Sunday 25 May 2014

মোদীজীৰ চকুলোৰ আঁৰৰ ৰহস্য ফাদিল

কেইদিনমান আগৰ কথা 
মোদীজী ভাষণ দি থাকোতে বেছ ভাবুক হৈ পৰিল ৷
সেই খবৰটো যদি নিউজ ছেনেলত প্ৰচাৰ হয় কেনেকৈ হ?

BBC : 

........... and while addressing to the nation it seemed Mr Modi became a bit emotional. Mr Modi addressed on a wide range of issues............

ফিউজ লাইভ :
এই মূহুৰ্তত আমাৰ হাতত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ ৷ ভাষণ দি থকা অৱস্থাত হঠাতে নৰেন্দ্ৰ মোদীৰ চকুলো ওলাই অহা পৰিলক্ষিত হল ৷ এই বিষয়ে অধিক জানিবলৈ আমি যত্ন কৰিম আমাৰ BBCৰ বাতৰি চাই থকা আমাৰ সাংবাদিক নিপু কুমাৰ বৰাৰ সৈতে ৷
 
‘‘হয় নিপু, আপোনাৰ হাতত আৰু কিবা অধিক তথ্য আছে নেকি ?’’
নিপু, ‘‘হয় প্ৰাঞ্জল মোদীজী ভাষণ দি থকা অৱস্থাত ভাবুক হৈ পৰিল আৰু তেওঁৰ চকুৰ পৰা চকুলো ওলোৱা পৰিলক্ষিত হল ৷’’

আমাক সাংবাদিক নিপু কুমাৰ বৰাই জনোৱা মতে মোদীজী ভাষণ দি থকা অৱস্থাত ভাবুক হৈ পৰিল আৰু তেওঁৰ চকুৰ পৰা চকুলো ওলোৱা পৰিলক্ষিত হল ৷
‘‘নিপু, আৰু কিবা তথ্য কিবা আছে নেকি আপোনাৰ হাতত ? কিয় সেই চকুলো ওলাল কিবা জানিব পৰা গৈছে নেকি ?’’
‘‘হয় প্ৰাঞ্জল, এই সময়লৈকে জানিব পৰা হোৱা নাই কিয় সেই চকুলো ওলাল ৷ হয়তো তেওঁ ভাবুক হৈ পৰিছিল বা কাৰোবালৈ তেওঁৰ মনত পৰিছিল নাইবা তেওঁৰ চকুত পোক আদিও সোমাই যাব পাৰে ৷ কিন্তু এটা কথা কব লাগিব মোদীজী ভাষণ দি থকা অৱস্থাত ভাবুক হৈ পৰিল আৰু তেওঁৰ চকুৰ পৰা চকুলো ওলোৱা পৰিলক্ষিত হল ৷’’

আমাক সাংবাদিক নিপু কুমাৰ বৰাই জনোৱা মতে নৰেন্দ্ৰ মোদীৰ চকুলোৰ আৰত গভীৰ ৰহস্য আছে ৷
মাথো আপোনাৰ ছেনেল ফিউজ লাইভতে আমি ফাদিল কৰিম সেই ৰহস্য ৷
‘‘নিপু, মোদীজীৰ চকুলোখিনি কেনে ধৰণৰ আছিল তাৰ ওপৰত কিবা তথ্য আছে নেকি ? চকুলোৰ ব্যাসাৰ্ধ, চকুলোত থকা লৱণৰ পৰিমান আদিৰ বিষয়ে কিবা তথ্য আছে নেকি ?’’
‘‘‘‘হয় প্ৰাঞ্জল, এই সময়লৈকে জানিব পৰা মতে আমাৰ হাতত বিশেষ তথ্য নাই ৷ কিন্তু এটা কথা কব লাগিব মোদীজী ভাষণ দি থকা অৱস্থাত ভাবুক হৈ পৰিল আৰু তেওঁৰ চকুৰ পৰা চকুলো ওলোৱা পৰিলক্ষিত হল ৷’’

আমাক সাংবাদিক নিপু কুমাৰ বৰাই জনোৱা মতে মোদীজী ভাষণ দি থকা অৱস্থাত ভাবুক হৈ পৰিল আৰু তেওঁৰ চকুৰ পৰা চকুলো ওলোৱা পৰিলক্ষিত হল ৷

(২৩ মে, ২০১৪)


No comments:

Post a Comment