পটভূমি
কোনো এক বছৰৰ মাৰ্ছমাহ ৷ মই বহি আছো বন্ধু প্ৰভাত বৰুৱাৰ অফিছত ৷ আমাৰ দুয়োৰে বিশেষ একো কামো নাছিল, পাতিবলৈ কথাও নাছিল ৷ গতিকে নিজৰ নিজৰ লেপটপ খুলি ফেছবুকত ব্যস্ত ৷
মাজে মাজে দুই-এটা কথা পাতি আছো ৷
প্ৰভাতৰ ফোনটো বাজি উঠিল ৷ অকনমান সময় কথা পাতিলে ৷ মই আঁৰ চকুৰে চাই মন কৰিলো প্ৰভাতে মুখখন বিদৰাই দিছে ৷
ফোনৰ কথোপকথন শেষ হ‘ল ৷
‘‘কাম নাই আৰু !’’, প্ৰভাতৰ প্ৰথম বক্তব্য ৷
ফেছবুকৰ পৰা নাম নোতোলাকৈয়ে সুধিলো, ‘‘কি হ‘ল ?’’
‘‘এহ্ নক‘বি আৰু ! ৰমেনৰ ফোন৷ তাৰ অফিছলৈ কোনোবা ইঞ্চুৰেঞ্চ কোম্পানীৰ ছোৱালী এজনী আহিছে ৷ তাক কামুৰি আছে মাৰ্ছমাহত পলিছি খুলিব লাগে ৷ সি নোখোলা দেখি তাক কামুৰিছে বেলেগ কাৰোবাৰ নাম ক‘বলৈ ৷ সি বেটাই মোৰ তালৈ পঠিয়াই দিছে ৷ কোনোবা মল্লিকা বৰা ৷’’
‘‘বাপ ৰে ! কি কামোৰ দিয়ে ঔ ! দাদা কিবা এটা খোলক ৷ মই নতুনকৈ জইন কৰিছো ৷ কাষ্টমাৰ পোৱাই নাই ৷ আপুনি নুখুলিলে কোনে খুলিব ? আৰু যে কি কি কামোৰ দিয়ে ঔ ! য’তেই থৈছো ত’তেই ঘাটি !’’, মই কথাখিনি কৈ কৈ ফেছবুকত search কৰিলো মল্লিকা বৰা ৷
‘‘অই অই, এইজনীয়ে ছোৱালী ! নাম মিলিছে ৷ ফিউছাৰ ব্ৰাইট ইঞ্চুৰেঞ্চত কাম কৰে ৷ পাক্কা এইজনীয়ে তোৰ ইনভেষ্টমেন্ট এডভাইজাৰজনী হ‘ব ৷’’, মই প্ৰভাতক দেখুৱালো ৷
বন্ধু আৰু মই ফেছবুকত মল্লিকা বৰা, ইনভেষ্টমেন্ট এডভাইজাৰৰ প্ৰফাইলটো ভালকৈ চালো ৷
কভাৰ ফটোখনত মল্লিকা বৰাৰ সৈতে থকা মানুহজন বোধহয় দেউতাক হ‘ব ৷ নীলা ৰঙৰ এল্টো গাড়ী এখনত দুয়ো ভেজাদি আছে ৷ পাছে ফালে থকা ঘৰটোৰ ৰঙো নীলা ৷
প্ৰফাইলটো ভালকৈ খুচৰি দেখিলো মল্লিকা বৰাৰ ঘৰত তিতাবৰত ৷
মল্লিকা বৰাৰ শিক্ষাগত অৰ্হতাত লিখা আছে স্নাতক (বুৰঞ্জী ) ৷
লগতে লিখা আছে – in relationship with Niloy Kumar.
..................
ইতিমধ্যেই দুৱাৰত টোকৰ পৰিল ৷
লাহেকৈ দুৱাৰখন ঠেলি, চুচুক-চমাককৈ তেনেই সৰু ছোৱালী এজনী সোমাই আহিল ৷
প্ৰভাতে মোৰ মুখলৈ, মই প্ৰভাতৰ মুখলৈ চালো ৷
দুয়োৰে চকুৱে ক‘লে, ‘‘এইয়াই মল্লিকা বৰা, ইনভেষ্টমেন্ট এডভাইজাৰ !’’
ছোৱালীজনীয়ে চিনাকি দিলে, ‘‘মোৰ নাম মল্লিকা বৰা ৷ মই ফিউচাৰ ব্ৰাইট ইঞ্চুৰেঞ্চৰ পৰা আহিছো ৷ মোক আচলতে ৰমেনদাই আপোনাৰ ওচৰলৈ পঠিয়াইছে ৷’’
মল্লিকা বৰা প্ৰভাত আৰু মোৰ মুখামুখিকৈ থকা চকি এখনত বহিয়ে কান্ধত ওলমাই অনা মোনাটোৰ পৰা কিবা কাগজ এখন উলিয়াই প্ৰভাতক প্ৰশ্ন কৰিলে, ‘‘চাৰ আপোনাৰ নাম প্ৰভাত বৰুৱা নহয় জানো ?’’
প্ৰভাতে গহীনাই উত্তৰ দিলে, ‘‘ওঁ’’ ৷
মল্লিকা বৰাই কাগজখনত লিখিবলৈ ধৰিলে P-R-A-B-H-A-T B-A-R-U-A ৷
তাৰ পাছত প্ৰশ্ন কৰি গ‘ল,
‘‘চাৰ আপোনাৰ দেউতাৰ নাম ?’’
‘‘ঠিকনা ?’’
‘‘জন্মৰ তাৰিখ ?’’, ইত্যাদি ৷
উত্তৰ পোৱা লগে লগে কাগজখনত লিখিও গ‘ল ৷
হঠাতে প্ৰভাতে প্ৰশ্ন কৰিলে, ‘‘তোমাৰ নামটো কি ?’’
মল্লিকা বৰাই প্ৰভাতৰ মুখলৈ চাই উত্তৰ দিলে, ‘‘মল্লিকা বৰা ৷’’
‘‘নহয় নহয়, স্পেলিং কোৱা, স্পেলিং কোৱা ৷’’
এইবাৰ মল্লিকা বৰাই অকনমান আচৰিত হৈ ক‘লে, ‘‘MALLIKA BORAH”
‘‘বৰাতAH লিখা নে A লিখা ? AH ?’’
প্ৰভাতে উকা কাগজ এখিলাত MALLIKA BORAH বুলি লিখি লৈ জন্মচক্ৰৰ দৰে কিবা এটা আকি ল‘লে ৷
‘‘তোমাৰ DOB ?” প্ৰভাতে আকৌ প্ৰশ্ন কৰিলে ৷
এইবাৰ মল্লিকা বৰাই আগৰ বাৰকৈ আচৰিত হৈ ক‘লে, ‘‘মানে চাৰ?’’
বেছ ৰুক্ষ ভাবে প্ৰভাতে উত্তৰ দিলে, ‘‘জন্মৰ তাৰিখ, জন্মৰ তাৰিখ !’’
মল্লিকা বৰাই আচৰিত হৈয়ে উত্তৰ দিলে, ‘’26 MAY 1988”
মল্লিকা বৰা, ইনভেষ্টমেন্ট এডভাইজাৰ নালাগে ময়ো বেছ আচৰিত হ‘লো ৷ মনতে ভাবিলো, ‘‘প্ৰভাতে এইবোৰ কৰিছে কি ?’’
তই প্ৰভাতৰ মুখলৈ চালো ৷ চকুৱে চকুৱে পৰোতেই প্ৰভাতে মল্লিকা বৰাই ফালে চাই ক‘লে, ‘‘এক মিনিট বহাচোন ৷ মই দৰকাৰী ফোন এটা কৰি আহো ৷ প্ৰভাত কোঠাটোৰ পৰা ওলাই গ‘ল ৷
তাৰ পাছতেই মোৰ ফোনটো বাজি উঠিল ৷ চাই দেখোন প্ৰভাতৰ ফোন !
মই ফোন ৰিছিভ কৰি কিবা কোৱাৰ আগতেই প্ৰভাতে মোক ক‘লে, ‘‘তই হয় মোৰ চকুলৈ নাচাবি নহয় তই ৰূমৰ পৰা ওলা ৷ মোৰ হাঁহি উঠি যাব ৷’’
মই একো ক‘বলৈকে নাপালো ৷ প্ৰভাতে ফোন কাটি দিলে ৷
প্ৰভাত আকৌ অফিছলৈ সোমাই আহিল ৷ মই অফিছৰ পৰা ওলাই যোৱাতকৈ ফেছবুকতে মনত দিলো ৷ কান পাছে প্ৰভাতৰ ফালেহে থাকিল ৷
‘‘ম-ল্লি-কা ব-ৰা ৷ জন্মৰ তাৰিখ ২৬ মে হমমমমমম্ ১৯৮৮ চন ৷ হমমমমমমমমমম…’’ এনে দৰে কৈ কৈ প্ৰভাতে জন্মচক্ৰৰ দৰে কিবা এটা আকি থোৱা কাগজখনত অংক জাতীয় কিবা কিবি কৰিবলৈ ধৰিলে ৷
মল্লিকা বৰাই থৰ লাগি প্ৰভাতৰ ফালে চাই ৰ‘ল ৷
‘‘মল্লিকা তোমাৰ ঘৰৰ অৱস্থান গোলাঘাট আৰু যোৰহাটৰ মাজত হ‘ব লাগে ৷ হয় নে নাই বাৰু ?’’, প্ৰভাতে কাগজখনৰ পৰা মুৰ নদঙাকৈয়ে প্ৰশ্ন কৰিলে ৷
‘‘মানে চাৰ !’’ মল্লিকাৰ মুখ মেল খাই গ‘ল ৷
মোৰো মুখ মেল খাই গ‘ল ৷ হাঁহি ৰখাব নোৱাৰি কাহি দিলো, চৰচৰণি খোৱাৰ দৰে অভিনয় কৰি টেবুলৰ ওপৰত থকা পানী গিলাছেই খাই দিলো ৷
প্ৰভাতে মল্লিকাৰ ফালে চাই আকৌ ক‘লে, ‘‘মানে তোমাৰ ঘাই ঘৰ গোলাঘাট আৰু যোৰহাটৰ মাজত কোনোবা ঠাইত ৷ হয় নে নাই ?’’
মল্লিকা বৰাই উত্তৰ দিলে, ‘‘হয় হয় হয় চাৰ ! তিতাবৰত ৷ কেনেকৈ গম পালে চাৰ?’’
‘‘এইবোৰ অকনমান জ্যোতিষ চৰ্চা !’’, প্ৰভাতে উত্তৰ দিলে ৷
‘‘চাৰ আৰু কিবা ?’’, মল্লিকা বৰাই বেছ আগ্ৰহেৰে সুধিলে ৷
‘‘তোমাৰ লাকী কালাৰ নীলা, ব্লু ! তোমালোকৰ যদি গাড়ী কিনা নীলা ৰঙৰ কিনিবা, ঘৰত যেতিয়া গং দিবা নীলা ৰং দিবা ৷’’
মল্লিকা বৰা বহি থকা চকিখনৰ পৰা জাপ মাৰি উঠিল, ‘‘চাৰ আমাৰ ঘৰটোৰ ৰঙো নীলা, গাড়ীখনৰ ৰঙো নীলা ৷ আৰু চাৰ মোৰ ঘৰত মতা নামো নীলা ! আৰু চাৰ ?’’
‘‘তোমাৰ সপ্তম স্থানত শনি আছে ৷ কিন্তু পঞ্চমত ৰবি ৷ গতিকে তুমি ১২টা সোমবাৰ ব্ৰত ৰাখিলে ভাল হ‘ব ৷’’, প্ৰভাতে কিবা অংক কৰি কৰি উত্তৰ দিলে ৷
প্ৰভাতৰ কথা শুনি মই ভাবিলো আৰু অকনমান দেৰি বহি থাকিলে মই হাঁহি বন্ধ কৰি হাৰ্ট এটেক হোৱা পৃথিৱীৰ এক মাত্ৰ মানুহটো হ‘ব লাগিব ৷
মল্লিকা বৰাই উত্তেজিত হৈ ক‘লে, ‘‘চাৰ মই এবাৰ নগুৰাৰ ফালে এজনক দেখুৱাইছিলো ৷ তেতিয়াও এনেকৈয়ে কৈছিল ৷ চাৰ আৰু কিবা ?’’
‘‘আৰু নো কি ক‘ম ? এইবোৰ ক‘বলৈ ওপৰৰ পৰা কানেকচন আহিব লাগিব ৷ তেতিয়াহে পাৰি ক‘ব ৷’’ প্ৰভাতে মল্লিকা বৰাক বুজালে ৷ ময়ো বুজিলো প্ৰভাতৰ জ্যোতিষ জ্ঞান শেষ হ‘ল ৷
‘‘কিবা এটা কওঁক চাৰ ৷ মোৰ কামৰ কথা কওঁক চাৰ ৷’’, মল্লিকা বৰাই উপায় দিলে ৷
‘‘তোৰ এই মাহটো বৰ ভালে নাযাবা ৷’’, নিজৰ কপালত আঙুলি এটা চক্ৰাকাৰে ঘুৰাই ঘুৰাই, চকু দুটা মুদি মুদি প্ৰভাতে উত্তৰ দিলে ৷
মই মনতে ভাবিলো, ‘‘বেটা মাৰ্ছ মাহত ইনভেষ্টমেন্ট এডভাইজাৰৰ অৱস্থা ভাল হ‘লে তোৰ ওচৰলৈ আহিব নেকি ?’’
‘‘অহা মাহত তোমাৰ নতুন চাকৰিত জইন কৰাৰ যোগ আছে ৷’’, প্ৰভাতে আকৌ ক‘লে ৷
‘‘হয় চাৰ এইমাহত মোৰ বিজনেছ একেবাৰেই বেয়া ৷ অহামাহত মই বেলেগ এটাত জইন কৰাৰ কথা ৷’’, মল্লিকা বৰাই দুখ মনেৰে ক‘লে ৷
‘‘গণনাত সকলো ওলাই পৰিছে ৷’’ চকু মুদিয়ে প্ৰভাতে উত্তৰ দিলে ৷
মই মনতে ভাবিলো, ‘‘কটা নিধক্ ! হ‘ব আৰু ! অলপ পাছত ফচিবি তই ! চকু মুদি আছ কাৰণেহে নহঁহাকৈ থাকিব পাৰিছ ৷’’
‘‘নহয় চাৰ অকনমান পাৰচনেল লাইফৰ ওপৰত কওঁক না ! প্লিজ !’’, মল্লিকা বৰাই কাকুতি কৰিলে ৷
‘‘পাৰচনেল লাইফৰ কথানো কি ক‘ম ? প্ৰেমৰ কথা ?’’, প্ৰভাতে কোন ফালে পোনাইছে মই গম পায় আক্য পানী গিলাছ হাতত তুলি ল‘লো ৷ পানী খাই কেনেকৈ হাঁহি গিলিব পাৰি সেইদিনা মই গম পালো ৷
‘‘হয় চাৰ, হয় চাৰ ! কেইদিন মানৰ পৰা বিৰাট টেনচন হৈছে ৷ কিবা অকনমান কওঁক না ! প্লিজ !’’, মল্লিকা বৰাই পুনৰ কাকুতি কৰিলে ৷
‘‘এক মিনিট ৰ‘বা ৷ মই ঘৰলৈ SMS এটা কৰি লওঁ ৷’’ বুলি কৈয়ে প্ৰভাতে SMS এটা কৰিলে ৷
মই মনতে ভাবিলো ই আকৌ ঘৰলৈ কেতিয়াৰ পৰা মেছেজ কৰা হ‘ল ?
প্ৰভাতৰ মেছজ কৰি শেষ হ‘ল মানে মোৰ মোবাইলত মেছেজ আহিল, ‘‘NILOY KUMAR-r prfl uliyai laptop mur fale ghura, sabi tai jate nedekhe.”
ফেছবুকত মই search কৰিলো NILOY KUMAR ৷
প্ৰফাইলৰ Aboutত ক্লিক কৰিলো ৷
তাত ওলাই আছে ঘৰ নগাওঁত, পেশা শিক্ষকতা ৷
‘‘তোমাৰ দেখোন এজন বয় ফ্ৰেন্ড থাকিব লাগে হে ! কাজিয়া কৰিছা নে অলপতে ?’’, প্ৰভাতে সুধিলে ৷
‘‘দাদা (চাৰৰ পৰা মল্লিকাৰ মুখত দাদা ওলাল) আপুনি কেনেকৈ গম পালে কাজিয়া কৰিছো বুলি ?’’, মল্লিকা বৰাই চিঞৰি দিলে ৷
মোৰ কৈ দিব মন গৈছিল, ‘‘তুমি নিজেই দেখোন কৈছিলা কেইদিন মানৰ পৰা বিৰাট টেনচন বুলি ৷ প্ৰভাত জ্যোতিষি নালাগে ময়ে কৈ দিব পাৰিলো হয় !’’
‘‘নাপায় কাজিয়া কৰিব ৷ তেওঁ ভাল মানুহ ৷ তুমি দেখোন তেওঁক বেছ ভাল পোৱা !’, প্ৰভাতে মল্লিকা বৰাক ক‘লে ৷
‘‘মানে দাদা পাওঁ ভাল ৷’’, মল্লিকা বৰাই প্ৰভাতৰ কথাত হয়ভৰ দিলে ৷
অকনমান সময় কাৰো একোমাত বোল নাই ৷
হঠাতে প্ৰভাতে কৈ উঠিল, ‘‘তেওঁৰ ঘৰ তিতাবৰ আৰু গুৱাহাটীৰ মাজত হ‘ব লাগে ৷ হয় নে বাৰু ?’’
মোৰ চিঞৰি দিবৰ মন গৈছিল, ‘‘কুত্তা ! তাৰ ঘৰ নগাওঁত ৷ প্ৰফাইলত দিয়া আছে হোম টাউন – নগাওঁ ৷’’
‘‘হয় হয় ! আৰু দাদা ?’’, মল্লিকা বৰা ঠিয় হৈ গ‘ল ৷
‘‘তুমি শিক্ষক এজনৰ লগত কাজিয়া কৰাতো বেয়া হৈছে ৷ নকৰিবা ৷’’
‘‘দাদা, কাণত ধৰিছো ৷ আজিৰ পৰা কাজিয়া নকৰো ৷ আজিৰ পৰা কেতিয়াও তাৰ সৈতে কাজিয়া নকৰো ৷ আৰু কিবা দাদা ?’’
‘‘আৰু ? আৰু ??????? হমমমমমম ! তেওঁৰ নাম নয়ন, নিলিম, নলিন হমমমমমমমমম………..’’
‘‘দাদা ! তাৰ নাম নিলয়, নিলয় !’’
‘‘হমমমমমমমম গণনাত ওলাইছে তেনেকুৱা কিবা এটা !’’, প্ৰভাতে বেছ তৃপ্তিৰে ক‘লে ৷
মল্লিকা বৰাই খপজপ কৈ হাতত থকা কাগজখিলা সামৰি ক‘লে, ‘‘দাদা মই এতিয়া হোষ্টেললৈ যাওঁ ৷ পাছত আকৌ আহিম ৷’’
‘‘পলিছিটো ?’’, প্রভাতে সুধিলে ৷
‘‘সেইটো থাকক দাদা ৷ মই আহো ৷’’
‘‘এটা কথা কিন্তু ৷ তুমি এইবোৰ বেলেগৰ আগত নক‘বা গৈ ৷ তেনে কৰিলে পাছত ওপৰৰ পৰা তোমাৰ কথাৰ কানেকচন নাহিব কিন্তু !’’, প্ৰভাতে মল্লিকা বৰাক সকিয়াই দিলে ৷
মল্লিকা বৰাই ছাগে দুৱাৰখনৰ পৰা দুখোজো যোৱা নাই হাঁহি হাঁহি মোৰ আৰু প্ৰভাতৰ উশাহ বন্ধ হওঁ হওঁ অৱস্থা ৷
‘‘তই মৰিলি কিন্তু ! আজি তাই গৈ হোষ্টেলত কথাটো ক‘ব ৷ কাইলৈৰ পৰা তই বাহিৰত চাইন বৰ্ড লগাব লাগিব ৷
জ্যোতিষি প্ৰভাত কুমাৰ ৷’’
‘‘বুৰ্বক পাইছ ? তাইক কৈছো দেখোন কাকো নক‘বলৈ ৷’’, প্ৰভাতে মোক ধমক দিয়াৰ দৰে উত্তৰ দিলে ৷
ৰাতি ৮মান বজাত প্ৰভাতৰ ফোন আহিল, ‘‘পাৰ্টনাৰ, অজন্তা বৰা, লীনা বড়ো আৰু মানসী গোস্ৱামী ৷ এই তিনিটা নাম চাই দে না ৷’’
‘‘নাম চাই দে না মানে ?’’
‘‘নহয় মানে মল্লিকা বৰাৰ পৰা ২০মিছ কল ৷ উপায় নাপায় ধৰিলো ৷ এতিয়া বিৰাট কামুৰিছে ৷ কাইলৈ সেই তিনিজনী আহিব বোলে ৷’’

No comments:
Post a Comment