Monday, 17 September 2012

চাটৌপ চাটৌপ



চাটৌপ চাটৌপ                                                                                                                              
-------------------

শ্ৰীবৰাৰ ঘৰত এজন ভাৰাতীয়া আছিল, নবীন  ৷ ডেকা লৰা, বৰ অমায়িক ৷ ওচৰৰে অফিছ এটাত ভাল চাকৰি কৰে ৷  শ্ৰী বৰাক খুৰাদেউ বুলি মাতে, শ্ৰীমতী বৰাক খুৰী বুলি মাতে ৷ দৰকাৰ পৰিলে বজাৰ সমাৰো কৰি দিয়ে ৷ ইলেক্ট্ৰিচিটিৰ বিল, টেলিফোনৰ বিল আদি সদায় নবীনেই দিয়ে ৷ ৰাতিপূৱা বৰাৰ ফুলনিখনত পানী দিয়া কামটো নবীনই কৰে ৷ শ্ৰী বৰা আৰু শ্ৰীমতী বৰাই তাক বৰ মৰম কৰে ৷ দিনৰ ভাগত নবীন ঘৰত থাকিলে তেওঁলোকৰ ঘৰতে ভাত খুৱাই তাক ৷

কিন্তু নবীনৰ এটা বদঅভ্যাস আছিল ৷ ৰাতি হ’লেই.......... অলপ ধৰি আহে ৷ আহে বাৰু আহে, নিজৰ পইচা, নিজৰ ইচ্ছা ৷  সেই কথাত বৰা দম্পতিৰ সিমান আপত্তি নাথাকিল হয়, কিন্ত বৰ হৈ—হাল্লা কৰে ৷ বেয়া বেয়া মাত মাতে, যিতি লাগ—বান্ধ নোহোৱা কথা কয়, যাকে পায় তাকে গালি পাৰে ৷ সেইবোৰ কথাও তেওঁলোকে সহ্য কৰিব পাৰে ৷ বৰ অশান্তি পায় যেতিয়া নবীনে ঘৰটোৰ কৰিডোৰত ঠিয় হৈ চাটৌপ্ চাটৌপ কৈ দুমাৰ মাৰে ৷ অবশ্যে সেই মাৰ দুটা মৰাৰ পাছত আৰু সি ৰূমত সোমাই গৈ ৷ তাৰ পাছত সি মনে মনে শুই থাকে ৷ বৰা দম্পতি সদায়ে এই চাটৌপ্ চাটৌপ দুটাৰ পাছত হে শুৱে ৷
সদায় শ্ৰীবৰাই ভাবে নবীনক ধমকি দিব, ঘৰৰ পৰা উলিয়াই দিব ৷ কিন্তু নহয়গৈ কথাটো ৷ কেতিয়াবা পৰিবাৰে বাধা দিয়ে নাইবা সদায় ৰাতিপূৱা নবীনে ইমান ভালকৈ মাতবোল কৰে যে বৰা মন নাযায় আৰু সেই অসুবিধাজনক কথাবোৰ উলিয়াবলৈ ৷

এনিশাৰ কথা ৷ সেই নিশা নবীনৰ ছাগৈ অলপ বেছিকৈ লাগিল ৷ সি উভতি আহি ঘৰ সোমাওঁতে জপনাৰ ওচৰতে থকা খালটোত জপংকৈ পৰিল ৷ খালটোত পৰি থকা অবস্থাৰে পৰা আৰম্ভ হ’ল গালি—গালাজ ৷
‘অই বৰা, কুকুৰ পিতেক ! ক’ত লুকাই আছ ওলাই আহ্ ! কাৰ কাৰনে খাল খান্দি থৈছিলি ? শহুৰক মাৰিব নোৱাৰি মোক মাৰিব ওলাইছ ?  ছাল্লা ঘোছখোৰ ! আজি তোক সুদাই নেৰো ৷.......’
আৰু ইয়াত ক’ব নোৱাৰা বহুত কথা বকি থাকিল ৷ এটা সময়ত কৰিডোৰত ঠিয় হৈ চাটৌপ্ চাটৌপ কৈ দুমাৰ মাৰিলে আৰু সি শুই থাকিলে ৷

ইফালে শ্ৰীবৰা খঙত ৰ’ব নোৱাৰা হ’ল ৷
শ্ৰীবৰা — হেৰা দিওঁ নেকি দুপাটমান ?????
শ্ৰীমতী বৰা — ৰবাহে !!! কিবা হৈছে তাৰ?????? আৰু সি কি কৈছে এইবোৰ??? তুমি মোৰ দেউতাক মাৰিবলৈ এই খালটো খান্দিছিলা????????
শ্ৰীবৰা — হে প্ৰভু!! ক’তে মৰো মই ? এই ৰাতিখন তুমি সেই মাতালটোৰ কথা শুনিছা?
শ্ৰীমতী বৰা — কোৱা তুমি সেই খালটো কিয় খান্দিছিলা?
শ্ৰীবৰা — আৰে, খালটো বৰষুণৰ পানী যাবলৈ খান্দিছিলো ! আৰু কিয় খান্দিম ???
শ্ৰীমতী বৰা — নাই বেলেগ কিবা কথা আছে, নহ’লে সি তেনেকৈ কিয় ক’ব ??
শ্ৰীবৰা — উফ্ ৰাম কি আপদ !!! মই ৰাতিপূৱাই তাক ইয়াৰ পৰা খেদিম ৷
শ্ৰীমতী বৰা (এইবাৰ চিঞৰি চিঞৰি কান্দি) — নিশ্চয় কিবা কথা আছে , নহ’লে তুমি তাক কিয় খেদিবা ????? জৰুৰ সি বহুত কথা জানে ???? মই কথাবোৰ গম পাম বুলি তুমি তাক খেদিব খুজিছা !!!! নহ’ব নোৱাৰা তাক খেদিব, কৈ দিছো ৷
শ্ৰীবৰা — হেই যি কৰা কৰিবা হে ! তুমিয়ে তাৰ লগত কথা পাতিবা ৷ কৈ দিবা খালি য’ত যি খাই খাওঁক সি কিন্তু মোৰ ঘৰত আৰু এদিনো হাল্লা কৰিলে কাটিম তাক!


ৰাতিপূৱা,
শ্ৰীমতী বৰা — হেৰা নবীন, এইফালে আহাচন !
নবীন — কি হ’ল খুৰী ????
শ্ৰীমতী বৰা — যোৱাকালি ৰাতি কি হৈছিল??
নবীন — কি হৈছিলনো খুৰী ?
শ্ৰীমতী বৰা — তোমাৰ একো মনত নাই ??
নবীন — মনত নাই খুৰী , সঁচাকৈ কৈছো ৷
শ্ৰীমতী বৰা — তুমি জপনাৰ ওচৰৰে খালটোত পৰিছিলা আৰু কিবা কিবি কৈ আছিলা ৷
নবীন — খুৰী কথা এটা কওঁ আৰু, আপুনি নাজানিবও পাৰে...
শ্ৰীমতী বৰা — অ অ কোৱাছোন
নবীন — মানে মই ৰাতি ৰাতি অকমান বেয়া বস্তু খাওঁ, তাৰ পাছত মোৰ নিছায়ে ধৰে নে কি নাজানো আৰু !!! মই কি কৰো কি কওঁ মোৰ একো মনত নাথাকে ৷ যোৱাকালি মই কিবা উৎপাত কৰিছিলো নেকি ? কাৰোবাক বেয়াকৈ ক’লো নেকি??
নবীনৰ কথা শুনি শ্ৰীমতী বৰা খঙো উঠিল, মনতো বেয়াও লাগিল ৷ তেওঁ বহুত ভাবি চিন্তি ক’লে — চোৱা নবীন, তোমাক আমি বুঢ়া—বুঢ়ীয়ে নিজৰ লৰাৰ দৰে মৰম কৰিছো ৷ তুমি কিন্তু যোৱাকালি বৰ অভদ্ৰামি কৰিলা ৷ বৰ বেয়া পালো ৷ তোমাৰ কাৰনে আমাৰ মাজত কাজিয়া লাগি গ’ল ৷
কথা শুনিয়ে নবীনে শ্ৰীমতী বৰাৰ ভৰিত পৰি দিলে ৷
নবীন — মোক ক্ষমা কৰি দিয়ক ৷ আজিৰ পৰা মই কাহানিওঁ অভদ্ৰামি নকৰো ৷ কিন্তু দিনটোৰ ভাগৰৰ পাছত মই অলপ ‘হেৰি’ খাব পাৰো কিন্তু !
শ্ৰীমতী বৰা — চোৱা নবীন, তুমি ক’ত কি খোৱা, কিয় খোৱা তোমাৰ কথা ৷ কিন্তু আৰু এদিনো যদি তুমি আমাৰ কৰিডোৰত ঠিয় হৈ চাটৌপ্ চাটৌপ কৈ দুমাৰ মাৰা তোমাক ঘৰৰ পৰা উলিয়াই দিম ৷ বুজিলা ?
নবীন — মই কথা দিলো খুৰী আজিৰ পৰা আপোনালোকে আৰু কাহানিও  কৰিডোৰত চাটৌপ্ চাটৌপ কৈ দুমাৰ মৰাৰ শব্দ নুশুনে ৷
এইবুলি শ্ৰীমতী বৰাৰ ভৰিত ধৰি সি শপত খালে ৷

সেই ৰাতি নবীন ঘুৰি আহিছে ৷ একেই ধলং পলং ৷ আজি কিন্তু হৈ—হাল্লা অলপ কম ৷ তাৰ মনত আছে শপতৰ কথা ৷ বাৰে বাৰে মাথো কৈ আছে —
ন’ চাটৌপ এন চাটৌপ
যদি চাটৌপ তোৰে ঘটৌপ
অ’ নবীন
ন’ চাটৌপ এন চাটৌপ

আহি আহি সি কৰিডোৰ পালে হি ৷ শব্দ কম হওঁক, খুৰা—খুৰীয়েকৰ অসুবিধা নহওঁক বুলি কৰিডোৰত উঠিয়ে সি চেন্ডেল দুপাট খুলি লৈ দুহাতে লৈ মনে মনে আগবাঢ়িল ৷ নিজৰ ৰূম পায় সি দুৱাৰখনৰ মুখত কোনোমতে ঠিয়হৈ আছে ৷ অকমান উশাহ ঘুৰাই লৈছে ৷ হঠাতে ক’ব নোৱাৰকৈয়ে এপাট চেন্ডেলেৰে সি কৰিডৰোত মাৰিলে ‘চাটৌপ’ ৷
ইপাত মাৰিবলৈ লওঁতেই তাৰ মনত পৰিল শপতৰ কথা, খুৰীয়েকৰ ‘দুই চাটৌপ’ সকিয়নীৰ কথা ৷ সি মনে মনে গৈ শুই থাকিল গৈ ৷

৫ মান বজাতে তাৰ ৰূমৰ দুৱাৰত শ্ৰীমতী বৰাই ঢকিয়াবলৈ ধৰিলে ৷
শ্ৰীমতী বৰা — নবীন, নবীন !!!!!
খকমককৈ সাৰ পাই নবীনে দুৱাৰ খুলি দিয়ে ক’লে — দেখিলে খুৰী যোৱা ৰাতি মই চাটৌপ চাটৌপকৈ দুকোব নামাৰিলো !
শ্ৰীমতী বৰা — হেৰৌ জহনিত যোৱা, নামাৰিলি কেলৈ দুকোব???? তই পাছৰ কোবটো এই মাৰিবি এই মাৰিবি বুলি গোটেই ৰাতি নুশুৱাকৈ থাকিলো অ’ !!!!

3 comments: