বৰষুণ কেতিয়া এৰিব
জানো পায় !!
মই বতৰৰ কথা বুজি নাপাও !
সৰুতে বিজ্ঞানৰ প্ৰথম পাঠটোত সদায়ে থাকে ‘বায়ু পানী আৰু বতৰ’’ ৷ নতুন শ্ৰেণীত নতুন কিতাপ গোটাই যেতিয়া বিজ্ঞানত প্ৰথম পাঠটো মেলি লওঁ মন বেয়া লাগি আহে ৷
আকৌ বায়ু পানী আৰু বতৰ ৷
কিমাননো বতৰৰ কথা পঢ়িম আৰু ?
তাতে মই বায়ু পানী আৰু বতৰ বেছি ভাগ কথা বুজিলৈকো অসুবিধা পাইছিলো ৷
মই আজিও বায়ু পানী আৰু বতৰৰ কথাবোৰ বুজি নাপাওঁ ৷
মই কাহানিও বায়ু পানী আৰু বতৰৰ কথা বুজি নাপালো ৷
আমি বোধহয় চতুৰ্থ শ্ৰেণীত পঢ়ো তেতিয়া ৷ আহমেদ চাৰে বিজ্ঞান পঢ়ায় ৷ এবাৰ আমাক বুজালে দাক্ষিণাত্যত হেনো বছৰত দুবাৰ বৰষুণ হয় আৰু আমাৰ অসমত হেনো বছৰত এবাৰ বৰষুণ হয় ৷ হাহিমেই নে কান্দিমেই ধৰিব পৰা নাই ৷ অসমত এবাৰ বৰষুণ ??? কিতাপত বাৰু লিখা আছে সেই কথা ময়ো দেখিছো ৷ কিন্তু ভুলকৈ লিখা আছে বুলিয়ে জানো চাৰে তেনেকৈয়ে পঢ়াই দিব লাগে ? মই ভুলটো দেখুৱাই দিলো ৷ চাৰে মোক কিবা কিবি বুজাবলৈ যত্ন কৰিলে যদিও মই মনে মনে শপত খালো, ‘‘ইমান ভুল কথা আছে যেতিয়া মই বায়ু পানী আৰু বতৰৰ কথা মন দি নপঢ়ো ৷’’
কথামতেই কাম ৷ মই বাদ দিলো বায়ু পানী আৰু বতৰৰ কথা পঢ়িবলৈ ৷
সেয়ে ছাগে বতৰৰ কথাবোৰ কাহানিও বুজি নাপালো ৷
কলেজ হোষ্টেলত থাকোতে কেতিয়াবা গোটেই ৰাতি বৰষুণ দি থাকে ৷ চাৰিওফালে মাথো পানী আৰু পানী ৷ পুৱা চকু মেলি দেখো উজ্জ্বল, দিগন্তহঁত ক্লাছলৈ যাবলৈ সাজু ৷ মই শুই থকা দেখি সিহঁতে গালি পাৰে, ‘‘উঠ ! উঠ ! নাযাৱ নেকি ?’’ মই সিহঁতৰ কথাত গুৰুত্ব নিদিও ৷ মই সিহঁতক গালি পাৰো, ‘‘কাম নাই আৰু !! ইমান বৰষুণতো তহঁতৰ দৰে পাগলবোৰহে ক্লাছলৈ যায় ৷ কোনো এজন প্ৰফেচাৰ যদি ক্লাছলৈ আহে মোৰ নামত কুকুৰ পুহিবি ৷’’
আচৰিত হ’ব লগা একো নাই যে হোষ্টেলটোত মোৰ নামৰ প্ৰায় ২০টামান কুকুৰ আছিল ৷ আৰে মই হৈছো স্কুলত ‘বায়ু পানী আৰু বতৰ’ নপঢ়ি অহা ল’ৰা ৷ বতৰৰ কথা নাজানো, বুজি নাপাওঁ ৷ দিগন্তহঁত হোষ্টেলৰ পৰা গৈ কলেজ পোৱাৰ লগে লগেই টিকা ফটা ৰ’দ ওলাই ৷ বিচনাৰ পৰা উঠিলেও সেই ৰ’দত আৰু কলেজ যাবলৈ মন নাযায় ৷
মই হোষ্টেলৰ বাৰান্ডত বহি বহি মোৰ নামৰ কুকুৰ কেইটাক বিস্কুট খুৱাও ৷
মনতে ভাবো চতুৰ্থ শ্ৰেণীত আহমেদ চাৰে ‘‘দাক্ষিণাত্যত বছৰত দুবাৰ বৰষুণ হয় আৰু আমাৰ অসমত বছৰত এবাৰ বৰষুণ হয়’’ বুলি ভুলকৈ নপঢ়োৱা হ’লে আজি মই কুকুৰক বিস্কুট খুৱাই থকাৰ সলনি ডিজিটেল ইলেক্ট্ৰনিক্সৰ শ্ৰেণীত বহি টোপনিয়াই থাকিলো হয় !

Nice One
ReplyDelete