Sunday 16 September 2012

নাৰ্গীছ ওখহৈ গ’ল



নাৰ্গীছ ওখহৈ গ                                                                          
মূল কথা : অগ্নিশ্বৰ মিত্ৰ
অনুমতি সহকাৰে অসমীয়া উনিকড : প্ৰতিভু
----------------------------------
নাৰ্গীছ আৰু ৰাজ কাপুৰ
মোৰ চেলফোনটো বাজি উঠিল ৷
সিফালে বন্ধু এটাৰ মাত,‘ত আছনো ? আহি যা, মই ভঙাগড়তে আছো ৷
দেখিলো বৰষুণ এৰাৰ নামেই নাই ৷ সিফালে তেওঁ ডাঙৰ মানুহ, নগলেও বিপদ আছে ৷ ওলাই গলো খোজ কাঢ়ি, হাতত ভঙা ছাতি এটা লৈ ৷
অলপ দেৰি থাকিলো দুয়ো তাৰ অফিছতে, বৰষুণ তেতিয়াও দি আছে ৷ 
শেষত দুয়োটা বৰষুণতে ওলাই গলো ৷বন্ধুৱে চিগাৰেট এটা জ্বলাই কলে,‘অলপ ছাতিটো ধৰ, দুই টান দি লওঁ ৷


ৰৈ আছো ছাতি ধৰি ৷ হঠাতে ভাবিলো অলপ আচহুৱা দৃশ্য হৈছে এইটো ৷ 
মোৰ বন্ধুটো ওখ, মই চাপৰ ৷ কোনোবাই ফটো ললে কেনে লাগিব বাৰু

আপুনিয়ে ভাবি চাওঁক ! বৰষুণত গুৱাহাটীৰ ৰাজপথত, এটা চিংগোলছাতিৰ তলত কটীয়া মই আৰু মোৰ ওখ বন্ধু ৷ 

মোৰ হাঁহি বন্ধ নোহোৱা হল ৷
তেনেতে কাষেৰে এজন চাইকেলৱালাপাৰহৈ যাওঁতে চিঞৰি গ,‘হৌৰা, কি হ? নাৰ্গীছ ওখহৈ গল যে ?’
উপায় নাপায় মই কলো,‘বন্ধু যাওঁ দে ৷ ৰাজকাপুৰকনো আৰু কিমান চাপৰ কৰো?’

___________________________
কাষৰ দোকানৰ ৰেডিঅত বাজি আছিল — পিয়াৰ হুৱা, ইকৰাৰ হুৱা ......................

ৰচনাৰ কাল — ২৯ আগষ্ট/২০১২

No comments:

Post a Comment