Monday, 9 June 2014

ডেন্টিষ্টৰ ছেম্বাৰত বুকুৰ বিষ

কেতিয়াবা বাৰু আপোনাৰ এনে হয় নে যে আপুনি আপোনাৰ লগৰ কাৰোবাক দেখিছে আৰু মনতে ভাবিছে, ‘‘নাই দেই মই দেখিবলৈ ইমান বুঢ়া হোৱা নাই পায় !’’ 

শ্ৰীমতী বন্দনা গোস্বামীৰ সাংঘাতিক দাঁতৰ বিষ ৷ স্বামীৰ সৈতে তেওঁ উপস্থিত হল গৈ তেওঁলোকৰ ফ্লেটৰ ওচৰৰে ডেন্টিষ্টৰ ছেম্বাৰত ৷ শ্ৰীমতী গোস্বামী প্ৰথমবাৰৰ বাবে দাঁতৰ ডাক্টৰৰ ওচৰলৈ গৈছে ৷ অচিনাকি ডাক্টৰ, অচিনাকি ছেম্বাৰ ৷ অকনমান শংকিত মন ৷ এবাৰ হাততে পোৱা ফিল্ম ফেয়াৰ আলোচনীখনত চকু ফুৰাইছে, এবাৰ আন ৰোগীসকলৰ ফালে চাইছে ৷ হঠাতে শ্ৰীমতী গোস্বামীৰ চকু পৰিল দেৱালত আৰি থোৱা ডাক্টৰ দেৱজিৎ শইকীয়াৰ নাম ফলকখনত ৷ 
দেবজিৎ শইকীয়া ?
শ্ৰীমতী গোস্বামীৰ মনত পৰিল তেওঁৰ দেবজিৎ শইকীয়া নামৰ সহপাঠী এজনলৈ ৷ সেই দেবজিৎ শইকীয়াই এইজন দেবজিৎ শইকীয়া নেকি বাৰু ? শ্ৰীমতী গোস্বামীৰ শংকিত মনে অকনমান সাহস পালে ৷ মনে মনে প্ৰাৰ্থনা কৰিলে, ‘‘হে প্ৰভু ! এই দেবজিৎ শইকীয়াজন যেন তাহানিৰ বাল্যভৱনৰ দেবুটো হয় !’’

শ্ৰীমতী গোস্বামীৰ চকুৰ আগত ভাহি উঠিল স্কুলীয়া দিনৰ বন্ধু দেবুৰ মুখখন ৷ মনত পৰিল হাইস্কুলৰ সময়ৰ কথাবোৰ ৷ 
দেবুটো বৰ মৰম লগা লৰা আছিল ৷শ্ৰীমতী গোস্বামীয়ে মনতে ভাবিবলৈ ধৰিলে ৷
সঁচা কথা কবলৈ গলে শ্ৰীমতী গোস্বামী হাইস্কুলত পঢ়া দিনত দেবুৰ প্ৰেমতেই পৰিছিল ৷ এবাৰ শেৱালীৰ হাতত দেবুলৈ বুলি প্ৰেম পত্ৰ এখনো পঠিয়াই দিছিল ৷

এজন এজনকৈ ৰোগী ডাক্টৰৰ ওচৰলৈ গৈ আছে ৷
 
এটা সময়ত শ্ৰীমতী গোস্বামীৰ পাল পৰিল ৷ দাঁতৰ বিষ বা দাঁত সৰোৱাৰ আশংকাতকৈও প্ৰাক্তন প্ৰেমিক দেবুসৈতে হ‘ব পৰা সাম্ভাৱ্য সাক্ষাতেহে শ্ৰীমতী গোস্বামীৰ খোজ থৰক বৰক কৰি তুলিলে ৷ ডাক্টৰ দেৱজিৎ শইকীয়াক দেখাৰ লগে লগেই শ্ৰীমতী গোস্বামী নিশ্চিত হল এই শকত আৱত, পকা চুলি তথা দাড়িৰে ভৰা মানুহজন দেবুবই নোৱাৰে ৷
 

শ্ৰীমতী গোস্বামীয়ে মুখ মেলি দিলে ৷ ডাক্টৰ শইকীয়া ব্যস্ত হল নিজৰ কামত ৷ কামৰ মাজে মাজে দুই এটা কথা পাতিবলৈ ধৰিলে ৷ ডাক্টৰ শইকীয়াই যিমানেই কথা পাতিছে শ্ৰীমতী গোস্বামী সিমানেই দোধোৰ মোধোৰত পৰিবলৈ ধৰিলে ৷ মাতটো দেখোন সেই দেবুৰ মাতটোৰ দৰে ৷ শ্ৰীমতী গোস্বামীয়ে ডাক্টৰৰ মুখখনো ভালকৈ লক্ষ্য কৰিবলৈ ধৰিলে ৷ শ্ৰীমতী গোস্বামীৰ দোধোৰ মোধোৰভাব ক্ৰমাৎ বাঢ়িবলৈ ধৰিলে ৷
 

এপাকত শ্ৰীমতী গোস্বামীয়ে সুধি দিলে, ‘‘কথা এটা সোধো ৷ বেয়া নাপাব ৷ আপুনি বাৰু যোৰহাট বাল্য ভৱনত পঢ়িছিল নেকি ?’’
ডাক্টৰ দেবজিৎ আচৰিত হৈ ৰৈ দিলে, ‘‘হয় আছিলো !’’
শ্ৰীমতী গোস্বামীৰ মুখত হাঁহি বিৰিঙি উঠিল, ‘‘১৯৮৭চনৰ মেট্ৰিক নহয় জানো ? শ্ৰীমতী গোস্বামীয়ে আচলতে কব খুজিছিল, ‘‘অই গৰু ! চিনি পোৱা নাই ? মই তোৰ লগৰ কাজু ৷’’ পাছে তেনে দৰে কোৱাৰ আগতে নিশ্চিত হৈ লব খুজিলে ৷


ডাক্টৰ দেবজিতে সম্ভ্ৰমেৰে উত্তৰ দিলে, ‘‘হয় মই ১৯৮৭ চনত মেট্ৰিক পাছ কৰিছিলো ৷ পাছে বাইদেউ আপুনি কোনটো চাবজেক্ট পঢ়াইছিল বাৰু ? মনত পেলাব পৰা নাই দেখোন !’’

হঠাতে দাঁতৰ সলনি শ্ৰীমতীৰ গোস্বামীৰ বুকুখনহে বিষাবলৈ ধৰিলে ........
(বন্ধু জনচনৰ পোষ্ট এটাৰ নকল বুলিব পাৰি )

1 comment:

  1. TIME8 aims to become digital daily of things that matter across the South Asian countries with the global headquarter based in Guwahati, Assam.

    ReplyDelete