Wednesday 11 June 2014

লটিঘটি - ১ মিনিটৰ গল্প

মই : হেৰা মই আজি কালি মদ বাদ দিলো ৷ জানানে ?
তেওঁ : মোৰ বিশ্বাস তুমি এৰিলা ৷

মোৰ বুকু আনন্দত ফুলি আহিল ৷

ফুৰ্তিতে এপাক মাৰি আহিলো ৷
উভটি অহাৰ বাটত মদিৰানামৰ বাৰখনত সোমাই চাৰি পেগমান মাৰি দিলো ৷

আৰে নামাৰিম কিয় বাৰু ? ‘তেওঁদেখোন অনুমতি দিছে ৷ কোৱা নাই নেকি কিবা
 
‘‘মোৰ বিশ্বাস তুমি এৰিলা

বিশ্বাসহে এৰিব লাগে কিবা !
মই ভুলতে বেলেগ ইমান দিনে মদহে  এৰি আছিলো পায় !!!!!!!!!!!!!

ঘৰ আহি পোৱাৰ পাছত লটিঘটি অলপ নোহোৱা নহয় পাছে !

(বিধিসন্মত স্বীকাৰোক্তি : এইটো সম্পূৰ্ণ মনে সজা ঘটনা ৷ কাৰোবাৰ জীৱনত যদি এনে হৈছে সেইয়া মাথো কাকতলীয়া সংযোগ ৷ মোৰ জীৱনত তেনে মুঠেই হোৱা নাই ৷ ইন-বক্সত মোক গালি পাৰিব নালাগে ৷ মই আজিকালি সঁচাকৈয়ে মদ নাখাওঁ ৷)

1 comment:

  1. TIME8 aims to become digital daily of things that matter across the South Asian countries with the global headquarter based in Guwahati, Assam.

    ReplyDelete