Tuesday 8 October 2013

আধা মিনিটৰ গল্প

সন্ধিয়া ঘৰলৈ উভতি আহি আছো ৷
তিনিজন কলেজীয়া লৰা ৷ R.G. Barua পথতে মদ খাই বেছ অভদ্ৰামী কৰি আছে ৷
নিউজ ছেনেলত এই কেইদিনৰ কাভাৰেজ দেখি দেখি এনেয়ে খং উঠি আছিল ৷ উঠি অহা ডেকাচামৰ কাম-কাজ দেখি দেখি অতিষ্ঠ হৈ পৰিছো ৷

ভাবিলো, ‘দি দিয়া যাওঁক নেকি এটা? মোৰো ডেকা তেজ আছে !’’

ভবা মতেই কাম !!!!!!!!!!!!!!!!!!!!!!!!!

.
.
.
.
.
.
.
.
.
গাড়ী start কৰি একে কোবেই আহি পালোহি D.K Wine Shop
‘‘কুকুৰহঁত ! তহতেই পাৰ নেকি অকল?????? (D.K Wine Shopৰ মেনেজাৰক সম্বোধি) শৰ্মা মোক এটা ব্লেন্ডাৰ্ছ প্ৰাইড ফুল দিয়া হে !’’

No comments:

Post a Comment