Sunday, 16 September 2012

সছাকৈয়ে পাহৰিব নোৱাৰা এটা বেয়া দিন



সছাকৈয়ে পাহৰিব নোৱাৰা এটা বেয়া দিন                               
----------------------------------------------------


বাৰ এখনত এজন মানুহ বহি আছে কাৰো লগত মাতবোল নকৰাকৈ, সন্মুখত আছে তেওঁৰ সুৰাৰ পিয়লা ৷ তেওঁ তেনে দৰেই প্ৰায় আধা ঘন্টা বহি থাকিল ৷

বাৰখনলৈ আহিল দেখাত এজন পালোৱানৰ দৰে লোক ৷ তেওঁ আহি সেই আমনজিমনকৈ বহি থকা লোকজনৰ ওচৰতে বহিলে গৈ ৷ কোনো ধৰনৰ কথাৰ অবতাৰণা নকৰাকৈ পালোৱানজনে আমনজিমনকৈ থকা মানুহজনৰ পিয়লাৰ সুৰাখিনি পান কৰিলে ৷
ঘটনাত আচম্বিত হোৱা আমনজিমনকৈ থকা মানুহজনে এইবাৰ পালোৱানজনক আচৰিত কৰি ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে ৷


মোৰ দুখ কি বুজিবা ?



পালোৱানজনে আমনজিমনকৈ থকা মানুহজনক সাবট মাৰি ধৰি কলে,‘হেৰি নাকাল্দিবচোন ৷ মই ধেমালিহে কৰিছিলো ৷ আপুনি কি খাই খাওঁক, বিলৰ পইছা মই দিম ৷ প্লিজ কন্দা কটা নকৰিব, বেয়া দেখি ৷

আমনজিমনকৈ থকা মানুহজন,‘আচলতে আজিৰ দিনতো মোৰ জীবনৰ সবাতোকৈ বেয়া দিন ৷ মই আজি ৰাতিপূৱা সাৰ নাপালো ৷ অফিছ পাওঁতে দেৰি হল ৷ মোৰ ওপৰৱালাজনে সেই কথাতোৰ কাৰনেই মোক কামৰ পৰা বিদায় দিলে ৷ মই অফিছৰ পৰা ওলাই আহি দেখিলো মোৰ মৰমৰ গাড়ীখন পাৰ্কিং প্লেছত নাই ৷ খাখবৰ কৰি গম পালো সেইখন চুৰি হল ৷ মই টেক্সি এখনত উঠি ঘৰ পালোহি ৷ টেক্সিখনে মোক নমাই গুছি যোৱাৰ পাছত গম পালো মোৰ অফিছলৈ নিয়া বেগতো সেইখনতে গুছি গল ৷ তাতে মোৰ পইছাৰ বেগটোও আছিল ৷ মই হাজাৰ চেষ্টা কৰিও টেক্সিখনৰ নম্বৰটো মনত পেলাব নোৱাৰিলো ৷ ঘৰ গৈ পোৱাৰ পাছত শ্ৰীমতীয়ে কলে তেওঁ হোনো মোৰ লগত আৰু সংসাৰ নকৰে ৷
ইমান খিনি হোৱাৰ পাছত মই এই বাৰখনলৈ আহি চিন্তা কৰি আছিলো মোৰ আৰু জীয়াই থাকিবৰ অকনো মন নাই ৷ মই এই জীৱন মায়ামোহ এৰিবলৈ থিৰাং কৰোতেই আপুনি আহিল আৰু মোৰ বিহ মিহলি কৰি থোৱা সুৰাকণো পান কৰি দিলে ৷ এতিয়া কওঁক মোৰ কাৰনে আজিৰ দিনতো বেয়া আছিল নে নাই? আপুনি নিজেই এবাৰ কথাতো চিন্তা কৰি চাওঁক ৷

——————————————————————————————————————————

সতীশ জনচনৰ পোষ্ট এটাৰ অনুবাদ
ৰচনা কাল — ২৫ আগষ্ট/২০১২

No comments:

Post a Comment