Sunday 25 May 2014

খং

যোৱাৰাতিৰ কথা ৷
কথা মানে আৰু কি ?
অঘটনেই !

দিনটো ক্লাছ কৰি ফেছবুকত অকনমান বহিছো ৷
ৰিজাৰ্ভ লগা, হাফ ডিক্লিয়াৰ.. লিখিছো ৷

এগৰাকী যুৱতীয়ে মোক ইন বক্সত মেছেঝ কৰিলে ৷
ৰঙা লাইটো জ্বলি উঠিল ৷
মোৰ বন্ধুৰ তালিকাত যুৱতী আছে যদিও ইমান কথা বতৰা পতা নহয় ৷
কি মেছেজ দিছে বুলি চাই মোৰ বুকুৰ ঢপঢপণি বাঢ়ি গল ৷
টেবুলত সজাই থোৱা এওঁ আৰু প্ৰাপ্তিৰ সৈতে মোৰ যে ফটো এখন আছে সেইখনৰ ফালে চালো ৷
পানী এগিলাছ খাই ললো ৷
ৰাতিখন এতিয়া লগ আউট কৰাই ভাল ৷
মোক মেচেজ দিছে,
‘‘miss you darling
 "

গোটেই ৰাতি চিন্তা কৰিলো কি কাৰণে মোক ইমান মিছ কৰিছে বাৰু?
মাজে মাজে মনটো ভাল লগাবলৈ যত্ন কৰো (!) যদিও ভয়ত মোৰ অন্ঠ-কন্ঠ শুকাই গল ৷
ঠিক কৰিলো পুৱাই ফেছবুক একাউন্ট ডি-এক্টিভেট কৰি দিম ৷

পুৱা লগ-ইন কৰিলো ৷
একাউন্ট ডি-এক্টিভেট কৰা আগে আগে এবাৰ কি কি নটিফিকেচন আছে চালো ৷
শেষ বাৰৰ বাবে ৷
যুৱতীৰ ফালৰ আৰু এটা মেছেজ ৷
মাথাটো আৰু বেয়া হৈ গল ৷
কখঙতে ফালি পৰিলো ৷
তাই মেছেজ দিছে,
"dada, Sorry plz
 
beya napabo.
msg not for you.
kaku nokoba haah plz."

বান্দৰী !
যদি মোলৈ নাছিল তেনেহলে দিছিলি কিয় ?
ভুলতেও এবাৰ দিলে কি ক্ষতি হয় ?

No comments:

Post a Comment