Sunday, 29 September 2013

ভিনি, কৰিছিলো ফোন ৷ অফ কৰি থৈছে আপুনি ৷ পুজাত জিৰোত লগ পাম দিয়ক

ল আজিৰ পৰা ২/৩ বছৰ মান আগৰ কথা ৷ ফেছবুক কি বস্তু ভালকৈ বুজি উঠা নাই ৷
মই সেই সময়ত ফেছবুক মানে পুৰণি বন্ধু বিচাৰি পোৱাৰ এক উপায় তথা চিনাকি মানুহৰ ফটো চোৱাৰ উপায় বুলিয়ে ধৰি লৈছিলো ৷
এজন দুজনকৈ বন্ধু/চিনাকি লোক বন্ধুৰ তালিকাত গোট খাইছে ৷
অচিনাকি দুই এজনৰ সৈতেও চিনাকি আৰম্ভ হৈছে ৷
মোৰেই এজন ফেছবুক ষ্পেছিয়েলিষ্ট বন্ধুৱে মোক বুজালে, ‘‘যদি তই দেখিছে যে কোনোবা এজনৰ সৈতে তোৰ বহু উমৈহতীয়া বন্ধু (mutual friend) আছে তেনে হলে তই চকু মুদি তেখেতৰ সৈতে বন্ধু হৈ যাব পাৰিবি ৷’’

এবাৰ চকুত পৰিল এজন মোৰ অপৰিচিত লোকৰ ফেছবুক প্ৰফাইলত ৷ ভালকৈ চাই দেখো তেখেত আৰু মোৰ প্ৰায় ২০০কৈ আধিক  উমৈহতীয়া বন্ধু ৷ ভালকৈ চাই দেখো চৰকাৰী চাকৰি কৰে, বয়সত মোতকৈ ডাঙৰ হব ৷ কিবা এটা মই তেখেতলৈ বন্ধুত্বৰ প্ৰস্তাব আগবঢ়ালো ৷ তেখেতে মোৰ প্ৰস্তাব গ্ৰহণ কৰিলে ৷ এদিন মোক অনলাইন পাই মোৰ ফোন নম্বৰটো খুজিলে ৷
মই মোৰ নম্বৰটো দি দিলো ৷

দুদিনমান পাছত ৰাতি ফোন আহিল  ৷
অচিনাকি নম্বৰ দেখি লাহে কৈ কলো - হেল্ল’ !
সিফালৰ পৰা জনালে কোনে কৈছে ৷ মোৰ সেই ২০০তকৈ অধিক  উমৈহতীয়া বন্ধু থকা ফেছবুকৰ বন্ধুজন ৷
ফেছবুক বন্ধু - অই কি কৰি আছ ?
মই (থতমত্ খাই) - আছো এনেই !
ফে. ব. - এনেই আছ যদি আদি যা !
মই ( আগতকৈও বেছি থতমত্ খাই) - কলৈ যাম দাদা ?
ফে. ব. (খং কৰাৰ দৰে ) - কলৈ যাম মানে ? মোৰ ঘৰলৈ আহি যা ৷ আৰু কি দাদা দাদা লগাই আছ এইবোৰ ?
মই ( থতমত্ খাবলৈ বাদ দি) - আপুনি মোতকৈ বয়সত ডাঙৰ ৷ সেয়ে দাদা বুলি মাতিলো ৷
ফে. ব. (সঁচাকৈ খং কৰি ) - আৰে মই ভিনিহিয়ে কৈছো ! ভিনিহি !!!
মই চিন্তাত পৰি গলো ৷ কোন ভিনিহি ? ৰ ভিনিহি ? মোৰ কোনজনী বাইদেউৰ লগত তেখেতৰ বিয়া হৈছিল ?
মই (ভয়ে ভয়ে ) - কিন্তু ভিনদেউ মই আপোনাক চিনি পোৱা নাই দেখোন !
ভিনদেউ - কি ???? তই মোক গনেশগুৰিত লগ পোৱা নাই নেকি ?
মই খুব খৰকৈ চিন্তা কৰিবলৈ ধৰিলো ৷ গনেশগুৰিত কোনজন ভিনদেউ থাকে ৷ নাই মনত নপৰে ৷ মই মনে মনে থকা দেখি ভিনিহিয়ে প্ৰায় হতাশ হৈ কলে - ফোন থওঁ দে !
মই ৰক্ষা পালো ৷

ফেছবুকত লগ ইনকৰি ভিনিহিৰ প্ৰফাইলটো ভাল দৰে চালো ৷ ওহোঁ মই চিনি পাৱা নাই ৷ বাইদেউজনীক চালো ৷ নাম অনামিকা ৷ নাই মোৰ মনত পৰা নাই কোন বাইদেউ এইজনী ৷
সেই ভিনদেউৰ সৈতে মোৰ সেয়ে শেষ যোগাযোগ ৷

মাজে মাজে কথাটো মনত পৰে ৷ মনতে ভাবো ২০০তকৈ বেছি !!!!!!!!!!
কোন হয় বাৰু ?? কাকো কেতিয়াও সোধা হোৱা নাই ৷ এইবাৰ উমৰাংছু যাওঁতে অভিজিতৰ মুখত কিবা প্ৰসংগত ভিনিহিৰ নামটো শুনিলো ৷ লগে লগে তাক সুধিলো - অঅভিজিৎ কোন নো তেখেত ?
অভিজিৎ - কিয় ? তেখেত ব্ৰহ্মানন্দ ভিনি আকৌ !
মই - তোমাৰো ভিনিহি ? কোন বাইদেউৰ সৈতে বিয়া হৈছে ?
অভিজিৎ - কিয় বিদ্যুতৰ বায়েকৰ সৈতে আকৌ !
মই - বিদ্যুৎ মানে পাংগিং ?
অভিজিৎ - কিয় আপুনি নাজানে নেকি ? এতিয়া মানাহত আছে ভিনিহি !

মই গুৱাহাটীলৈ আহিয়ে তেখেতৰ সৈতে কথা হম বুলি ভাবি আছিলো ৷
ফোনত তেখেতে ঠিকেই গালি পাৰিছিল তেখেতে মোক ৷
আজি মোৰ ৱালত তেখেতক দেখা পোৱাৰ পাছতহে মোৰ মনত পৰিল তেখেতলৈ ফোন কৰিবলৈ আছিল বুলি ৷


‘‘ভিনি, কৰিছিলো ফোন ৷ অফ কৰি থৈছে আপুনি ৷ পুজাত জিৰোত লগ পাম দিয়ক ৷’’

No comments:

Post a Comment