চীনদেশৰ সাধু
(TRS daৰ এটা ফেছবুক পোষ্টৰ অনুবাদ)
চীনদেশত এগৰাকী বৃদ্ধাৰ দুটা ডাঙৰ ডাঙৰ কলহ আছিল ৷
কলহ দুটা এডাল ভাৰৰ দুইমূৰে বান্ধি বৃদ্ধাই সদায় পানী আনিবলৈ যায় ৷
তাৰে এটা কলহত ফাট এটা আছিল, আনহাতে আনটো কলহ নিখুত আছিল ৷
বৃদ্ধাই অতি কষ্টেৰে জুৰি এটাৰ পৰা পানী ভাৰ বৈ ঘৰলৈ অনাৰ অন্তত ফাট থকা কলহত সদায়ে আধা পানীহে থাকে গৈ , কিন্তু নিখুত কলহতোত সদায়ে পানী সম্পূৰ্ণহৈ থাকে ৷
নকলেও হ’ব, নিখুত কলহতো নিজৰ সফলতাত গৰ্বিত হৈ থাকে ৷ কিন্তু ফাট থকা কলহতোৱে সদায়ে মনতো মাৰি থাকে, কিয়নো, সি তাৰ ওপৰত ন্যস্ত দ্বায়িত্ব নিয়াৰিকৈ পালন কৰিব নোৱাৰে ৷
এনেদৰে বিফলতাৰ দুটা বছৰ পাৰ হোৱাৰ অন্তত ফাট থকা কলহতোৱে এদিন জুৰিৰ পাৰত বৃদ্ধাগৰাকীক ক’লে,‘মই বৰ লজ্জিত ৷ মোৰ শৰীৰৰত থকা ফাটতোৰ বাবে মই কোনোদিনেই তোমাৰ কাৰনে পানী সম্পূৰ্ণকৈ লৈ যাব পৰা নাই ৷’
বৃদ্ধাই মিচিকিয়াই হাঁহি এটা মাৰি ক’লে,‘তুমি এটা কথা মন কৰিছানে যে তুমি আলিবাটৰ যিটো কাষেদি অহাযোৱা কৰা সেইকাষে সুন্দৰ ফুল ফুলি আছে আৰু নিখুত কলহতো অহাযোৱা কৰা কাষে কিন্তু এপাহ ফুলো ফুলা নাই !’
'মই জানো তোমাৰ খুটটোৰ কথা ৷ গতিকে মই তোমাৰ ফালে ফুল ৰুই দিছিলো ৷ যোৱা দুবছৰে আমি এইবাটেৰে অহাযোৱা কৰোতে তুমি সদায়ে ফুলখিনিত পানী দি গ’লা ৷ তোমাৰ খুটটোৰ বাবেই আজি এই ফুলণি জাতিস্কাৰ হৈ আছে ৷’
আমাৰ সকলোৰে নিজস্ব খুট আছে ৷ কিন্তু এই খুটবোৰেই আমাক এক নতুন মাত্ৰা দিয়ে, আমাৰ জীবন ৰন্জক কৰি তোলে ৷ আমি সকলোৰে মাজত থকা খুটখিনিতকৈ তেওঁলোকৰ মাজত থকা গুণখিনি বিচাৰি উলিয়াব জানিব লাগিব ৷
মোৰ সকলো ‘খুট থকা’ বন্ধু , মনত ৰাখিবা তোমাৰ বাটতো আছে এক সুন্দৰ ফুলনি !!!

No comments:
Post a Comment