Wednesday 23 October 2013

‘‘লক্ষ্যবিহীন জীৱন, কান্ডৰীবিহীন নাৱৰ দৰে’’

স্কুলত পঢ়া দিনত মই সাধাৰণ গণিত, বিজ্ঞান, ইংৰাজী, সংস্কৃত, সমাজ বিদ্যা, ঐচ্ছিক গণিত সকলো বিষয়ৰে সকলো পাঠেই সহজ পাইছিলো বুলি ক’লে বঢ়াই কোৱা নহ’ব ৷ পাছে অসমীয়াত যেতিয়া ৰচনা লেখিবলৈ দিয়ে তেতিয়া মোৰ জ্বৰ উঠি যায় ৷

আমাৰ দিনত অসমীয়াত ৰচনা মানেই ধৰ্মসিংহ ডেকাদেৱৰ ৰচনা বিচিত্ৰাখনেই সাৰথি ৷ সেইখন মেলি লৈ ‘গৰু’, ‘বিহু’, ‘বাতৰি কাকত’, ‘বানপানী’ আৰু ‘শংকৰদেৱ’ৰ ৰচনাকেইখন অলগাতিয়াল (?) যেন লগা বাক্য তথা শব্দবোৰ বাদ দি বাকী থকাখিনি উৰাই-ঘুৰাই মুখস্থ কৰি লওঁ ৷ এইকেইখন ৰচনা মুখস্থ কৰাৰ কাৰণ হৈছে প্ৰত্যেক পৰীক্ষাতে এইকেইখনেই আহে ৷ মুখস্থও হৈ যায় ভাল কৈ ৷ পাছে ইমান দীঘল হৈ যায় যে লিখোতে লিখোতে মোৰ হাতৰ বিষ উঠি যায় ৷ চাৰ-বাইদেউসকলে কয়, ‘‘ৰচনাখন কিন্তু ৪/৫ পৃষ্ঠাৰ হ’ব লাগিব’’ ৷ কেতিয়াবা হাতৰ বিষ বেছি হ’লে মই ৰচনাৰ পৰা ১০/১২টা মান লাইন বাদ দি দিওঁ ৷ কিন্তু হাতৰ আখৰবোৰ ডাঙৰ ডাঙৰ কৰি দিওঁ যাতে চাৰ-বাইদেৱে কোৱাৰ দৰে ‘‘ৰচনাখন কিন্তু ৪/৫ পৃষ্ঠাৰ’’ হৈ থাকে ৷

এখন ৰচনাই কিন্তু মোক জোলোকে জোলোকে পানী খুৱালে ৷
‘‘জীৱনৰ লক্ষ’’ ৷
এই ৰচনাখন ধৰ্মসিংহ ডেকাদেৱৰ ৰচনা বিচিত্ৰাত আৰম্ভ হৈছিল এনেদৰে,
‘‘লক্ষ্যবিহীন জীৱন, কান্ডৰীবিহীন নাৱৰ দৰে’’ ৷

এইখিনিলৈ ঠিকেই আছে ৷ প্ৰথম পেৰেগ্ৰাফটোলৈকে মই ৰচনাখন ঠিকেই পাওঁ ৷ তাৰ পাছত মোৰ কথাবোৰ পচন্ড নহয় গৈ ৷  ‘গৰু’, ‘বিহু’, ‘বাতৰি কাকত’, ‘বানপানী’ আৰু ‘শংকৰদেৱ’ৰ ৰচনা  ধৰ্মসিংহদেৱে লেখি দিয়াৰ দৰে লিখাত মোৰ কোনো আপত্তি নাছিল ৷ কাৰণ পৃথিৱীৰ সকলো গৰু মূলতঃ একেই, বিহুৰ প্ৰকাৰ বা বিবৰণ একেই হ’ব, শংকৰদেৱ পৃথিৱীত এজনেই আছিল বা তেনেদৰে বানপানী বা বাতৰি কাকতৰ ক্ষেত্ৰটো ক’ব পৰা যায় ৷ কিন্তু ‘‘জীৱনৰ লক্ষ’’ মানে ‘‘মোৰ জীৱনৰ লক্ষ’’ ৷ সেই লক্ষ্যৰ কথা আনে কেনেকৈ লেখি দিব ? মই যদি কিতাপত থকা ৰচনাখনকে লেখি দিওঁ তেতিয়া দেখোন মোৰ, ছাত্তাৰ আলী, অশোক বেহেৰা, গৌতম কটকী, নিৰজ বৰা, অৱনী দাস আদি কৰি সকলোৰে জীৱনৰ লক্ষ্য হ’ব গৈ ‘শিক্ষক হোৱা’ ৷ গোটেই দেশখন দেখোন শিক্ষকেৰেই ভৰি যাব ৷ (শিক্ষক হোৱা মানে কিতাপখনত দি থোৱা ৰচনাখনত ৰচনা লিখোতাজনৰ জীৱনৰ লক্ষ্য আছিল শিক্ষক !)

মই পঢ়া টেবুল বহি চিন্তা কৰিবলৈ ধৰো, ‘‘মোৰ জীৱনৰ লক্ষ্যনো কি আচলতে ?’’
তেতিয়া মোৰ বয়স  ১৩ বা ১৪ বা ১৫ বছৰ ৷
ভাবি নাপাওঁ কি নো মোৰ জীৱনৰ লক্ষ্য ৷
সৰুতে ক’ৰবাত পঢ়ি ভাবিছিলো মই ডাঙৰ হৈ ‘ট্ৰাক চালক’ হ’ম ৷ কাৰণ ট্ৰাক চালক হ’ব পাৰিলে মই ভাৰতৰ বিভিন্ন প্ৰান্তত ঘুৰি ফুৰিব পাৰিম আৰু তেতিয়া সেই অঞ্চলৰ জুইশলাৰ বাহবোৰ সংগ্ৰহ কৰিব পাৰিম ৷ হয় সেই সময়ত জুইশলাৰ বাহ সংগ্ৰহ কৰাটো মোৰ এটা বিশেষ আগ্ৰহ আছিল ৷ তাৰ পাছত মহাকাশ যাত্ৰী, দক্ষিণ মেৰুলৈ যোৱা বৈজ্ঞানিক, দূঃসাহসিক অভিযানৰ সদস্য, খেতিয়ক, চাৰ্কাছ দলৰ সদস্য, ৰবিন হুড বা দস্যু ভাস্কৰৰ দৰে এজন আদি কৰি বিভিন্ন ৰূপত মই নিজকে কল্পনা কৰিছিলো ৷
কিন্তু ইমানবোৰ কথা এখন ৰচনাত কেনেকৈ লেখিম ?
হাতৰ বিষ উঠি যাব দেখোন !

তেনেহ’লে কি কৰা ভাল হ’ব বাৰু ?? মোৰ অন্তৰংগ বন্ধু দুটামানৰ সৈতে সমস্যটোৰ কথা আলোচনা কৰিলো ৷ সমাধানো পাই গ’লো ৷
‘‘চোৱা, তিনিখন ৰচনাৰ মাজৰে পৰা এখন ৰচনা লেখিব লাগে ৷ জীৱনৰ লক্ষ্য বাদ দিওঁ ৷ বাকীবোৰ ভালকৈ মুখস্থ কৰো ৷ ‘কমন’ পৰিব দিয়া !’’
‘অ, অ’ বুলি হয়ভৰ দিলো ৷

ৰাতি শুৱলৈ লওঁতে মনলৈ আহিল যদি বাকী ৰচনা দুখনত ‘হজৰত মহম্মদ’ আৰু ‘অসমৰ কুটীৰ শিল্প’ আহি যায় !!!!! বিচনাৰ পৰা উঠি গৈ আকৌ ৰচনা বিচিত্ৰাখন মেলি ল’লো ৷
গোটেই দেশখনেই শিক্ষক হৈ যাওক, পৰীক্ষাৰ বহি চোৱাজনে যি বুলিয়ে নাভাৱক মই ‘শিক্ষক’ হৈ যোৱাই বুদ্ধিমানৰ কাম হ’ব ৷
কাইলৈ লগৰ দুটাকো কথাটো বুজাই দিব লাগিব ৷
‘‘তহঁত দুটায়ো ডাক্টৰী বাদ দি মাষ্টৰেই হৈ যাবি !’’

ৰচনাখন মুখস্থ হ’ল যদিও মই পাছে বুজি পোৱা নাছিলো ৷ ‘‘লক্ষ্যবিহীন জীৱন, কান্ডৰীবিহীন নাৱৰ দৰে’’ মানে কি ?
লক্ষ্যবিহীন জীৱন হ’লে নো কি হ’ব, কান্ডাৰী বিহীন নাওঁ এখনৰ অৱস্থানো কি হয় ?? মোৰ মতে আমাক অসমীয়া পঢ়োৱা বাইদেৱে গৰাকীও নাজানে তাৰ মানে কি ৷ এবাৰ ছমহীয়া পৰীক্ষাত মই লেখিলো ‘‘লক্ষ্যবিহীন নাওঁ, কান্ডৰীবিহীন জীৱনৰ দৰে’’ ৷  বাইদেৱে কিন্তু মোৰ ৰচনাখনত ৰঙা চিঞাহিৰে কাটি নিদিলে ৷

সেই ৰচনাখন মুখস্থ কৰাৰ বহু বছৰ পাছত মই অভিযন্তা হ’ল, তাৰ পাছত ব্যৱসায়ী হ’লো আৰু অৱশেষত  ‘শিক্ষক’ হৈ পৰিলো ৷

পাছে হাইস্কুলত ৰচনা লেখাৰ দৰেই শিক্ষক হ’লো যদিও এতিয়া যদি মোক কোনোবাই ‘মোৰ জীৱনৰ লক্ষ্য’ নামৰ লেখিবলৈ দিয়ে তেতিয়া আন কি লেখো নেলেখো নাজানো মই পাছে কথা অকনমান লেখিমেই লেখিম
‘‘যোৱা কেইমাহ মানৰ পৰা মোৰ জীৱনৰ লক্ষ্য হৈ পৰিছে
কেনেকৈ চুৰ-ডকাইতি নকৰাকৈ আজি পিয়াজ ১ কেজি ঘৰলৈ কিনি নিব পাৰো,
কেনেকৈ চুৰ-ডকাইতি নকৰাকৈছোৱালীজনীৰ স্কুলৰ বা নাচৰ বা গানৰ ফীজটো দিব পাৰো,
কেনেকৈ চুৰ-ডকাইতি নকৰাকৈ বিহু বা পুজাত শ্ৰীমতীৰ কাৰণে নতুন কাপোৰ এজোৰ কিনিব পাৰো,
কেনেকৈ চুৰ-ডকাইতি নকৰাকৈ জীয়াই থাকিব পাৰো ৷’’



2 comments:

  1. সুন্দৰ ৰচনা

    ReplyDelete
  2. Thanks for sharing this awesome blog content.
    TIME8 aims to become digital daily of things that matter across the South Asian countries with the global headquarter based in Guwahati, Assam.

    ReplyDelete