আগৰতলাৰ হৰিগংগা
বসাক ৰোডত থকা নিৰ্মলা হোটেলত উঠিল গৈ দুই অসমীয়া ডেকা ৷
দুয়ো ভোজন বিলাসী ৷
নিশাৰ আহাৰত দুয়ো ঠিক কৰিলে মাছ খাব ৷
দুয়ো নিৰ্মলা হোটেলৰ ডাইনিং হলত বহিল গৈ ৷
প্ৰথমেই নিৰামিষ ভাত পৰিবেশন কৰিলে ৷ তাৰ পাছত এজন ‘দাদু’ৱে মাছ, মাংস কি লাগে টেবুলে টেবুলে সুধি সুধি দি যায় ৷
দুই অসমীয়া ডেকাই জনালে মাছ খাব ৷
দাদু, ‘‘কি মাছ ?’’
অসমীয়া ডেকা, ‘‘ছিতল আছে ?’’
দাদু, ‘‘ ছিতল মানে কি ?’’
অসমীয়া ডেকাৰ মনত পৰিল ছিতলৰ বাংলা নাম, ‘‘মানে কাতল মাছ দেন !’’
দুয়ো ডেকাই যিমান পাৰে শুদ্ধ বাংলা ক‘বলৈ যত্ন কৰিছে ৷
দাদু, ‘‘কাতল আবার কি ? কাটলা মাছ ?’’
দুই ডেকাই সমস্বৰে কৈ উঠিল, ‘‘হ্যাঁ হ্যাঁ অইটা অইটা মাছ দেন !’’
নিজৰ বাংলাত দুই অসমীয়া ডেকা সন্তুষ্ট ৷
দাদুৱে মাছ দিলে ৷
এজনৰ ক্ষেত্ৰত একো সুবিধা নহ’ল যদিও আনজনৰ ‘একটু’ অসুবিধা হ‘ল ৷
তেওঁৰ মন গ‘ল মাছৰ ফিছা খাবলৈ ৷
তেওঁ দাদুক সুধিলে, ‘‘পিছা আছে ?’’
দাদু, ‘‘পিছা আবার কি ?’’
অসমীয়া ডেকাই ধৰি লৈছিল অসমীয়াত যদি ফিছা বাংলাত ছাগে ‘‘পিছা’’ বুলিয়ে ক‘ব ৷ পাছে বুজি পালে ‘পিছা’ নহয় ৷
এইবাৰ সুধিলে, ‘‘মানে পাছা আছে ?’’ শৰীৰৰ পাছ ফালে থাকে ৷ গতিকে ‘পাছা’ হ‘ব বুলি ধৰি ল‘লে ৷
দাদুৰ প্ৰশ্নবোধক চিহ্ন ওলমি থকা চকু দেখি গম পালে ‘পাছা’ শব্দটোও ভুল হৈছে ৷
মাছৰ নেজ গতিকে সুধিলে, ‘‘মানে লেজুটা আছে নেকি ?’’
ক্ৰমাত মেল খাই অহা দাদুৰ মুখৰ পৰা ওলাল মাথো, ‘‘এই লেজুটা কি রে ?’’
ইমান পৰে মনে মনে বহি থকা আনজন ডেকা ঠিয় হ‘ল আৰু দাদুৰ হাতত থকা বিভিন্ন বাটীত থকা মাছৰ টুকুৰাবোৰ পৰীক্ষা কৰিলে ৷ নাই এটা বাটীটো মাছৰ ফিছা নাই ৷
তেওঁ তাৰ পাছত নিজৰ টপিনাৰ ফালে বাওঁহাতখন নি এটা মাছে যেনে দৰে ফিছা লৰাই লৰাই ঘুৰি ফুৰে সেই ভংগীত এটা নৃত্য কৰি ক‘লে, ‘‘দাদু এইটা হ‘বে ?’’
ইতিমধ্যে নিৰ্মলা হোটেলৰ ডাইনিং হলত হাঁহিৰ ৰোল উঠিল ৷

How do you write in assamese online?
ReplyDeleteTIME8 aims to become digital daily of things that matter across the South Asian countries with the global headquarter based in Guwahati, Assam
ReplyDelete