Monday 17 September 2012

চাটৌপ চাটৌপ



চাটৌপ চাটৌপ                                                                                                                              
-------------------

শ্ৰীবৰাৰ ঘৰত এজন ভাৰাতীয়া আছিল, নবীন  ৷ ডেকা লৰা, বৰ অমায়িক ৷ ওচৰৰে অফিছ এটাত ভাল চাকৰি কৰে ৷  শ্ৰী বৰাক খুৰাদেউ বুলি মাতে, শ্ৰীমতী বৰাক খুৰী বুলি মাতে ৷ দৰকাৰ পৰিলে বজাৰ সমাৰো কৰি দিয়ে ৷ ইলেক্ট্ৰিচিটিৰ বিল, টেলিফোনৰ বিল আদি সদায় নবীনেই দিয়ে ৷ ৰাতিপূৱা বৰাৰ ফুলনিখনত পানী দিয়া কামটো নবীনই কৰে ৷ শ্ৰী বৰা আৰু শ্ৰীমতী বৰাই তাক বৰ মৰম কৰে ৷ দিনৰ ভাগত নবীন ঘৰত থাকিলে তেওঁলোকৰ ঘৰতে ভাত খুৱাই তাক ৷

কিন্তু নবীনৰ এটা বদঅভ্যাস আছিল ৷ ৰাতি হলেই.......... অলপ ধৰি আহে ৷ আহে বাৰু আহে, নিজৰ পইচা, নিজৰ ইচ্ছা ৷  সেই কথাত বৰা দম্পতিৰ সিমান আপত্তি নাথাকিল হয়, কিন্ত বৰ হৈহাল্লা কৰে ৷ বেয়া বেয়া মাত মাতে, যিতি লাগবান্ধ নোহোৱা কথা কয়, যাকে পায় তাকে গালি পাৰে ৷ সেইবোৰ কথাও তেওঁলোকে সহ্য কৰিব পাৰে ৷ বৰ অশান্তি পায় যেতিয়া নবীনে ঘৰটোৰ কৰিডোৰত ঠিয় হৈ চাটৌপ্ চাটৌপ কৈ দুমাৰ মাৰে ৷ অবশ্যে সেই মাৰ দুটা মৰাৰ পাছত আৰু সি ৰূমত সোমাই গৈ ৷ তাৰ পাছত সি মনে মনে শুই থাকে ৷ বৰা দম্পতি সদায়ে এই চাটৌপ্ চাটৌপ দুটাৰ পাছত হে শুৱে ৷
সদায় শ্ৰীবৰাই ভাবে নবীনক ধমকি দিব, ঘৰৰ পৰা উলিয়াই দিব ৷ কিন্তু নহয়গৈ কথাটো ৷ কেতিয়াবা পৰিবাৰে বাধা দিয়ে নাইবা সদায় ৰাতিপূৱা নবীনে ইমান ভালকৈ মাতবোল কৰে যে বৰা মন নাযায় আৰু সেই অসুবিধাজনক কথাবোৰ উলিয়াবলৈ ৷

এনিশাৰ কথা ৷ সেই নিশা নবীনৰ ছাগৈ অলপ বেছিকৈ লাগিল ৷ সি উভতি আহি ঘৰ সোমাওঁতে জপনাৰ ওচৰতে থকা খালটোত জপংকৈ পৰিল ৷ খালটোত পৰি থকা অবস্থাৰে পৰা আৰম্ভ হল গালিগালাজ ৷
অই বৰা, কুকুৰ পিতেক ! কত লুকাই আছ ওলাই আহ্ ! কাৰ কাৰনে খাল খান্দি থৈছিলি ? শহুৰক মাৰিব নোৱাৰি মোক মাৰিব ওলাইছ ?  ছাল্লা ঘোছখোৰ ! আজি তোক সুদাই নেৰো ৷.......
আৰু ইয়াত কব নোৱাৰা বহুত কথা বকি থাকিল ৷ এটা সময়ত কৰিডোৰত ঠিয় হৈ চাটৌপ্ চাটৌপ কৈ দুমাৰ মাৰিলে আৰু সি শুই থাকিলে ৷

ইফালে শ্ৰীবৰা খঙত ৰব নোৱাৰা হল ৷
শ্ৰীবৰা হেৰা দিওঁ নেকি দুপাটমান ?????
শ্ৰীমতী বৰা ৰবাহে !!! কিবা হৈছে তাৰ?????? আৰু সি কি কৈছে এইবোৰ??? তুমি মোৰ দেউতাক মাৰিবলৈ এই খালটো খান্দিছিলা????????
শ্ৰীবৰা হে প্ৰভু!! কতে মৰো মই ? এই ৰাতিখন তুমি সেই মাতালটোৰ কথা শুনিছা?
শ্ৰীমতী বৰা কোৱা তুমি সেই খালটো কিয় খান্দিছিলা?
শ্ৰীবৰা আৰে, খালটো বৰষুণৰ পানী যাবলৈ খান্দিছিলো ! আৰু কিয় খান্দিম ???
শ্ৰীমতী বৰা নাই বেলেগ কিবা কথা আছে, নহলে সি তেনেকৈ কিয় ক??
শ্ৰীবৰা উফ্ ৰাম কি আপদ !!! মই ৰাতিপূৱাই তাক ইয়াৰ পৰা খেদিম ৷
শ্ৰীমতী বৰা (এইবাৰ চিঞৰি চিঞৰি কান্দি) নিশ্চয় কিবা কথা আছে , নহলে তুমি তাক কিয় খেদিবা ????? জৰুৰ সি বহুত কথা জানে ???? মই কথাবোৰ গম পাম বুলি তুমি তাক খেদিব খুজিছা !!!! নহব নোৱাৰা তাক খেদিব, কৈ দিছো ৷
শ্ৰীবৰা হেই যি কৰা কৰিবা হে ! তুমিয়ে তাৰ লগত কথা পাতিবা ৷ কৈ দিবা খালি যত যি খাই খাওঁক সি কিন্তু মোৰ ঘৰত আৰু এদিনো হাল্লা কৰিলে কাটিম তাক!


ৰাতিপূৱা,
শ্ৰীমতী বৰা হেৰা নবীন, এইফালে আহাচন !
নবীন কি হল খুৰী ????
শ্ৰীমতী বৰা যোৱাকালি ৰাতি কি হৈছিল??
নবীন কি হৈছিলনো খুৰী ?
শ্ৰীমতী বৰা তোমাৰ একো মনত নাই ??
নবীন মনত নাই খুৰী , সঁচাকৈ কৈছো ৷
শ্ৰীমতী বৰা তুমি জপনাৰ ওচৰৰে খালটোত পৰিছিলা আৰু কিবা কিবি কৈ আছিলা ৷
নবীন খুৰী কথা এটা কওঁ আৰু, আপুনি নাজানিবও পাৰে...
শ্ৰীমতী বৰা অ অ কোৱাছোন
নবীন মানে মই ৰাতি ৰাতি অকমান বেয়া বস্তু খাওঁ, তাৰ পাছত মোৰ নিছায়ে ধৰে নে কি নাজানো আৰু !!! মই কি কৰো কি কওঁ মোৰ একো মনত নাথাকে ৷ যোৱাকালি মই কিবা উৎপাত কৰিছিলো নেকি ? কাৰোবাক বেয়াকৈ কলো নেকি??
নবীনৰ কথা শুনি শ্ৰীমতী বৰা খঙো উঠিল, মনতো বেয়াও লাগিল ৷ তেওঁ বহুত ভাবি চিন্তি কলে চোৱা নবীন, তোমাক আমি বুঢ়াবুঢ়ীয়ে নিজৰ লৰাৰ দৰে মৰম কৰিছো ৷ তুমি কিন্তু যোৱাকালি বৰ অভদ্ৰামি কৰিলা ৷ বৰ বেয়া পালো ৷ তোমাৰ কাৰনে আমাৰ মাজত কাজিয়া লাগি গল ৷
কথা শুনিয়ে নবীনে শ্ৰীমতী বৰাৰ ভৰিত পৰি দিলে ৷
নবীন মোক ক্ষমা কৰি দিয়ক ৷ আজিৰ পৰা মই কাহানিওঁ অভদ্ৰামি নকৰো ৷ কিন্তু দিনটোৰ ভাগৰৰ পাছত মই অলপ হেৰি খাব পাৰো কিন্তু !
শ্ৰীমতী বৰা চোৱা নবীন, তুমি কত কি খোৱা, কিয় খোৱা তোমাৰ কথা ৷ কিন্তু আৰু এদিনো যদি তুমি আমাৰ কৰিডোৰত ঠিয় হৈ চাটৌপ্ চাটৌপ কৈ দুমাৰ মাৰা তোমাক ঘৰৰ পৰা উলিয়াই দিম ৷ বুজিলা ?
নবীন মই কথা দিলো খুৰী আজিৰ পৰা আপোনালোকে আৰু কাহানিও  কৰিডোৰত চাটৌপ্ চাটৌপ কৈ দুমাৰ মৰাৰ শব্দ নুশুনে ৷
এইবুলি শ্ৰীমতী বৰাৰ ভৰিত ধৰি সি শপত খালে ৷

সেই ৰাতি নবীন ঘুৰি আহিছে ৷ একেই ধলং পলং ৷ আজি কিন্তু হৈহাল্লা অলপ কম ৷ তাৰ মনত আছে শপতৰ কথা ৷ বাৰে বাৰে মাথো কৈ আছে
চাটৌপ এন চাটৌপ
যদি চাটৌপ তোৰে ঘটৌপ
নবীন
চাটৌপ এন চাটৌপ

আহি আহি সি কৰিডোৰ পালে হি ৷ শব্দ কম হওঁক, খুৰাখুৰীয়েকৰ অসুবিধা নহওঁক বুলি কৰিডোৰত উঠিয়ে সি চেন্ডেল দুপাট খুলি লৈ দুহাতে লৈ মনে মনে আগবাঢ়িল ৷ নিজৰ ৰূম পায় সি দুৱাৰখনৰ মুখত কোনোমতে ঠিয়হৈ আছে ৷ অকমান উশাহ ঘুৰাই লৈছে ৷ হঠাতে কব নোৱাৰকৈয়ে এপাট চেন্ডেলেৰে সি কৰিডৰোত মাৰিলে চাটৌপ
ইপাত মাৰিবলৈ লওঁতেই তাৰ মনত পৰিল শপতৰ কথা, খুৰীয়েকৰ দুই চাটৌপসকিয়নীৰ কথা ৷ সি মনে মনে গৈ শুই থাকিল গৈ ৷

৫ মান বজাতে তাৰ ৰূমৰ দুৱাৰত শ্ৰীমতী বৰাই ঢকিয়াবলৈ ধৰিলে ৷
শ্ৰীমতী বৰা নবীন, নবীন !!!!!
খকমককৈ সাৰ পাই নবীনে দুৱাৰ খুলি দিয়ে কলে দেখিলে খুৰী যোৱা ৰাতি মই চাটৌপ চাটৌপকৈ দুকোব নামাৰিলো !
শ্ৰীমতী বৰা হেৰৌ জহনিত যোৱা, নামাৰিলি কেলৈ দুকোব???? তই পাছৰ কোবটো এই মাৰিবি এই মাৰিবি বুলি গোটেই ৰাতি নুশুৱাকৈ থাকিলো অ’ !!!!

3 comments: