে ?’’
‘‘ডিম্পী সেইবোৰ বাদ দেচোন ৷ তোৰ লগত বেলেগ এটা কথা আছে ৷’’
‘‘কিয় বাদ দিম ?’’
‘‘এ ৰচোন ৷ মোৰ কাৰনেই বাদ দিব কৈছো বুলি ধৰি ল’ব নোৱাৰ নেকি ? মই বৰ চিন্তাত আছো ৷’’
মোৰ হাতখনত ধৰি সুধিলে, ‘‘তোৰ আকৌ কি হ’ল ?’’
তাই আগেয়ো মোৰ হাতত ধৰে, পাছে সেইদিনা তাই হাতত ধৰাৰ লগে লগে মনটো কিবা কিবা লাগি গ’ল ৷
‘‘তোক দেউতাই কিবা কৈছে নেকি ?’’
‘‘মোক দেউতাই কিবা কৈছে নেকি মানে ? দেউতাই দেখোন মোক সদায়ে কিবা কিবি কৈ থাকে ৷’’
‘‘নহয় মই কৈছো দেউতাই মোৰ কথা কিবা কৈছে নেকি ? বিয়াৰ দিনা ৰাতি মোক কৈছিল কিবা অকমান ৷ মই ভালকৈ বুজি নাপালো ৷’’
তাই আকৌ সুধিলে, ‘‘দেউতাই তোক কি বুলি কৈছিল বাৰু ?’’
কওঁ নকওঁকৈ ক’লো, ‘‘তোৰ কাৰনে হেনো কিবা চিন্তা হৈছে ৷ তোক হেনো কৈছে কিবা মোক ক’বলৈ ৷’’
কি হ’ল নাজানো আকৌ আৰম্ভ হ’ল কান্দোন ৷ থোকা-থুকি মাতেৰে ক’লে, ‘‘তোক ক’ম ক’ম বুলি ক’ব পৰা নাছিলো ৷ দেউতা-মায়ে মোৰ কাৰনে ল’ৰা এটা পচন্ড কৰিছে ৷’’
মই মনে মনে তেনে কথা এটাই হ’ব বুলি সাজু হৈ আছিলো ৷ ভাব-লেশ নোহোৱাকৈ সুধিলো, ‘‘মা-দেউতাৰ কথা বুজিলো বাৰু ৷ কিন্তু তই কি ভাবিলি, তই কি কৰিবি ?’’
তাই তললৈ চাই চাই উত্তৰ দিলে, ‘‘মই মাহঁতক ডাইৰেক্ট কৈ দিছো ৷ মোৰ এটা বুদ্ধু পচন্ড হৈছে আৰু মই বিয়া কৰালে তাকেই কৰাম ৷’’
‘‘বুদ্ধু ? কোন বুদ্ধু ?’’
কান্দি কান্দি তাইৰ নাকটো ইতিমধ্যে আকৌ ৰঙা হ’ল ৷ তাই মোৰ নাকটোত টেপা এটা মাৰি ক’লে, ‘‘কিয় লাগে কোন বুদ্ধু ? তয়ো এটা ৰাম বুদ্ধু ৷’’
সঁচা কথা কৈছে তাই ৷ মই বুজি পোৱা নাই কোন এই বুদ্ধু ৷ মাজে মাজে দেখোন লাগে মোৰ কথাই কৈছে, তথাপিও ধৰিব পৰা নাই কৈছে নে নাই ৷
কথা সলনি কৰিবলৈ সুধিলো, ‘‘তোৰ ঘৰৰ পৰা যে পচন্ড কৰিছে তেখেতে কি কৰে ?’’
আশা কৰিছো বেকাৰ বুলি ক’ব, স্মাগলাৰ বুলি ক’ব ৷
উত্তৰ দিলে, ‘‘আমেৰিকাত থাকে ৷ কিবা নাছাত কাম কৰে ৷’’
মোৰ আটলান্টিছখন ধুপুছকৈ সৰি পৰিল ৷
‘নাছা ?’, মনতে ভাবিলো, ‘হেন্ডছেক কৰি, বিলখন দি হোষ্টেল যোৱাই ভাল হ’ব নেকি বাৰু ?’
মই মনে মনে থকা দেখি তাই মাত দিলে, ‘‘অই কি হ’ল ? একেবাৰে চুপ হৈ গ’লি যে ? কি চিন্তা কৰিছ নো ?’’
‘‘নাই মানে ভাবিছো তই কি কৰিবি নো ?’’
তাই হাঁহি এটা মাৰি ক’লে, ‘‘তই কচোন বাৰু মই কি চিন্তা কৰিছো ?’’
মোৰ মুখৰ পৰা ওলাই গ’ল, ‘‘তই তাৰ লগতে বিয়াত বহিবি ৷’’
কথাখিনি শেষ হয় মানে মোৰ চকু দুটাৰ পৰা ক’ব নোৱাৰাকৈ দেখোন চকুপানী ওলাই আহিল ৷
‘‘আৰে বুদ্ধু ! তই আকৌ কিয় কান্দিছ নো ? মোৰ বিয়া হ’লে তই বেয়া পাবি নেকি ?’’
‘‘অ পাম ৷ তোৰ বিয়া যদি মোৰ বাহিৰে বেলেগ কাৰোবাৰ সৈতে হয় মই বেয়া পাম ৷’’
‘‘হেহ্ বুদ্ধু ! তই মোৰ বেষ্ট ফ্ৰেন্ড ৷ মোৰ বিয়া হ’লে তই ভাল হে পাব লাগে ৷’’
‘‘সেইবোৰ বাদ দে ৷ তই নাছাৰ লগত বিয়া সঁচাকে বহিবি নেকি ?’’
‘‘এতিয়াও ভবা নাই অ’ ৷ মোৰ মন বুদ্ধু এটাৰ সৈতেহে বিয়া হোৱাৰ ৷’’
মই মনে মনে বহি ৰ’লো ৷ তাই অনৰ্গল কিবা কিবি কৈ গ’ল ৷ মোৰ কানত একো নোসোমালে ৷
৭ মান বজাত তাইক ঘৰত থৈ মই হোষ্টেললৈ উভটিলো ৷
ৰাতি দিগন্ত, উজ্জ্বলৰ সৈতে দেৱদাস ৰাত্ৰি যাপন কৰিলো ৷
মনতে ভাবিলো আজিৰ পৰা আৰু ডিম্পীৰ কথা নাভাবো ৷ যিমানেই ভাবিছো তাইৰ কথা নাভাবো সিমানেই দেখোন তাইৰ কথাকে মনত পৰিব ধৰিছে ৷ কেনেকৈ লগ পালো, কেনেকৈ কথা পাতিছিলো, তাই কেনেকৈ পগলামী কৰিছিল……..
প্ৰজেক্ট, ভাইভা, পৰীক্ষা আদিৰ খাম ধেয়ালীৰ মাজত সময়বোৰ পাৰ হৈছে ৷
এদিন দুপৰীয়া বগা মাৰুতি এখনৰ পৰা নামি আহিল ডিম্পী ৷
‘‘অই ব’ল না আমাৰ ঘৰলৈ ৷ কাম এটা আছে ৷’’
দিগন্তই গতা মাৰি দিয়া দি দিলে ৷ মই গৈ গাড়ীত উঠিলো ৷ কোনে চলাইছে ধৰিব পৰা নাই ৷ ভাল কৈ চালো, নাছাৰ পৰা অহা যেন লগা নাই ৷
একো মাত নমতাকৈ গৈ আছো ৷
ঘৰ পোৱাৰ আগে আগে ডিম্পীয়ে মাত দিলে, ‘‘অই বুদ্ধু, ইমান মনে মনে কিয় আহিছ ?’’
ক’বৰ মন আছিল, ‘মই বুদ্ধু কাৰনেই মনে মনে আহি আছো ৷’
ঘৰ পোৱাৰ লগে লগে তাই মোক হাতত ধৰি টানি লৈ গ’ল ভিতৰলৈ ৷
‘‘বহ ৷ আহি আছো ৷’’
ইতিমধ্যে তাইৰ মাক দেউতাক দুয়ো আহি বহিল ওচৰা ওচৰিকৈ ৷
মোৰ এতিয়া মনত নাই কোনজন কৈছিল, কিন্তু মোৰ কানত সোমাল, ‘‘তুমি ডিম্পীৰ খুব ভাল বন্ধু, আমি জানো ৷ তাই অনবৰে তোমাৰ কথাকে কৈ থাকে ৷ তাইৰ বিয়াৰো বয়স হৈ আহিছে ৷ আমি তাইৰ কাৰনে এটা ল’ৰা পচন্ড কৰিছো ৷ নাছাত কাম কৰে ৷ কিন্তু তাই হেনো কোনোবা বুদ্ধু এটাকহে বিয়া কৰাব ৷ বৰকৈ কোৱাত কৈছে তুমি যদি নাছাৰ ল’ৰাটো ভাল ল’ৰা বুলি কৈ দিয়া তাই হেনো বুদ্ধুটোক বিয়া নকৰাই নাছাৰটোক কৰাব ৷ তোমাক সৈ কাৰনেই মতাই আনিছো ৷ মই জানো তুমি তাইক নাছাৰ ল’ৰাজনকে বিয়া কৰাবলৈ ক’বা ৷’’
মোৰ কান-চকু-মস্তিস্ক এইবোৰে ইতিমধ্যে কাম কৰিবলৈ বন্ধ কৰি দিছে ৷ মই কি শুনিছো, কি দেখিছো, ক’ত আছো একো বুজি নোপোৱা হৈ গৈছো ৷ তথাপিও মোৰ মুখৰ পৰা ওলাল, ‘‘মই নো কি ক’ম ? মই নাছাত কাম কৰাজনক লগ পোৱা নাই, দেখা নাই ৷ কেনেকৈ নো কওঁ সেইজন ভাল হ’ব বুলি ৷’’
দেউতাকে ওলোটাই প্ৰশ্ন কৰিলে, ‘‘মাজনীয়ে যে কৈ থাকে বুদ্ধু বু,লি তাক লগ পাইছা নেকি ? চিনি পোৱা নেকি ?’’
‘‘খুড়া মই তেওঁকো চিনি নাপাওঁ ৷’’
‘‘তোমাৰ মতে নাছা আৰু বুদ্ধুজনৰ মাজত কোনজন ভাল হ’ব ৷’’
মই নাজানো কিয় মই বুদ্ধুজন ভাল হ’ব বুলি কৈ নিদিলো ৷
মোৰ মুখেৰে ওলাল, ‘‘নাছাই ভাল হ’ব ছাগৈ !’’
ডিম্পী উচাৎ মাৰি গুছি গ’ল, ‘‘বুদ্ধু , মই জানিছিলো তই তেনেকৈয়ে ক’বি ৷’’
ডিম্পীহঁতৰ ঘৰৰ পৰা বিদায় লওঁ মানে সন্ধিয়া হ’ল ৷
কেনেকৈ ফুটপাথ পালো গৈ মনত নাই ৷
ফুটপাথ পাই কোন ফালে আগ বাঢ়িলো মনত নাই ৷
এটাই কথা মনৰ মাজত, ‘মই যি দিনা কলেজ এৰিম, সেইদিনা ডিম্পীয়ে ভাৰত এৰিব ৷’’
সামৰণি : (অগ্নিভৰ কাৰনে, ১৯৯৬ৰ পাছৰ সময়খিনিত তেওঁ এই কাহিনীৰ পটভূমিতে আছিল )
মই খোজ কাঢ়িয়ে জালুকবাৰী লৈ বুলি আগবাঢ়িলো ৷ চাৰি আলি পাই কলেজলৈ বুলি নুঘুৰি ঘুৰিলো শৰাইঘাট দলংৰ ফালে ৷ দলঙৰ ওপৰৰ পৰা , চিকিউৰিচিৰ চকুৰ আঁৰ হৈ, বহু পৰ ব্ৰহ্মপুত্ৰ পানীখিনি চাই চাই বহি ৰ’লো ৷ এপাকত নোৱাৰিলো আৰু সহ্য কৰিব ৷
…3,2,1, go নাছাত কৰা কাউন্ট ডাউনৰ দৰে কৰি জাপ মাৰি দিলো নদীৰ বুকুলৈ ৷
নিয়ম মতে কাহিনীটো ইমানতে শেষ হ’ব লাগে ৷
কিন্তু নাই হোৱা শেষ ৷
সাধাৰন কথা, যদি তাতেই শেষ তেনেহ’লে নো মই কেনেকৈ কৈ আছো কাহিনীটো ৷
অগ্নিভে কৈছে সাংঘাতিক এন্ডিং এটা লাগে ৷ নদীত জাপ দিয়াটো সাংঘাতিক এন্ড হ’ব নোৱাৰে ৷ অগ্নিভ নালাগে, মোৰেই ভাল লগা নাই ৷
বেলেগ কিবা এটা হ’ব লাগিব ৷
কিন্তু কি হ’ব বাৰু ?
মই বাচিবটো লাগিব, নহ’লে কাহিনীটো ক’ম কেনেকৈ ৷
অ.কে., সাংঘাতিক টুইষ্ট !!!
মই জাপ দিলো নদীৰ বুকুলৈ ৷ মই তললৈ সৰি গৈ আছো আৰু ফেৰফেৰীয়া বতাহে নাক-কান সোপা মাৰি ধৰিছো ৷ চকু মুদি দিলো ৷
হঠাতে মোৰ গতি থমকি ৰ’ল ৷ মই গৈ পানীতো নপৰিলো ৷
মই একে কোবে পালোগৈ মোৰ হোষ্টেল ৷
অগ্নিভ, কথাখিনি এনেকুৱা ধৰনৰ ৷
মোক পাই গ’ল নাইট ফ্লাইয়িঙত (আমি যেনেকৈ নাইট ৱাকত যাওঁ) ওলাই অহা শক্তিমান ওৰফে গংগাধৰে ৷
তেওঁ মোৰ গোটেই কাহিনীখিনি শুনি ক’লে, ‘‘তই ইমান ভাল পাৱ যেতিয়া চিন্তা নকৰিবি ৷ পঢ়া শুনা ভাল কৈ কৰ ৷ নাছাক মই চাই ল’ম ৷’’
এন্ডিংটো ভাল লাগিল নে ?
যদি নাই পোৱা মোক বেয়া নাপাব ৷ মই একো এন্ডিং বিচাৰি নাপায় আজি ইমান দিনে পেলাই থৈছিলো ৷ পাছে আৰু কিমান দিননো পেলাম কওঁক চোন ?
সাজি সাজি লিখিবলৈ বৰ টান ৷
শেষত সঁচা কথাটোকে কৈ দিলো আৰু !

dada :)))))))))))))
ReplyDeleteki hoi eeibur?
ReplyDeleteBhal lagil. Gradually premot poratu aru olop describe koribo parileheten...
ReplyDeletesarmistha,
ReplyDeletei am planning a novel on this.
but the fact is that i started this as a small joke in a FB group and is now under pressure to complete the joke there.
so for the time being uploading this as it is.
but hope to redo this very soon !!!!
Arey akow prasnabudhok sinh !!
ReplyDeleteTaar pasot ki hol ?
Dimpy'r kathai prati aag pich kari kari bhagar laga naine ?
Belna mari edal dekha paisu -Pickloo'r hatot :)
@ mrinmoy da,
Deleteকি সাংঘাটিক বস্তু এটা উলিয়াই ল’লো ৷
এতিয়া প্ৰাণৰ সংসয় ৷
কোনোবাই যদি এইবোৰ সঁচা ঘটনা বুলি ভাবে মৰিলো বাপ্পেকে !!!
সঁচা যেন লগা নাইতো নহয়নে?
Besi Val loga hoi goi ase.... pisor khiniloi agrohere roi asu...
ReplyDelete@ Anonymous,
Deletethank you very much.
but if you are commenting without lgging in your name is be shown as Anonymous.
in that case please write down the name along with the comment :)
porhi anondito hoisu dei.
ReplyDeleteAkou pisor khondotuloi opekhya koribo laagibo :(
ReplyDeleteThe above comment was posted by me, ANKITA KAKATI :)
Deletethank you, mainu
Deletedada ultimate de ........ Mur life otu ene kuwa hol heten ;-)
ReplyDeletedimpir nisina moiu jdi ajni palu hoi..birat xukhi holu hoi...
ReplyDeletebaki khini kot ????
ReplyDeleteval lagise.....pisorkhini lage......
ReplyDeleteBaakikhini?? x-(
ReplyDelete-Daisy
ডেইজী,
Deleteতই আকৌ ক’ৰ পৰা আহি ওলালি ?
ভাল লাগিল পঢ়ি । বঢ়িয়া লিখিছে ।পিছে NEW HOSTEL ছবিখন chemistry ডিপাৰ্টমেন্টৰ senior gallery (old) যেন লাগিল ।
ReplyDeleteMinati Devi
Deleteধন্যবাদ ৷
নিউ হোষ্টলেৰ ফটোখন নিউহোষ্টেলৰে ৷
১ নং ব্লকৰ ৫ নং ৰূমৰ ফটো
চুপাৰ্ব দাদা!
ReplyDeleteBohiya lagile pohi..ending 2 alop lagisile
ReplyDeletegreat.
ReplyDeletebohut purana katha manot pelai dile ....
DeleteHappy ending hole val lagibo
ReplyDeleteclimax hindi film style r hobo neki baru
ভাল লাগিল।
ReplyDeleteমজা ।
ReplyDeletedheit bohut mja lagisile pohi ..... last t he khali .....
ReplyDeletejiki nhouk dhuniya likhisa ...
Assamese Calendar
ReplyDelete