Sunday 16 September 2012

এটা সৰু প্ৰেম কাহিনী

বহুত দিনৰ পত্ৰবন্ধুত্ব অন্তত প্ৰেমিকাক মানে এওঁক  প্ৰথমবাৰৰ বাবে লগ কৰিবলৈ গলো ৷

নেহেৰু পাৰ্কত বহি আছো ৷ 
ভাবি আছো,‘I Love You
 বুলি কওঁ নে মোৰ তোমাক ভাল লাগিছে বুলি কওঁ নে কি কওঁ?’
ৰুমালখন মোহাৰি মোহাৰি এওঁ সুধিলে, ‘‘
এই প্ৰেম আচলতে কি নো ?’’
মই ভাবিলো এয়ে সুযোগ ৷ বুজায়ো দিওঁ প্ৰেম কি আৰু আমাৰ প্ৰেম যে গৈ গল তাকো বুজাই দিম ৷ এক গুলী,
 দুই চিকাৰ ৷
মই লগ হেকাৰী এটা মাৰি ক’লো, ‘‘চিমেন্ট আৰু বালিৰ লগত পানীৰ যি সম্বন্ধ থাকে, প্ৰেম আচলতে দুজন ব্যক্তিৰ মাজৰ তেনে এটা সম্বন্ধ ৷ বুজি পাইছা নে?’’
এওঁ মাথো মূৰতো জোকাৰিলে , মানে নাই পোৱা ৷




মই আৰম্ভ কৰিলো,  ‘‘ধৰি লোৱা, 
ৰা জন হৈছে চিমেন্ট,
 ছোৱালীজনী হৈছে বালি  যদি তেনে হয় তেনেহলে প্ৰেম হব পানী ৷
এনেয়ে চিমেন্ট আৰু বালি মিলাই দিলে একো লাভ নাই,
 কিন্তু চিমেন্ট আৰু বালিৰ লগত যদি পানী মিলাই দিয়া যায় তেনে হলে সেই চিমেন্ট আৰু বালিক কোনেওঁ ইতোৰ পৰা সিতোক আতৰ কৰিব নোৱাৰে ৷ তেনেকৈয়ে অকল যদি লৰা আৰু ছোৱালী এজনী যদি .....
.
.
.
.
.
.
.
.
মই প্ৰেমৰ বাখ্যা শেষ কৰাৰ আগতেই মোৰ কথা আধাতে ৰখাই এওঁ হাঁহি এটা মাৰি সুধিলে
  তোমাৰ ব্ৰাঞ্চ চিভিল নেকি?
————————————
ধীৰা বৰাৰ
 Post এটাৰ গাত ভেজা দি
ৰচনাৰ তাৰিখ : ২৫/০৮/২০১২

1 comment: