Tuesday 29 October 2013

গীতামণিৰ নম্বৰ

মোলৈ বিভিন্নজনে ফোন কৰে ৷ বিভিন্নজনৰ পৰা SMS আহে ৷
কেতিয়াবা খবৰ লয় আলু আহি পালে নাই, কেতিয়াবা খবৰ লয় চিলাপথাৰৰ বাছ কেই বজাত যাব ৷

এবাৰ এজনে নেকেৰাবিলৰ পৰা কৰিছিল, তেওঁৰ গৰুজনীৰ বেমাৰ হেনো ৷ মই বুজাই বুজাই হায়ৰাণ মই গৰু ডাক্টৰ নহয় ৷ মোক ওলোটাই বুজাই, ‘‘গৰু মৰেই, আপুনি সেই কাৰণে নহাকৈ থাকিব নে ?’’
(http://pratibhudutta.blogspot.in/2013/05/blog-post_21.html)
এবাৰ SMS হিল পাৰিজাতৰ নামত ৷
(http://pratibhudutta.blogspot.in/2013/02/blog-post_5182.html)
এবাৰ SMS আহিল বৰ্নালীৰ নামত ৷
http://pratibhudutta.blogspot.in/2013/04/blog-post_25.html

যোৱা কালি এক অচিনাকি নম্বৰৰ পৰা SMS আহিল , ‘‘sms Gitamoni's no (গীতামণিৰ নম্বৰ SMS কৰা )’’

কোন এই গীতামণি, কাক লাগে গীতামণিৰ নম্বৰ ?
এই SMS মোবৰ আহিলেই মোৰ ভয় লাগি যায় ৷ আগেয়ে চুটুকাপাই থৈছো ৷ তথাপিও জানিবলৈ মন গল কোন গীতামণি ৷
ফোন কৰিলো, ‘‘হেল্লা !’’
মই সুধিব খুজিছিলো - কোন গীতামণি ?
মই কব খুজিছিলো - মই প্ৰতিভূ দত্তই কৈছো ৷ এটা SMS আহিছিল মোৰ তালৈ ........’’
একো কবই নাপালো ৷
সিফালৰ পৰা বৰ ধুনীয়া মাতেৰে নাৰী কন্ঠই কলে, ‘‘যোৱাকালিৰে পৰা ৰৈ আছো ৷ মোৰ বিৰাট দৌৰা-দৌৰি ৷ বজাৰ, মানুহ মাতিবলৈ আছে ৷ (অকনমান গালি পৰাৰ দৰে) সোনকালে দিয়ক ৷ ৰাখিলো দেই !’’

হে প্ৰভু !!!!!!! কাৰ লগত কথা পাতিলো বাদ দিলো বাৰু ৷ কিন্তু কাৰ নম্বৰ পঠিয়াম ? অকনমান পৰ চিন্তা কৰি আকৌ ফোন কৰিলো, ‘‘(সিফালৰ পৰা কিবা এটা কবলৈ পোৱাৰ আগতেই কৈ দিলো) মোৰ তাত গীতামণিৰ নম্বৰ নাই !’’
‘‘অ হয় নেকি ? দিগন্তদাৰ নম্বৰটোকে দিয়ক ৷’’
চিন্তা কৰিলো কোনটো দিগন্তৰ নম্বৰ দিওঁ বাৰু ?
Diganta Kumar Bhattacharyaৰ নে
 Diganta Dasৰ নে Diganta Yadav Sarmaৰ নে Diganta Lahkar?
সুধি দিলো, ‘‘কোনটো দিগন্তৰ নম্বৰ দিম ?’’
‘‘ধেই কি ধেমালি কৰি থাকে ? মোৰ বিৰাট দৌৰা-দৌৰি ৷ বজাৰ, মানুহ মাতিবলৈ আছে ৷ (অকনমান গালি পৰাৰ দৰে) সোনকালে দিয়ক ৷’’
মই সেপ ঢুকি কলো, ‘‘মানে কোনটো দিগন্ত সেইটো কৈ দিলে ভাল হয় ৷ তেতিয়া সোনকালে দি দিব পাৰিম ৷’’
‘‘আৰে আপোনাৰ ৰূমমেট, আপোনাৰ বন্ধু, NRLৰ দিগন্তদাৰ নম্বৰ ৷ গীতাৰ হাজবেন্ড দিগন্তদাৰ নম্বৰ ৷’’
‘‘অ তাকেই নোকোৱা কিয় ? মোৰ WHATS UP বন্ধু
 Diganta Boraৰ নম্বৰ লাগে...’’
‘‘মই নো আৰু কি কৈ আছো ?’’
‘‘লোৱা লোৱা ৯৪৫৩৭০৩০..’’

নম্বৰ বিচৰা ছোৱালীজনীৰ বিয়া অহা ৮ নভেম্বৰত ৷
হিয়া ভৰা শুভেচ্ছা জনালো তৃপ্তি ৷
 

No comments:

Post a Comment