Saturday 22 September 2012

উৰ্বশী পাইপছ এন টিউবছ



লেখকৰ টোকা :
ইয়াত উল্লেখিত কাহিনী হয় কোনো সচা ঘটনাৰ কাল্পনিক ৰুপান্তৰ নতুবা কোনো কাল্পনিক ঘটনাৰ সচা ৰুপান্তৰ
আৰু এটা কথা, কাহিনীকৈ যাওঁতে ভাষাৰ ওপৰত অকনো গুৰুত্ব দিয়া হোৱা নাই পাঠকপাঠিকাক সন্পূৰ্ন সুযোগ দিয়া হৈছে স্বইচ্ছাৰে কল্পনা কৰিবলৈ

পানবজাৰত মোৰ ষাড়গৰুটোৱে কি কৰিলে সেয়া আপোনালোকেতো জানেই লোনে নাই বাৰু কথাটো ?
যি নহওঁক বাৰু তাৰ পাছত …….

উৰ্বশী পাইপছ এন টিউবছত প্ৰেমিকা

পানবজাৰৰ ফুটপাথৰ সেই দুৰ্ঘটনাৰ পাছত  মই অলপ বেলেগ ধৰনে আচৰন কৰিবলৈ লো
ৰাতি সপোনত গান গাই থাকোবগলী বগা ফোঁট দি যা
অকলে থাকিলে গুনগুনাই থাকো, ‘বগাকৈ বগলী বহলাই বহিছে...
বন্ধু মহল চিন্তাত পৰিল , ‘ইয়াৰ আকৌ কি?’

এদিন আবেলি কেইবাজনো বন্ধুৱে  পানবজাৰত Feeds- ওচৰত থকা খাদীভান্ডাৰৰ সন্মুখৰ চিৰি কেইটাতত বহিAC DC জেনেৰেটৰ বিষয়ে আলোচনা কৰি আছো
মই ওচৰতে আমনজিমন কৈ বহি আছো হঠাৎ আহি ওলালহি মোৰ দুজন পৰম বান্ধবএজনদিল চোৰ (D.C)’ বলীউডৰ হিৰ, আনজন জেমছ, My Name is JMS, JMS Bond 000, হলীউডৰ হিৰ
মোৰ অবস্থা দেখি সহিব নোৱাৰিলে
মোক হাতত ধৰি লৈ অলপ আতৰলৈ আৰু সুধিলে , ‘বন্ধু তোমাৰ কি হৈছে?’
ইমান দুখৰ দিনৰ মাজত মৰমৰ মাত শুনি মোৰ চকুপানী ওলাই মোৰ চকুপানী দেখি মোৰ দুজন পৰম বান্ধবৰো চকুপানী ওলাই
সুধিলে,‘প্ৰেম প্ৰেম জখলাৰ পৰা হামখুৰি খাই পৰি তোমাৰ এই অবস্থা নেকি?’
মই লাহেকৈ মু দুপিয়ালো
হৈ , ইমানখিনিইচাৰাইকাফী !
দুই পৰম বান্ধবে ফুছফুছ ফাছফাছ কিবা কথা পাতিলে তাৰ পাছত মোক লে,‘লা   
মই আচৰিত হৈ সুধিলো, ‘কলৈ ?’

দুই পৰম বান্ধব,‘উৰ্বশী পাইপছ এন টিউবছলৈ

মোৰ অকৌ আচৰিত হোৱাৰ পাল,‘উৰ্বশী পাইপছ এন টিউবছ??? তালৈ গৈ কি কৰিম মই???’

হলীউডৰ হীৰো,‘তাত এজনী ধুনীয়া receptionist আছে তাইৰ লগত তোমাৰ প্ৰেম চেট কৰি দিম

কথা শুনি মই ফায়াৰ,‘তোমালোকক মই মোৰ বন্ধু বুলি ভাবিছিলো তোমালোকে কিন্তু জ্বলা জুইত ঘিউ ঢালিব আহিছা আজিৰ পৰা তোমালোকক friendship day- উইছ নকৰো মই

আৰম্ভ হৈ বুজনি   শেষত উপায় নাপাই ওলালো আৰু উৰ্বশী পাইপছ এন টিউবছ থকা প্ৰেমিকাক চাই আহোগৈ বুলি মই কিন্তু কথাটো clear কৰি দিলো,‘অকল চাবলৈ হে গৈছো দেই, মই কিন্তু প্ৰেম নকৰো
দুই পৰম বান্ধবৰ চকুৰ চাৱনিয়ে লে,‘ লাচোন তুমি!’

তিনি বন্ধু আগবাঢ়িলো উৰ্বশী পাইপছ এন টিউবছ অফিছ ফালে যিমানেই অফিছৰ ওচৰ চাপিছো সিমানেই মোৰ  tension বাঢ়িছে তেতিয়া সময় সন্ধিয়া ৬মান বাজিছিল মই বেকগীয়েৰ লগাবলৈ চেষ্টা এটা কৰি লো,‘ইমান ৰাতিখন লে কথাটো অলপ বেয়া নেকি? Impression বুলিতো কথা এটা আছে

দুই পৰম বান্ধব জেকজেকাই উঠিল,‘ সেইটো আমাৰ responsibility তুমি মাথো আহি থাকা
উপায় নাপাই দুই পৰম বান্ধবৰ হাতত ধৰি গৈ আছো উৰ্বশী পাইপছ এন টিউবছ অফিছলৈ বুলি দৃশ্যটো এনেকুৱা আছিল যেন মাকবাপেকে ৰা এটা LP School নাম ভৰ্তি কৰি দিবলৈ লৈ গৈ আছে

পালোগৈ তিনিও উৰ্বশী পাইপছ এন টিউবছ অফিছ  Ground floor অন্ধকাৰ কোনো নাই পালো গৈ  first floor তাতো একেই অবস্থা মোৰ টেনসনত ডিঙি শুকাই গৈছে D.C. ফায়াৰ জেমছ বন্ডৰ ওপৰত দিলে ভালকৈ ঢকা দুটামান বন্ডক,‘ কুট্টা, ভালকৈ খবৰ এটা দিব নোৱাৰ?’ বন্ডৰ নিৰ্বিকাৰ উত্তৰ,‘মই sure আছে তাই কৰবাত, বিচাৰো ভালকৈ ওলাব কৰবাত
মনতে ভবিলো,‘কি কৈছে এই দুটাই! প্ৰেমিকা বিচাৰিছো নে হেৰুৱা মোজা?’
চাঞ্চ এটা পাই লো,‘ নহলে বাদ দিওঁ দিয়া আজি
D.C. ,‘বলা ওপৰৰ ফ্লৰত চাই আহোগৈ
তেনেতে শব্দ এটা শুনা ,‘ঠাক, ঠাক, ঠুক,ঠুক, কেৰেক৷

টাইপিংৰ শব্দ জেমছ বন্ডৰ মূখত বিশ্ববিজয়ৰ হাঁহি যেন KGB— গোপন দলিলহে হাতত পৰিল চকুৰে দিলে এটা ইংগিত মই দীঘল কৈ উশাহ এটা লো আৰু মনতে ইস্তদেবতাক সুৱৰি লো,‘ বচাবা আৰু আজি প্ৰেমিকাৰ পৰা

হাতত সাৰে ভৰিত সাৰে তিনিও পালোগৈ ওপৰৰ মহলা প্ৰথমে সোমালে জেমছ বন্ড, তাৰৰ পাছত D.C. আৰু একেবাৰে শেষত মই কিন্তু কথা কি? অফিছ ইয়াতো খালী দেখোন?? কোনো নাই এটা দীঘল কৰিডোৰ
তাৰ পাছত এল (L) টাইপ এটা ভাজ আকৌ ওলাল শব্দটো,‘ঠাক, ঠাক, ঠুক,ঠুক, কেৰেক

বন্ডে চকুৰে আকৌ এটা ইংগিত দিলে,‘  L টাইপ এটা ভাজৰ সিটো মূৰেই আছে তোমাৰ প্ৰেমিকা!’

মই ইংগিতে বুজালো,‘প্ৰেমিকাৰ প্ৰথম দৰ্শন মইহে কৰিম

মনতে ভাবিলো শুনাই দিম আজি  প্ৰেম কটনত শুনা সত্যেন গগৈদাৰ কবিতা ———
হৰিণা হেৰুৱা বনত
প্ৰেমিকাৰ প্ৰথম দৰ্শন
প্ৰেমৰ অনন্য প্ৰতীতি !!!!

বুকুত হাজাৰ সপোনলৈ আৰু চকুত লাজ লাজ চাওঁনিৰে মই আগুৱাই লো L— টাইপ  ভাজটোৰ
ফালে

লাহেকৈ ভুমুকি মাৰি দেখিলো ...................
এখন ভগা চকিত বহি ঠাক, ঠাক, ঠুক,ঠুক, কেৰেককৈ টাইপ কৰি আছে এজন তপামূৰীয়া খুৰাদেৱে

5 comments: