হাতখন কেইবাদিনো ধৰি
বিষাই আছে ৷
গতিকে ৰাতিপুৱাই লাগি গ‘লো ডাক্টৰ বিচাৰিবলৈ ৷
প্ৰথমে ফোন কৰিলো মাধবলৈ ৷
তাৰ ফোন ‘নট ৰিচ্ছেবল’ ৷
তাৰ পাছত ফোন কৰিলো গীতালৈ ৷
তাই হস্পিতলত আকৌ অৰ্থপেডিকছৰ ডাক্টৰ নাই ৷
ঠিক কৰিলো ইৰানদাৰ ওচৰলৈকে যোৱা ভাল হ‘ব ৷
‘এক্কে টানে ঠিক কৰি দিব !’
গৈ আছো ৷ বাটতে লগ পালো ৰুবুলক ৷
‘‘আৰে দোষ্টি ! কোন ফালে যোৱা ? আৰে ! হাতত আকৌ কি হ‘ল ?’
মই হাতৰ বিষৰ কথা ক‘লো, ইৰানদাৰ কথা ক‘লো ৷
‘‘অ অ, যোৱা যোৱা ! ভাল ডাক্টৰ ৷ ঠিক হৈ যাব ৷’’
ৰুবুল আৰু মই ফুটপাথতে ঠিয় হৈ এটো-সিটো কথা পাতি আছো ৷
ৰুবুলে আকৌ সুধিলে, ‘‘বেছি বিষ নেকি ? ফুলিছে নেকি ?’’
‘‘নাই নাই ফুলা নাই ৷ কিন্তু কোনোবা এটা পজিচনত অকনমান বিষ হয় দেখোন ৷’’
ৰুবুলে অভয় দিলে, ‘‘হেহ্ হাত ভঙা নাই তেনেহ‘লে দিয়া ৷ বেছি বিষালে কি কৰা ?’’
‘‘কিনো কৰিম আৰু ? আই ঔ , মা ঔ বুলি চিঞৰি দিওঁ ৷’’
ৰুবুল ছিৰিয়াছ ৷ ‘‘ফাল্টু কথা নক‘বা হে ৷ পিকলুৱে একো কোৱা নাই ?’’
ময়ো ছিৰিয়াছ হৈ ক‘লো, ‘‘কিয় নক‘ব আকৌ ? কৈছে কৈছে ৷ ডাক্টৰক দেখুৱা নাই ৷ হাতৰ কিবা হ‘লো
মোৰ ওচৰত চিঞৰি নাথাকিবা ৷ মই সেই কাৰণে আই ঔ , মা ঔ বুলি চিঞৰো ৷’’
ৰুবুলে ক‘লে, ‘‘ৰ‘বাচোন ! ময়ে চাই দিওঁ দিয়া ৷’’
ময়ো ভালেই পালো ৷
‘‘হেৰা ৰুবুল তুমিয়ো ডাক্টৰেই দেখোন ৷ তুমিয়ে চাই দিয়াহে !’’
ৰুবুলে ক‘লে, ‘‘চাওঁ কাপোন খোলা ৷’’
মই উচপ খাই উঠিলো ৷ সুধিলো,‘‘হাতৰ বিষত ৰাস্তাৰ ওপৰত আকৌ কিয় কাপোৰ খুলিম ?’’
ৰুবুল নিজেই লাগি গ‘ল, ‘‘কাপোৰ মানে তোমাৰ হাতৰ বেন্ডেজটো খোলা হে !’’
মোক ফুটপাথতে বহুৱাই হাতৰ গাঠিটো টেপিবলৈ ধৰিলে ৷
‘‘যদি বিষাই তুমি চিঞৰি দিবা ৷’’
মই সুধিলো, ‘‘চিঞৰি দিলে কি হ‘ব ?’’
ৰুবুলে মই নজনা কথা এটা ক‘লে, ‘‘তুমি চিঞৰিলে মই গম পাম তুমি দুখ পাইছা বুলি ৷ আচলতে তুমি চিঞৰ নামাৰিলেও মই গম পাম ৷ গৰুৱে নো ক‘ত চিঞৰ মাৰে ?’’
ভালে মান সময় পৰীক্ষা কৰি ৰুবুলে ক‘লে, ‘‘তোমাৰ একো হোৱা নাই হে !’’
মই ক‘লো,‘‘মাজে মাজে অকনমান বিষ হয় যে ?’’
‘‘এহ্ কিবা এটা হৈছে আৰু ! এটা কাম কৰো ৷ বেন্ডেজটো ভালকৈ মাৰি দিওঁ ৷ ভাল হৈ যাব ৷’’
মই সুধিলো,‘‘পাৰিবা বেন্ডেজটো মাৰিব ?’’
ৰুবুলৰ খং উঠি গ‘ল, ‘‘কি কোৱা হে ! গৰু ঘোৰা বাদ দিয়া মই হাতীৰ ভৰিত কিমান এনেকুৱা বেন্ডেজ মাৰিলো তাৰ হিচাব নাই ৷ ভেটেৰনেৰী এনেয় পাছ কৰিলো বুলি ভাবিছা নেকি ?’’
ৰুবুল লাগি গ‘ল ফুটপাথৰ ওপৰতে মোৰ হাতত বেন্ডেজ কৰিবলৈ ৷
‘‘বুজিছা টানি টানি বান্ধি দিছো ৷ হাতীয়েও বাপ বাপ দেখি যাব ৷ তুমি কোন কুটা !’’
১৭ এপ্ৰিল, ২০১৪

No comments:
Post a Comment