ডোনা প্লেনেটত..........
চিনেমাৰ সৈতে মোৰ পৰিচয় সঁচা অৰ্থত ১৯৮৭চনতহে হৈছিলে ৷
সেইবছৰ মেট্ৰিক পৰীক্ষা দি কলেজত নাম লগালো আৰু হোষ্টেলত থাকিবলৈ ল’লো ৷ প্ৰতি শুক্ৰবাৰ বা শনিবাৰে হয় অনুৰাধা নহয় অপস্বৰালৈ গৈছিলো ‘নাইট শ্ব’ চাবলৈ ৷ দেওবাৰে বন্দনা, ৰুপশ্ৰী, ৰূপায়ন বা আন কোনো হ’লত ‘মৰ্নিং শ্ব’ত ইংৰাজী চিনেমা চাওঁ ৷ সেই চিনেমাখন চাইহে খুড়া বা আন কোনো চিনাকীৰ ঘৰলৈ যাওঁ দেওবৰীয়া ভাত-মাংস খাবলৈ ৷ আজি কালি মৰ্নিং শ্ববোৰ নোহোৱা হৈ গ’ল নেকি জানো পায় !
সেইদিনবোৰত একেবাৰে চিনেমা পাগল ৷ হ’লেই হ’ল, কোনোবাই লগ ধৰিলেই হ’ল, মন ভাল লাগিল বা মন বেয়া লাগিল বা আমনি লাগিল বা আনন্দ লাগিলেই হ’ল ৷ চিনেমা চাব গুছি গৈছিলো ৷
ইঞ্জিনীয়াৰিং পঢ়ি থাকোতে পৰীক্ষা চলি থকাৰ মাজত চিনেমা নাচালে পৰীক্ষা বেয়া হ’ব বুলি আমাৰ এটা ধাৰনা আছিল ৷
আমি পঢ়ি থকা দিনবোৰত দেওবাৰে দুখন চিনেমা চোৱাটো আমাৰ বাবে সাধাৰন কথা আছিল ৷ এবাৰ মই আৰু দুটামানে দেওবাৰ এটাত তিনিখনকৈ চিনেমা চাই দিছিলো ৷ উৰ্বশীত ‘মৰ্নিং শ্ব’ চাই ওলাই আহি দেখিলো ৰূপায়নত ‘মেটিনি শ্ব’ত ‘ডাকু হাছিনা ৰামকালী’ বা তেনে এক নামৰ চিনেমাৰ টিকটৰ লাইনত লগৰে দুটামান ৰৈ আছে ৷ গতিকে কিবা অকনমান খাই সেইখনো চাই দিলো ৷ ৫ বজাৰ বাছেৰে কলেজলৈ বুলি উভটি আহি থাকোতে ভাবিলো ভোক বৰ বেছিকৈ লাগিছে ৷ গতিকে মালিগাওঁৰ ছৌৰংগী হোটেলত সোমালো তন্ডুৰী ৰুটি খাবলৈ বুলি ৷ তাত ৰুটী খাই আড্ডা মাৰি থাকোতে ৭ মান বাজিল ৷ এটাই ক’লে, ‘‘অনুপমাত নাইট মাৰি দিও দে ৷’’ কথামতে কাম ৷ অনুপমাত ‘নাইট শ্ব’ত ‘মৰ্ জায়েংগে, মীট জায়েংগে’ জাতীয় এখন চিনেমা চাই ৰাতি ১২মান বজাত গৈ হোষ্টেল পালো গৈ ৷
কিছুমান চিনেমা আছিল এনেধৰনৰ যে ৰিলিজ হোৱাৰ দিনাই চাব লাগিব ৷ ‘শাহেনশাহ’ ৰিলিজ হোৱাৰ দিনাই জালুকবাৰীৰ পৰা মেটিনি শ্বত উদেষ্ণাত চাবলৈ গ’লো ৷ মেটিনিত টিকেট নাপালো ৷ ফাৰ্ষ্ট শ্বলৈকে ৰৈ দিলো টিকেট ঘৰৰ মুখত ৷ ৰিলিজ হোৱাৰ দিনাই যদি অমিতাভৰ চিনেমা নাচালো তেনেহ’লে মোৰ দৰে চিনেমা পাগলৰ বাবে তাতকৈ ডাঙৰ অপমান আৰু কি হ’ব পাৰে ?
তেতিয়াৰ দিনৰ চিনেমা চোৱাৰ মাদকতা বেলেগ আছিল ৷ সাধাৰনতে দল বান্ধি যাওঁ ৷ টিকেটৰ কাৰনে হেতা-ওপৰা, মাৰপিট ৷ চিনেমা হ’লৰ মেনেজাৰক হুমকি, ‘‘টিকেট লাগিবই ৷ এতিয়াই দিয়ক ২০টা ৷’’
আনৰ কথা নাজানো মই সেই সময়ত চিনেমা হ’লত মাৰ পিট কৰি বৰ ভাল পাইছিলো ৷
আজিকালি সেই হ’লবোৰৰ আগেদি পাৰ হৈ গ’লে মনটো বেয়া লাগি যায় ৷ মানুহ দুনুহ নাই ৷ ব্লেকাৰবোৰ আছে নে বাৰু ? নাই ছাগৈ ! কি কৰে জানো আজিকালি তেওঁলোকে !
কেইটামান চিনেমা হ’ল বন্ধই হৈ গ’ল ৷ অনুপমা, উদেষ্ণা, ৰূপায়ন, কেলভিন !!!!!!!!
বিজুলী, উৰ্বশী এই হ’লবোৰ বহুদিন হ’ল দেখাই নাই ৷ আগতে প্ৰতি সপ্তাহত এবাৰ হ’লেও হ’লবোৰৰ আগেদি যাওঁতে অন্ততঃ মন কৰি গৈছিলো কি পোষ্টাৰনো মাৰি থৈছে ৷
মই আজিকালি মাল্টিপ্লেক্সবোৰত চিনেমা চাই ভাল নাপাওঁ ৷ মই সেই মাদকতা বিচাৰি নাপাওঁ ৷ ১০০ টকাদি ‘কেৰামেল পপকৰ্ণ’ কিনি ‘পূছবেক’ চকীত বহি অকনমানি অকনমানি মাল্টিপ্লেক্সবোৰত মই বৰ আমনি পাওঁ ৷
প্ৰাগজ্যোতিত কৰা মাৰ পিটৰ কথা মনত পৰি যায় ৷
কাষত বহি থকাজনক ঘোছা এটা মাৰি দিব মন যায় !
কেতিয়া যদি কোনো নিউজ ছেনেলেত ব্ৰেকিং নিউজ আহে ডোনা প্লেনেটত অভব্য আচৰণ কৰা বাবে এজন চল্লিছোৰ্দ্ধৰ ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে, সেই বাতৰি নাচালেও হ’ব ৷
সেইজন ময়ে হ’ম ছাগৈ !

No comments:
Post a Comment