যোৱাকালি প্ৰাপ্তিয়ে ৮ বছৰ সম্পূৰ্ণ কৰিলে ৷ দুদিনমান আগৰে পৰা মাকে আপত্তি কৰি আছিল, ‘‘ছোৱালীজনী ডাঙৰ হৈ গ’ল, মোৰ মনটো বেয়া লাগি আছে ৷’’
মই মনে মনে শুনি থাকো, একো নকওঁ ৷ কমনো কি বাৰু ? ছোৱালীজনী যেতিয়া সৰু আছিল তেতিয়া আপত্তি আছিল, ‘ডাঙৰ কেতিয়া হ’ব ?’ এতিয়া এই ৯ত সোমাওতেই আপত্তি ছোৱালীজনী ডাঙৰ হ’ল ! অৱশ্যে মনে মনে থকাই শ্ৰেয় ৷ মাত মাতি বিপদ চপাই লোৱাহে হ’ব ৷
পাছে আজি দুপৰীয়া গম পালো মোৰ ছোৱালীজনী সঁচাকৈয়ে ডাঙৰ হ’ল ৷
মোৰো মনটো দেখোন সেমেকি গ’ল ৷
২০০৫ চনৰ ৫ অক্টোবৰৰ দিনা দেউতাক হ’লো ৷ আই.চি.ইউ, এন.আই.চি.ইউ, চেপ্টিচেমিয়া আদি পাৰ কৰি ডিচেম্বৰ মাহমানত ঘৰ আহি পালো ৷ ছোৱালীৰ বয়স তেতিয়া দুমাহ হৈছিল ৷ তেতিয়াৰে পৰা ছোৱালীজনীক মই সাধু শুনাই আহিছো ৷ প্ৰতি নিশা মই তাইক সাধু শুনাও ৷
ৰামায়ণ, মহাভাৰত, ঈছপ, পঞ্চতন্ত্ৰ, হিতোপদেশ, টিংকল, অমৰ চিত্ৰকথা, কমিকছ, বিভিন্ন সাধুকথাৰ কিতাপ..........
আগেয়ে মই নিজৰ ইচ্ছা মতে কিতাপ এখন বাচি লৈ সাধু শুনাইছিলো ৷ পাছলৈ প্ৰাপ্তিয়ে নিজৰ পচন্ডমতে কিতাপ এখন হাততলৈ বিচনাত উঠে ৷
মই সাধু কৈ শেষ হোৱাৰ পাছতহে তাইৰ টোপনি আহে ৷
যদি কিবা কাৰণত মোৰ ঘৰলৈ উভটি আহোতে পলম হয় তাই ৰৈ থাকে ৷ গতিকে ময়ো যিমান পাৰি সিমান সোনকালে ঘৰলৈ উভটিবলৈ যত্ন কৰো ৷
এইবাৰ তাইৰ জন্মদিন বুলি মই তাইক ভালেমান কিতাপ কিনি দিলো ৷ অসমীয়া আৰু ইংৰাজীত ৷ আজি দুপৰীয়া তাই যেতিয়া Pinocchio, Swiss Family Robinson আৰু Oliver Twist নিজেই জোটাই জোটাই পঢ়ি দিলে প্ৰথমেই বৰ ভাল লাগিল ৷
তাৰ পাছত গম পালো প্ৰাপ্তি ডাঙৰ হৈ গ’ল !!
তাৰমানে মই আৰু তাইক সাধু শুনাব নোৱাৰিম !!!!!!!!!!!
হঠাতে মনত পৰিল নেশ্যনেল বুক ট্ৰাষ্ট আৰু ছিলড্ৰেনৰ কেইবাখনো অসমীয়া কিতাপো আনিছো ৷
তাইক সেইকেইখন পঢ়িবলৈ ক’লো ৷
জোটাই জোটাই তাৰে দুখনমানো পঢ়ি দিলে ৷ মাজে মাজে অৱশ্যে দুই এটা শব্দ পঢ়িব নোৱাৰিলে ৷ সহায় কৰি দিলো ৷
তাৰ মানে মোৰ আজিৰ পৰা কাম নাই !!!!!!!!!!

No comments:
Post a Comment