Saturday 15 September 2012

মোৰ মৃত্যুত তোমাৰ শোক প্ৰস্তাব

বাহিৰত তেতিয়া নব, আদিত্য, পেগু, পল্লব, টেমছু সকলোৰে ওপৰতে চলিছে ৰেগিং ৷  আনে কি ভাবে নৃপেনে নাজানে ৷ তাৰ মতে  কিন্তু বাহিৰত চলিছে অকথ্য ৰেগিং  তিমুং দাই মাতিছে বুলি যেতিয়া খবৰ পালে তেতিয়া অকনো পলম নকৰি নৃপেন একে দৌৰে তিমুং দাদাৰ ৰূম পালেগৈ ৷

তিমুং দাৰ ৰূমত সোমায়ে নৃপেনে চাৰিওফালে চকু ফুৰাই ললে ৷ টেবুলৰ ওপৰত পৰি আছে আধা মেলা, আধা খোলা কেইখন মান বহী ৷ তিমুংদা পৰি আছে বিচনাত, হাতত এটা আধা জ্বলা চাৰমিনাৰ চিগাৰেট ৷ চকু দুটালৈ চাই নৃপেনে বুজি নাপালে তিমুংদা সাৰে আছে নে শুই আছে ! অলপপৰ কি কৰিম নকৰিম কৈ ৰৈ থাকিল ৷ নৃপেনৰ মতে ১০ মিনিট মানো যদি এনেদৰে পাৰ কৰিব পাৰি অন্ততঃ অলপ সকাহ পাব সি ! 

কিছুসময়ৰ পাছত তিমুংদাই অৰ্ধ জাগ্ৰত,
 অৰ্ধ নিদ্ৰাৰত মুদ্ৰাতে নৃপেনক এটা ইংগিত দিলে ৷  ইংগিত মতেই নৃপেনে  চকিখন টান মাৰি লৈ বহি ল’লে ৷ প্ৰথম দুই এটা সাধাৰণ প্ৰশ্ন, ‘‘ঘৰ ক, কোন কোন আছে, নম্বৰ কিমান পাইছিল, হবি কি ইত্যাদি ইত্যাদি ৷’’  সময় বাগৰাৰ লগে লগে নৃপেনৰো সন্দেহ হবলৈ আৰম্ভ ল ৷ এই তিমুংদাৰ উদ্দেশ্য কি ?
হঠাতে তিমুংদাই কলে, ‘‘নৃপেন সেই বহীখন খোলচোন ৷’’
নৃপেনে বহীখন হাতত তুলি ললে ৷
তিমুংদা, ‘‘২৭ নং পৃষ্ঠালৈ যা আৰু পঢ়ি থাক ৷’’


২৭ নং পৃষ্ঠা খুলি লৈ নৃপেনে পঢ়িবলৈ ধৰিলে
‘‘সুভ্ৰ কলা
খৰিকাজাইৰ মালা
তোমাৰ শুকুলা চাদৰ
নে আইৰ আদৰ ৷

মোৰ মৃত্যু হ
আৰু আজি মোক হত্যা কৰা হ
মই যেন আন কোনো নহয়
মই যেন হুনুলুলুৰ 
এক দুঠেঙিয়া বল্গা হৰিণ

যেন এক
অন্তহীন আবৰণ !

মোৰ মৃত্যুত তোমাৰ শোক প্ৰস্তাব
মোৰ মৃত্যুৰ আন এক নাম ৷’’

পঢ়ি শেষ হলত নৃপেনে মূৰ তুলি তিমুংদাৰ ফালে চালে ৷
 
নৃপেনৰ চকুৱে নোকোৱা ভাষাৰ অৰ্থ, ‘‘ইয়াৰ পাছত দাদা আৰু এটা কবিতাও যদি পঢ়িবলৈ দিয়ে মই বাহিৰলৈ গৈ ‘অকথ্য ৰেগিং খোৱায়ে ভাল হব ৷’’

তিমুংদাই নৃপেনক সুধিলে, ‘‘কেনে পালি?’’
নৃপেনে টপককৈ মাত দিলে,‘দাদা বৰ ভাল হৈছে ৷ জীবনত প্ৰথমবাৰৰ বাবে পঢ়িলো এনে এটা কবিতা ৷ দাদা এইটো এটা abstract কবিতা ৷’’
তিমুংদাই চকু মুদি মুদিয়ে সুধিলে, ‘‘তই তাৰমানে কবিতাটোৰ অৰ্থ বুজি পাইছ?’’
নৃপেন, ‘‘দাদা এই কবিতাৰ যোগেদি আপুনি আপোনাৰ মানসিক অন্তৰ্দন্ড প্ৰকাশ কৰিছে ৷’’
অ অ অ!!! হয় হয় হয়!!!!’, তিমুংদাই শুই থকা অৱস্থাতে চিঞৰিবলৈ ধৰিলে ৷


নৃপেনৰ ভাব হল তিমুংদাই তেওঁ নিজে লিখা কবিতাৰ অৰ্থ আজিহে বুজি পালে ৷ যিমান পাৰে সিমান সৰল ভাষাত সিমান সৰল ভাষাত নৃপেনে তিমুংদাৰ কবিতাৰ অৰ্থ তিমুংদাকে বুজাবলৈ ধৰিলে ৷ বাখ্যা যিমান আগবাঢ়িল তিমুংদাৰ মুখৰ হাঁহি সিমানে বাঢ়ি গ

বাখ্যা গৈ যেতিয়া  মোৰ মৃত্যুত তোমাৰ শোক প্ৰস্তাব মোৰ মৃত্যুৰ আন এক নাম পালেগৈ তেতিয়া নৃপেনে মনতে শপত খালে যে সি লাগিলে কাইলৈৰ পৰা ‘অকথ্য ৰেগিংকে খাব কিন্তু এক লাইনো abstract কবিতা নপঢ়ে ৷

————————————————
ৰচনাৰ তাৰিখ ১১/০৮/২০১২

No comments:

Post a Comment