‘‘দয়া কৰি মোৰ বন্ধু হৈ থাকক, আপোনাক বাৰবনিতা বুলি ক’বলে ভাল লগা নাই..’’
বন্ধু এজনে কাৰোৱাক উদ্দেশ্য
কৰি কৈছে ৷ কি কাৰণে কৈছে নাজানো পাছে বাৰবনিতা শব্দটো দেখি মোৰ মনত পৰি গ’ল বেলেগ এটা কথাহে ৷
আমি তেতিয়া ষষ্ঠ বা সপ্তম শ্ৰেণীত পঢ়ো ৷ লাহে লাহে ‘অশ্লীল শব্দ’, ‘নক’ব লগা কথা’, ‘নপঢ়িব লগা গল্প’
আদিৰ সৈতে পৰিচয় হ’বলৈ ধৰিছে ৷ সেই সময়ত আমাৰ ওপৰৰ চামৰ মুখত এটা শব্দ প্ৰায়ে শুনো ৷ শব্দটোৰ অৰ্থ বুজি নাপাও ভালকৈ যদিও ইমানখিনি বুজি পোৱা হ’লো যে এইটো এটা অশ্লীল শব্দ ৷ য’তে ত’তে যাৰে তাৰে আগত কৈ দিলে হাত ভৰি ভাঙি যাব পাৰে ৷ কিন্তু আমাৰ বৰকৈ মন গৈ
আছিল দাদাবোৰৰ দৰেই ডাঙৰকৈ শব্দটো কৈ তাৰ পাছতে ‘বুলিলো’
বুলি ক’বলৈ ৷
এদিন আবেলি মই আৰু জয়ন্ত নৈ চাপৰিলৈ গ’লো ৷ ইফালে সিফালে চাই ল’লো ৷ আমাৰ ওচৰত চৰি থকা গৰুকেইটামানৰ বাহিৰে আৰু কোনো নাই ৷
মই জয়ন্ত উচতালো, ‘‘ক তয়ে ক !’’ মনতে ভাবিলো মই আকৌ প্ৰথমেই বেয়া কামটো কিয় কৰিম ?
জয়ন্তই লাজ লাজকৈ শব্দটো কৈ তাৰ পাছত ‘‘বুলিলো’’ বুলি ক’লে ৷
মোৰ হাঁহি উঠি গ’ল ৷ তাক ক’লো, ‘‘অই তই লগৰ ছোৱালীক আই লাভ ইয়ু বুলি কৈছ নে বেয়া
মাত মাতিছ ????’’
তাৰ পাছতে জোৰত ‘‘আমুকহে বুলিলো’’ বুলি চিঞৰ এটা মাৰি ক’লো, ‘‘এনেকৈ
ক’ব লাগে বুজিলি ?’’
মই যে তেনেকৈ চিঞৰি দিলো তাৰ পাছতে আৰম্ভ হৈ গ’ল জয়ন্তৰ চিঞৰ ৷ যিমান পাৰে সিমান জোৰত চিঞৰিবলৈ ধৰিলে ৷ লগতে
ময়ো ৷ চিঞৰি চিঞৰি ডিঙি বিষাই গ’ল ৷ এতিয়া ভাৱ হৈছে যদি বেয়া মাত কথাৰ কোনো দেৱ-দেৱতা
থাকিল হয় তেখেতে ছাগে সন্তুষ্ট হৈ সেই দিনা আমাৰ আগত আবিৰ্ভাৱ হৈ ক’লে হেতেন, ‘‘প্ৰসন্ন
হৈছো বালক ৷ কি বৰ লাগে কোৱা !’’
এদিন ফুটবল খেলি আছো ৷ এটাই আহি আমাৰ আগত এটা শব্দ শুনালে, ‘‘বাৰবনিতা
৷’’ আমি বৰ এটা গুৰুত্ব দিয়া নাই ৷ সি এনেও অলপ বেছি ইংৰাজী জনা যেন দেখুৱাই থাকে ৷
কোনেও একো নোকোৱা দেখি বন্ধুৱে ক’লে, ‘‘‘‘বাৰবনিতা মানে কি জাননে
? এইটো বেয়া শব্দ ৷’’
এইবাৰ ফুটবল বন্ধ হৈ গ’ল ৷
‘‘বেয়া শব্দ মানে ?? ক’ত পালি এইটো ?’’
বন্ধুৱে জনালে সি হেনো বিস্ময়ত পাইছে আৰু গল্পটো পঢ়ি সি হেনো বুজি
পালে এইটো এটা বেয়া শব্দ বুলি ৷
আমি সমস্বৰে ক’লো, ‘‘হ’বই নোৱাৰে !! তই বিস্ময়খন আনি দেখুৱা ৷ তাৰ পাছত মানিম আমি ৷’’
আমি সমস্বৰে ক’লো, ‘‘হ’বই নোৱাৰে !! তই বিস্ময়খন আনি দেখুৱা ৷ তাৰ পাছত মানিম আমি ৷’’
আচল কথা আমি জানো সি বিস্ময়তে পঢ়িছে ছাগে ৷ কিন্তু তেনেকৈ নক’লে
সি বিস্ময়খন নানিব ৷ সেই সময়ত আমাৰ বাবে বিস্ময় পঢ়িবলৈ পোৱাটো এটা নিষিদ্ধ আনন্দ আছিল
৷
আমাৰ মাজত আলোচনা চলিল বাৰবনিতাটো আচলতে অসমীয়া শব্দ নে ইংৰাজী শব্দ
বাৰু ?
সৰহভাগেই মতামত দিলে, ‘‘ইংৰাজী শব্দই হ’ব ৷’’ দুটামানে ক’লে, ‘‘অসমীয়া
যেন লাগিছে ৷’’
আমি সুধিলো, ‘‘কিয় অসমীয়া যেন লাগিছে ?’’
ৰাজুৱে আমাক বুজালে, ‘‘ইমান ভাল লাগিছে শুনি ৷ এটা কবিতা লেখিম ৰ
মই ৷
লেখিম ধৰ
তুমি মোৰ মৰমী লগৰী
তুমি মোৰ মৰমী বাৰবনিতা ... ৷’’
কথাখিনি কৈয়ে ৰাজু ৰখিব নোৱাৰিলে ৷ চাইকেল লৈ ঘৰ পালে গৈ ৷ অকনমান
পাছতে ঘুৰি আহিল হাতত আছিল The
Pronouncing Anglo Assamese Dictionary ৷ খেলা বাদ দি আমি বহি গ’লো ইংৰাজী অভিধানখনত
বাৰবনিতাৰ অৰ্থ বিচাৰি ৷ হায়ৰাণ হৈ গৈছো ৷ শব্দটো বিচাৰি নাপালো ৷
কেইদিনমান পাছত ৰাজু খেলিবলৈ আহোতে হাতত
আধুনিক অসমীয়া অভিধানখন লৈ আহিছে আৰু তাৰ মুখৰ হাঁহিটো ৫ নম্বৰী ফুটবলতকৈও ডাঙৰ আছিল
৷
‘‘চা ! মই বিচাৰি পালো বাৰবনিতা মানে কি
!’’
আমি অভিধানখনত উবুৰি খাই পৰিলো গৈ ৷
‘‘মানিছো ডোছ !! তই কিছু কষ্ট কৰিলি কিন্তু
!!’’
পাছে ৰাজুৰ লিখা নহ’ল
‘‘তুমি মোৰ মৰমী বাৰবনিতা ..’’
আমাৰো বৰ মন গ’ল ৰাজুৰ দৰেই এটা অশ্লীল
শব্দ আৱিস্কাৰ কৰিবলৈ ৷
কিছুদিন পাছত ওচৰৰে চহৰ এখনত অসম সাহিত্যসভাৰ
অধিবেশন অনুস্থিত হৈছিল ৷ মা-দেউতাৰ লগত ‘সাহিত্য সভা’ চাবলৈ গ’লো ৷ সভা উপলক্ষে গ্ৰন্থ
মেলা অনুস্থিত হৈছে ৷ মই হাতত এশমান টকালৈ অকলে অকলে কিতাপ চাই ঘুৰি ফুৰিছো ৷ এপাক
চকু পৰিল লৈ এখন কিতাপত ৷ বেটুপাতত আছে এক স্বল্পবসনা এক মোহময়ী নাৰী ৷ হাতত এটা পিষ্টল,
মুখত এক ৰহস্যময়ী হাঁহি ৷ কোনেও নোকোৱাকৈয়ে বুজিলো সাংঘাতিক কিতাপ হ’ব সেইখন ৷ ইমানো
বুজি পালো যে সেইখন কিনি ঘৰলৈ নিব লাগিলে শৰীৰৰ এডালো হাড় নিজৰ ঠাইত নাথাকিব ৷ গতিকে
কিতাপখনৰ পৰা চকু আতৰ কৰি আন আন কিতাপত মন দিলো ৷
পাছে কিতাপখনৰ নামটোৱে বাৰে বাৰে আমনি দিবলৈ
ধৰিলে ৷ এটা শব্দৰ নাম ৷
তাৰ অৰ্থ কি হ’ব বাৰু ???
শব্দটো যে অশ্লীল তাত মোৰ কোনো সন্দেহ নাই
৷ কৰিলো তাৰমানে আবিস্কাৰ !
পাছদিনা খেলপথাৰত কথাটো ক’লো ৷ লগে লগে
ৰাজু চাইকেল লৈ ঘৰ পালে গৈ ৷ লৈ আহিলে আধুনিক অসমীয়া অভিধান ৷ শব্দটো আৰম্ভ
হৈছে ‘প্ৰ’-ৰে ৷ গতিকে অভিধানখনত থকা প্ৰ-ৰে আৰম্ভ হোৱা সকলো শব্দ চালো ৷ নাই শব্দটো
বিচাৰি নাপালো ৷ ‘‘ইংৰাজী শব্দ নেকি বাৰু ?’’
‘‘হ’বও পাৰে ৷’’
ৰাজু আকৌ চাইকেললৈ ঘৰলৈ গ’ল ৷ এইবাৰ আহিল The Pronouncing Anglo Assamese Dictionary ৷
প্ৰশ্ন,‘‘প্ৰ-ৰে
আৰম্ভ হয় মানে ক’ত চাব লাগিব বাৰু ?’
মই সহায় কৰি দিলো, ‘‘মোৰ নাম প্ৰ-ৰে আৰম্ভ হয় ৷ মোৰ নামৰ বানান Pratibhu ৷ Pra-ত বিচাৰিলে পাম দে ৷’’
Pra –ৰে আৰম্ভ হোৱা গোটেইবোৰ
শব্দ ভালকৈ চালো ৷ আমি বিচৰা শব্দটো নাপালো ৷
মই গালিহে
খালো, ‘‘তই গাজা মাৰিলি ৷ ব’ল ব’ল ফুটবল খেলো ৷’’
লগৰবোৰ ফুটবল
খেলিবলৈ গ’ল ৷ মই পাছে The Pronouncing
Anglo Assamese Dictionaryখন লৈ বহি থাকিলো ৷ কাৰন মই জানো মই নিজ চকুৰে দেখি আহিছো
সেই কিতাপখন, তাৰ সেই সাংঘাতিক বেটুপাত আৰু সেই বিশেষ শব্দটো ৷
মই একান্তমনে The Pronouncing Anglo
Assamese Dictionaryৰ পাত লুটিয়াবলৈ ধৰিলো ৷ এপাকত দেখি গ’লো শব্দটো ৷ নিজৰ চকুকে বিশ্বাস
কৰিব নোৱাৰা হ’লো ৷
চিঞৰি দিলো, ‘‘অই অই পালো পালো ৷ গোটেইবোৰ
দৌৰ মাৰি আহিল ৷’’
আমাৰ চকুৰ আগত ভাহি আছে এটা অশ্লীল শব্দ
–
Professional : [Common Noun , Common &/or Masculine] Engaged in a specified activity as one's main paid
occupationপেশাদাৰী, বৃত্তিধাৰী ৷
আজিও মন যায় জানিবলৈ কিতাপখনৰ নাম কিয় বাৰু ‘প্ৰফেচনেল’ আছিল
?
বোধহয় প্ৰফেচনেল কিলাৰ জাতীয় কিবা আছিল নেকি জানো !!
কোনোবাই পঢ়িছে নেকি বাৰু কিতাপখন ?
কোনোবাই পঢ়িছে নেকি বাৰু কিতাপখন ?
কাৰোবাৰ তাত আছে নেকি বাৰু কিতাপখন ?
মোৰ যিমান দুৰ মনত আছে কিতাপখনৰ লেখক শ্ৰীযুত প্ৰফুল্ল দত্ত আছিল
৷
No comments:
Post a Comment