যোৱাকালিৰ কথা ৷
ক্লাছ শেষ কৰি ভাবি আছো ঘৰলৈ যাওঁ নে মাইনাৰ বিয়াৰ ৰিচেপচনলৈ যাওঁ ৷
ভাবি পালো নগ’লে দীপৰ গালি খাব লাগিব ৷
দীপ মানে দৰাৰ ককায়েক, বিয়াৰ কেপ্তেইন ৷
বিয়ালৈ বুলি গৈ পণ্ডিতৰ দোকানৰ সন্মুখত অকনমান সময়ৰ বাবে ৰ’লো ৷ মই ফুটপাথত ৰৈ আছো ৷ বাঁহৰ দলঙখনৰ সিপাৰৰ পৰা ল’ৰা এটা দৌৰ-মাৰি মোৰ ফালে আহি থকা যেন লাগিল ৷
‘‘চাৰ চাৰ !’’
কোনে মোক ‘‘চাৰ চাৰ’’ বুলি মাতিছে বুজি পোৱাৰ আগতেই তেওঁ মোৰ হাতত মোবাইলটো ধৰাই দি ক’লে, ‘‘চাৰ মায়ে আপোনাৰ সৈতে কথা পাতিব খুজিছে ৷ কথা পাতক না, প্লিজ !’’
মুখখনলৈ চায় গম পালো ২০০৯ চনমানতে হায়াৰ চেকেন্ডেৰী পাছ কৰা মোৰেই ছাত্ৰ এজন ৷
কিন্তু ‘কথা পাতক না, প্লিজ’ মানে কি আকৌ ?
মই ফোনটো হাতত লৈ ‘হেল্লৌ’ বুলি ক’লো ৷
সিফালৰ পৰা ছাত্ৰৰ মাকে মোক সম্ভাষন জনাই সুধিলে, ‘‘আমাৰ ই মানে সঁচাকৈয়ে আপোনাৰ লগত আছে ? কি কৰিছে সি আপোনৰ লগত ? ক’ত আছে এতিয়া ? বহু সময় ধৰি তাক ফোন কৰি আছো ফোন ধৰা নাই .............!!’’
মই একো উত্তৰেই দিব পৰা নাই ৷ পাছে ইতিমধ্যে মই অনুমান কৰিব পাৰিলো উৰহী গছৰ ওৰ ক’ত ৷ ফোনটো থৈ চকু ঘোপা কৰি ছাত্ৰৰ ফালে চাই দেখিলো অকল তেওঁৰ সৈতে ফুটপাথত মোৰ সন্মুখত থিয় হৈ মোৰেই আন দুজন ছাত্ৰ ৷
মই কিবা এটা ক’বলৈ পোৱা আগতেই দুটাই ফুটপাথৰ ওপৰতে মোৰ ভৰিত পৰি দিলে, ‘‘চাৰ মাৰিলেও মাৰক আৰু ! আজি অলপ ধৰি দিলো ৷ পুৰা ফিটিং হৈ আছো দেই কে... (সেই অসমীয়া শব্দটো) !’’’’
তিনিটাৰ ভিতৰত যে এটাই ভৰিত নপৰাকৈ আছিল তেওঁ চিঞৰি চিঞৰি পণ্ডিতৰ তাত পান খাবলৈ যোৱা আটাইৰে আগত মোৰ পৰিচয়টো দিলে, ‘‘এইয়া আমাৰ চাৰ ! দত্ত চাৰ !’’
ভৰিত পৰি থকা দুটাই চিঞৰিলে, ‘‘হিপ হিপ হুৰে !’’

No comments:
Post a Comment