Sunday 25 May 2014

বাটে পথে : ভাৰতীয়ৰ দৃষ্টিত যানবাহন চালনৰ নিয়ম

১) ৰাজপথ থকা বগা-কলা জেব্ৰা ক্ৰছিং নামৰ বস্তুটো ৰং কৰি জীৱিকা উপাৰ্জন কৰা লোকসকলক সংস্থাপন দিবলৈ চৰকাৰে হাতত লোৱা এটি প্ৰচেষ্টা ৷ আপুনি যদি জেব্ৰা ক্ৰচিঙৰ বিষয়ে আন কিবা কথা শুনিছে তেনে হলে সেইয়া গুজৱৰ বাহিৰে আন একো নহয় ৷

২) কোনো চাৰি আলি বা তিনিআলিত থকা ৰঙা-হালধীয়া-সেউজীয়া ট্ৰেফিক লাইটবোৰ আমাৰ বেৰং জীৱনবোৰত অকন ৰং চতিয়াবলৈ চৰকাৰে লোৱা এটি পদক্ষেপ ৷ 
কোনো ট্ৰেফিক পইন্টত আকৌ ৰঙা লাইট দেখি আপুনি গাড়ী ৰখাই সেই ৰং উপভোগ কৰি সময় নষ্ট কৰাৰ কোনো অৰ্থ নাই ৷ আগুৱাই গৈ থাকিব ৷ অতি সোনকালেই পৰবৰ্তী ৰঙা লাইট আপোনাৰ আগত ওলাবই বুলি আপুনি নিশ্চিত হৈ থাকিব পাৰে ৷

৩) যদি পথত কোনো দূৰ্ঘটনা ঘটে তেনেহলে যিখন গাড়ীৰ দৈৰ্ঘ্য বেছি সেইখন গাড়ীৰেই ভুল বুলি গণ্য কৰা হব ৷ যদি কোনো চৰকাৰী বাহন দূৰ্ঘটনাত পতিত হয় তেনেহলে চৰকাৰী গাড়ীখন সমবেত জনতাই ভাঙিব পাৰিব ৷

৪) আপুনি যদি আপোনাৰ গাড়ীৰ ৰিয়েৰ ভিউ আইনাত ৰঙা লাইট লগোৱা এম্বেছাডাৰ গাড়ী এখন দেখা পায় তেনে হলে ততাতৈয়াকৈ সেই গাড়ীখন পাৰ হৈ যাবলৈ দিব ৷ তেনে নকৰিলে কোনো ডাঙৰ কেলেংকাৰী এটা ঘটাৰ ক্ষেত্ৰত আপুনি হেঙাৰ সৃষ্টি কৰিছিল বুলি গণ্য কৰা হব ৷
পাছে যদিহে আপুনি ৰিয়েৰ ভিউ আইনাত ৰঙা লাইট লগোৱা এম্বুলেঞ্চ এখন দেখা পায় তেনেহলে কি কৰিব লাগে সেই কথা সৰ্বজন বিদিত ৷ এম্বুলেঞ্চৰ চালকজন কান গধুৰ বাবেই ছাগৈ ভেঁপুটো বৰকৈ বজাইছে বুলি সকলোৱে ধৰিয়ে লওঁ ৷
৫) সকলো চালকে নিজৰ পকেটত ১০০ চকীয়া নোট ৰখাটো বাঞ্চনীয় ৷ অন্যথা যদি যানবাহন আৰক্ষীয়ে জৰিমনা নামত জমা দিয়া ৫০০ বা ১০০০ টকাৰ খুচুৰা ঘুৰাই দিব নোৱাৰে তাৰ বাবে আৰক্ষী দায়ী নহয় ৷

৬) আপুনি গাড়ী চলাই গৈ থাকোতে হঠাতে লেন সলনি কৰিবা পাৰিব বা যিফালে মন যায় সেই ফালে টাৰ্নিং লব পাৰিব ৷ ইন্ডিকেটৰ জ্বলাই ইংগিত দিয়াৰ প্ৰয়োজন নাই ৷ পাছৰ গাড়ীখনে তেনে পৰিস্থিত নিজকে চম্ভালিব জানিব লাগিব ৷ তাৰ বাবে আপুনি মুঠেও চিন্তা নকৰিব ৷

৭) সকলো সময়তে আপুনি হৰ্ণ বজাই থাকিব ৷
 

৮) আলিবাটবোৰ অকল মাথো গাড়ী চলাবলৈ সজা হোৱা নাই ৷ আপুনি মন কৰিলে মাজবাটতে গাড়ী পাৰ্ক কৰিব পাৰিব ৷ কোনোবা ঠাইত যদি ন পাৰ্কিংবুলি লিখা থাকে তেনেহলে জানিব সেই ঠাই চৰকাৰে আপোনাৰ গাড়ী পাৰ্ক কৰিবলৈকে আৰক্ষিত কৰি ৰাখিছে ৷

No comments:

Post a Comment