Wednesday, 11 June 2014

আপত্তি

দাদা আজি কালি মোৰ খবৰেই নলয় !ফোনতে আপত্তি ৷
মনতে ভাবিলো কথাটো হয় ৷ বহুদিন খবৰ লোৱা নাই ৷
বহাগ মাহ, চাৰিওফালে বিয়াৰ বতৰ ৷
এনেয়ে সুধি দিলো, ‘‘দিন-বাৰ ললি নেকি ?’’

‘‘আগষ্টমানত হব হৈ ৷’’
‘‘আই ঔ ! ভাল খবৰ দেখোন ! নিজেই ঠিক কৰিলি নে ?’’
‘‘নাই নাই দাদা ৷ মই কিবা তেনেকুৱা নেকি ?’’ 

‘‘তেনেকুৱা নেকি মানে ? কেনেকুৱা ?’’
‘‘নহয় মানে আজিলৈকে লৰা এটাৰ ফালে কোনোদিন চোৱা নাই ৷ আগতে নাকৰ পোনে পোনে স্কুললৈ যাওঁ, কলেজলৈ যাওঁ ৷ এতিয়া অফিছলৈ যাওঁ ৷ মই আৰু কি ঠিক কৰিম ? ঘৰৰ পৰায়ে ঠিক কৰিছে ৷’’
‘‘অ অ ভাল ভাল ৷ জোৱায়ে কি কৰে ? ঘৰ ক? সেই যে বৰডুবিৰ ফালৰ প্ৰফেচাৰ কৰে সেই লৰাজন নেকি ?’’
‘‘নহয় নহয় দাদা ৷ সেইজন নহয় ৷ প্ৰাইভেট কোম্পানীত কৰে ৷ আমেৰিকাত থাকে ৷’’
‘‘উৱা ! এইটো কি কথা আকৌ ? খুড়ীয়ে দেখোন ইমান দূৰলৈ ছোৱালী নিদিওঁ বুলি আগতে লন্ডনৰ জোৱাই নাকচ কৰিছিল ৷ এইবাৰ যে আমেৰিকা পালে গৈ ? তই নিজে পচন্ড কৰি যেন পাইছো ৷’’
‘‘নাই নাই দাদা, মাহঁতে নিজেই ঠিক কৰিছে ৷’’
‘‘জোৱাইৰ ঘৰ ক?’’
‘‘ছিৰছাত ৷’’
‘‘ছিৰছা ? ছিৰছা কোন ফালে অ ?’’
‘‘দাদা হাৰিয়ানাত ৷’’
‘‘হাৰিয়ানাত ? খুড়ীয়ে বিয়া ঠিক কৰিলে ? তই নিজে পচন্ড কৰা নাই ?’’
‘‘নাই নাই দাদা, মাহঁতে নিজেই ঠিক কৰিছে ৷’’
‘‘বুজিলো ৷ আগতে দেখোন জাত-পাত নিমিলাৰ কাৰণে দুটামান নাকচ হৈছিল ৷ এইবাৰ ছিৰাছত থকা অসমীয়া বিচাৰি পালে দে ৷ ভালেই হল দে ৷’’
‘‘নাই দাদা, অসমীয়া নহয় ৷ সিহঁত হাৰিয়াভি ৷’’
‘‘বঢ়িয়া ৷ বঢ়িয়া ৷ হেৰি নহয়, জোৱাই তোতকৈ বয়সত কিমান ডাঙৰ ?’’
‘‘দাদা ডাঙৰ মানে মইহে তাতকৈ দুমাহমানৰ ডাঙৰ ৷’’
‘‘হেৰি নহয় তই নিজে পচন্ড কৰা নাই ছাগে ৷ খুড়ীয়ে বাৰু ছিৰছাত কেনেকৈ এই জোৱাইটো বিচাৰি পালে ?’’
‘‘মানে মই মাৰ সৈতে চিনাকি কৰাই দিছিলো ৷ আমি দুয়োটা একে লগে চাকৰি কৰো ৷’’
‘‘চিনাকি কৰাই দিওঁতে তই আৰু কি কি কৈছিলি ?’’
‘‘কি কম আৰু নো ? কৈছিলো মই বিয়া হলে তাৰ সৈতেই হম ৷ বেলেগৰ সৈতে বিয়া ঠিক কৰিলে মই পলাই যাম ৷’’
‘‘তাৰ পাছত ছাগে খুড়ীহঁতে নিজেই লৰাটোৰ সৈতে বিয়া ঠিক কৰি দিলে ৷ বুজিলো ৷ বঢ়িয়া ৷’’

No comments:

Post a Comment