Tuesday, 18 September 2012

ভৌতিক গল্প : স্পিৰিট ক’ল — যেতিয়া জোনাক নামে


আজি দুদিনমানৰ পৰা ফেছবুকত বৰকৈ ভৌতিক গল্প পঢ়িবলৈ পাইছো ৷ আজিৰ পৰা ২০/২২ আগৰ কথা এটা মনত পৰি গ’ল ৷ 
মই তেতিয়া প্ৰথম ষান্মাষিকৰ ছাত্ৰ ৷ হোষ্টেলত সোমালো ৷ মোৰ ৰূমত আছিল তিনিজন জ্যেষ্ঠ আবাসিক — দিব্যদা, পেগুদা আৰু প্ৰশান্ত দা ৷ এদিন কথা নাই, বতৰা নাই তিনিওজনে মোক ক’লে — শুনা, তুমি কাহানিও আত্মা নামাতিবা ৷ সেইযে আত্মা মাতে, স্পিৰিট ক’ল কৰে জানানে নাই ??
মই ক’লো — শুনিছো, কিন্তু কেতিয়াও মাতি পোৱা নাই ৷
দিব্যদা — তুমি দেখাত হেন্ডচাম ৷  স্পিৰিট ক’ল কৰি দিবা আৰু আহি যাব ছোৱালীৰ আত্মা ৷ ফছি যাবা ৷ তাই তোমাৰ দৰে হেন্ডছাম লৰাক এৰি নাযাব কিন্তু !
প্ৰশান্ত দা — মানাহ হোষ্টেলত এবাৰ কি হ’ল জানানে নাজানা ?
মই লাহে কৈ মুৰটো জোকাৰিলো ৷
প্ৰশান্ত দা — ‘এবাৰ আমাৰ লগৰ ধুনীয়া লৰা এটাই মাজৰাতি অকলে অকলে আত্মা মাতিলে ৷ এজনী ধুনীয়া ছোৱালীৰ আত্মা আহিল হেনো ৷ তাৰ পাছত তাই আমাৰ পাৰ্টনাৰক এৰি নগ’ল আৰু !! তাই হেনো আমাৰ লগৰটোৰ ঘৈনীয়েক !!!!! একে লগে থকা হ’ল ৷ শেষত ভুতনাথৰ পৰা তান্ত্ৰিকবাবা এজন আনিহে আত্মা খেদিব লগা পৰা গৈছিল ৷’
কথা শুনি মোৰ ডিঙি শুকাই গ’ল ৷
পেগু দা — অই শুন, ড্ৰাগছ আৰু স্পিৰিট ক’ল!! জীবনত কাহানিও ট্ৰাই নকৰিবি বুজিলি ????
মই সেইখিনি কথা আজিলৈকে বেদবাক্যৰ দৰে মানি চলিছো ৷

কিন্তু তাৰ পাছতো মোক আত্মাই পালে ৷


আমি তেতিয়া চূড়ান্ত বৰ্ষত
মোৰ ৰূমমেট চেতিয়া পাহোৱাল ডেকা মই ভুতৰ কথা উলিয়ালে কয়দাদা, মই ভুতৰ বাপেক !
অলপ অভঙো মই যি কওঁ সি তাৰ ওলোটাটো কৰে
এদিন ৰাতি ভাত খাই মই বিচনাত বাগৰি দাত খুচৰি আছো
চেতিয়া কৰবাৰ পৰা উধাতু খাই আহি লেবলক দাদা ! পদ্মনাভৰ ৰূমলৈ মাতিছে আপোনাক
মই তাৰ ফালে নোচোৱাকৈয়ে সুধিলোপদ্মই মোক কিয় মাতিছে ??
চেতিয়াদাদা আজি এজনীক মাতিম !
মই (আচৰিতহৈ) — মানে ???
চেতিয়াস্পিৰিট , দাদা স্পিৰিট !
হোষ্টেলবোৰত ঠিক পৰীক্ষা আগে আগে আৰু ৰিজাল্ট ওলোৱাৰ আগে আগে আগে এই আত্ম মতা
কাৰবাৰটো বাঢ়ি যায় পৰীক্ষা আগেয়ে মাতি পেপাৰখন জানিবলৈ যত্ন কৰা হয়, ৰিজাল্ট ওলোৱাৰ আগেয়ে মাতি পাছফেল জানিবলৈ যত্ন কৰা হয় সেইদিনা স্পিৰিট ল উদ্দেশ্য বোধহয় কোনো প্ৰেম সম্পৰ্কীয় পৰামৰ্শ ! 
চেতিয়াৰ ফালে নোচোৱাকৈয়ে লোমই সেইবোৰলৈ নাযাওঁ আৰু তই আজি পদ্মৰ তাতে শুই থাকিবি মই ৰাতি উঠি দুৱাৰ খুলিব নোৱাৰো

চেতিয়া যোৱাৰ পাছত মই অকমান সময় ‘কন্ট্ৰল ছিছটেমছ’ পঢ়িবলৈ বহিলো পাছে মন বহাব পৰা নাই নাকুইষ্ট প্লট, ব’ডেজ প্লট মোৰ মুৰত নোসোমোৱা হ’ল ৷ বাৰে বাৰে মনটো উৰা মাৰিলে স্পিৰিট কৰি থকা ৰূমটোলৈ ৷ ভাবিলো যাওঁ নেকি এবাৰ ? মনত পৰিল পেগু দাদাৰ বেদবাক্যলৈ ৷ নাই নোযোৱাই ভাল, মই ধুনীয়া ল’ৰা !
মই লাহেকৈ উঠি গৈ খিৰিকিৰ কাষ পালো গৈ ৷ আমাৰ ৰূমটো হোষ্টেলটোত  নতুনকৈ সজা  তৃতীয় মহলাত ৷  খিৰিকিখন মেলিলেই ওখ ইউকেল্পিটাছ গছবোৰৰ আগবোৰ দেখি ৷ সেই গছবোৰৰ ফাকে ফাকে  ৰাতিৰ আকাশখন একান্ত মনে চাই আছিলো ৷ 

কিয় জানো মনত পৰি গ’ল কেইমাহ মান আগয়ে ঢুকুৱা আমাৰ লগৰ জোনাক নামৰ ছোৱালীজনীৰ কথা ৷
 হঠাতে ভাব হ’ল যেন কোনোবা মোৰ পাছ ফালে ঠিয়হৈ আছে ৷ ঘুৰি চাই দেখো কোনো নাই ৷ কিন্তু ৰূমটোত দেখোন এটা আচহুৱা গোন্ধ ! ক’ৰ পৰা বাৰু এই ছোৱালীবোৰ ব্যবহাৰ  কৰা চেন্টৰ গোন্ধ আহিছে ? মই সময় নষ্ট নকৰি বিচনাত উঠিলো ৷ চেতিয়াৰ বিচনাৰফালে পিঠি দি শুবলৈ যত্ন কৰিছো ৷ চকু দুটা মুদি দিলে মনলৈ বাৰে বাৰে নাকুইষ্ট —ব’ডেজ প্লট, জোনাক আৰু স্পিৰিট কৰি থকা ৰূমটোৰ কথা আহিবলৈ ধৰিলে ৷ টোপনি কোনোমতেই নধৰা হ’ল ৷
বাগৰ সলালো ৷
আন্ধাৰৰ মাজতে  লাগিলে যেন চেতিয়াৰ বিচনাত কোনোবা বহি আছে !!
মই বেড ছুইচটো দি টিউব লাইটটো জ্বলাই দিলো ৷  
নাই কোনো নাই চেতিয়াৰ বিচনাত !! কিন্তু মই নিশ্চিতযে চেতিয়াৰ বিচনাত কোনোবা বহি আছিল ৷ উঠি গৈ চেতিয়াৰ বিচনাখন ভালকৈ চালো গৈ ৷ নাই তাত কোনো বহি থকাৰ চিন—চাব নাই ৷ কিন্তু নাক লাগিল এটা অচিনাকি চেন্টৰ তীব্ৰ গোন্ধ !! মই ঘামিবলৈ ধৰিলো ৷ লাইটটো ননমুৱাবলৈ মোৰ সাহস নহ’ল ৷ মই বিচনাটে বহি থাকিলো ৷ এবাৰ ভাবিলো কাষৰ ৰূমৰ মৃগাংকক মাতো নেকি ?? তেনেকৈ কিমান সময় গ’ল, কেতিয়া মোৰ টোপনি আহিল গম নাপালো ৷

ৰাতিপূৱা চেতিয়াই দুৱাৰত জোৰে জোৰে টোকৰ মাৰোতেহে সাৰ পালো ৷
মুখ হাঁত ধুই আহি চেতিয়াক সুধিলো — যোৱা কালি কাক মাতিছিলি ??
‘দাদা যোৱাকালি আপোনালোকৰ লগৰ জোনাকযে তেওঁ আহিছিল ৷’
মোৰ চেতিয়াৰ লগত আৰু কথা পাতিবলৈ মন নগ’ল ৷
দুদিনমান পাছত চেতিয়া আৰু পদ্মনাভহঁত আকৌ বহিল সিহঁতৰ অশৰীৰি সাক্ষাৎকাৰৰ বাবে ৷
সেই ৰাতি মই নিজকে বুজালো — ভয়েই ভুত ৷ সকলো মনৰ কথা ৷
মই ১০মান বজাতে লাইট নুমুৱাই শুবলৈ যত্ন কৰিলো ৷ সোনকালেই মোৰ টোপনি আহিল ৷ ৰাতি কিমান দেৰি হৈছিল নাজানো ৷ হঠাতে ভাব হ’ল যেন শিল এটা আহি মজিয়াত পৰিল ৷ ক’ৰ পৰা আহিল ??? আমাৰ ৰূমটো তৃতীয় মহলাত ৷ কোনে মাৰিলে শিলটো ?? সকলো সাহস গোটাই আকৌ কিবা হয় নেকি চাবলৈ মই নিশব্দে বিচনাতে পৰি থাকিলো ৷ অকমান পাছতে আকৌ এটা শব্দ কৰি আৰু এটা শিল মজিয়াত পৰিল ৷ মই ৰৈ থাকিব নোৱাৰিলো ৷ বেড ছুইচটো অন কৰিলো ৷ এনে লাগিল যেন ৰূমটোৰ পৰা কোনোবা ওলাই গ’ল !!!!!!!!!!!!!!!!!!!!!

মই একে দৌৰে পদ্মনাভৰ ৰূম পালোগৈ ৷ এক গোৰতে দুৱাৰখন খোল খাই গ’ল ৷ সোমায়ে গম পালো
স্পিৰিট শেষ হ’ল ৷ সকলো ব্যস্ত অল্ড মঙ্কৰ বটল এটাৰ সৈতে ৷ মই উশাহ ঘুৰাইলৈ শিল গুটি আৰু জোনাকৰ কথা ক’লো ৷ ৰূমত থকা আটাইকেইজন একমত হ’ল যে জোনাক আহিব পাৰে ৷ সেই নিশাও সিহঁতে জোনাককে মাতিছিল !!!
মই মনে মনে বিচনাত বহি আছো, বাকীবোৰ আকৌ  অল্ড মঙ্কৰ বটল ৰ সৈতে ব্যস্ত হৈ গ’ল ৷ এপাকত চেতিয়া ঠিয় হ’ল (মোৰ ফালে চাই) — বিভুতি দা,
  আপুনি আজি মৃগাংক দাৰ ৰূমতে থাকক ৷ মই অকলে ৰূমত থাকিম ৷ চাম কোন জোনাক আহে ??? চিনি পোৱা নাই মই কোন হয় ???? চাল্লা, ন’ বডি কেয়াৰছ চেতিয়া, চেতিয়া কাকো কেয়াৰ নকৰে !!!!!!!!!!!!!!!
মই মৃগাংকৰ ৰূমলৈ নগৈ পদ্মনাভৰ ৰূমতে শুই থাকিলো ৷
পুৱা চাহ কাপ পদ্মৰ ৰূমতে খাই মই নিজৰ ৰূমৰ ফালে গ’লো ৷
দুৱাৰৰ বাহিৰতে এটা পোৰা পোৰা গোন্ধ পালো ৷ ভিতৰলৈ সোমাই দেখো চেতিয়া বিচনাত ফস্তি মাৰি শুই আছে ৷ পোৰা গোন্ধটো ক’ৰ পৰা আহিছে বিচাৰি ইফালে সিফালে চাই দেখো মোৰ বম্বে ডায়িংৰ টাৱেলখনত এটা মস্ত ডাঙৰ ফুটা !!!
কেনেকৈ জ্বলিল এইখন ???
কেনেকৈ এই বৃত্তাকাৰ ফুটা হ’বলৈ পালে ???
জোনাকে ???
কিন্তু ভুতে জুইলৈ হেনো ভয় কৰে ৷ ভুত খেদিবলৈকে চেতিয়াই এই কাম কৰিলে নেকি ?? চেতিয়াই যদি জ্বলাইছিলে তেনেহ’লে এনেকুৱা গোল গোল ফুটা কেনেকৈ কৰিলে ?????
মই আকৌ ঘামিবলৈ ধৰিলো ৷ ৰ’ব নোৱাৰি চেতিয়া হেচুকি দিলো — অই উঠ!!
মোৰ মাতত সি সাৰ পালে ৷
‘অহ্ বিভুতি দা আহিলে ! এহ্ নক’ব আৰু ! যোৱাকালি একছিডেন্ট এটা হ’ল ৷’
মোৰ মুখৰ মাত নোলোৱা হ’ল ৷
চেতিয়া —  ৰ’ব মই বাথৰূমৰ পৰা আহো ৷ তাৰ পাছত কৈ আছো ৷
মোৰ ৰূমটোত অকলে থাকিবলৈ ভয় লাগিল ৷ চেতিয়াৰ পাছে  পাছে ময়ো ওলাই গ’লো ৷
অকমন পাছত চেতিয়া ঘুৰি অহা দেখি ময়ো সোমালোহি ৰূমত ৷
খুব ভালকৈ চাইছো চেতিয়াৰ ফালে ৷ কেনেবাকৈ জোনাক ইয়াৰ মাজত সোমাই থকা নাইতো ??? চেতিয়া ব্যস্ত তেতিয়া গিলাছৰ চাহ ফুঁ মৰাত ৷
চেতিয়া — বুজিছে কোনোবা আহে নেকি ৰাতি ৷
মই — মানে ??
চেতিয়া — মানে ৰাতি খিৰিকিৰে কোনোবা সোমোৱা যেন লাগিছিল ৷
মোৰ ক’ব মন গৈছিল,‘সেইবোৰ মই জানো ৷ খিৰিকিৰে সোমোৱাই নহয়, শিলগুটিও মাৰে ৷ কাপোৰ জ্বলিল কেনেকৈ ?’
মই মনে মনে থকা দেখি আকৌ ক’লে — যোৱা ৰাতি কোনোবাই শিলো মাৰিছিল ৷
মোৰ ধৈৰ্যৰ বান্ধ খোল খাই গৈছে ৷
‘চেতিয়া, সেইবোৰ মই জানো ৷ কাপোৰ কেনেকৈ জ্বলিল ?’
চেতিয়া — দাদা সেইটোৱে কালিৰ  একছিডেন্ট ৷
মই — মানে ?
চেতিয়া — যেতিয়া শিলটো পৰিল মই মনে মনে বিচনাত পৰি থাকিলো ৷ মনতে ভাবিলো যদি ভুত আকৌ মাৰিব ৷ হয়, আকৌ এটা মাৰিলে ৷ মই ভুত ধৰিম বুলি ঠিৰাং কৰিলো ৷ কিন্তু ভুত ধৰিবলৈ পোহৰ লাগিব ৷ লাইট জ্বলাই দিলো ৷ বেছি পোহৰ হৈ গ’ল ৷ চিন্তা কৰিলো ইমান পোহৰত   ভুত নাহিব ৷ কি কৰা যায় ??
মই — সেইবোৰ বাদ দে ৷ কাপোৰ কেনেকৈ জ্বলিল ??
চেতিয়া — শুনক না ! মই ভাবি পোৱা নাই লাইটটো কেনেকৈ কম কৰো ৷ মাল খোৱা ব্ৰেইন ৷ পাই গ’লো আইডিয়া ৷ আপোনাৰ টাৱেলখনেৰে ১০০ ৱাটৰ বাল্বটো মেৰিয়াই তাক ডিম লাইট কৰি দিলো ৷ মই খাপ পিটিলো ভুতলৈ ৷ কিন্তু তেতিয়াই একছিডেন্টটো হ’ল দাদা ৷ লাইটৰ হিটত টাৱেলখন জ্বলি গ’ল !!!! হে হে হে দাদা , ভুত দেখা নাপালো নিছা বেছি হৈছিল নহয় !!

19 comments:

  1. Unique and excellent. Your humble description of scenes are like watching a gripping movie. Wish you continue with your simplicity :)

    Jonak etiyau ahene ?

    ReplyDelete
  2. @ mrinmoy da, no idea "Junak Ahe ne nahe"
    but Padmanav is middle East, Bihuti is in the polar region,
    Chetia do not know where.

    Bihuti rang me up and told the story.
    Padmanv confirmed that The Spirit calling took place in the 2nd floor room directly below the triangular portion of the roof.

    and there YES there was a hole the towel

    ReplyDelete
  3. Sir,
    superb story telling.
    what i like about your stories are the simplicty of the subjects and the way you deliver.

    ENDS are always O Henri-like

    You are turning out to my my O Henri

    ReplyDelete
  4. ভাল পালো পঢ়ি..... সুন্দৰ বৰ্ণনা....... লিখি থাকা.....

    ReplyDelete
    Replies
    1. দাদা এইটো লিধি এতিয়া উত্তৰ দি দি হায়ৰাম হৈ গৈছো
      ‘জোনাক সঁচাকৈয়ে আহে নেকি?’

      Delete
  5. paploo daa...borhiya borhiya...
    cinema-r plot eta strt kora aru :)

    ReplyDelete
  6. Pratibhu, Could not stop till the end; nicely written. Fit for stage! Plz keep it up.
    Rupam Mahanta

    ReplyDelete
  7. ekhn kitap porha jen palu..xundor uposthapon krise

    ReplyDelete
  8. eman haru kotha kintu birat hundar expression

    ReplyDelete
  9. dada, apuner blogbur notun koi pohiboloi loisu...etiyaloi k jun kita apuner lekha pohilu gutei keitai bohut dhunia.....gutebur xeh nokoraloike aji eitu blog pohie thakim sage.....

    ReplyDelete
    Replies
    1. HILLY, পঢ়ি ভাল পোৱা বুলি জানি ভাল লাগিল ৷ আগলৈকো এনেদৰেই সমাদৰ পায় থাকিম বুলি আশা ৰাখিলো ৷

      Delete
  10. সাংঘাটিক দেই। আকৌ এবাৰ ভুতৰ অন্বেষণ কৰো দিয়ক। মই বহুবাৰ চে্ষ্টা কৰি ফেইলাৰ। পিছে বৰ ভাল লাগিল পঢ়ি। সৰল, সুষম বৰ্ণনা, লগতে গতিময়তা। বৰ ভাল লাগিল পঢ়ি।

    ReplyDelete
  11. Your style is unique Pratibhu....super like :)

    ReplyDelete
  12. pratibhu!! very good story telling!! had a few sessions in Digboi Refinery as well when we all were there for Summer Training!!

    ReplyDelete