Sunday, 16 September 2012

এখন নেদেখা নদীৰ সিপাৰে

বহু অপেক্ষাৰ অন্তত যোৱাকালি চাবলৈ গ’লো,
মোৰ বাল্যকালৰ বন্ধু বিদ্যুৎ কটকীৰ নিৰ্দেশিত অসমীয়া ছিনেমা
‘এখন নেদেখা নদীৰ সিপাৰে ’ ৷

আমি কেইবাজনো বন্ধু এক লগ হৈ ছাবলৈ গৈছিলো ৷ লগত আছিল সপৰিয়ালে বিদ্যুৎ আৰু ছিনেমাখনৰ সম্পাদক পাৰমাৰজী ৷

মন্ত্ৰমুগ্ধহৈ চালো ৷
মোৰ দৰে এজন সাধাৰন দৰ্শকৰ চকুত ছিনেমাখনৰ
বিষয়বস্তু,
কাহিনী,

চিত্ৰনাট্য,
অভিনয়,
সংগীত,
কেমেৰাৰ কাম — সুন্দৰ হৈছে ৷
অসমৰ পটভুমিত নিৰ্মিত ইমান ধুনীয়া ছিনেমা মই প্ৰথম বাৰৰ বাবে চালো ৷

ছবি চাই বাহিৰলৈ ওলাই আহি সকলো একলগ হ’লো ৷
সকলোৰে মুখত এটাই কথা খুব ভাল লাগিল ৷
কৈ গ’ল, কাৰ কি ভাল লাগিল, কোনে কেনে পালে ৷
মই মোৰ বাল্যকালৰ বন্ধুক ক’লো — এটা ডাঙৰ আপত্তি থাকিল কিন্তু ৷
বন্ধুৱে ক’লে — জানিছিলো, কিন্তু বিভিন্ন কাৰনত সেই ত্ৰুটি সুধৰাব পৰা নগল ৷

বোলছবিখনত নায়িকা সুদক্ষীণা আৰু তেওঁৰ ককায়েক জ্যোতিৰাজ আৰু দুজনমান অভিনেতাৰ অসমীয়াত থকা ডায়ল’গখিনিত আসোৱাহ থাকি গ’ল ৷

ঘৰলৈ ঘুৰি আহোতে এওঁ ক’লে,‘আকৌ এবাৰ চাম ৷’
ময়ো মনতে ভাবিছো,‘কাইলৈ আকৌ এবাৰ যাম চাবলৈ ৷’

2 comments:

  1. আপোনাৰ অনুভৱ আৰু সমালোচনা (?) পঢ়ি ভাবিছো চিনেমাখন সোনকালেই চাব লাগিব।

    ReplyDelete
  2. আশাকৰিছো সোনকালেই চাবলৈ পাব ৷
    ধন্যবাদ

    ReplyDelete