জিগৰি ডোষ্ট
----------------
আগকথা
---------
২০১৩চনৰ জুলাই মাহৰ প্ৰথম সপ্তাহৰ কথা ৷ ছুইজাৰলেন্ডৰ জুঁফ্ৰাজ’ নামৰ ঠাইখনলৈ বুলি ৰেলগাড়ীৰ একেটা কোঠালীতে উঠিল গৈ আমাৰেই দুই সহপাঠী ত্ৰিদীৱ বৰকটকী আৰু ৰূপম দাস ৷ ত্ৰিদীৱ বৰ্তমান ডেলাৱেৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিবাসী আনহাতে ৰূপম কুৱেইটৰ নিবাসী ৷ প্ৰায় ১৯ বছৰ পাছত এক অচিনাকি ঠাইত অপ্ৰত্যাশিতভাৱে দুই
বন্ধুৱে ইজনে সিজনক দেখি কিমান আনন্দ পালে !
কিমান কথা পাতিলে !
ময়ো যদি কেতিয়াবা কেনেবাকৈ কোনোবা এখন ৰেলত অপ্ৰত্যাশিতভাৱে কোন এক বন্ধুক দুই দশকৰ মুৰত লগ পাই যাওঁ !!!
মোৰ ৰেল যাত্ৰা
---------------
২০১৩চন, ১৬ জুলাইৰ নিশা ৷
B4 কম্পাৰ্টমেন্ট, ১২৪২৩ নং ডিব্ৰুগড় গুৱাহাটী ৰাজধানী ৷
মই, পৰিবাৰ আৰু আমাৰ ছোৱালী প্ৰাপ্তি ৷ বস্তু-বাহনি ঠিক-ঠাক কৰি নিজৰ আসনত বহিলো ৷ সন্মুখত এজন হাঁহিমুখীয়া ভদ্ৰলোক ৷ মনতে ভাবিলো, ‘‘কেনেবাকৈ যদি এইজন যোৱা ২০ বছৰ ধৰি লগ নোপোৱা মোৰ কোনো বন্ধু হ’ল হেতেন !’’
মই অনুমান কৰাত পাকৈত ৷ ‘‘বগা ছাৰ্ট পিন্ধি আছে ৷ বেংকত চাকৰি কৰে ৷ ষ্টেট বেংক হ’ব লাগে ৷’’
‘২০ বছৰে লগ নোপোৱা সাম্ভাৱ্য বন্ধুক’ এৰি মই প্ৰাপ্তিৰ লগত কথা পাতিবলৈ ধৰিলো ৷
খুৰাকৰ জীয়েক মানে ভনীয়েকক এৰি থৈ আহিব লগা হোৱাৰ বাবে প্ৰাপ্তিৰ মন বেয়া ৷ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যোৱা ৰেলপথটোৰ কথা বুজাই আছো ৷ সন্মুখত থকা ভদ্ৰলোকজনে প্ৰাপ্তিক সুধিলে, ‘‘অসমত প্ৰথম ৰেলখন ক’ৰ পৰা ক’লৈ চলিছিলো কোৱা চোন ?’’প্ৰাপ্তিয়েনো কি উত্তৰ দিব ? ময়ে নাজানো সেই প্ৰশ্নৰ উত্তৰ ৷
‘‘ডিব্ৰুগড়ৰ পৰা মাকুমলৈ’’, ভদ্ৰলোকেই উত্তৰ দিলে ৷
তাৰ পাছত তেখেতে প্ৰাপ্তিক প্ৰশ্ন কৰিলে, ‘‘কোন তাৰিখে প্ৰথম বাৰৰ বাবে ৰেল চলিছিল কোৱাচোন ?’’
প্ৰাপ্তিয়ে তেওঁৰ মুখলৈ চাই থাকিল আৰু মই নিজৰ মুৰটো জোকাৰিলো ৷
‘‘আজিৰ তাৰিখতে, ১৬ জুলাইত ৷’’
মই লগে লগে নিশ্চিত হ’লো ভদ্ৰলোক ৰেল বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া ৷
তেখেতে পুনৰ প্ৰশ্ন কৰাৰ আগতেই মই কৰমৰ্দন কৰি নিজৰ পৰিচয় দিলো, ‘‘মোৰ নাম প্ৰতিভূ দত্ত ৷’’
তেখেতেও নিজৰ পৰিচয় দিলে, ‘‘মোৰ নাম পাৰ্থপ্ৰতিম দত্ত ৷ মোৰ ঘৰ ডিব্ৰুগড়তে ৷’’
তাৰ পাছতে তেওঁ মোৰ ফালে চাই বৰ প্ৰত্যয়ৰে ক’লে, ‘‘মই আপোনাক ভাল দৰে চিনি পাওঁ ৷’’
মই যদিও অকনমান আগলৈকে চিন্তা কৰি আছিলো ভদ্ৰলোক যদি যোৱা ২০ বছৰ ধৰি লগ নোপোৱা মোৰ কোনো বন্ধু হ’ল হেতেন বুলি তথাপিও মই তেওঁক ক’লো, ‘‘মোৰ দেখোন একো মনত পৰা নাই ! আপুনি ক’ত কাম কৰে বাৰু ?’’
পাৰ্থপ্ৰতিম দত্তই উত্তৰ দিলে, ‘‘মই অসম চিকিৎসা মহাবিদ্যালয়ত কাম কৰো ৷ প্লাষ্টিক চাৰ্জাৰী বিভাগত ৷’’
মই নিশ্চিত হ’লো মই তেওঁক চিনি নাপাওঁ ৷ অসম চিকিৎসা মহাবিদ্যালয়ৰ যিকেইজন চিকিৎসক মই চিনি পাওঁ তাৰে এজনৰো নাম পাৰ্থপ্ৰতিম নহয় ৷ তথাপিও মই ক’লো,লগত কোন কোন আছে মোৰ ভালকৈ মনত পৰা নাই তথাপিও উত্তম দা আমাতকৈ এবছৰ ডাঙৰ আৰু স্যামন্ত এবছৰ সৰু ৷’’
পাৰ্থপ্ৰতিম দত্তই হাঁহি এটা মাৰি ক’লে, ‘‘এহ্ তেনেহ’লে আপুনি আৰু মই একে বছৰতে মেট্ৰিক পাছ কৰিছিলো ৷ ১৯৮৭ চনত ৷’’
মই লগে লগে ক’লো, ‘‘কৈল্যান, ৰঞ্জীৱ, পাৰ্থ, প্ৰাঞ্জল…… ইহঁতবোৰ মোৰ লগৰ ৷’’
পাৰ্থপ্ৰতিম দত্তই উৎসাহিত হৈ ক’লে, ‘‘গোটেই কেইটাৰ মোৰ স্কুলৰ দিনৰে বন্ধু ৷’’
অকনমান সময় কৈল্যানৰ বোটছোৱানা আফ্ৰিকাত থকা খনিজ পদাৰ্থৰ ব্যৱসায় পাতিলো ৷
প্ৰাঞ্জলৰ কথা পাতিলো ৷ দেৱালীত যে এতিয়াও প্ৰাঞ্জল ক’ব নোৱাৰা হৈ থাকে তাৰ কথা পাতিলো ৷ প্ৰাঞ্জলৰ উচ্চ ৰক্তচাপ, কলেষ্ট্ৰলৰ কথা পাতিলো ৷
হঠাতে পাৰ্থপ্ৰতিম দত্তই মোক ক’লে, ‘‘প্ৰবাল আৰু মই এতিয়া একেটা বিভাগতে কাম কৰো ৷’’
মনতে ভাবিলো, ‘কোন প্ৰবাল ?’ মনত পৰিল প্ৰবালৰ কথা ৷
‘‘প্ৰবালক মই বৰ বেছি নাপালো ৷ সি দুমাহ মানৰ কাৰণে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়িছিল ৷ তেতিয়াই লগ পোৱা ৷ তাৰ পাছত কেতিয়াও লগ পোৱা নাই ৷ সেই দুমাহত মোৰ ভাল বন্ধুত্ব হৈছিল প্ৰবালৰ সৈতে ৷ এবাৰ লগ পালে ভাল লাগিব ৷’’
মোৰ কথা শুনি পাৰ্থপ্ৰতিম দত্তই মিচক মাচাককৈ হাঁহিবলৈ ধৰিলে ৷ মই ভাবিলো, ‘‘ক’ব ছাগে প্ৰাবল এতিয়া এই ৰেলখনতে আছে ৷ তাৰমানে সঁচাকৈয়ে যোৱা ২০ বছৰ নহয় ২৪ বছৰে লগ নোপোৱা বন্ধু এজন লগ পাই যাম এতিয়া !’
পাছে পাৰ্থপ্ৰতিম দত্তই তাতকৈয়ো সাংঘাতিক কথা এটা কৈ দিলে ৷
‘‘ময়ো আপোনাৰ লগতে পঢ়িছিলো, দুমাহমান ৷’’
মই চিঞৰি উঠিলো, ‘‘আৰে তাৰমানে আপুনি ৪ নম্বৰৰ পাৰ্থ ????????????? আৰে ভাই !!!!!!!!!!!!!’’
ইমান পৰে মনে মনে কথা শুনি থকা শ্ৰীমতীয়ে মাত লগালে, ‘‘চিনি পাইছা তাৰমানে ?’’
মই ফুৰ্তিত ৰ’ব নোৱাৰা হ’লো, ‘‘কিয় নাপাম আকৌ !! সেই কেইদিন মোৰ জিগৰি ডোষ্টি আছিল ৷ সাংঘাতিক অঘাইটং আছিল ৷ তামাম বস্তু !’’
পাৰ্থ প্ৰতিম দত্তৰ মুখৰ হাঁহিটো ডাঙৰ হ’ল ৷
..
….
ময়ে ক’লো,‘‘এই আপুনি আপুনি বাদ দিওঁ দেই ৷ আগতে দেখোন তই তই আছিল ৷’’
‘‘অ অ !’’ পাৰ্থই সহাৰি জনালে ৷
‘‘তোমাৰ যে ডিঙিত কিবা লকেট এটা আছিল ৷ কিবা যে গন্ডগোল লাগিছিল !’’, মই মনত পেলাই দিলো ৷
‘‘বুলেট (বন্দুকৰ গুলি) এটাৰে লকেট এটা কৰি লৈছিলো ৷ চিনিয়ৰ এজনে চিঙি দিছিল ৷ সেই লৈ মাৰ পিট হৈছিল ৷’’
শ্ৰীমতীয়ে মাত দিলে, ‘‘১৯৮৯চনৰ কথা তোমাৰ মনত আছে ?’’
‘‘আৰে কিয় মনত নাথাকিব জিগৰি ডোষ্টৰ কথা ৷’’
…
তাৰ পাছত পাৰ্থ আৰু মই যোৱা ২৪ বছৰত নিজৰ নিজৰ জীৱনত ঘটি যোৱা সৰু বৰ কথাবোৰ পাতিবলৈ ধৰিলো ৷ ডিব্ৰুগড়ৰ পৰা গাড়ীলৈ শিমলুগুৰি পালে গৈ ৷ তাৰ পাছত পাছতহে ‘গুড নাইট’ৰ আদান প্ৰদান কৰিলো ৷
..
….
মই মনতে ভাবিলো, ‘‘ত্ৰিদীৱ আৰু ৰূপমৰ জুঁফ্ৰাজ’ৰ যাত্ৰাৰ দৰেই ৰোমাঞ্চকৰ এই যাত্ৰা ৷’’
উপহংসাৰ
লিখিম বুলিও নেলেখিলো পাৰ্থৰ তিব্বতৰ ভিতৰলৈ চলোৱা সেই গোপন তথা শিহৰণকাৰী অভিয়ানবোৰৰ কথা ৷ Special Frontier Force (SFF) বা Establishment 22ৰ দিনবোৰৰ কথা ৷ আন এদিন ক’ম সেই কাহিনী ৷

পাৰ্থ প্ৰতিম দত্তৰ মুখৰ ডাঙৰ হাঁহিটোৰ সৈতে মোৰ মুখৰ হাঁহিটোও
ডাঙৰ হ’ল ৷
…
তাৰ পাছত পাৰ্থ আৰু মই যোৱা ২৪ বছৰত নিজৰ নিজৰ জীৱনত ঘটি যোৱা সৰু বৰ কথাবোৰ পাতিবলৈ ধৰিলো ৷ ডিব্ৰুগড়ৰ পৰা গাড়ীলৈ শিমলুগুৰি পালে গৈ ৷ তাৰ পাছত পাছতহে ‘গুড নাইট’ৰ আদান প্ৰদান কৰিলো ৷
..
….
মই মনতে ভাবিলো, ‘‘ত্ৰিদীৱ আৰু ৰূপমৰ জুঁফ্ৰাজ’ৰ যাত্ৰাৰ দৰেই ৰোমাঞ্চকৰ এই যাত্ৰা ৷’’
উপহংসাৰ
লিখিম বুলিও নেলেখিলো পাৰ্থৰ তিব্বতৰ ভিতৰলৈ চলোৱা সেই গোপন তথা শিহৰণকাৰী অভিয়ানবোৰৰ কথা ৷ Special Frontier Force (SFF) বা Establishment 22ৰ দিনবোৰৰ কথা ৷ আন এদিন ক’ম সেই কাহিনী ৷
No comments:
Post a Comment