ক্লাছৰ মাজতে ফোনটো বাজি উঠিল ৷ চাই দেখো স্ক্ৰীণত জিলিকি আছে Padum
Buragohain ৷
ফোনটো ধৰিয়ে ক‘লো, ‘‘১২ তাৰিখে মৰাণ পাম গৈ ৷’’
‘‘ধেই তোমাক মাতিবলৈ ফোন কৰা নাই ৷ দিগন্ত, পেটলা, মাধৱ, কেওঁট আৰু কোন কোন আছিল নম্বৰবোৰ দিয়া ৷ মোৰ আগৰ ফোনটো হেৰাল ৷ এতিয়া কাৰো নম্বৰ নাই ৷’’
মই সকলোৰে নম্বৰ পদুমলৈ sms কৰিলো ৷
সেই নিশাই দিগন্তলৈ ফোন কৰিলো, ‘‘যাবি নহয় ?’’
দিগন্তই জনালে, ‘’১২ তাৰিখ সোমবাৰে অসুবিধা হ‘ল ৷ এটা কাম কৰো ১০ তাৰিখ শনিবাৰে যাওঁ আৰু ১১ তাৰিখ দেওবাৰে উভটি আহিম ৷ সি বেয়া পাব নেকি ?’’
‘‘পদুমে ? বেয়া ? কিয় পাব ?’’, উত্তৰ দিলো ৷
৯ তাৰিখে নিশা দিগন্তলৈ ফোন কৰিলো, ‘‘কাইলৈ কেইবজাত যাবি ?’’
দিগন্ত,‘‘পুৱা ৯ বজতা পাক্কা ওলাই থাকিবি ৷’’
মই অকনমান লাহে কৈ ক‘লো, ‘‘মেক ইট নাইন ফিফটিন ৷’’
দিগন্তই সহাৰি জনালে, ‘‘অ.কে নাইন থাৰটি ফাইনেল ৷ দেৰি নকৰিবি কিন্তু ৷ বহুত দূৰ যাব লাগিব ৷’’
১০ তাৰিখে পুৱা ১০মান বজাত মই দিগন্তক ফোন কৰিলো, ‘‘তই ঘৰৰ পৰা ওলালে মোক ফন কৰিবি ৷ মই ৰেডি হৈ ল‘ব ৷’’
দিনৰ ১১ বজাত আমি যাত্ৰা আৰম্ভ কৰিলো ৷ দিগন্তই ঘড়ীটোলৈ চাই ক‘লে, ‘’১১ বাজিছে মানে ধৰি ল ডেৰ ঘন্টামান লেট এট ছোৰ্ছ ৷ ১১ মানে ১২ বজাত নগাওঁ, ১ বজাৰ আগে আগে জখলাবন্ধা আৰু ডেৰ বজাৰ আগে আগে কাজিৰঙা ৷ তাত ধৰ আধা ঘন্টা ৷ দুটা, তিনিটা উমমমমমমম চাৰিটা চাৰিটা চল্লিছমানত মৰাণ পায় যাব লাগে ন ? নে কি কৱ ?’’
মই ক‘লো, ‘‘পায় যাব লাগে ৷ অলপ জোৰত চলালে চাৰিমান বজাতো পায় যাব পাৰো ৷ এতিয়া ১১টা বাজিছে হে ৷ কিমান দূৰ নো মৰাণলৈ ? ৪০০ কিলমিটাৰো নহ‘ব ৷’’
গাড়ী চলিল ৷
দিগন্তৰ গাড়ী মানে গানৰ কথা চিন্তা কৰিব নালাগে ৷ যি গান লাগে সেই গানেই বাজিব ৷ যদি কেনেবাকৈ কালেকচনত যদি গানটো নাই দিগন্তই নিজেই গায় শুনাই দিব ৷
ঠিকে ঠাকে জাগীৰোড পাৰ হ‘ল ৷ দিগন্তৰ ফোন বাজিল ৷ সি কি ভাবিছিল মই নাজানো মোৰ পাছে ভাবিছিলো, ‘‘ৰেকৰ গন্ডগোল হ‘ল ছাগে দেই !’’
SMT
মানে শিলিগুৰি মাৰকেটিং টাৰিমিনেলৰ ৰেক সম্বন্ধীয় ফোন ৷ সি ফোনত ব্যস্ত হ‘ল ৷ কন্ট্ৰল ৰূম, বি.পি.ছি.এল.ৰ মুম্বাই অফিছ, শিলিগুৰিৰ অফিছ সকলোলৈকে ফোন ৷ ওপৰৱালালৈ ফোন, লগৰ সহকৰ্মীলৈ ফোন ৷
মই গাড়ী চলাবলৈ ধৰিলো ৷
সি আকৌ ব্যস্ততাৰ মাজতে আকৌ মোক ক‘লে, ‘‘ঠেকেৰাগুৰিত ডাৱ খাম দেই ৷’’
মই ডাৱ খাবলৈ বুলি গাড়ী ৰখালো ৷
Euro
4ৰ বাবে ৰেকৰ ব্যৱস্থা কৰি থকাৰ মাজতে সি মোক জনালে, ‘‘মই সুবিধা পালেই ডাৱ খাওঁ ৷ ভাল ইলেক্ট্ৰোলাইট ৷ হেং অভাৰ নহয় ৷’’
মই ভাবিলো, ‘‘ডাব খালে আকৌ হেং অভাৰ কিয় হ‘ব ?’’
গাড়ী চলিল ৷ গান বাজি থাকিল ৷ কথা-বতৰাৰ বিষয় বস্তু মোদী চৰকাৰ কিয় আহিব লাগে ৷
তাৰ মাজতে আমি পাছে নিশাটো ক‘ত কটালে ভাল হ‘ব তাৰ অংক এটা কৰিলো ৷ নুমলীগড়ত ৰৈ দিলে লাভ নাই ৷ নিশাটোৰ বাবে আমি মৰাণ পাৰ হৈ গৈ ডিব্ৰুগড় পাব পাৰো ৷ পাছে তেনে কৰিলে পুদমক দেখোন লগেই নাপাম ?
তাৰ মাজতে পদুমৰ ফোন আহিল, ‘‘অইল গেষ্ট হাউছত ৰূম এটা বুক কৰি থৈছো ৷’’
‘‘বঢ়িয়া ! আমি ৰাতি ১২/১ মান বজালৈ পদুমৰ তাত লেকচাৰ মাৰিম ৷ তাৰ পাছত গেষ্ট হাউছত শুবলৈ যাম ৷’’
সময়তে কাজিৰঙা পালো গৈ ৷ ভোক লাগিবলৈ ধৰিছিল ৷ গতিকে খাবলৈ সোমালো ৷
‘‘বিয়াৰ এটা খাবি নে ?’’
অব কী বাৰ মোদী চৰকাৰৰ ওপৰত আলোচনা চলি থাকিল ৷
এটা সময়ত আকৌ যাত্ৰা আৰম্ভ কৰিলো ৷
দিগন্ত, ‘‘পদুমক কিবা এটা দিব লাগিছিল নহয় ?’’
মই, ‘‘কি দিবি ? ছাৰ্ট-পেন্ট তাক কি দিম নো ?’’
‘‘বোকাখাট পাৰ হৈ ৰজাবাৰী মানত চাহগছৰ মূঢ়াৰ পৰা বনোৱা কিবা কিবি পায় ৷ তেনেকুৱা ?’’, দিগন্তই প্ৰশ্ন কৰিলে নে উপায় দিলে মই ধৰিব নোৱাৰিলো ৷ গতিকে ময়ো যথোচিত উত্তৰ দিলো, ‘‘তাৰ বাহিৰে উপায় ?’’
ৰজাবাৰী পায় গাড়ী ৰখাই সজোৱা বস্তু কিনিবলৈ বুলি আগবাঢ়িছো মাত্ৰ ৷ মোৰ ককালত মাৰি থোৱা ছামৰাৰ পেটিডালে পেটৰ ভৰ সহিব নোৱাৰি চিঙি থাকিল ৷ মই মনতে ভাবিলো, ‘‘যাত্ৰাকালত এনেবোৰ অমংগলৰ লক্ষণ ভাল নহয় কিন্তু ৷’’
পদুমৰ বিয়াৰ বাবে উপহাৰ পচন্ড কৰি থাকোতেই মন কৰিলো ৰাষ্ট্ৰীয় ঘাই পথৰ সিপাৰে এখন বগা ছিডান আহি ৰখিছে ৷ চালকলৈ চাই মনতে ভাবিলো, ‘‘তপা নেকি বাৰু ?’’
চালকে আমাৰ ফালে চাই সুধিলে, ‘‘তহঁত দুটাই ইয়াত কি কৰি আছ ?’’
দিগন্তু চালকৰ কাষত বহি থকাজনক প্ৰশ্ন কৰিছে, ‘‘হেৰা ভাইটি তুমি গাড়ী চলাব জানা নে ?’’
মই চালকক ক‘লো, ‘‘তই গাড়ীৰ পৰা নাম আৰু মৰাণলৈ ওলা ৷’’
‘‘মই আজি কিয় যাম ? আজি ১০ তাৰিখ হে ! বিয়া ১ তাৰিখেহে আছে কিবা !’’, চালকে উত্তৰ দিলে ৷
দিগন্তই বুজালে, ‘‘চা থ্ৰী ইডিয়টছত কৈছিল – বাদ মে পস্তাৱো গে কি গাড়ী গেট পে খাডা থা ঔৰ মেইনে ডিছিচন লেনেকে লিয়ে দেৰ কিয়া ৷ আমি এতিয়া টু ইডিয়টছ হৈ আছো ৷ ১২ তাৰিখৰ বিয়া খাবলৈ ১০ তাৰিখেই আহিছো ৷ তই ওলা থ্ৰী ইডিয়টছ হৈ যাব পাৰিম ৷ গাড়ী আৱ ভি খাড়া হ্যাই ৰোড পে ৷’’
চালকৰ নাম ভাস্কৰ বৰুৱা ৷ কাজিৰঙাৰ আগৰাতলি ৰিজৰ্টৰ মালিক ৷ মোৰ যৌৱনৰ সোনালী দিনবোৰৰ প্ৰতিটো ক্ষণ তাৰ সৈতেই পাৰ কৰিছিলো ৷ অসমৰ ইমূৰৰ পৰা সিমূৰ সি আৰু মই একেলগে ঘুৰি ফুৰো ৷ জীৱনৰ দৌৰত মই কিছু অংক ভুল কৰিলো ৷ ভাস্কৰ আৰু মোৰ মাজৰ দূৰত্ব বাঢ়িল ৷ তাক লগ নোপোৱা হ‘ল ৷ মই তাৰ খবৰ ৰাখো ৷ মই জানো ভাস্কৰেও মোৰ খবৰ ৰাখে ৷
দিগন্তৰ ডাইলগ শেষ হোৱাৰ লগে লগেই মই ভাস্কৰৰ চকুলৈ চালো ৷ মই গম পালো সি আমাৰ সৈতে যাব ৷
‘‘মই ৰিজৰ্টৰ পৰা এনেয়ে ওলাই আহিছিলো ৷ মোৰ লগত একো কাপোৰ কানি নাই ৷’’, ভাস্কৰে আমাৰ আগত সি কিয় যাব নোৱাৰে তাৰ অজুহাত দাঙি ধৰিলে ৷
মই মনতে হাঁহিলো, ‘‘ইয়াকে ছাগৈ কয় খোৰা অজুহাত – lame excuse ৷৷৷ ভাস্কৰ জ্যোতি বৰুৱা কাপোৰকানি নাই কাৰণে বোকাখাটৰ পৰা মৰাণলৈ নাযাব ? কাক কথা শুনাব আহিছ তই ?’’
‘‘মোৰ দুটা হাফ পেন্ট আছে ৷ তই তাৰে এটা পিন্ধিবি দে ৷ জাঙিয়া এটা কিনি ল‘লেই হ‘ব ৷’’, দিগন্তই উত্তৰ দিলে ৷
মই মনতে ভাবিলো ১৯৯৬-৭চনত আমি এজোৰ কাপোৰকানিৰে কিমান দিন পাৰ কৰি দিলো সেয়া দিগন্তই নাজানো ৷
‘‘আবে মোৰ দিগদাৰ হ‘ব বে…………..’’
গাড়ী চলিবলৈ ধৰিলে৷
দিগন্তই চলাইছে ৷ মই দিগন্তৰ পাছ ফালে বহিলো ৷ ভাস্কৰে অসুবিধাৰ বাবে আহিব নোৱাৰিম বুলি কৈছিল যদিও সি দিগন্তৰ কাষতে বহি ল‘লে ৷
‘‘চাল্লা তহঁতে মোক কিডনেপ কৰিলি ৷’’
‘‘৭ বজাত মৰাণ পায় যাম ৷’’
কমাৰগাওঁৰ কেকুৰিটো পাৰ হৈয়ে গম পালো গাড়ীত কিবা বিজুতি ঘটিছে ৷
নামি দেখো পাছৰ চকা এটা ফুটিল ৷
প্ৰকান্ড গাড়ী চলোৱাৰ সুখ যদিও, ফুটা চকা সলনি কৰোতো নিজৰ ‘হাৱা’ বাহিৰ হৈ যায় ৷
দেৰগাওঁত ৰখিলো ফুটা চকাটো ঠিক কৰিবলৈ ৷
ৰাজুৰ ফোন আহিল ৷ ৰাজু মনে দিগন্তৰ ভায়েক ৷
ৰাজুৰ সৈতে ফোনত কথা পতা আৰু এজনৰ সৈতে মই গ্ৰীক ভাষাত কথা পতা একেই কথা ৷ ৰাজুৱে ইমানেই খৰকৈ কথা পাতে যে মই একোকে বুজি নাপাওঁ ৷ মই ফোন দিগন্তক দিলো ৷
ফোন থোৱাৰ পাছত সুধিলো, ‘‘কি কৈছে ?’’
চিন্তাক্লিস্ত ভাবে দিগন্তই উত্তৰ দিলে, ‘‘লগ পালেহে গম পাম কি কৈছে ৷ ইমান খৰকৈ কৈছে একোকে বুজা নাই মই ৷’’
দেৰগাওঁ এৰোতে এৰোতে ৬ বাজিল ৷ মই আৰু দিগন্ত কাজিৰঙা আহি পাইছিলো আঢ়ৈ মান বজাত ৷
দেৰগাওঁৰ পৰা যোৰহাটৰ মাজৰ বাটচোৱাত ৰাজুৰ ফোন কিমান বাৰ আহিল তাৰ লেখ-জোখ নাই ৷
মই একো বুজি নাপায় ফোন দিগন্তক দিওঁ ৷
দিগন্তৰ আৰু ৰাজুৰ মাজত হোৱা বাৰ্তালাপৰ পৰা আমি দুটা শব্দ বুজিলো, ‘‘পুলিবৰ আৰু বাই-পাছ ৷’’
নুবুজিম কেনেকৈ ?
দিগন্তই বাৰে বাৰে ৰাজুক প্ৰশ্ন কৰিছে, ‘‘তুমি ক‘ত ৰৈ আছা ? পুলিবৰত নে বাই-পাছত ?’’
এবাৰ মই ফোন ধৰিলো ৷ সেইবাৰ মই আচল কথাটো বুজিলো ৷ কথাখিনি বুজাত শুদ্ধ হৈছে নে নাই জানিবৰ বাবে ক‘লো, ‘‘পুলিবৰত ফোষ্টাৰৰ মালিক ৰৈ আছে ?’’
‘‘অ অ’, ৰাজু ৷
‘‘ফোষ্টাৰ মানে ফোষ্টাৰ বিয়েৰ ?’’
‘‘অ অ’, ৰাজু ৷
‘‘ফোষ্টাৰৰ মালিক যোৰহাট পুলিবৰত ?’’
‘‘অ অ’, ৰাজু ৷
ফোন কাটি গ‘ল ৷
মই ভাবি পোৱা নাই ফোষ্টাৰ বিয়েৰৰ মালিক আহি পুলিবৰত আমাক লগ পাবলৈ কিয় ৰৈ আছে ৷
ভাস্কৰে ভাবি-চিন্তি ক‘লে, ‘‘ফোষ্টাৰ বিয়েৰৰ মালিক পুলিবৰত ৰৈ নাথাকে ৷ এখন মদৰ দোকান ওলাব, তাত ফোষ্টাৰ বিয়েৰ বুলি লিখা থাকিব ৷ সেই দোকানৰ মালিকক আমি লগ কৰিব লাগিব ৷’’
গাড়ীৰ ভিতৰত থকা আমি তিনিওটাই চিঞৰিলো, ‘‘সেইয়া পুলিবৰ ৱাইন শ্বপ ! কিন্তু ইয়াত দেখোন ফোষ্টাৰৰ ফটো নাই ?’’
মই আকৌ ৰাজুলৈ ফোন লগালো ৷
তাৰ কথা শুনি মোৰ চকু কপালত উঠিল, ‘‘হে ভগৱান ! তুমি আগতেই কোৱা নাই কিয় ?’
….
ৰাজুৱে মোক কৈছে, ‘‘কি ফোষ্টাৰৰ মালিক ? মই কৈছো পুলিবৰত এখন ৱাইন ছপ আছে ৷ তাতে ফোষ্টাৰ পাবা ৷ কিনি লৈ আহা ৷’’
মোৰ খং উঠিল, ‘‘যদি তোমাক ফোষ্টাৰ লাগে তাকেই ক‘লেই হ‘ল ৷ কি আকৌ মালিক মালিক কৈ আছা ?’’
ৰাজুৰো খং উঠিল, ‘‘আৰে শশুৰবাড়ীত আছো ৷ CODEত কথা কৈছো ৷ বুজি পাব লাগে ৷’’
‘‘ফোষ্টাৰৰ মালিক বুলি ক‘লে কেনেকৈ গম পাম তোমাক ফোষ্টাৰ লাগে বুলি ?’’মই ওলোটাই তাক ক‘লো ৷
‘‘ফোষ্টাৰৰ মালিক বুলি ক‘লে কেনেকৈ গম পাম তোমাক ফোষ্টাৰ লাগে বুলি ?’’মই ওলোটাই তাক ক‘লো ৷
সি যি উত্তৰ দিলে মই মনে মনে থাকিলো, ‘‘প্ৰতিভূদা, তুমি যে ফেছবুকত বটলা বটলা কথাবোৰ লিখি থাকা সেইবোৰ আমি বুজি পাব লাগে ? মই কোৱা এটা বটলা কথা তুমি বুজি পাব নালাগে ?’’
মই ফোন ৰাখি ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ পুলিবৰ ৱাইন ছপলৈ গ‘লো ৷ ‘ৰাজু’লৈ বুলি ফোষ্টাৰ কেইটামান কিনিলো ৷
আকৌ ৰাজুৰ ফোন আহিল ৷
মই সুধিলো, ‘‘তুমি আছা ক‘ত ?’’
‘‘তোমালোক আহি থাকা ৷ মই বাইপাছত ৰৈ আছো ৷ মোৰ গাড়ীৰ Both Side Indicator অন কৰি ৰাস্তাৰ বাওঁফালে ৰৈ আছো ৷ আহি থাকা ৷’’
আমি ৰাজুৰ গাড়ী ৰাস্তাৰ বাওঁফালে মন কৰি কৰি আহি আছো ৷ দিগন্তই উপায় এটা দিলে, ‘‘তহঁতদুটাই বাওঁফালে চা ৷ মই সোঁফালে চাওঁ ৷ ৰাজুৱে যদি কৈছে বাওঁফালে ৰৈ আছে তেনেহ‘লে সোফালেও ৰাজু ৰৈ থাকিব পাৰে ৷’’
বাইপাছৰ পৰা মালৌআলি ওলাব পৰা চাৰিআলিটোৰ ওচৰত ৰাষ্ট্ৰীয় ঘাই পথত আমাৰ সোফাল হোৱা দিশটোত ৰাজুৰ গাড়ীখন দূৰৰে পৰা চকুত পৰিল ৷
কথাটো নোহোৱা নহয় যে সেইটো ফালটো ৰাজুৰ বাবে ৰাস্তাৰ বাওঁফালেই আছিল ৷
‘‘ইমান দেৰি কৰিলা !’’
আমি তিনিওটা আৰু ৰাজুৱে ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰতে আড্ডা মাৰিবলৈ ধৰিলো ৷
ইতিমধ্যে দেৰগাওঁৰ পৰা যোৰাহাটৰ মাজৰ বাটচোৱাত আমি অকল ৰাজুৰ ফোনকেইটাৰ কথাকে পাতি থকা নাছিলো ৷
আমি কথা পাতি আছিলো, ‘‘গাহৰিৰ মাংস বাৰু ক’ত পোৱা যাব পাৰে ?’’
ৰাজুক প্ৰশ্নটো কৰাৰ ল‘গে ল‘গেই সি উত্তৰ দিলে, ‘‘simple ! মালৌ আলি হৈ সোমাই যোৱা ৷ শংকৰ হ‘ল পাবা ৷ তাৰ পাছত গৈ থাকিবা ৷ তাৰ পাছত ন আলি পাবা ৷ গৈ থাকিবা ৷ তাৰ পাছত ডছ এন কো পাবা ৷ গৈ থাকিবা ৷ তাৰ পাছত ………..’’
‘‘মৰিয়ণি হৈ নাগালেন্ড ? আৰে ভাই সময় ক‘ত আছে ? হাইৱেত ক‘ত পাম ?’’, মই ক‘লো ৷
‘‘হাইৱেত ? হাইৱেত …………………. ৷ এটা কাম কৰা তোমালোক জাজী পাৰ হৈ নন্দনবন পাৰ হ‘বা ৷ তাৰ পাছত নীলকন্ঠ পাবা ৷ তাতে পাবা ৷’’, ৰাজুৱে সমিধান দিলে ৷
‘‘নীলকন্ঠ ? নীলকন্ঠই সদায় গাহৰি কাটে নেকি ?’’
‘‘নীলকন্ঠই গাহৰি কাটে ? নাই নাই নাকাটে ৷ নীলকন্ঠ এখন ধাবা ৷ তাৰে পৰা পৰ্ক-ফ্ৰাই লৈ যোৱা ৷ লগতে চাৰিবিধ মান চাটনি দিব৷ তাম্মাম !’’ এইখিনি কৈয়ে ৰাজুৱে যি টকালি পাৰি দিলে সাধাৰণ মানুহ হোৱা হ‘লে নীলকন্ঠৰ ব্ৰেন্ড এম্বেচাডৰৰ বিজ্ঞাপনত ভোল গ‘ল হয় ৷ আমি সুধিলো, ‘‘কটা মাংস নাপাম নেকি ?’’ আমাৰ কথা হৈছে নীলকন্ঠই ভাল গাহৰি ৰান্ধিব পাৰে ৷ আমি কিন্তু আগৰাতলি ৰিজৰ্টৰ মালিকৰ হাতৰ আঞ্জাহে খাম ৷
‘‘অই ব‘ল ব‘ল ৷ ৭-৩০ বাজিল ৷ এতিয়া গ‘লেহে ১০মানত ডোমৰ-দলং পাম গৈ ৷’’
মৰাণৰ সলনি আমাৰ গন্তৱ্যস্থান ডোমৰ দলং হ‘ল গৈ ৷
আমি এটাও আগতে ডোমৰ দলঙলৈ যোৱা নাই ৷
মোৰ আৰু ভাস্কৰৰ বাৰু সম্যক ধাৰণা আছিল ডোমৰ দলং নো কি বা ক’ত আছে ৷
দিগন্তই ডোমৰ দলং বাগানত সোমোৱাৰ পাছতো দলং এখন পাৰ হ‘ব লাগিব বুলি ভাবি আছিল ৷
ৰাজুক এৰি আমি আগবাঢ়িলো ৷ চকু ৰাস্তাৰ দুয়ো কাষে ঢিমিক ঢামাক কৈ জ্বলি থকা চাকিবোৰত ৷ ক‘ৰবাত যদি কেনেবাকৈ গাহৰি কাটিছে কি ঠিক !
এঠাইত মাছ কাটি থকা দেখি সুধিলো, ‘‘গাহৰি পোৱা যাব নেকি ?’’
‘‘ইয়াত নাপাব দেদা ! আগৰ তিনি আলিটোত কাটিছে ৷ তাতে বাওঁহাতে চাব ৷ পায় যাব ৷’’
তিনিআলি মন কৰি আগবাঢ়িলো ৷
‘‘কোনটো তিনি আলি ঔ ! মনতে পৰা নাই দেখোন এইখিনিত তিনি আলিৰ কথা ৷’’
‘‘সৰু সৰু বাটবোৰোকো তিনি আলি বুলি কৈ দিব পাৰে কিন্তু !’’
‘‘দিগন্ত লাহে লাহে চলাবি কিন্তু !’’
পালো এটা তিনি আলি ৷ বাওঁহাতৰ সলনি সোঁহাতে মাংসৰ দোকান দেখা পালো ৷ ইতিধ্যেই আমি বুজা হৈছো যে বাওঁহাত বুলি ক‘লে বাওঁহাতৰ সৈতে সোহাতেও মন কৰিব লাগে ৷
ভাস্কৰেই কিনিবলৈ আগবাঢ়িল, ‘‘এক কেজি কম হ‘ব ন ?’’
দুই মিনিট পাছতে ভাস্কৰ উধাতু খাই দৌৰ মাৰি আহিল ৷
‘‘ব‘ল, ব‘ল………….সোনকালে ব‘ল ……………….’’
মই কি হ‘ল বুজিয়ে নাপালো ৷
দিগন্তই গাড়ী পূৰ্ণগতিত দৌৰাবলৈ ধৰিলে ৷
মই ভয়ে ভয়ে সুধিলো, ‘কি হ‘ল নো ?’
মই আশংকা কৰি আছিলো ভাস্কৰে ক‘ব কিবা গন্ডগোল লাগিল ৷ সি উত্তৰ দিলে, ‘‘টিয়কৰ পেট্ৰল পাম্বৰ ওচৰত গাহৰি কাটিছে ৷ সোনকালে গ‘লে পাম গৈ ৷’’
আমি তেতিয়া টিয়কৰ পৰা ৭/৮ কিল‘মিটাৰ দূৰৈত আছিলো ৷ মই মনতে ভাবিছো, ‘‘গুগুলৰ ছাগে google-gahori বুলি কিবা চাইট ওলাইছে ৷ নহ‘লে ইমান একিউৰেট ইনফোৰমেছন কেনেকৈ দিব ?’
টিকয়ৰ পেট্ৰল পাম্প পালো গৈ ৷ গাড়ীৰ পৰা নো আৰু কি নামিম ? একোকে নাই দেখোন ?
‘‘ব্ৰইলাৰকে লৈ লওঁ বুজিছ ? নহ‘লে পটল ভাজিৰে ভাত খাব লাগিব ৷’’
মই অগ্নিলৈ ফোন কৰিলো ৷
‘‘টিয়ক আৰু শিৱসাগৰৰ মাজত গাহৰি পোৱা যাব নে ?’’
‘‘গাহৰি ? মতা লাগিব নে মাইকি ? পোৱালি লাগিব নে ডাঙৰ ? কিমান কেজিৰ গাহৰি লাগিব ? আৰে ভাই কি কথা কৈছে দাদা ? ফোন কৰিছে ৷৷ হেল্লো বুলি কওঁক ৷ ভাল বেয়া সোধক ৷ তাৰ পাছত এনেকুৱা অদ্ভুত প্ৰশ্ন কৰিব ৷ আমাৰো heart beat চলি থাকে ৷ মই কেতিয়াবা আপোনাৰ প্ৰশ্ন শুনি হাৰ্ট ফেইল কৰিম ৷’, উত্তৰ পালো ৷
মই বিশদভাবে কথাখিনি অগ্নিক বুজাই দিলো ৷
‘‘ৰ‘ব ফোন কৰি আছো ৷’’, অগ্নিয়ে ক‘লে ৷
ফোন আহিল অগ্নি, ‘‘এটা কাম কৰক ৷ যদি কেনেবাকৈ নিশা ৯-৪৫ৰ আগতে স্কাই ছেফ হোটেলৰ আগলৈ যাব পাৰে তেনেহ‘লে পায় যাব ৷’’
‘‘৯-৪৫ ? আমি যদি ৮-১৫মানত পাওঁ গৈ ?’’
‘‘কি ফাল্টু কথা কয় ? গৈ থাকক মই কৈ থৈছো ৷ তাত গৈ লৈ ল‘ব ৷’’
গাড়ী আগবাঢ়িল ৷ আগৰ ছিটত বহি যোৱা ভাস্কৰ আৰু দিগন্তই মূলতঃ কথা পাতি হ‘ল ৷ কথা পতা মানে ভাস্কৰে তাৰ ৰোমাঞ্চকৰ জীৱনৰ এইটো সিটো কৈ গৈছে ৷
মই মনে মনে আছো ৷ মনে মনে মানে মই ফ্লেছবেক ম‘ডত আছো ৷
ভাস্কৰজ্যোতি বৰুৱা ৷ ১৯৮৭চনত কটনত লগ পাইছিলো ৷
ভাস্কৰজ্যোতি বৰুৱা ৷ ১৯৮৭চনত কটনত লগ পাইছিলো ৷
তাৰ পাছত জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত একে লগে আছিলো ৷
তাৰ পৰা ওলাই অহাৰ পাছত যে ক‘ত ক‘ত একে লগে ঘুৰি ফুৰিছিলো ঠিক নাই ৷
ইম্ফল, কেহাং, তেজপুৰ, কোহিমা, দিনজান, ডিমাপুৰ, শ্বিলং, পল্টন বজাৰ থানা……….. ৷
কি কি যে কৰা নাছিলো তাৰো লেখ-জোখ নাই ৷
মই ফেছবুকৰ পাতত লিখা বহু কাহিনীৰ ‘মোৰ এজন বন্ধু’ বুলি উল্লেখ কৰা বন্ধুজন আচলতে তপা ৷
আমাৰ লগৰ বহুতেই ভাস্কৰ নাম ভাস্কৰ বুলি চিনিয়ে নাপায় ৷
তপা বুলি ক‘লেহে চিনি পায় ৷
ভাস্কৰক লগ ল‘লেই, পালেই মোৰ ভয়ো লাগে ৷
ভাস্কৰে Live Your Dreams নামৰ কথাসাৰত বিশ্বাস কৰে ৷ তাক দেখি মোৰ মন যায় ‘মোৰ সপোনবোৰৰ’ পাছে পাছে খোজ দিবলৈ ৷ পাছে তেনে কৰিবলৈ সাহস লাগিব, vision লাগিব, সমাজৰ গতানুগতিক ধ্যান-ধাৰণাক ওফৰাই দিব পৰা কলিজা লাগিব ৷
তাক লগ ধৰিলো, সি এক ক্ষণ চিন্তা নকৰাকৈ নিজৰ গাড়ীখন এজনৰ হাতত দি আমাৰ গাড়ীত উঠি দিলে ৷ মই পাৰিম নে তেনে কৰিব ? নোৱাৰিম ছাগে ৷ সেইয়া সি প্ৰথমবাৰৰ বাবে কৰা নাই ৷ এবাৰ সি হাতীগড়ত স্কুটাৰখন পাৰ্ক কৰি দুদিনৰ বাবে কাকো নজনোৱাকৈ শ্বিলঙলৈ গুছি গ‘ল আন এজন বন্ধুৰ গাড়ীত উঠি ৷ সেইয়া ১৯৯৮ চন মানৰ কথা ৷ তাক বিচাৰি বিচাৰি মোৰ অৱস্থা নোহোৱা হৈছিল ৷
গাড়ী গৈ শিৱসাগৰ পালে গৈ ৷ স্কাই ছেফৰ সন্মুখত ৰৈ আমি গাহৰি বিচাৰিবলৈ ধৰিলো ৷
যিকেইখন দোকান দেখা পালো তাৰে এখনত গাড়ীৰ বেটাৰী বিক্ৰী কৰে, এখনত কম্পিউটাৰ বিক্ৰী কৰে, আন এখনত তেনে ধৰণৰ আন কিবা ৷ গাহৰি কোনখনত কৰে ?
‘‘কম্পিউটাৰ দোকানত গাহৰি বিচাৰিলে আমাক পুলিছত দি দিব নেকি ?’’, মই সুধিলো ৷
‘‘আৰে অগ্নিয়ে কৈছে ইয়াতে পায় ৷ থাকিব কোনোবা এখনত ৷ চাইড বিজনেছ হ‘ব পাৰে ৷ ৰিন্টুক ফোন কৰ ৷’’
‘‘ধেই ৰিন্টু কুৱেইটত আছে ৷ সি তাৰ পৰা আহি গাহৰি বিচাৰি দিয়াতকৈ আমিয়ে বিচাৰো ৰ ৷’’
বিচাৰি বিচাৰি বেজবৰুৱা স্কুলৰ ওচৰ পালো গৈ ৷ প্ৰনৱ মিট ছপ বুলি এখন দোকান দেখা পালো ৷
‘‘পাম পাম ব‘ল ৷’’
‘‘কেনেকৈ গম পালি ?’’
‘‘ফ্ৰীজ আছে ৷ থাকিব গাহৰি ৷’’
গাহৰি কিনি গাড়ী ডোমৰ দলং অভিমুখে আগবাঢ়িল ৷
‘‘অই পদুমক জনালি নে আমি তাৰ তালৈ আজি নাযাও বুলি ?’’, দিগন্তই প্ৰশ্ন কৰিলে ৷
‘‘জনাও ৰ ৷ পাছে এটা কথা আমি পাৰিলে কাইলৈ তাক দেখা দিম দে ৷ বেলেগ কাৰণে কোৱা নাই ৷ এইযে প্ৰেজেন্টটো আনিছো সেইটো নহ‘লে কাক দিম নো ?’’, মই ক‘লো ৷
এবাৰ ডোমৰ দলং পোৱাৰ পাছত আমি যদি পাছ দিনা চুৱেনচাং পায় যাওঁ মই আচৰিত নহওঁ ৷
পদুমক খবৰ দিলো ৷ তাৰ পাছত মনত পৰিল মই প্ৰনৱক লগ নধৰিলো ৷ ভয়ে ভয়ে ফোন কৰিলো, ‘‘প্ৰনৱ তুমি পদুমৰ তালৈ যাবা নে ?’’
সি ঘেঁহাই ঘেঁহাই ক‘লে, ‘‘নোৱাৰিম হে ! কাউন্টিঙৰ দিন আহি পালে নহয় ৷’’
মই ক‘লো, ‘‘ভালেই হ‘ল দিয়া ৷ মই আহি এতিয়া ডিমৌত ৷’’
মনতে ভাবিলো আজি যদি আমাৰ লগত অসম চৰকাৰৰ আৰক্ষী অধিক্ষকজন থাকিল হয় তাৰ ছাগে হাৰ্ট এটেক হ‘ল হয় ৷
‘‘ডোমাৰ দলঙলৈ কোন ফালে যায় ?’’, গাড়ী চলাই থকা দিগন্তই সুধিলে ৷
‘‘ব‘লচোন গৈ থাক ৷ পাম ক‘ৰবাত ৷’’
‘‘আৰে কোন ফালে গৈ থাকিম ?’’
ভাস্কৰে ডোমৰ দলঙত থকা মুনদালৈ ফোন লগালে ৷
গম পালো চেপন তিনি আলিৰ পৰা সোঁফালে যাব লাগিব ৷
চেপন তিনি আলি পালো ৷ ময়ে নামি গৈ পানদোকান এখনৰ ওচৰত ৰৈ থকা এজনক সুধিলো, ‘‘ডোমৰ দলঙলৈ কেনেকৈ যাব লাগে ?’’
তেওঁ মোৰ তলৰ পৰা ওপৰলৈ চালে ৷ তাৰ পাছত বুজাবলৈ ধৰিলে, ‘‘সৌফালে যাব ৷ তাৰ পাছত ৰেল লাইন পাৰ হৈ তিনি আলি এটা পাব ৷ তাত বাওঁ ফালে যাব ৷’’
মই কথাখিনি বুজি পাবলৈ বুলি সুধিলো, ‘‘তিনি আলি মানে বাওঁফালে মানে …………’’
মানুহজনে মোক আকৌ তলৰ পৰা ওপৰলৈ চালে ৷
তেওঁৰ উত্তৰটো মোৰ বৰ পচন্ড হ‘ল, ‘‘তিনি আলি মানে গৈ গৈ আপোনাৰ এঠাইত উগুল থুগুল লাগিব ৷ সোফালে যাম নে বাওঁফালে নাযাম যেন লাগিব ৷ সেইটোৱে তিনি আলি ৷ তাত আপুনি বাওঁফালে যাব ৷ তাৰ পাছত ডোমৰ দলং পাব ৷’’
আমি সেই মতেই আগবাঢ়িলো ৷
‘‘সৌৱা ডোমাৰ দলং ৷’’
‘‘দলং ? কোনখন নো ? মই দেখোন একো দলং দেখা নাই ৷ চাৰিওফালে চাহবাগানহে দেখিছো ৷’, দিগন্তই ক‘লে ৷
‘‘দিগন্তু, তই মানে আমি দলঙৰ তলত বা ওপৰত থাকিম বুলি ভাবি আছিলি ?’’
‘‘নাই মানে মই ভাবিছিলো আমি দলং এখন পাম আৰু তাৰ পাছত কোনবা এফালে যাম ৷ ডোমাৰ দলং মানো নো কি ?’’
‘‘এইখন আছাম টি কোম্পানীৰ এখন চাহবাগান ৷ বহু পুৰণি বাগান, নাম কৰা চাহবাগান ৷’’
নিশা ১০মান বজাত মুনদাৰ বাংলো পালো গৈ ৷
খানা-পীনা বা পীনা-খানা বেছ ভালকৈয়ে চলিল ৷
শুবলৈ লওঁতে ঘড়ীটোলৈ চালো ৷ তেতিয়া নিশা ১ বাজিছে ৷
পুৱা ৮মান বজাত দিগন্তক মাত দিলো, ‘‘উঠ চাৰে ন বাজিলে ৷ মৰাণত পাৰিলে পদুমক মাত এষাৰ দিব লাগিছিল ৷ ইমান দূৰ আহি যদি আৰু ১০ কিল‘মিটাৰমান আগুৱাই নাযাও কথাটো বেয়া হ‘ব ৷’’
গাত লৈ থকা কাপোৰখনেৰে মুৰটো ঢাকি লৈ দিগন্তই প্ৰশ্ন কৰিলে, ‘‘আমি যদি মাত দিব নাযাওঁ সি বেয়া পাব নেকি ? গমটো পাইছেই যে তাৰ কাৰণেই আহি আমি ডোমৰ দলং পাইছো ৷ নাযাওঁ দে শেষৰ ১০ কিল‘মিটাৰ ৷’’
‘‘সি বেয়া নাপায় ৷ নিজৰে মনতে বেয়া লগিব ৷ যাওঁ ব‘ল ৷’’
১০-৩০ মানত ওলালো গৈ পদুমৰ ঘৰ ৷
ইতিমধ্যেই জোৰণলৈ বুলি দৰাঘৰৰ প্ৰায় সকলো চিৰিং গাওঁলৈ বুলি ৰাওনা হৈছিল ৷ পদুম আৰু দুজনমানহে ঘৰত আছিল ৷ ভালেমান পৰ কথা পাতিলো ৷
তাৰ মাজৰে এটা কথা আছিল কেনেকৈ আমি বিয়াৰ উপহাৰ কিনি থকা অৱস্থাত ভাস্কৰক লগ পালো ৷
উপহাৰৰ কথা ওলাওঁতেই মনত পৰিল উপহাৰটি গাড়ীতে আছে ৷
ৰভাতলীত কাম কৰি থকা বনুৱা দুজনলৈ উপহাৰটি দাঙি দাঙি আনি ঘৰৰ বাৰান্ডাত তুলিলো ৷
‘‘বুজিছ, মই আহিয়ে মন কৰি থৈছো এইটো থ‘বলৈ ঠাই অকনমান ওলাব ৷ আচলতে আমি বেছি ডাঙৰ এটা কিনি দিলো ৷’ নিজৰ মাজতে কথা পাতিলো ৷
দুপৰীয়া ১২-৩০ মান বজাত মৰাণৰ পৰা বিদায় ল‘লো ৷
‘‘যাওঁ বুজিছা পদুম ৷ গুৱাহাটী পাব গৈ লাগিব ৷’’
ৰাজমাই বাগান পাৰ হোৱাৰ পাছত মোৰ মনত পৰিলত সুধিলো, ‘‘আমি জানো প্ৰেজেন্টটো পদুমক দিলো ?’’
গাড়ীৰ গতি সাল-সলনি নকৰা কৈ দিগন্তই ক‘লে, ‘‘নাই নিদিলো ৷’’
‘‘গম পাব দে তাৰ কাৰণে আনিছো বুলি ৷ তাৰ ঘৰৰ বাৰান্ডাত উপহাৰ এটা আছে ৷ দুজনমানে দেখিছে আমি নমাই আনিছো বুলি ৷ আৰু তাক দেখোন তহঁতে কৈছয়ে সেইটো কিনি থাকোতে কেনেকৈ মোক লগ পাইছিলি ৷ সি গম পাব দে ৷’’ ভাস্কৰে সান্তনা দিলে ৷
‘‘তাৰ মানে পদুমৰ বিয়া খালো ন ?’’, মই সুধিলো ৷
No comments:
Post a Comment