Saturday 15 September 2012

বিদ্যা



বিদ্যা
                                                                                            

প্ৰিঞ্চিপাল চাৰ আহিল চাৰপ্ৰাইজ ৰেইডত ৷

আহিবই লাগিব ,  তেখেতৰ উপায়ো নাই
  যোৱা কেইদিনমান কলেজত বিৰাট হুলস্থুল ৷ সুন্দৰবড়ীৰ লগত কাজিয়া লাগিল, 5th sem বনাম 7th sem কাজিয়া লাগিল, কোনোধৰনৰ বাখ্যা নথকা কাজিয়া দুখন মানো লাগিল ৷ চাৰৰ এটা ধাৰনা ৰাবোৰে ফুৰ্টি পানী খাই আৰু এইটোৱে যতকুটৰ ঘাই ৷ চাৰে এই ফুৰ্টি পানী কলেজৰ পৰা নোহোৱা কৰিব ৷

চাৰে ঠিক কৰিলে তেওঁ ৰাতি
 প্ৰায় ১১ মান বজাত হোষ্টেলে হোষ্টেলে ৰেইড মাৰিব আৰু লৰা হাতে লোটে ধৰা পেলাব ৷ কথামতেই কাম ৷ তেওঁ কাটাই কাটাই ৰাতি ১১ বজাত ১ নং হোষ্টেল পালে গৈ ৷ ব্লক মনিটৰ নৃপেন দাৰ দুৱাৰত টোকৰ মাৰিলে 

নৃপেনে মাত দিলে, ‘‘আব্বে,
 কোন বে এই ৰাতি খন?‘’
চাৰে মাত নামাতি আকৌ টোকৰ মাৰিলে ৷
‘‘আব্বে,
 জহনিত যোৱা, শুব নিদিবি নেকি বে?’’
নৃপেন দাই ভাবিলে এইটো
  কে. শৰ্মা (K. Sarma) ই হব লাগিব ৷ বেটা দুই পেগ মাৰিব পালেই ৰঙা ঘোৰাত উঠে ৷ আজি মজা দিম বাপ্পেকে !

পাইজামাৰ ৰচি বান্ধিবান্ধি দুৱাৰ খুলি দি নৃপেন দাই
 দুই পেগৰ নিছা ফাটিল নে বাঢ়িল ধৰিব নোৱাৰা হল ৷ সন্মুখত চুপাৰ চাৰ, প্ৰিঞ্চিপাল চাৰ আৰু HoD ৷ চুপাৰ চাৰক বাৰু নৃপেন দাই পাত্তা নিদিয়ে কিন্তু HoD পৰা ক্লিয়েৰেঞ্চৰ কথা আছে আৰু প্ৰিঞ্চিপাল চাৰ দেউতাকৰ বন্ধু !!! কি কাৰনে এই ৰাতিখন আহিছে বাৰু ? নৃপেন দাই মনে মনে ঠিয় হৈ চিন্তা কৰিলে, কাৰ ভৰিত প্ৰথমে পৰাটো ভাল হ ?

চুপাৰ চাৰে প্ৰথমে মাত লগালে,‘চোলা এটা পিন্ধি লোৱা ৷ আমি অলপ ৰূমবোৰ চেক কৰিম ৷
নৃপেন দাৰ মূৰি-ঘন্ট খোৱা মাথাই অভাৰটাইম কাম কৰিবলৈ ধৰিলে ৷ বুজি পাই গ,
 চেকিং কিহৰ কাৰনে হৈছে ৷
চিন্তা কৰিলে,‘উফ ৰাম!! কিহে যে পাইছিলে এইকেইটাৰ লগত থাকিবলৈ ৷ কাইলৈৰ পৰা বাদ দিম ৷
সেইবোৰ নেদেখুৱাই,
 হাঁহি এটা নৃপেন দাই মাৰি কলে,‘চাৰ চিন্তা কৰিব নালাগে ৷ গোটেইকিটা ৰূমতে খিড়িকীত আইনাবোৰ লগালে ৷ এতিয়া আৰু পানী সোমোৱা প্ৰব্লেমটো নাই চাৰ ৷ চেকিং নকৰিলেও হচাৰ ’’
প্ৰিঞ্চিপাল চাৰ, ‘‘don’t TALKS non-sense. GETS, ready we will check all the rooms’
প্ৰিঞ্চিপাল চাৰে কথাই কথাই ইংৰাজীত বহু বচন কিয় মাতে ?? নৃপেনদাই যোৱা তিনি বছৰত সেইটো কথা বুজি নাপালে ৷

উপায় নাপায় ওলাল নৃপেন দা ৷ এটা কথাত অবশ্যে আশ্বস্ত আছিল ৷ তেওঁ নিজে
 বিপদত ৷ কাৰন মাল খাইছিল কে. শৰ্মাৰ ( K. Sarma) ৰূমত আৰু এতিয়া কে. শৰ্মাৰ (K. Sarma) ৰূমত জুই লগাই দিলেও তাক টোপনিৰ পৰা উঠাব নোৱাৰে ৷

প্ৰথম ৰেইড পৰিল বটুৰ ৰূমত
 ৷ তাৰ পোচাকী নামেৰে নৃপেন দা মাতিছে, চুপাৰ চাৰে মাতিছে ভিতৰত সাৰসিকটি নাই ৷ নৃপেন দাৰ মূৰত বুদ্ধি এটা আহিল ৷ যিমান পাৰে জোৰেজোৰে চিঞৰিবলৈ ধৰিলেষ ‘‘উঠ, প্ৰিঞ্চিপাল চাৰ ৰেইডত আহিছে’’ ফলত বটুৱে গম নাপালেওঁ কৰিডৰোত থকা বাকী ৰূমবোৰৰ লৰাই কথাটো গম পালে যে ৰেইড পৰিছে ৷

প্ৰিঞ্চিপাল চাৰে
 HoDক কলে,‘খাই আউট ছাগৈ!
দুৱাৰত মৰা গোৰ, ‘বটু,
 বটু কৈ মৰা টেটু ফলা চিঞৰৰ অন্তত এটা সময়ত বটুৱে গম পালে গৈ কথাটো ৷ সি দুৱাৰ খুলি তাৰ বিশেষ  হাঁহিটো মাৰিলে ৷
প্ৰিঞ্চিপাল চাৰে সুধিলে, ‘‘
 কি নাম?’’
বটুৱে তাৰ নামটো কলে ৷
প্ৰিঞ্চিপাল চাৰে সুধিলে, ‘‘মদ খাই আছিলা
 ?’’
বটু, ‘‘
 বিদ্যা-ৰ শপত, নাই খোৱা চাৰ ৷’’
প্ৰিঞ্চিপাল চাৰ, ‘‘কথা কব আহিছা ?
 ইমান দেৰি মাতি আছো দুৱাৰ খোলা নাই ৷ কত আছে গিলাছবটল ?’’

বটু, ‘‘চাৰ মই অলপ আউট  হৈ আছিলো,
 গমেই পোৱা নাছিলো আপোনালোক আহিছে বুলি ৷’’
প্ৰিঞ্চিপাল চাৰ, ‘‘দেখিছে নে বাৰু নিজেই কৈছে নিছাত আউট বুলি
 ?’
বটু, ‘‘মানে চাৰ আজি তাইৰ পৰা চিঠি এখন পালো ৷ মনতো ভাল লাগি আছিল
 সেইখনৰে উত্তৰ দি আছিলো ৷’’

চাৰহঁ’ত নালাগে নৃপেনদা নিজেই আচৰিত হৈ গল বটুৰ কথা শুনি ৷ নৃপেন দাই মনতে
 ভাবিলে, ‘‘বটুক কাহানিও মদ খোৱা দেখা নাই ৷ ই নিশ্চয় ভাং খাই, নহলে গুটা খায় ’’
চুপাৰ চাৰ,‘‘মদ খাই আবোল-তাবোল বকিবলৈ লাজ নালাগে?’’
বটু, ‘‘মদ কোনে খাইছে নাজানো চাৰ ৷ মই মোৰ প্ৰেমিকা বিদ্যালৈ লাভ লেটাৰ লিখি আছিলো ৷’’



…….

সেইটো ৰূমত ৰেইড সিমানতে অন্ত পৰিল ৷
এইবাৰ ৰেইড পাৰ্টী আগবাঢ়িল পল্লবৰ ৰূমৰ ফালে ৷
আকৌ একেই দশা ৷ পল্লব, পল্লবকৈ টেটুফালি চিঞৰি চিঞৰি একো কাম নিদিলে ৷
নৃপেন দাৰ খং উঠি আহিল ৷ এই পল্লবটোৱে কেতিয়াৰ পৰা মদ খোৱা হ?
 দিলে দুৱাৰত প্ৰচন্ড গোৰ এটা সোধায় ৷
দুৱাৰ খোল খালে ৷
প্ৰথম চুপাৰ চাৰ,
 তাৰ পাছত প্ৰিন্চিপাল চাৰ, তাৰ পাছত HoD আৰু একেবাৰে শেষত নৃপেনদা

পল্লবৰ হাতত যি
 মাল আছিল দেখি আনৰ কথা নাজানো কিন্তু প্ৰিঞ্চিপাল চাৰৰ চকুৰ চাৱনিৰ মানে আছিল ৰাতি ১২ বজাত এইয়া দেখিবলৈকে বাকী আছিল ৷
প্ৰিঞ্চিপাল চাৰ,‘
 তোমাৰ এই বিদ্যা কিমান পুৰণি ?’
পল্লব,‘
 চাৰ মই ক্লাছ নাইনত থাকোতেই এই বিদ্যাৰ প্ৰেমত পৰিছিলো ৷

চুপাৰ চাৰ, HoD
 চাৰ, ‘‘কেনেকৈ পৰিলা প্ৰেমত ?’’
পল্লব, ‘‘চাৰ আমাৰ ঘৰৰ ওচৰতে মনমী বাইদেউৰ ঘৰ ৷ তেওঁৰ পৰা দেখি দেখিয়ে শিকিলো ৷’’
HoD
 চাৰ, ‘‘হেৰা পল্লব, শুনাচোন মোক এটা দিব পাৰিবা নে?’’
পল্লব, ‘‘পাৰিম চাৰ কিয় নোৱাৰিম ?
 ফিটাডালৰে জোখ এটা লৈ লওঁ চাৰ ৷ চাৰ, হাফচুৱেটাৰ গুঠিম নে ফুল হাফচুৱেটাৰ গুঠিম ?’’
———————————————————

কৰিডোৰত কোনোবা এটাই গাইছে
 সুৰাত মগন ……’ আৰু আন এটাই গাইছে ঊল গুঠিব জানানে,…..’
________________________
Dedicated to my dear friend
 Nripen Kumar Das.
ৰচনা
 ১০ আগষ্ট,২০১২

4 comments: