আমাৰ ওচৰৰ কলিতা
ফাৰ্মেছীলৈ মোৰ মাহেকে পষেকে গৈ থকা হয় ৷
এওঁৰ বাবে থাইৰো নৰ্ম, মাৰ বাবে ওলমিন ৪০, মোৰ নিজৰ অট্ৰিভিন ৷
এই কেইটাই কিনিব লগা ঔষধ ৷
মালিক কলিতা মোৰ বন্ধু ৷
কেতিয়াবা ময়ো হাততে পোৱা দৰব উলিয়াই গ্ৰাহকক দিওঁ ৷
কলিতাক সহায় কৰো ৷
গ্ৰাহকৰ ভিৰ নাথাকিলে বিভিন্ন লেকচাৰ মাৰো ৷
কলিতাই আকৌ ইংৰাজীত কথা পাতি ভাল পায় ৷
এদিন মই কলিতাক ক‘লো, ‘‘হেৰি কলিতা মোৰ ওজন ৯৬ কেজি পালে গৈ ৷ ওজন কমোৱা ঔষধ কিবা আছে নেকি হে ?’’
কলিতাই জাঙোৰ খাই উঠিল, ‘‘কি ঔষধ খায় দে দত্তবাবু ? আপুনি বাৰ্থ কন্ট্ৰল টেকনিক ইউজ কৰক ৷’’
মই উচপ খাই উঠিলো ৷
‘‘আৰে এওঁ আকৌ কি কৈছে এইবোৰ ?’’
ভাগ্য কোনো বেলেগ মানুহ নাছিল যেনিবা ৷ জানিবও মন গ‘ল বাৰ্থ কন্ট্ৰলত নো কেনেকৈ ওজন কমে ৷
সুধিলো, ‘‘কেনেকৈ কমে ?’’
কলিতাই তাৰ পাছত ছাৰ্ট আৰু গেঞ্জিটো বুকুলৈ দাঙি মোৰ আগত প্ৰদৰ্শন কৰিলে ওজন কমোৱাত সহায় কৰা বাৰ্থ কন্ট্ৰল টেকনিক,
‘এই চাওক দত্তবাবু ! এনেকৈ এবাৰু উশাহ ভিতৰলৈ নিব, এবাৰ বাহিৰলৈ আনিব ৷ এনেকৈ দৈনিক ফিফটি টাইমছ কৰিব ৷ ১০ দিনত ওৱেট কমি যাব ৷’’
মই কোনোমতে হাঁহি বন্ধ কৰি সুধিলো, ‘‘কলিতা যদি কোনোবাই আপোনাক ব্ৰেথ কন্ট্ৰলৰ বাবে কিবা খুজে তেতিয়া কি দিয়ে ?’’
ইতিমধ্যে ফাৰ্মাছীলৈ সোমাই আহিল মিছেছ শইকীয়া ৷
কলিতাই ৰঙা-চিঙা পৰি মোক গালি পাৰিলে, ‘‘হেই দত্ত বাবু ! লেডিছ প্ৰেজেন্ট আছে দেখা নাই নেকি ?’’
হাঁহোতে হাঁহোতে মোৰ বাৰ্থ মানে ব্ৰেথ বন্ধ হ‘বৰ উপক্ৰম হ‘ল ৷
কৃষ্ণ হে বুলিলো !

march 2014
No comments:
Post a Comment