মই সিন্ধান্ত লৈছিলো যে বিয়া খাবলৈ গ’লে পাগুৰি মৰি খুছৱন্ত সিং নাইবা লুঙী পিন্ধি বুলেট আন্নাৰ ভেশত যাম ৷ পাছত ভাবিলো আজি জাপজাপকুছিতহে বিয়া ৷ তাত আকৌ মোৰ কোন চিনাকি ওলাব ?
মই জাপজাপকুছিৰ নাম দুদিনমান আগতে প্ৰথমবাৰৰ বাবে শুনিছিলো ৷
কেনে দৰে যাব লাগে গৈ থাকোতে বাটত সুধি সুধিহে জানিলো ৷
তাতে যে এনে কোনো চিনাকি মানুহ ওলাব যিজনক মই কেতিয়াবা গল পাইছিলো আৰু পাহৰি গ’লো তাৰ কোনো সম্ভাৱনা নাই ৷
গাড়ীখন বিয়াৰ ঘৰৰ সন্মুখতে থকা মুকলি খেলপথাৰত ৰখাই ৰভাতলীলৈ খোজ দিলো ৷
এজন কোৱাকুবিকৈ আমাৰ ফালে আহি থকা দেখিলো ৷
খোজ দেখিয়ে মোৰ সন্দেহ হ’ল ৷
শ্ৰীমতীক কিবা এটা সুধিবলৈ পোৱা আগতেই কোবাকুবিকৈ আহি থকাজন আহি ওচৰ পালে, ‘‘চাৰ ভাল নে ? মোক চিনি পাইছে নহয় ? আমাৰ ভাইটিৰ বিয়াত আপুনি আমাৰ ঘৰলৈ গৈছিল ৷ মোৰ মনত আছে ৷’’
মই কি ক’ম একো ভাবিয়ে পোৱা নাই ৷ অকনমান টুকুৰিয়াই চাওঁ বুলি সুধিলো, ‘‘ভাইটিৰ বিয়ালৈ বুলি এবাৰহে গৈছিলো ৷ ইমান মনত আছে নে ?’’
উত্তৰ হিচাবে যিখিনি শুনিলো মোৰ অন্ঠ-কন্ঠ শুকাই গ’ল ৷
‘‘হাঃ হাঃ হাঃ চাৰ ! কিয় মনত নাথাকিব ৷ আপুনি কিমান যে জমাইছিল ! গোটেই গাওঁখনে আপোনাৰ কথা কৈ থাকে ৷’’
কাৰ ভায়কৰ বিয়াত, কোনখন গাওঁত মই মেহমুদৰ ভাওঁ লৈছিলো এতিয়া মনত পৰা নাই ৷
গোটেই দিনটো ভাবি আছো একোকে মনত পৰা নাই দেখোন ৷
সেই গাওঁখনৰ কোনোবাই যদি এই আপডেট পঢ়ে দয়া কৰি ইন-বক্সত মোক জনাবচোন বিয়াখন কাৰ আছিল ৷
(মই সেই মই বিয়া খোৱা ভায়েকজনৰ ককায়েক পুনৰ ৰভাতলীত দেখা নাপালো ৷ নহ’লে নিজেই ক’লো হয়, ‘‘দয়া কৰি জনাব নেকি আপোনাৰ ভাইজনৰ নামটো কি ?’’ )
No comments:
Post a Comment