Thursday 18 July 2013

মন ভাল লগাই লৈছো

ৰাজীৱ ৰঞ্জনৰ পোষ্ট
‘‘১০০০ লৈ লিখিলেহে প্ৰথমবাৰৰ বাবে A টো লিখিবলৈ পাব। Thousand-A টো প্ৰথমবাৰ আহে, ৯৯৯ লৈকে লিখোঁতে A আখৰটো এবাৰো ব্যৱহাৰ নহয়।’’
মই মনতে ভাবিছো যদি ভুল ভুলকৈ লেখো তেনে হলে ছাগে আগতেই আহি যাব ৷
যেনে 5 = Faiv


বেলেগ এটা কথা মনত পৰিল ৷

বহু বছৰ আগৰ কথা ৷ মই তেতিয়া হাইস্কুলৰ ওপৰৰ শ্ৰেণীত ৷ মোৰ মোমাইদেউৰ লৰা সঞ্জুদা কলেজ পাইছে গৈ ৷ কিবা এটা বন্ধত বৰবাৰীৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদ আছো গৈ ৷ 
এদিন সঞ্জুদাই মোমাইদেৱে নতুনকৈ কিনি মাৰুতী ভানখন লৈ পল্টন বজাৰৰ ফালে ওলাল ৷ লগত মোক আৰু জেঠাইদেউৰ লৰা নিপুদাদাক লৈ গল ৷
 

গোটেই বাট মই আৰু নিপুদাদাই কৃষ্ণ, কৃষ্ণ কৰি ললো ৷
সঞ্জুদাদাৰ কথা হল যি হওক সি ব্ৰেক নামাৰে ৷ আগত থকা গৰু, মানুহ, ৰিক্সা আদি নিজে নিজে আতৰি যাব ৷
আমি সুধিলো, ‘‘কিয় আতৰিব ?’’
সঞ্জু দাদাই বুজালে, ‘‘গাড়ী অহা দেখিলে মই আতৰি দিওঁ ৷ এতিয়া মই গাড়ী চলাইছো ৷ মই ব্ৰেক নামাৰো ৷’’

ঘুৰি আহি মোমাইদেউৰ চৰকাৰী আৱাস DQ 20 ( নে DQ 8 আছিল বাৰু? ) আহি পালো ৷
 
কাঠৰ গেটখনৰ সন্মুখতো সঞ্জুদাদাই একেই কাম কৰিলে ৷ গাড়ীৰ ব্ৰেক নামাৰিলে ৷ পাছে গেটখন আতৰি নগল ৷
 

ধমহ্ কৈ শব্দ এটা কৰি গেটখন বাগৰি পৰিল ৷
 

নিপুদাদা আৰু মই ভয়তে গাড়ীৰ পৰা নানামিলো ৷ সঞ্জুদাদা নামি গল ক্ষয়-ক্ষতিৰ বুজ লবলৈ ৷ গাড়ীখনৰ সন্মুখৰ বাওঁফালটোৱে গেটখনত খুন্ডা মাৰিছিল ৷ সঞ্জুদাদাই নিৰীক্ষণ কৰিছে সোফালে ৷
আমি গাড়ীৰ ভিতৰৰ পৰা চিঞৰিছো, ‘‘সেইফালে নহয়, এইফালে চা !’’
সঞ্জুদাদাই বাহিৰৰ পৰা চিঞৰিছে, ‘‘সেইফালে আৰু কি চাম ? পুৰা চেপেটা হৈ গল ছাগে ৷ যিফালে খুন্ডা মৰা নাই সেই ফালে চায়ে মনটো ভাল লগাই লৈছো ৷’’

No comments:

Post a Comment