Sunday 25 May 2014

কাউন্টাৰ সন্মুখৰ নচলা শাৰী

আগৰ দিনত যে ৰিজাৰ্ভেছন কাউন্টাৰ গৈ ৰেলৰ টিকট কাটিব লাগে 
নাইবা সেই যে BSNLৰ অফিছত শাৰী পাতি বিল দিব লাগে ৷
মনত পৰে নে সেই দিনবোৰ ?

আপুনি শাৰী পাতি ৰৈ আছে ৷
লাইন যি গতিত আগবাঢ়িছে আপোনাৰ ধৈৰ্য্যৰ বান্ধ সুলকি পৰিছে ৷
তাতে কটা ঘাঁত ছেঙা তেল দি কাষৰ শাৰীটো খৰকৈ আগবাঢ়িছে ৷
আপুনি সুযোগ বুজি এপাকত খৰকৈ আগবঢ়া শাৰীটোত সোমাল গৈ ৷
তাৰ পাছত মন কৰিলে আপুনি যিটো শাৰীত আগতে আছিল সেইটো এতিয়া ছৌ-ছৌৱাই আগবাঢ়িছে ৷
এনে অৱস্থা যে আপুনি তাত থাকিলে ইমান পৰে আপোনাৰ কাম শেষেই হল হয় ৷
আনহাতে আপুনি বৰ্তমানে থকা শাৰীটো স্থবিৰ হৈ গল ৷ আপুনি কাউন্টাৰৰ ফালে চাই চিঞৰি আছে, ‘‘হেৰি অলপ খৰ কৰক হে !’’
আনহাতে আনটো শাৰীত আপোনাৰ পাছত থকাজনে বাহিৰলৈ ওলাই গৈ ছুৰট হুপিছে ৷

তেতিয়া কেনে লাগে বাৰু ?

ইয়াৰ সদুত্তৰ দিব পাৰিব ২০০৬চনত কাছাৰ ফালৰ পৰা ভা.জ.পা.ৰ টিকেটত এগৰাকী বিধায়িকা নিৰ্বাচিত হৈছিল ৷ আজি টি.ভি. দেখিলো তেওঁ বেলেগ এটা দলৰ ৪৫ জনে যে ছোনীয়া গান্ধীলৈ কিবা এখন চিঠি লিখিছে সেই দলটোত আছে ৷
 

বিধায়িকা মহোদয়া, বুজিছো আপোনাৰ কেনেকুৱা লাগিছে ৷

(২১ মে, ২০১৪)

No comments:

Post a Comment