Monday 17 September 2012

জনকপুৰী, নতুন দিল্লী-৫৮



জনকপুৰী, নতুন দিল্লী-৫৮                                                             
----------------------------
আজিৰ পৰা ১৫/১৬ বছৰ আগৰ কথা ৷

বন্ধু নৃপেন তেতিয়া ভাৰত চৰকাৰৰ এক অভিযান্ত্ৰিক প্ৰতিস্থানৰ দিল্লীস্থ কাৰ্যালয়ত কৰ্মৰত ৷ দাদৰমহা ভালে পায় ৷ সি জনকপুৰীত ঘৰ এটা ভাড়া ললে ৷ সেই সময়ত মই আৰু চন্দন থাকো জনকপুৰীৰ তেনেই ওচৰতে বিকাশপুৰী নামৰ ঠাই এদোখৰত ৷ নৃপেনে ভাড়া ঘৰত সোমাবৰ দিনা আমি দুটাও লগতে আছো ৷ নৃপেনৰ ঘৰৰ মালিক ভাল্লা চাহাবক লগ পালো ৷ মানুহজন অ
কমান শকত,মাৰুটি জেন এখনত কোনোমতেহে সোমাব পাৰে ৷ তেখেতৰ মাত কথাবোৰ অলপ হুটা, থাকে গুৰগাওঁৰ ফালে ৷ তেখেতৰ ফালে চালোহে চালো মই কিন্তু তেওঁৰ ডিঙিটো আৰু ঠুতৰিটো বিচাৰি নাপালো ৷ ভাল্লা চাহাবে নৰিপেন নৰিপেনবুলি নৃপেনক ঘৰতোৰ বিষয়ে কিবা কিবি অলপ কৈ অকমান পাছত গল গৈ ৷

নৃপেন বন্ধুপ্ৰিয় মানুহ, আমাক কলে ভাই এইটো তহঁতৰে ঘৰ, তহঁত ইয়াতে থাকিবি ৷
আমি দুটাই ইটোৱে সিটোৰ ফালে চালো, অৰ্থ এই হোলাটোৱে আমি আজি কিয় আহিছো বুলি ভাবিছে নো?
 
দিন বাগৰিল ৷ আমি বেছিভাগ সময় জনকপুৰীতে কটোৱা হলো ৷
তাতেই এদিন চিনাকি হলো অমৰৰ সৈতে, নৃপেনৰ ভায়েক ৷ সি তেতিয়া কুৰুক্ষেত্ৰৰ ৰিজিয়নেল ইন্জিনিয়াৰীংত পঢ়ি আছে, ফাইনেল ইয়াৰত ৷ চুলিত এগালমান তেল ঘঁহি থয় ৷ দেখিলেই লাগে বিৰাট চোকা ৷ ভালকৈ চাচিনাকি বোৱাৰ পাছত গম পালো এই অমৰটো আচলতে হোলাৰ ভাই মোলাহে ৷ তেতিয়া ইন্টাৰনেটৰ যুগ আৰম্ভ হৈছে, মানুহৰ মেইল আই.ডি. বুলিও চিনাকি থকা হৈছে ৷ কথাই কথাই গম পালো এই মোলাৰো এটা আই.ডি আছে ৷ মোৰ আকৌ তেতিয়া হবি এটা আছিল, মেইল আই.ডি. গোটোৱাৰ ৷ অমৰৰটো খুজিলো ৷ মই খুজিবলৈহে পালো ৷ সি মাটিত শুই থকাৰে পৰা জাপ মাৰি উঠি গৈ আলনাত আৰি থোৱা তাৰ পেন্টৰ পকেটত কিবা এটা খুচৰিলৈ ধৰিলে ৷ এপাকত সৰু কাগজৰ টুকুৰা এটা আনি মোৰ হাতত দি কলে দাদা এইটো ৷
মই চাই দেখো কাগজখনত লিখা আছে amarsupernova121@hotmail নে তেনে জাতীয় কিবা এটা ৷ মই মূৰ তুলি চোৱাৰ লগে লগে সি কলে দাদা পাছৱৰ্ডটো পাছ ফালে লিখা আছে ৷
মই মোক পাছৱৰ্ডটো আকৌ কিয় দিছা?
অমৰ নহলে মেইল কেনেকৈ পঠিয়াব ?

এই হোলাৰ ভাই মোলাটো কিন্তু কুৰুক্ষেত্ৰৰ পৰা ঘনাই আহি থাকে দিল্লীলৈ ৷ এদিন সি কথাই কথাই কলে দাদা (আমি তিনিওটা আছিলো, সি কাক মাত দিছে ধৰিব পৰা নাই) এজনী পাঞ্জাৱী ছোৱালী মোৰ প্ৰেমত পৰিছে ৷ তাইৰ ঘৰ কেৰ বাগত,দেউতাক ডাঙৰ প্ৰপাৰ্টী ডিলাৰ ৷
নৃপেন তই পৰিছ নে তাই পৰিছে ?
অমৰ তাই দাদা তাই ৷
অমৰৰ কথা শুনি বাকী দুটাৰ কি হল নাজানো, মোৰ কিন্তু মাথাই কাম নকৰা হল ৷ মই ইমান চেষ্টা কৰিও এজনী ছোৱালীক মাত এষাৰ মাতিব পৰা নাই আৰু এই মূৰত জবাকুসুম সানি থকা মোলাই পাকৰাও কৰিলে প্ৰপাৰ্টী ডিলাৰৰ জীয়েকক ৷
সি আকৌ মাত লগালে জ্যোতিৰ (প্ৰপাৰ্টী ডিলাৰৰ জীয়েক) দেউতাকে কৈছে মই হেনো পাছ কৰাৰ পাছত চাকৰি নকৰিলোও হব ৷ তেওঁৰ বিজনেছকে চলাব পাৰিম ৷
ইমান দেৰী মনে মনে থকা চন্দনে মাত লগালে অই মোলা জ্যোতিৰ বায়েক আছে নেকি অ ?
অমৰ কুৰুক্ষেত্ৰলৈ ঘুৰি যোৱাৰ পাছত নৃপেনে এদিন কলে পাৰ্টনাৰ, এই অমৰক ঘৰলৈকে ঘুৰাই পঠিয়াও নেকি? যি পঢ়িলে পঢ়িলে ৷ আৰু নালাগে পঢ়িব ৷ ইয়াত সি প্ৰপাৰ্টী ডিলাৰৰ জোঁৱায়েক হোৱাতকৈ ঘৰতে খেতিবাতি চাব ৷
আমি দুটাই প্ৰায় একেলগেই মাত লগালো ধুই, ত পাঞ্জাৱী ছোৱালী পতিব অতাৰ লগত ৷ এনেয়ে মাতে ছাগৈ তাক ভাল কৈ ! তই বাজে চিন্তা কৰি নাথাকিবি দেই ! (পাৰিলে আমিয়ে কিবা এটা চেষ্টা কৰিম তাক ওফৰাই প্ৰপাৰ্টী ডিলাৰৰ জোঁৱায়েক হবলৈ !)

অমৰৰ ফাইনেল পৰীক্ষা হৈ গল ৷ তাৰ পাছত সি নৃপেনৰ তাতে আছেহি ৷ কেইমাহমান ঠিকেঠাকে গল ৷ নবেম্বৰ মানত নৃপেন গুৱাহাটীলৈ যাবলৈ ওলাল, তাৰ নিজৰ বিয়া ঠিক কৰিবলৈ ৷ নৃপেনে ঘৰৰ দ্বায়িত্ব আমাৰ হাতত দিলে ৷ দুদিনতে অমৰৰ টেঙা সহ্য কৰিব নোৱাৰি আমি কাটি খাইবিকাশপুৰীৰ আমাৰ নিজৰঘৰ পালোগৈ , উদ্দেশ্য নৃপেন ঘুৰি নহালৈকে জনকপুৰী নাযাওঁ ৷

দুসপ্তাহ পাছত নৃপেন ঘুৰি আহিব বুলি জানো আমি ৷ নিৰ্দিষ্ট দিনা সন্ধিয়া আমি আকৌ জনকপুৰী পালোগৈ ৷ নৃপেনৰ ঘৰ পাই আমাৰ দুয়োৰে হোশউৰি গল ৷ তাৰ ঘৰত মস্ত ডাঙৰ পেন্ডেল এটা ৷ এগালমান ৰঙানীলা লাইট জ্বলি আছে, কাণ ফাটি যোৱাকৈ তাৰা ৰাৰাজাতীয় গান বাজি আছে ৷ 
এগালমান মানুহ নৃপেনৰ ঘৰৰ পৰা ওলোৱা সোমোৱা কৰি আছে ৷ হল কি? হৈছে কি? আমি অকমান আঁতৰত থিয় হৈ চাই আছো, চিন্তা কৰি আছো ৷ মোৰ মূৰলৈ দুটাই কথা আহিল
১) ভাল্লা চাহাবে নৃপেন নাথাকোতেই ঘৰটো আন কাৰোবাক ভাড়া দি দিলে
২) কেৰল বাগৰ প্ৰপাৰ্টী ডিলাৰে নৃপেন নাথাকোতেই অমৰৰ লগত জ্যোতিৰ বিয়া পাতি দিলে


কথাটোনো কি হল জানিবলৈ বুলি চুচুকচামাককৈ সোমাই গলো সেই পেন্ডেলৰ ভিতৰলৈ ৷ চোতাল পাৰ হৈ ঘৰৰ ভিতৰ সোমালো ৷ নৃপেন বহি আছে প্ৰথম ৰূমটোৰ মজিয়াত, কাষত তাৰ বেগটো ৷ নৱেম্বৰ মাহৰ সেই সন্ধিয়া সি পিন্ধি আছে এটা গেন্জি আৰু ঘামিজামি মানুহটোৰ অবস্থা নাই ৷ আমাক দেখাৰ লগে লগে খেদা মানি আহি চিঞৰিবলৈ ধৰিলে কুকুৰহঁত তহঁতে মোৰ ভাইটোক কি কৰিলি? মোৰ বস্তুবোৰ কি হ?

কোনোমতে তাক বুজালো যে আমি যোৱা কেইবাদিনো আমাৰ বিকাশপুৰীৰ ঘৰতেই আছিলো ৷ চাৰিওফালে চাই দেখো ঘৰটোত ফ্ৰীজটোৰ বাহিৰে তাৰ একো বস্তু নাই ৷ ভিতৰলৈ সোমাই দেখো তাৰ অকমানি পাগঘৰটোত আলু, পিয়াজ, আটা আদিৰ বস্তা দম বান্ধি আছে, লগতে তেলৰ টিন, বিভিন্ন মছলাৰ পেকেট আদি ৷ তাৰ শোৱা ৰূমটোত দুটা গেছৰ চুলাত ইউ.পি.ৱালা মহাৰাজ দুজনে কিবা ৰান্ধি আছে ৷ পাছফালৰ বাৰান্ডাখনতো আৰু এককোব আগবঢ়া ৷ তাত বাপ্পেকে দুটা চৌকাকে বনাই থোৱা আছে !

নৃপেনৰ ওচৰ পাই সুধিলো এইবোৰ কি হৈছে ? অমৰ ক? তোৰ বস্তুবোৰ ক??

সুধিবলৈ হে পালো কথাষাৰ ৷ নৃপেনে হুকহুকাই কান্দিবলৈ ধৰিলে ৷ কান্দি কান্দিয়ে কলে মই একো নাজানো ৷ আধা ঘন্টা আগেয়ে আহি পাইছো ৷ মই বৰবাদহৈ লো ৷

মই সেই গঁড়কিটাক (ৰন্ধা বঢ়া কৰি থকা কিটাৰ ফালে দেখুৱাই) একো সোধা নাই নেকি ?

নৃপেন তহঁতেই সোধচোন!

চন্দন অহক্যা হো ৰাহা হ্যায় ইয়ে সব?

এটা গঁড় অ জী, আলু গবি বণ ৰাহা হ্যায় ৷ আপলোগোনে নাস্তা কিয়া কি নেহি?

চন্দন আৰে ভাই, খানা কিছ লিয়ে বণ ৰাহা হ্যায়?

গঁড় হঃ হাঃ হাঃ হঃ, লড়কেৱালে হামেসা মজাক কৰতে হ্যায় ৷ হঃ হঃ হঃ ৷

লড়কেৱালে!!
কথা শুনি মই কণফাৰ্ম হলো কেৰল বাগৰ প্ৰপাৰ্টী ডিলাৰে নৃপেন নাথাকোতেই অমৰৰ লগত জ্যোতিৰ বিয়া পাতি দিলে ৷

নৃপেনে হঠাতে সুধিলে অই কোনোবাই অমৰক কিডনেপ কৰি ভাল্লা চাহাবৰ ঘৰটোত কব্জা কৰি ললে নেকি?

চন্দন ফাল্টু কথা কৈ নাথাকিবি অ! কব্জাই যদি কৰিছিল বিয়াখন আকৌ কিহৰ?

এনেতে লৰা এটা সোমাই আহি আমাৰ হাতত পেকেট এটা দি কলে আপলোগোকে লিয়ে চাহাব নে ভেজা হ্যায় ৷
কিহৰ পেকেট কোন চাহাব একো ধৰিব নোৱাৰি ভয়ে ভয়ে পেকেটতো খুলি দেখো ভিতৰত আছে এটা জনী ৱাকাৰৰ বটল ৷ বটল দেখিয়ে নৃপেনে জাপ মাৰি গৈ গিলাছ তিনিটা আনিলে আৰু পেগ তিনিটা বনালে ৷
নৃপেন ৰহ মাৰি লওঁ দুটামান তাৰ পাছত চিন্তা কৰিম ৷
দুটামান পেগ মাৰিয়ে নৃপেন আকৌ জাপ মাৰি উঠিল আৰু আমাক কলে উঠ ! অমৰ সুৰী চাহাবৰ ঘৰত আছে ৷ বল তাক দুই চৰ মাৰিবি গৈ ৷

চন্দন জ্যোতিৰ বাপেকৰ নামতো সুৰী নাছিল !

নৃপেন সুৰী মোৰ Neighbour , সৌটো ঘৰ ৷

মই তই কেনেকৈ গম পালি অমৰ তাত আছে বুলি ?

নৃপেন লচোন তহঁত ৷ এইযে বটলতো দি গল সেই লৰাটোৰ চাহাবেই হৈছে সুৰী ৷ মোক আজি তহঁতি নাৰাখাবি ৷ মই হয় সুৰী নহয়, অমৰ কোনোবা এটাক মাৰি পেলাম ৷

তিনিওটা গৈ পালোগৈ সুৰী চাহাবৰ ঘৰ ৷
আমাক দেখিয়ে মানুহ এজন ওলাই আহি চিঞৰিবলৈ ধৰিলে বাধায় হবাধায় ! অজী আপলোগলড়কেৱালে হ’ !!

নৃপেন এয়ে সব ক্যা হ্যায় সুৰী চাহাব?

তাৰমানে নৃপেনে যে আজি ইপুৰীলৈ পাৰ কৰাৰ কথা আছিল সেই সুৰী চাহাব এইজনেই !

সুৰী চাহাব সব আপ কি মেহেৰৱানী জী ! আপকে লিয়ে ড্ৰেস ভি মাঙ্গোৱাকে ৰাখে হ্যায় জী ৷ ভেজৱা দেতা হুন ৷

নৃপেন মেৰা ভায় কাহা হ্যায়?

সুৰী চাহাব জী অমৰ বেটে থড়া জসন মানা ৰাহা হ্যায় ৷

সুৰী চাহাবে তাৰ পাছত নৃপেনক তেওঁৰ ঘৰৰ ভিতৰলৈ লৈ গল ৷ আমি দুটাই কিহৰ জসনবুজিব নোৱাৰি বাহিৰতে ৰৈ থকিলো ৷

অলপ পৰ পাছত নৃপেন ওলাই আহিল আৰু আমি তিনিটা অহা বাটেৰেই উভতি আহিলো ৷
কোনেও মুখেৰে একো মাতবোল কৰা নাই ৷

শেষত নৃপেনে কলে আমি এতিয়া বাৰাতীৰ লগত যাব লাগিব , তহঁত দুটায়ো ড্ৰেস কৰি আহ গৈ যা ৷ কাহিনী মই কইনা ঘৰত বুজাই কম ৷

চন্দন হেৰি নৃপেন চাহাব, আমি ড্ৰেস কৰিয়ে আছো ৷ প্ৰথমে জনী ৱাকাৰটো শেষ কৰি লওঁ ৷ আপুনি মন কৰিলে তেতিয়াই আমাক কৈ দিব কাৰ বাৰাতী কলৈ যাব ৷

নৃপেনৰ ঘৰত আমি চাৰিটা মই, চন্দন, নৃপেন আৰু জনী ৱাকাৰৰ বটলটো মাটিতে বহি ললো ৷

দুই নম্বৰ পেগটো ঢালিলৈ নৃপেনে বাখ্য আৰম্ভ কৰিলে মই ঘৰলৈ যোৱাৰ দুদিনমান আগয়ে সুৰী চাহাবৰ লগত অমৰক চিনাকি কৰি দিছিলো ৷ মই অলপ ফুটনি মাৰি কলো যে সুৰী চাহাব মোৰ বন্ধু ! চাল্লা সুৰী কুকুৰৰ পোৱালীয়ে মই নাথাকোতে এই অমৰক পতায় ঘৰটো কব্জা মাৰি দিলে ! মোৰ বেডৰূমত খানা বনাইছে ৷
আজি তাৰ পুতেকৰ বিয়া !!! কুক্কুৰৰ পুতেককককক!!!!!!!!!!!!!!!!!!!
———————————————————————————————
নৃপেনে কাক কুকুৰ পুতেক বুলি কলে নাজানো ৷ সি তাতেই টোপনি গল ৷ ৰাতি ১২ বজাত আমি মিন্টো ব্ৰীজৰ ওচৰত থকা IAS কলোনীত খুব ভাংৰা নাচিলো ৷
ৰচনা কাল — ৩১/০৮/২০১২

2 comments:

  1. Replies
    1. ধন্যবাদ dippy
      মই পাছে এতিয়াও ধৰিব পৰা নাই dippy কোন নো !!

      Delete