Sunday, 16 September 2012

ঠেলা



ঠেলা                                                                 
এবাৰ নবীন আৰু তেওঁৰ পত্নী টোপনিত লালকাল ৷ মাজৰাতি কোনোবাই দুৱাৰত ঢকিয়াবলৈ ধৰিলে ৷ নবীনে দুৱাৰ খুলি দেখে সন্মূখত এজন মদাহী ৷

মদাহী,‘নমস্কাৰ, বেয়া নাপাই যদি মোক অলপ ঠেলা মাৰি দিব নেকি?’

কথা শুনি নবীনৰ টেমা খোল খাই গল ৷

নবীন,‘ঠেলা!!!!!!!! ৰাতি দুটা বজাত?? কেতিয়াও নেঠেলো ৷

সজোৰে দুৱাৰখন বন্ধ কৰি নবীন উভতি আহি বিচনাত উঠিল ৷
শ্ৰীমতী নবীনে সুধিলে,‘ কোন আছিল ?’

নবীন,‘এহ কোনোবা মদাহী হয়, ঠেলা মাৰি দিব লাগে হেনো এই ৰাতিখন ৷

শ্ৰীমতী নবীনে,‘তুমি সহায় কৰিলা নে ?’

নবীন,‘হেৰা এতিয়া ৰাতি ২ বাজিছে আৰু বাহিৰত বৰষুণ দি আছে ৷

নবীনৰ কথা শুনি শ্ৰীমতী নবীন বিচনাত বহি ললে,‘নবু, তোমাৰ স্মৃতিশক্তি কমি আহিছে ৷ মনত নাই এবাৰ বৰুৱাদাদাৰ পাৰ্টীৰ পৰা ঘুৰি আহোতে তুমি আউট হৈ আছিলা আৰু আমাৰ গাড়ী বেয়া হৈছিল ৷ কিন্তু বৰষুণৰ মাজতো সেইৰাতি ৩ বজাত দুজন ভদ্ৰলোকে আমাৰ গাড়ী ঠেলি দিছিল ৷ নবু, তুমি সহায় কৰা উচিত ৷

শ্ৰীমতীৰ কথা শুনি নবীন মাজৰাতি বৰষুণৰ মাজতো ওলাই গ, গামবুটজোৰ পিন্ধি ৷

আন্ধাৰত কাকো নেদেখি নবীনে চিঞৰিলে,‘বোলো আছে নে আপুনি?’

হয় আছো’, উত্তৰ আহিল ৷

আপোনাক ঠেলা মাৰি দিব লাগিব নেকি?’, নবীনে আকৌ সুধিলে ৷

হয় হয় ’, আন্ধাৰফালি এটা সকাহেৰে ভৰা উত্তৰ ভাহি আহিল ৷

আপুনি আছে ক?’, নবীনৰ প্ৰশ্ন ৷
.
.
.
.
.


‘মই আপোনাৰ ঝুলনাখনতে বহি আছো ৷’

No comments:

Post a Comment