Thursday 31 October 2013

Bebo আৰু Raju DC

মবাইল ফোনৰ সৈতে মোৰ সম্বন্ধটো বৰ খেলিমেলি লগা ধৰণৰ ৷
১০/১২ বছৰমান আগয়ে মই মোৰ জীৱনৰ প্ৰথম মোবাইলটো কিনিছিলো ৷
Polyphonic Ringtone, coloured Screen সাংঘাটিক মবাইল হেনো ৷ Nokia 2600 ৷ ৫০০০মান টকা ভৰছিলো ৷ সেই ফোনটোৰ পৰা মই ফোন কৰিব পাৰিছিলো ৷ sms কৰিব জানিছিলো ৷ দৰকাৰ পৰিলে কেইবাজনলৈকো sms একেলগে কৰিহ পাৰিছিলো ৷ আনকি আপোনালৈ পঠাব খোজা sms আপোনালৈকে পঠিয়াব জানিছিলো ৷ snake, bounce আৰু গুলী মৰা খেল এটা খেলিব জানিছিলো ৷
আটাইতকৈ ডাঙৰ কথা মই নম্বৰবোৰ চেভ কৰিব জানিছিলো আৰু দৰকাৰ পৰিলে কোনোবাই বেলেগৰ নম্বৰ বিচাৰিলে ফোন নকটাকৈয়ে নম্বৰটো চাই দিব জানিছিলো ৷

পাছে কিছু বছৰ যোৱাৰ পাছত মোৰ সেই অত্যধুনিক মোবাইলটো পুৰণি হবলৈ ধৰিলে ৷ মাজে মাজে দুই-এজোৰাই কবলৈ ললে, ‘‘এটা নতুন মবাইল ললে ভাল হয় আৰু !’’

২০১১ চন মান ছেন্নাইত চাকৰি কৰি থকা ভন্টি অসমলৈ ঘুৰি আহিল ৷ তাই যেতিয়া এটা নতুন মবাইল কিনিলে ব্যৱহাৰ কৰি থকা মবাইলটো মোক দিলে ৷ সেই মবাইলটো মোৰ বাবে বেছ অত্যধুনিক আছিল ৷ আনকি তাত এটা কেমেৰাও আছিল ৷ মোৰ এটা নতুন মবাইল হল !

পাছে আহুকালো বহুত হল ৷
মবাইলটো মই ভালকৈ ব্যৱহাৰ কৰিব নাজানো ৷ তাতে আগৰত মবাইলত থকা বহু নম্বৰ এই মবাইলটোলৈ নাহিল ৷ মই নম্বৰবোৰ চেভ কৰিবলৈকো বৰ অসুবিধা পালো ৷
স্ক্ৰিনখনতে আঙুলিৰে খুন্ডা মাৰি মাৰি আখৰ লেখিব লাগে ৷ মোৰ ডবহা আঙুলি কেইটাৰে কিবা এটা টেপা মাৰিলে কিবা এটা ওলাই ৷
 
মই পৰাপক্ষত নম্বৰ মুখস্থ কৰি ৰাখিবলৈ ধৰিলো ৷
মই সঘনাই ফোন কৰি থকা সকলৰ নম্বৰ মই চেভ কৰি থোৱা নাই ৷
বহুতৰে নাম সাংকেতিক ভাবে বা সংক্ষিপ্ত ভাবে সাচি থৈছো ৷

পাছে মাজে মাজে খেলিমেলি হৈ যায় ৷
এদিন মই কিবা কামত ব্যস্ত আছিলো ৷ ফোন বাজিল ৷এওঁক কলো, ‘‘চোৱাচোন কোনে কৰিছে ?’’
ফোনটোৰ ফালে চাই এওঁ অকনমান বেলেগ সুৰত কলে, ‘‘মিছ কল ৷’’
মোৰ অকনমান খঙেই উঠিল, ‘‘আৰে ফোন বাজিয়ে আছে ! কি আকৌ মিছ কল ? চোৱাচোন কোনে কৰিছে ৷’’
‘‘মইনো কত কলো ফোন বজা নাই ৷ কোনোবা Beboই ফোন কৰিছে ৷ কোন এএই মিছ ?’’
মই আচৰিত ৷ আৰে কোন এই বেব ?কেনেবাকৈ কৰীনা কাপুৰে মোলৈ ফোন কৰিছে নেকি বাৰু ?
জানিবলৈ মন গল ৷ পাছে শ্ৰীমতীৰ আগত কাম বাদ দি মিছ বেবলৈ ফোন কৰিবলৈ সাহস নহল ৷
মই ৰুটি বেলাত ব্যস্ত হলো (হয় কাম মানে মই ৰুটি বেলি আছিলো !)
 

কাম আজৰাই মিছ বেবলৈ ফোন কৰিলো, (অলপ সম্ভ্ৰমেৰে ) ‘‘হেল্ল’ !’’
সিফালৰ মাত দিলে, ‘‘প্ৰতিভূ দা, শিৱসাগৰলৈ আহিব নহয় ?’’
মই আচৰিত কৰীনা কাপুৰে মোক প্ৰতিভূ দা বুলি মাতিছে !!
তাতোকৈ আচৰিত হলো মিছেছ চেঈফ আলীখানৰ মাতটো মোৰেই কোনোবা চিনাকি বন্ধু এজনৰ দৰে লাগিল ৷ সুধিবলৈ বেয়া পালো, ‘‘হেৰা তুমি নো কোন বেব !’’
গতিকে টুকুৰিয়াবলৈ ধৰিলো ৷
পাছত গম পালো সেইয়া Bedabrata Borah ৷ মই তাৰ নামটো লেখিব খুজিছিলো Bedo ৷ পাছে হৈ গBebo

আন এটা নাম Raju DC
এইটো কাৰ নম্বৰ ধৰিব নোৱাৰা হলো ৷
কেনেবাকৈ বাৰু ৰাজু সৰকাৰৰ নম্বৰ নেকি ?
Raju Sarkar Delhi College of Engineering সংক্ষেপতে Raju DEC লেখিবলৈ গৈ Raju DC লেখি থলো ! নে ছিডনীত থকা ৰাজু দাস ? নাই ছিডনীৰ ৰাজুৰ এই নম্বৰ নহয় ৷ তাৰ মানে এইটো দিল্লীৰ বাজুৱে হব ৷ পাছত গম পালো দি্ল্লীৰ ৰাজুৰ নম্বৰ বেলেগ এটাহে ৷ কাৰ হব পাৰে বাৰু ??
 
ফোন এটা কৰি সুধিবলৈকো বেয়া পালো, ‘‘এইটো কাৰ নম্বৰ ?’’ বুলি ৷
 

যোৱাকালি এটা sms আহিল Raju DCৰ পৰা
‘‘I will be delayed today as I have to attend the inauguration of inter college debating competition to be held in Assam Engineering College in memory of my father"
তেতিয়াহে গম পালো Raju DCনো কোন !!!

আৰু কাৰ কাৰ নম্বৰ ছাগে কি বুলি ছেভ কৰি থৈছো নাজানো আৰু দেই !!!

No comments:

Post a Comment