Sunday 25 May 2014

আধৰুৱা গুৱাহাটী ৯০ আৰু এটি ছেটিং

সুবিধা পালেই মই ফেছবুকত লগ-ইন কৰি নিজৰ অনুভৱৰ কথা. অভিজ্ঞতাৰ কথা লিখো ৷
কেতিয়াবা মাজনিশা ১ বা ২ বজাতো লিখো ৷

কেইমাহমান আগৰ নিশা ১ বজাৰ কথা ৷ শুবলৈ লৈ মনত পৰি গল ঘটনা এটা ৷ 
লগ-ইন কৰি লিখিবলৈ আৰম্ভ কৰিলো ৷

‘‘১৯৯০ চনৰ এপ্ৰিল মাহৰ কোনো এক সন্ধিয়া ৷
স্থান নেহেৰু ষ্টেডিয়াম, গুৱাহাটী ৷
গুৱাহাটী ৯০ নামৰ এটি অনুস্থান ৷ ৰূপা গাংগুলী 
আদিৰ সাংস্কৃতিক অনুস্থান ৷
লোকে লোকাৰণ্য ৷
আমি কলেজৰ পৰাও……………….’’

*****
ইনবক্সত বাৰ্তা আহিল,
‘‘আংকুল ভাল নে ?’’
চেলাউৰি ঘোপা কৰি বাৰ্তা প্ৰেৰকৰ নামটো চালো ৷ কোনো ইংৰাজ নেফিউ (Nephew) এইজন ? মাজৰাতি আংকুলবুলি সম্বোধন কৰিছে যেতিয়া নেফিউ বুলি নাভাবি কি বুলি ভাবিম বাৰু
দেখিলো নেফিউৰ ঘৰ শিৱসাগৰৰ ফালে ৷ 
কোনো ধৰণৰ কথাবতৰা আগে পাছে কৰি পোৱা নাই ৷ 
উত্তৰ দিলো, ‘‘ভাল ভাল ! তোমাৰ কেনে ?’’ উত্তৰলৈ বাট চালো ৷ 
সেউজ চাকি জ্বলি আছে যদিও কোনো উত্তৰ নাই ৷ 
মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘……… এক বাছ লৰা-ছোৱালী অনুস্থান উপভোগ কৰিবলৈ বুলি নেহেৰু ষ্টেডিয়ামত উপস্থিত হলো গৈ ৷ আমি আমাৰ নিৰ্দিষ্ট গেলাৰীত সোমালো ৷
 
মুৰ ঘুৰাই গল ৷ যিফালে চকু যায় সেই ফালেই মাথো …………’’

*****
ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘ভাল ভাল ৷ আপুনি কি কৰি আছে ?’’
মই স্মাইলী এটাৰ সৈতে উত্তৰ দিলো, ‘‘কিবা অকনমান লিখিবলৈ লৈছো ৷ তুমি কি কৰি আছা ? পঢ়া-শুনা ?’’

এতিয়া মনত নাই কিয় বা সুধিছিলো পঢ়া-শুনা কৰি আছে নেকি বুলি ৷ ফেছবুকত মাজৰাতিখন বাৰু কি পঢ়া-শুনানো কৰিব ? নেফিৱে কতনো পঢ়ে তাকো নাজানো ৷
উত্তৰ আহিল, ‘‘মই এনেয়ে আছো ৷ পঢ়া-শুনা কৰিব মন যোৱা নাই ৷’’
মই ওলোটাই সুধিলো, ‘‘তুমি কত পঢ়া ?’’

কিবা এটা উত্তৰ দিলে ৷ তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ 

সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘…….. ৰূপহীৰ জাক ৷ কোনগৰাকীৰ ফালে চাম, কোন গৰাকীৰ ফালে নাচাম ? আমি কেইজনমানে লগ হৈ ৰূপহীৰ সৈতে নয়ন-সংযোগ স্থাপন কৰিবলৈ যত্ন কৰিলো ৷ আশা, যদি কিবা সেউজ সংকেতৰ সম্ভেদ পাওঁ ওচৰতে বহিম গৈ ৷ পাৰিলে কথা পাতিবলৈ যত্ন কৰিম,
 
নামটো জানিবলৈ যত্ন কৰিম,
ঠিকনাটো সুধিবলৈ যত্ন কৰিম ৷
আমাৰ লগৰ জেমছে ঘোষণা কৰিলে, ‘আজি এজনীক প্ৰপোজ কৰিমেই মই ৷
আমি অনুস্থান বাদ দি………………….’’
 

*******
ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘আংকুল, ভাত খালে নে ?’’
মই উচপ খাই উঠিলো ৷
 
নিজৰ পেটটোত হাত দি চালো, ঘড়ীটোৰ ফালে চালো ৷
এতিয়া ৰাতি ডেৰমান বাজিছে দেখোন ! মনতে ভাবিলো ভাত খোৱাৰ কথা সুধিলে যে ? নেফিউ আচলতে ইংলেন্ডৰ ফালেই থাকে নেকি বাৰু ?
মই প্ৰশ্ন কৰিলো, ‘‘তুমি এতিয়া আছা ক?’’
উত্তৰ আহিল, ‘‘ঘৰতে আছো ৷’’
মোৰ খুদুৱণি মাৰ নগল ৷ মই আকৌ প্ৰশ্ন কৰিলো, ‘‘ঘৰ মানে ?’’
উত্তৰ আহিল, ‘‘নেমুগাওঁ৷’’
সুধিব মন গৈছিল, ‘‘ইংলেন্ডৰ নেমুগাওঁ কাউন্টি ?’’
 
পাছে সুধিলো, ‘‘নোশোৱা ?’’

তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘……….. আমাৰ নিজৰ কামত ব্যস্ত হলো ৷ এবাৰ ভাৱ হল দুগৰাকী ৰূপহীয়ে যেন আমাৰ ফালে চাই ঈষৎ হাঁহি এটা মাৰিছে ৷ এনে লাগিল যেন কোনো অচিন গ্ৰহৰ পৰা কোনো সংকেতহে পালো ৷ একেজাপে গৈ…………..’’

*****
ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘আংকুল, আপুনি ফাষ্টফুড খায় নে ?’’
ভাত খোৱাৰ পাছত এতিয়া ফাষ্টফুড ওলাল যে ! কথাটো কি
ঘড়ীটো লৈ মন কৰিলো ৷ তেতিয়া সময় নিশা ১ বাজি ৪০ ৷
ইতিমধ্যে নেফিউৰ সৈতে হৈ থকা বাৰ্তালাপে মোক বাৰুকৈয়ে আমনি কৰিবলৈ আৰম্ভ কৰিছে ৷ মনতে ভাবিবলৈ ধৰিলো কি বুলি উত্তৰ দিলে বাৰু কথাটো আগ নবঢ়াকৈ থাকিব ?
মনতে ভাবিলো,
 
যদি কওঁ ভাল পাওঁ, নেফিৱে সুধিব কি ফাষ্টফুড ভাল পায় ৷
যদি কওঁ ৰোল ভাল পাওঁ, নেফিৱে সুধিব কি ছিকেনৰোল নে ভেজৰোলভাল পায় ৷
নাই নাই ভাল নাপাওঁ বুলি কোৱাই ভাল হব ৷
আকৌ বাৰ্তা আহিল,
‘‘আংকুল শুলে নেকি ? একো নকলে যে ?’’
মই উত্তৰ দিলো, ‘‘কি সুধিছিলা ?’’

তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘……………. ৰূপহীদ্বয়ৰ ওচৰ পালো গৈ ৷ আমাক দেখি তেওঁলোক দুয়ো আৰু লগৰ আন কেইবা ৰূপহীয়ে খিলখিলাই হাঁহি দিলে ৷ আমিও হাঁহিৰ সহাৰি জনালো ৷’’

১৯৯০চনৰ সেই কাহিনীটো মই টাইপ কৰি আছো যদিও মোৰ চকু বাৰে বাৰে ইনবস্কত ৷ নেফিউৰ একো বাৰ্তা নাই ৷ মনতে ভাবিলো, ‘‘শুলে ছাগৈ ৷ ৰক্ষা ! এতিয়া আৰামত লেখিব পাৰিম ৷

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

‘‘জেমছে এপাকত গৈ এগৰাকী ৰূপহীৰ তেনেই কাষতে বহি ললে ৷ তাকে দেখি আমিও…………..’’

*****

ইনবক্সত আকৌ বাৰ্তা আহিল ৷
‘‘আংকুল, আপুনি ফাষ্টফুড খায় নে ?’’
মোৰ চকু কপালত উঠিল ৷
 
মনতে, ‘‘তাৰমানে নেফিউ শোৱা নাই ? ময়ে শুই থাকো নেকি ? আজি এওঁ মোক লিখিব নিদিব ছাগৈ !’’
নেফিৱে আকৌ বাৰ্তা দিলে, ‘‘কওক আকৌ ৷’’
মই স্মাইলী এটাৰ সৈতে উত্তৰ দিলে, ‘‘নাই নাখাওঁ ৷’’

তাৰ পাছত বহু সময় একো বাৰ্তা নাই ৷ সেউজ চাকি জ্বলি আছে ৷ মনতে ভাবিলো, ‘‘শুলে নেকি বাৰু ?’’

মই আকৌ লিখিবলৈ আৰম্ভ কৰিলো ৷

*****
‘‘…….. গৈ ৰূপহীসকলৰ মাজ…………..’’

*****

ইনবক্সত আকৌ বাৰ্তা আহিল ৷
বাৰ্তা দেখি মই লগ-আউট কৰিলো ৷
মোৰ পেটে গুৰগুৰাবলৈ আৰম্ভ কৰিলে ৷

নেফিউৰ বাৰ্তাটি আছিল, ‘‘কিয় ? ফাষ্টফুড খালে গেছ হয় নেকি ?’’

No comments:

Post a Comment