Saturday 15 September 2012

শ্ৰীমতীৰ অসুখ



শ্ৰীমতীৰ অসুখ                                                                      
আজি কিছুদিনৰ পৰা শ্ৰীমতীৰ কাহ, পানী লগা জ্বৰ হল ৷ মই কিতাপ পঢ়ি পঢ়ি বনদৰব খুৱাইছো, বৰ্মনৰ তাৰ পৰা আনি হেমিও কৰাইছো, অঞ্জন ডাক্টৰৰ এলোপেথিক খুৱাইছো ৷ পাছে ডিঙিৰ অসুখ ভাল নহয় হে নহয় ৷

তাতে এওঁ এতিয়া লৈছেগৈ এটা অদ্ভুত ৰূপ ৷ গেলেপা গৰমত চুৱেটাৰ, মাফলাৰ, ওৰণি যি পাইছে তাকেই পিন্ধি বিচনাৰ ওপৰত বহি আছে ৷
মোৰ টেমাই কাম নকৰা হৈ আহিছে ৷ হল কি মানুহজনীৰ ?

এদিন আবেলি নীৰজ তালৈ আদ্দা মাৰিবলৈ যোৱাৰ আগতে এওঁৰ বিচনাৰ ওচৰ পালোগৈ ৷ এওঁ বিচনাত বহি আছে বেৰৰ ফালে মুৰ কৰি ৷ মৰমেৰে সুধিলো,‘পিকলু, তোমাৰ ডিঙিৰ কাৰনে কিবা আনিব লাগিব নেকি?’

বেৰৰ ফালে মূখ কৰিয়ে উত্তৰ দিলে,‘সেই যে GS Roadত মানিকচান্দ জুৱেলাৰ্ছ আছে তাতে মই এডাল সোনৰ নেকলেছ পছন্ড কৰি আহিছো ৷ সেই ডালকে লৈ আহিবা ৷
———————————————————————————
Shyam ChoudhuryPolitical Scienceৰ নটছ এটাৰ পৰা পোনপটীয়া আৰু অকনো লুক—ঢাক নোহোৱা নকল
ৰচনা কাল — ২১ আগষ্ট, ২০১২

No comments:

Post a Comment