Sunday 25 May 2014

মোৰ সংগীত সাধনা, ৰেজিয়া ছুলতানা, আছিফ আৰু হুন্ড্ৰা

(১)
এই ফটোখন ভৃগুৱে তুলিছিল ৷
ফটোখন দেখি প্ৰথমে মোৰো ধাৰণা হৈছিল মই গান গায় আছো বুলি ৷
এওঁক সুধিলত ভেকাহি মাৰিলে, ‘‘কি কথা কোৱানো তুমি অ ? কোন দিনা গান পাইছা নো ?’’

আজি কুশল দত্ত আৰু বুলজিতৰ সৌজন্যত ফটোখনলৈ আকৌ মনত পৰিল ৷
মোৰ মনত পৰাটো ডাঙৰ কথা নহয় ৷ ফেছবুকত ফটোখন বহুজনে দেখিলে ৷
বহুতেই সুধিছে, ‘‘ত গান গাইছে ?’’

মই নাই গোৱা বা মই গান গাব নাজানো বুলি কলে বিশ্বাস নকৰে ৷

ভাবি ভাবি তত পোৱা নাই কত কেতিয়া গান পাইছিলো বুলি কওঁ এতিয়া ৷
বহুদিন আগেয়ে এবাৰ সমৱেত সংগীতত ওঁঠ মিলাবলৈ গৈ ধৰা পৰিছিলো ৷
তাৰ বাহিৰে গান গাইছিলো জানো ?

মনত পৰিল এবাৰ লতা মংগেশকাৰৰ সৈতে গান নোগোৱা নহয় ৷
সেইয়া ১৯৮৮চনৰ কথা ৷
আমি তেতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ৷
সেই বছৰ লতা মংগেশকাৰ গুৱাহাটীলৈ আহিছিল ৷
নেহেৰু ষ্টেডিয়ামত গীত পৰিবেশন কৰিছিল ৷

সেই তেতিয়াই এটা গীতত ময়ো তেওঁৰ সৈতে গান গাইছিলো ৷
গীতটি আছিল ৰেজিয়া ছুলতানাছিনেমাখনৰ
ছুলতানা ছুলতানা
মেৰা নাম হ্যায় ছুলতানা ............’’

সেই গীতটিত মাজত পুৰুষ কণ্ঠত
 
মাজে মাজে
 
‘‘ছু-ল-তা-না’’ বুলি চিঞৰে ৷
গেলেৰীৰ পৰা ময়ো মাজে মাজে ফুৰ্তিতে
 
‘‘ছু-ল-তা-না’’ বুলি চিঞৰি চিঞৰি গান গাইছিলো ৷
মোৰ বাবে সংগীত সাধনাৰ সেইয়া স্মৰণীয় অধ্যায় ৷

(২)
ৰেজিয়া ছুলতানা আৰু আছিফ
---------------------------
মই বহু কথা যিদৰে পাহৰি যাওঁ সেই দৰেই হঠাতে মোৰ বহু কথা মনতো পৰি যায় ৷
যোৱা কালি ফটো এখনৰ পৰা মোৰ মনত পৰিল লতা মংগেশকাৰ তথা ৰেজিয়া ছুলতানাৰ কথা ৷
ৰেজিয়া ছুলতানাৰ পৰায়ে মনত পৰিল আন এটা কথা ৷

মেট্ৰিক পাছ কৰি উচ্চতৰ মাধ্যমিকত নাম লগালো ৷
অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু বন্ধুক লগ পালো ৷ তাৰে বহু কেইজন ২৭ বছৰত কব নোৱাৰাকৈয়ে বন্ধুৰ পৰা গৈ পৰিয়ালৰ সদস্য হৈ পৰিল ৷ বহু এনে বন্ধু আছে যিসকল অভিন্ন হৃদয় হৈ পৰিল ৷ 

পাছে এনে বহু বন্ধু আছিল যাৰ সৈতে উচ্চতৰ মাধ্যমিকৰ দুটা বছৰত কিমান মধুৰ সময় পাৰ কৰিলো ভাবিলে আজিও ৰোমাঞ্চিত হৈ উঠো কিন্তু ১৯৮৯চনৰ পাছতনো তেওঁলোক কেনি গল খবৰেই নাপালো ৷ আজি কত আছে, কি কৰে জানিবলৈ বৰ মন যায় ৷

তেনে এজন বন্ধু আছিল ৰেজিয়া ছুলতানাৰ আছিফ ৷
১৯৮৭-৮৯ চনৰ সময়খিনিত মই আৰু আছিফ বহু সময় একে লগে পাৰ কৰিছিলো ৷ পদাৰ্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, গনিত আদিৰ ক্লাছবোৰত আমি একে লগে বহিছিলো ৷
 

সাংঘাতিক ৰসাল ব্যক্তি ৷
আমাৰ ছাত্ৰাবাস দুটাও ওচৰা-ওচৰি আছিল ৷ আবেলি সময়ত হোটেল কেলিফৰ্নিয়াত বহি পৰঠা টানি টানিকিমান যে ৰসাল কথা নাপাতিছিলো !

কলেজত সোমাৱাৰ পাছত ফ্ৰেছাৰ ছছিয়েল নোহোৱালৈকে যিখিন সময় থাকে সেইখিনিক হেনো ৰেগিং পৰিয়ডবলি কয় ৷ আমাৰ লগৰ প্ৰাণীবিজ্ঞান/উদ্ভিদ বিজ্ঞানৰ ক্লাছ কৰিবলৈ যোৱা প্ৰথম বাৰ্ষিক ছাত্ৰীৰ বাবে তেওঁ পাছে এক প্ৰকাৰৰ সন্ত্ৰাস আছিল ৷ (কি কৰিছিল নকওঁ বাৰু
  )

১৯৯৫ চনত মানত এবাৰ ইমাদাদুলক মেঘদূত ভৱন লগ পায় প্ৰথম প্ৰশ্ন কৰিছিলো,
‘‘আছিফ কত থাকে অ ?’’
মোৰ যিমানখিনি মনত আছে ইমদাদে জনাইছিল আছিফ হেনো ইটানগৰত থাকে ৷ অৰুনাচল চৰকাৰৰ পশু চিকিৎসাবিভাগত (?) কাম কৰে ৷
বৰ মন আছে এবাৰ তাক লগ পায় আকৌ পৰঠা টানি টানিকেই ঘন্টামান লেকচাৰ মাৰিবলৈ ৷

ৰেজিয়া ছুলতানা !!!!!!!!!!!
নাই ৰেজিয়া ছুলতানা আছিফৰ প্ৰেমিকা নহয় ৷
মই যে লতা মংগেশকাৰৰ সৈতে ছু-ল-তা-না’, ‘ছু-ল-তা-নাবুলি চিঞৰি চিঞৰি গান গাইছিলো সেই লাগটোত আছিফো মোৰ আৰু শ্ৰীযুতা মংগেশকাৰৰ সহশিল্পী আছিল ৷ আছিফক দেখিয়ে মোৰ মনলৈ আহিছিল ছু-ল-তা-না’, ‘ছু-ল-তা-নাবুলি চিঞৰ মাৰিবলৈ ৷
 
কিন্তু ৰেজিয়া ছুলতানা তথাপিও আছিফৰ প্ৰেমিকা নহয় দেই৷

কলেজৰ ফ্ৰেছাৰছ ছছিয়েলত ষ্টেজ ৰেগিংবুলি বস্তু এটা হয় ৷
নাম শুনিয়ে ভয় লাগিছে ৷ মঞ্চৰ ওপৰত তুলি হেনো গান গাব দিয়ে, নাচিব দিয়ে আৰু কিবা কিবি কৰে ৷ আমি প্ৰেক্ষাগৃহত বহি আছো ৷ এটা এটাকৈ লগৰবোৰক মঞ্চলৈ মাতি আছে ৷ কাৰোবাক নাচিব দিছে, কাৰোবাক গান গাব দিছে ৷
 

এপাকত আছিফক মাতিলে ৷ তাক আকৌ সহজ প্ৰশ্ন এটা সুধিলে, ‘‘তুমি কি কৰিবা ?’’
আছিফে তপৰাই উত্তৰ দিলে, ‘‘দাদা মই গান গাম ৷’’
মঞ্চত থকা এজনে (SMKদাদা আছিল মঞ্চত মোৰ মনত আছে) কলে, ‘‘গোৱা গোৱা ৷’’
আছিফে সকলোকে আচৰিত কৰি কলে, ‘‘দাদা মই কিন্তু ডুৱেটহে গাম ৷’’
লগে লগে আমি ফুৰ্তিতে উঁকিকে মাৰি দিলো ৷
ডুৱেট গাবলৈ গায়িকাৰ প্ৰয়োজন হল ৷
আছিফক তাৰ পচন্ডৰ গায়িকা বাচনি কৰিবলৈ দিলে ৷
আছিফে ১ ছেকেন্ডতে গায়িকা পচন্ড কৰিলে ৷

তাৰ পাছত গায়িকা আৰু আছিফ মাইকৰ আগত ঠিয় হল ৷
গান গাবলৈ সাজু ৷
আমি শুনিবলৈ সাজু ৷
না গায়িকাই কিবা গাইছে না আছিফে কিবা গাইছে ৷
কোনোবা এজনে আছিফক সুধিলে, ‘‘আৰে নোগোৱা কিয় ? গোৱা আকৌ ৷’’

আছিফে সেমেনা সেমনকৈ কলে, ‘‘দাদা তেওঁ আৰম্ভ কৰিলেহে মই গাব পাৰিম ৷ মই মাত্ৰ এটাই গান জানো ৷ তাকো গানটোৰ পুৰুষ কন্ঠত গোৱাখিনিহে জানো ৷’’
‘‘কোনটো গান গাব জানা ?’’
আছিফে তপৰাই উত্তৰ দিলে, ‘‘দাদা মই ৰেজিয়া ছুলতানা ছিনেমাখনৰ
 
ছুলতানা ছুলতানা মেৰা নাম হ্যায়
 
ছুলতানা...
গানটো জানো ৷’’

তাৰ পাছত গায়িকাই গাবলৈ আৰম্ভ কৰিলে গানটো আৰু আছিফে যিমান পাৰে সিমান চিঞৰিলে
 
ছু-ল-তা-না’, ‘ছু-ল-তা-না’ !!!!!!!!!!!!!!!!!!!

(৩)
ৰেজিয়া ছুলতানা আৰু হুণ্ড্ৰা
------------------------

মই বহু কথা যিদৰে পাহৰি যাওঁ সেই দৰেই হঠাতে মোৰ বহু কথা মনতো পৰি যায় ৷
যোৱা কালি ফটো এখনৰ পৰা মোৰ মনত পৰিল লতা মংগেশকাৰ তথা ৰেজিয়া ছুলতানাৰ কথা ৷
ৰেজিয়া ছুলতানাৰ পৰায়ে মনত পৰিল আন এটা কথা
 

এতিয়া ৰেজিয়া ছুলতানাৰ পাছৰ কাহিনী আৰু এটা মনত পৰিছে ৷
হুণ্ড্ৰা বাইদেউৰ কথা ৷

ৰেজিয়া ছুলতানা আৰু আছিফৰ কাহিনীটো লিখাৰ পাছত বহুতেই জনালে যে চিনেমাখনৰ নাম হেনো ৰেজিয়া ছুলতানা নহয় ৷ সেই চিনেমাখনৰ নাম তাৰাণা ৷
 
ৰাজুদালৈ ফোন কৰোতে মোক কলে, ‘‘বুজিছা প্ৰতিভূ মোৰ দেখিয়ে সন্দেহ হৈছিল চিনেমাখনৰ নামটো ৰেজিয়া ছুলতানা আছিল জানো ? ৰেজিয়া ছুলতানাখন কমল আমৰোহীৰ চিনেমা ৷ তেওঁৰ চিনেমাত সাধাৰণতে নৌশাদে সংগীত দিয়ে ৷ নৌশাদ জানো ছুলাতানা ছুলতানা মেৰা নাম হ্যায় ছুলতানাৰ দৰে গীত তৈয়াৰ কৰিছিল ? ইউ টিউৱত চাই গম পালো চিনেমাখনৰ নাম ৰেজিয়া ছুলতানা নহয় তাৰাণা ৷’’

মই কথাখিনি মন দি শুনিলো ৷
ভাবিবলৈ ধৰিলো মই বহু চিনেমাই চালো ৷ কলেজত থাকোতে এদিনত তিনিটা হলত তিনিখন চিনেমা চায়ো পাইছো ৷ পাছে কোনোবা চিনেমাৰ সংগীতজ্ঞৰ নাম মনত আছেনে বাৰু মোৰ ?
সংগীতজ্ঞ বাদ দিলো বহু চিনেমাৰ পৰিচালকৰ নামো মই নাজানো ৷
পৰিচালক বাদ দিলো বহু সময়ত মই কি চিনেমা চাই আছো সেইটো নজনাকৈয়ো চিনেমা চাই পাইছো ৷

বাছৰ পৰা নামি গৈ পাওঁ পাওঁ মানে চিনেমা আৰম্ভ হৈ যায় ৷ টিকট কাটি ভিতৰ সোমাওঁ মানে নেম কাষ্টিং পাৰ হৈ যায় ৷ অকনমান সময় চিনেমা চাই কাষত বহি থকা জনক সোধো, ‘‘হেৰি চিনেমাখনৰ নাম কি বাৰু ?’’

কেতিয়াবা আকৌ চিনেমাৰ নাম পাহৰি আগতে চাই ভাল নলগা চিনেমাকে পুনৰ চাই পাইছো ৷ চিনেমা আধা চোৱাৰ পাছত মনত পৰে, ‘‘আৰে এইখন চাই দেখোন আগতে কামোৰ খাই থৈছিলো ! চেহ্ আকৌ সোমাই দিলো পায় !’’
 
ওলাই নাহো পাছে ৷ সোমালোৱে যেতিয়া চাই দিওঁ ৷
 
কিজানি এইবাৰ ভাল লাগি যায় ৷
 
একো নহলেও ৰিভিজন (revision) এটা হৈ গল বুলি ধৰি লওঁ ৷
 

আমি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ হৈ থকাৰ সময়ৰ কথা ৷ গুৱাহাটীৰ ছবিঘৰলৈ এখন চিনেমা আহিল ৷
 
নাম হুণ্ড্ৰা (Hundra)
সোনালী চুলিৰ স্বল্পবসনা হুণ্ড্ৰা বাইদেউৰ ফটো থকা চিনেমাৰ ফটো চাৰিওফালে লাগি আছে ৷ হুণ্ড্ৰা বাইদেউ বুলি এই কাৰণে কৈছো কাৰণ বাইদেৱে হাতত তৰোৱাল, ডেগাৰ আদি লৈ থাকে আৰু দেখিলেই গম পোৱা যায় বাইদেউ কেনন দ্যা বাৰবেৰিয়ানতকৈ কম নহব ৷
 

যিফালেই যাওঁ সেই ফালেই হুণ্ড্ৰাৰ ফটো ৷ ঠিক কৰিলো দেওবাৰে চাবই লাগিব ৷ হোষ্টলৰ দেওবৰীয়া লুছি ভাজি খায় মই আৰু দুটামান ওলালো হুণ্ড্ৰা বাইদেউৰ দৰ্শনলৈ ৷ তেতিয়া ১১ বজাৰ মেটিনি শ্বোত ইংৰাজী চিনেমা চলে ৷ আমি দৌৰা দৌৰিকৈ মেঘদূত হল পালো গৈ ৷ টিকট কাটি হলৰ ভিতৰ সোমালো ৷
ইতিমধ্যে হলৰ ভিতৰ অন্ধকাৰ হল ৷
বোধহয় নিউজ ৰীলত দেখুওৱা মহাত্মা গান্ধীৰ বিলাত যাত্ৰা অথবা কুষ্ঠৰোগ নিবাৰণীৰ কথা শেষ হল ৷
 
পৰ্দাত তেতিয়া সোনালী চুলিৰ স্বল্পবসনা হুণ্ড্ৰাৰ সলনি ওলাই আছে শাড়ী পিন্ধা, ওৰণি লোৱা নবৌ ৷
 
কথা কি হল বুজি পোৱা নাই ৷
 
ইংৰাজী ভাষাৰ সলনি অভিনেতা অভিনেত্ৰীয়ে ভোজপুৰীত কথাবতৰা পাতিছে ৷
 
বিলাতৰ সলনি বিহাৰ ওলাইছে ৷
 
লগৰ এজনে কথাটো বুজাই দিলে, ‘‘ট্ৰেইলৰ দেখুৱাইছে ৷ অকনমান পাছত হুণ্ড্ৰা বাইদেউ ওলাব ৰ !’’
অকনমান মানে বহু সময় পাৰ হৈ গল ৷
ট্ৰেইলৰ শেষ নহয় হে নহয় ৷
কাষত বহি থকাজনক সুধিলো, ‘‘চিনেমাখনৰ নাম কি ?’’
‘‘বাজে ছেহনাই হামাৰ আংগনা’’

এটাই কলে, ‘‘এহ্ হব দে ৷ অহা সপ্তাহত ৰূপায়নত লগাব ৷ আজি এইখনেই চাই দিওঁ ৷’’

No comments:

Post a Comment